বিশেষ সাংঘাটিক কিবা লিখিবলৈ ওলোৱা নাই ৷ ফেচবুকত কেতিযাবা দুই এটা লেখা দেখিলে নিজৰ ওপৰতে প্ৰশ্ন হয় ৷ আচলতে মই কি? প্ৰায়েই দুটামান শব্দৰ মাজত নিজক বিচাৰি চাও ৷ নিজৰ স্থান নুবুজি ওলমি ৰওঁ ৷ বামপন্থী, যুক্তিবাদী, ধৰ্মভীৰু, নাস্তিক আদি শব্দবোৰৰ কোনো এটাকে নিজৰ লগত ৰিজাব নোৱাৰো ৷ মই নাস্তিক নহয় ৷ কাৰন মই ঈশ্বৰ বিশ্বাস কৰোঁ ৷ কিন্তু কোনো ধৰনৰ ঐশ্বৰিক বৰদানৰ আশা নকৰি মুক্তিত নিস্পৃহ ধৰনৰ ধৰ্মীয় চেতনাই মোক উদ্বুদ্ধ কৰে প্ৰায়েই ৷ গতিকে মই নাস্তিক নহওঁ ৷ কিন্তু তথাকথিত বহুতৰ দৰে ঈশ্বৰক সমালোচনা কৰি তাচ্ছিল্য কৰি নাস্তিক হবও নোৱাৰো ৷
আনহাতে ভগবান বুলিলেই নমো-নমো কৰা বিধতো নপৰো ৷ কাৰণ ভগবানৰ গইনা লৈ কৰা অপকৰ্মৰ গৰিহণা দিব পৰা চেতনা মোৰ আছে ৷ ঈশ্বৰৰ ইচ্ছা বুলি ভাবি সকলো কথা কেতিয়াও মানি অহা নাই আৰু মানিম বুলিও মনে নকয় ৷ ঈশ্বৰক বিচাৰি চাৰিধামৰ যাত্ৰা কৰিবলৈও মনে নকয় ৷ ভগবানৰ নামত বা ভগবানক আৰু ভাগ্যক ধিয়াই থাকিবলৈও নিশিকিলো ৷ গতিকে মই ধৰ্মভীৰু বুলিও নাভাবো ৷ (নিজৰ কথা কৈছো) ৷
প্ৰায়বোৰ ধৰ্মীয় ৰীতি-নীতিৰ ভিতৰত যিখিনি বাস্তৱ, যিখিনি মোৰ বোধেৰে জনহিতকৰ সেইখিনিহে মানো ৷ কিন্তু ধৰ্মীয় ৰীতি-নীতিৰ সকলো কথাই চকুমুদি সমৰ্থনো নকৰো ৷ অলৌকিকতা মুঠেও নামানে ৷ গতিকে মই কিছু পৰিমানে বাস্তৱবাদী বুলিও ভাবোঁ ৷
আচলতে ধৰ্ম নকৰা / নমনা; আৰু ধৰ্মক ৰাজনৈতিক উদ্দেশ্যে আগত ৰাখি বিকৃত ৰূপ দিয়া দুটা বেলেগ কথা ৷ এইখিনিতে এটা চামৰ লগত কাজিয়া লাগে ৷ মতৰ ভিন্নতা আহে ৷ প্ৰায়েই দেখা যায় কিবা মতবাদ অনুসৰণ কৰিবলৈ বা কাৰোবাক অনুকৰণ কৰিবলৈ গৈ এই ধুৰন্ধৰ মতবাদী সকলে আচৰিত ধৰনে যুক্তিৰ আৰু মতৰ অৱতাৰণা কৰে ৷ ভগবান নথকাৰ লগতে আৰ্য্য-অনাৰ্য্যৰ সংঘাতৰ কথা কলে বা কৈ থাকিলেই এটা মতবাদৰ সবল প্ৰতিষ্ঠা হব নোৱাৰে ৷ আচলতে দলিত, নিষ্পেষিত আৰু সংখ্যালঘূৰ কথা কবলৈ গৈ এটা চামে প্ৰায়ে কিছু বিকৃত চিন্তাৰ অৱতাৰণা কৰে ৷ যেনে ধৰক দূৰ্গা বেশ্যা আছিল, কংস, জৰাসন্ধ আদি নিষ্পেষিতৰ প্ৰতীক ৷ কথা হ'ল কোন কি আছিল সেয়া আজি ঠাৱৰ কৰিবলৈ অসম্ভৱ ৷ বুৰঞ্জীৰ পাততো নাই ৷ ধৰ্মগ্ৰন্থ সমুহ আৰ্য্যই লিখিছিল বুলিয়েই সকলো ব্যাখ্যা মিছা নাইবা ওলোটা হব নেকি?
আচলতে ঈশ্বৰৰ অস্তিত্ব আৰু বস্তুনিষ্ঠ আলোচনাৰ বাবে উচিত বাতাবৰণ আৰু সুস্থ চিন্তাৰ আৱশ্যক ৷ আচলতে ৰাজনৈতিক আদৰ্শ আগত ৰাখি পৰিকল্পিতভাৱে ঈশ্বৰৰ তাচ্ছিল্য কৰিলেই মানুহ বাস্তৱবাদী বা যুক্তিবাদী হব বুলি মই নাভাবো ৷ সৌ সিদিনা ঘটি যোৱা ত্ৰিপুৰাৰ ঘটনাই সাম্যবাদৰ বাস্তৱ স্বৰূপ উদঙাই দিয়া যেন বোধ হয় ৷ তথাপি সান্দহ খোৱা বালি তল যায় বুলিয়েই কিছুমান অদ্ভুত কথা দুই এজনে কৈ দিয়ে ৷ আচলতে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ মাত্ৰ ৷ যাৰ আদৰ্শ সাৰোগত কৰি এওলোকে এই কৰ্ম (কূ-কৰ্ম বুলিয়েই কম) কৰে তেওলোকে কিন্তু ধৰ্মক এনেদৰে বিকৃত কৰিবলৈ শিক্ষা দিয়া নাই ৷ মাৰ্ক্সবাদত সমতাৰ কথা আছে, সমান অধিকাৰৰ কথা আছে ৷ তাত মূলত ভগবানৰ অস্তিত্ব নসাৎ কৰিছে ৷ কিন্তু পাবত গজা এচামে তাৰে গইনা লৈ প্ৰায়েই ধৰ্মক লৈ (বিশেষকৈ হিন্দু ধৰ্ম) তুচ্ছ তাচ্ছিল্য কৰে ৷ এওলোকৰ এচামে আকৌ কেতিয়াবা ধৰ্মৰ সপক্ষেও মাতে মাত্ৰ দৃষ্টিকোণ বেলেগ হয় ৷ মাত্ৰ থল চাই কঠীয়া পাৰে ৷
—"এই কথা ঠিক যে মাৰ্ক্সীয় দৰ্শনৰ ভিত্তিত প্ৰতিষ্ঠিত প্ৰায়বোৰ দল-সংগঠনে এই দৰ্শনক এক ধৰ্ম কৰি তোলাৰ প্ৰৱণতা দেখা যায়৷ ইয়াৰ পৰিণামত বৌদ্ধ, খ্ৰীষ্ট, মহম্মদৰ অনুগামীসকল যেনেকৈ ভিন ভিন ভাগত ভাগ হৈ পৰিছে মাৰ্ক্সৰ অনুগামী দল-সংগঠনবিলাকৰো অৱস্থা তথৈবচ৷ পৰিণামত মাৰ্ক্সীয় দৰ্শনত যি তেজাল সাৰ আছিল, মানৱ মুক্তিৰ কথা আছিল সি ক্রমে লোপ পাইছে৷ মাৰ্ক্সীয় দৰ্শনৰ ভিত্তিত প্ৰতিষ্ঠাপিত দল-সংগঠনবোৰে এতিয়া সৃষ্টি কৰিছে একোটা দলৰ একনায়কত্ববাদত চলা এখন বন্ধ ৰেজিমেণ্টেড সমাজৰ৷ মাৰ্ক্সবাদ প্ৰকৃততে সমাজ বিজ্ঞানৰ এক মানৱীয়া ধাৰা৷ যিহেতু বিজ্ঞান, গতিকে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ ইয়াৰো সলনি ঘটে বা সলনি কৰি ল’ব লাগিব৷ ঊনবিংশ শতিকাতে মাৰ্ক্স এংগেলছে কৰি যোৱা উক্তিবোৰ বেদৰ বাক্যৰ দৰে আখৰে আখৰে মানি চলিলে মাৰ্ক্সবাদ হৈ পৰিব এক আভিধানিক ধৰ্মলৈ অধঃপতিত৷"—জনসাধাৰণ @newspaper
এই কথাখিনিয়ে বহু কথাই কৈ যায় ৷ আচলতে কিবা মতবাদ অনুসৰন কৰিবলৈ যোৱাৰ আগতে তাৰ পশ্চাৎক্ৰিয়া জানিবুজি ললে ভাল হয় ৷ কেবল ঈশ্বৰক গালি দিলেই বা জাতিভেদ প্ৰথাৰ বিৰোধিতাৰ খাতিৰত পৰম্পৰাৰ বিপৰিতে গৈ অদ্ভুত আৰু আচৰিত কিছুমান কথা কলেই সাম্যবাদ, সমতা প্ৰতিষ্ঠিত কাহানিও নহব ৷ আচলতে মোৰ আইতাক ভগবান নাই বুলি ক'লে কি লাভ হব ৷ একেদৰে মহিষাসুৰ দলিতৰ নেতা গতিকে প্ৰতিবাদ জৰুৰী বুলি কৈ মোৰ ল'ৰাটোক কনভিন্স কৰালেও সেয়া বিষম হব মোৰ পৰিয়ালৰ ভাৰসাম্যতাৰ বাবে ৷ মোৰ বোধেৰে আইতাক আৰু ল'ৰাক একেলগ কৰি যুক্তিনিষ্ঠতাৰে এক সাম্যবাদ কৰিলেহে মোৰ সংসাৰ সুখৰ হব বুলি মনে কয় ৷
পুনশ্চঃ মই ভগবান দেখা নাই, ভগবানক বিচাৰি নাযাও ৷ কিন্তু অলৌকিকতাক বাদ দি নীতি নিয়ম জড়িত কথাবোৰ আৰু শাস্ত্ৰবোৰৰ কিছু বানী মই মানো ৷ মানিম ৷ মানি যাম ৷ আৰু যিসকলে ঈশ্বৰৰ বিষয়ে প্ৰায়েই তাচ্ছিল্যসূচক মন্তব্য কৰে তেওলোকক প্ৰত্যাহ্বান জনাই কওঁ ৰামায়ন, মহাভাৰত বা গীতা মিছা বুলি প্ৰমাণ কৰক পাৰিলে ৷ মই সঁচা বুলি প্ৰতিষ্ঠা কৰিম পলকতে ৷
No comments:
Post a Comment