Friday 20 November 2020

মৰমৰ আইতা

বাপু আহ । দুপৰীয়া ভাত কেইটা খাই উঠাৰ পিছতে এইটো মোৰ প্ৰিয় বাক্য । ভৰি দুখন বস্তাতে মচি আহ । কলেই মা আৰু আইতাৰ তৰ্ক লাগে । ভৰি নুধুৱাকৈ বিচনাত উঠাটো মোৰ হেনো বেয়া অভ্যাস কৰিছে । অৱশ্যে তেতিয়াৰ দিনত কাৰ্পেট, লেপ গাদি আদি আমাৰ বাবে অচিনাকি শব্দ । চেণ্ডেল পিন্ধো গোঁসাই সেৱা কৰাৰ পৰতহে । প্ৰাইমেৰী স্কুল চেণ্ডেল নোহোৱাকৈয়েই পাৰ কৰা বুলিলেও ভুল নহব । বিচনাৰ কাষতে ফটা বস্তাটোত ভৰি মচিয়েই দৌৰ মাৰো আইতাৰ বিচনালৈ । ক্লাছ নাইনলৈ ৰাতি মাৰ বাহিৰে কাৰো লগতেই শুই পোৱা নাছিলো যদিও দুপৰীয়া সদায় আইতাৰ লগতেই শোৱাটো অভ্যাস । কাৰণ আইতাই গৰম ঠাণ্ডা সকলো সময়তে মূৰত আঙুলি বোলাই টোপনি অহালৈকে সাধু কৈছিল । তাৰোপৰি গৰমৰ দিনত মোৰ টোপনি নাহালৈকে এটা গতিতে বিচনী খনেৰে বিচি বিচি শুৱাই থয় মোক । সেইকাৰণে আইতাৰ ভাত খাই উঠি বাপু আহ বুলি মাতিবলৈ ৰৈ থাকোঁ । মাতিলেই হ’ল । একেজাঁপে গৈ আইতাৰ বিচনাৰ বেৰৰ ফালে মুখ কৰি শুই যাও । সেয়া আছিল ল’ৰালিৰ আটাইতকৈ মধুৰতম দিনবোৰৰ সোঁৱৰণি । আচলতে তেতিয়াৰ দিনত লেপ, তুলি আমাৰ বাবে সপোন আছিল । ঘৰৰ একমাত্ৰ গদিখন দেউতাৰ বিচনাত আছিল । আমাৰ বাবে পুৰণি কাপোৰৰ কেথাখনেই আছিল উত্তম গাদি । ঠাণ্ডাৰ দিনত জহাধানৰ খেৰ ৰ’দত শুকুৱাই ধূলি মাকতি আঁতৰাই বিচনাত পাৰি লৈছিল মা আৰু আইতাই । সপ্তাহত নহলেও পষেকত এবাৰ খেৰখিনি বিচনাৰ পৰা উলিয়াই ৰ’দত দিয়া হয় । সেইদিনা বিচনাখন বেচ ওখ হৈ থাকে । স্কুলৰ পৰা আহি কানি কাপোৰ সলোৱাৰ আগতেই বিচনা খনত জাঁপ মাৰি পৰো । এফালৰ পৰা হাঁহি হাঁহি উলাহতে বাগৰি যাও । একপ্ৰকাৰ ‘ৰোড-ৰোলাৰ’ৰ দৰে চেপেটা কৰি যাও বিচনাৰ খেৰখিনি । মাৰ যদি মন ফৰকাল হৈ থাকিলে মাও মোৰ লগতে ইমুৰৰ পৰা সিমুৰলৈ বাগৰি ফুৰে । আৰু যদিহে কিবা কাৰণত খং উঠি থাকে তেন্তে মোৰ আনন্দৰ আইধা পৰে চেকনিৰ আগত । অৱশ্যে আইতাৰ কথাই সুকীয়া । আইতাই বিচনাৰ খেৰ ৰ’দত দিলে মই স্কুলৰ পৰা অহালৈকে বিচনাখন ঠিক কৰি দৰ্জ্জাখন জপাই থয় । ভাত খাই হলেই আইতাই মৰমেৰে কয় – “বাপু আজি বিচনাখেন ৰ’দত দিছুযা । সমান কন্নি ।” মোক আৰু পায় কোনে ! শৈশৱৰ সোণোৱালী দিনৰ কথাত নিসন্দেহে মোৰ আইতা মোৰ বাবে আটাইতকৈ প্ৰিয় চৰিত্ৰ । মাক কিমান ভালপাও বুলিলে উত্তৰ নাছিল যদিও আইতাকো কিন্তু কম ভালপোৱা নাছিলো । এবাৰ এটা মজাৰ ঘটনা হৈছিল । আইতা অডালবাৰীৰ পেহীহঁতৰ ঘৰলৈ গৈছিল । খেতি উঠাৰ পিছত প্ৰায়েই পেহী কেইজনীৰ ঘৰলৈ কিছুদিন থকাকৈ যায়েই । সেই একেখিনি সময়ত মামাহঁতৰ আইতা, মাহীহঁত আহে আমাৰ ঘৰলৈ । গতিকে চলি যায় আইতা নোহোৱাকৈ মোৰ দিনবোৰ । সিদিনা পুৱাই আইতা পেহীহঁতৰ ঘৰলৈ গেছিল মাত্ৰ । কাৰন পেহীৰ গাটো বেয়া আছিল । আনহাতে আমাৰ ঘৰত নমাটিৰ আইতা (মাৰ মাহী) আহিছিল । দেউতাই সন্ধিয়া জালখন লৈ পুখুৰীলৈ গ’ল । মাই চাউলধোৱা পানীকণ চটিয়াই দিলে ঘাটতে । প্ৰথমটো চাবতে প্ৰকাণ্ড ভকুৱা মাছ এটা জালত উঠিল । মাছটো বেছ ডাঙৰ আছিল । এতিয়াও মনত আছে সেইটো মাছৰ বাকলিখিনি শুকুৱাই মায়ে এডাল বৰ ধুনীয়া মালা বনাইছিল । গৰু ছাগলি বন্ধাৰ পিছত সন্ধিয়া মাছ ৰান্ধি থাকোতে মায়ে ক’লে, আজি আইতাৰে থাকিলে মাছটো খাই বেছি ভাল লাগিলে হয় । কথাষাৰে মোৰ মনত কিবা এক সাংঘাটিক প্ৰতিক্ৰিয়া কৰিলে । লগে লগে দেউতাক খাটনি ধৰিলো বোলো যা, আইতাক লৈ আহ । দেউতাই বেছি গুৰুত্ব নিদি ৰেডিঅ’ত আঞ্চলিক বাতৰি শুনাত মগন । ওলোটাই মোক ধমক দি খেদিলে । পিছলৈ মই লাজে, খঙে, দুখে ইম্মান কান্দিলো যে কাষৰ খূড়াহঁত, মইনামতী আইতা সকলো হাজিৰ । মোৰ কান্দোন আৰু খূড়াহতৰ গালিত ৰব নোৱাৰি শেষত দেউতাই গৈ পেহীহঁতৰ ঘৰৰ পৰা আইতাক লৈ আহিবলগীয়া হৈছিল সেই ৰাতিখন । আইতাই প্ৰথমতে আহিয়েই মোক গালি দিলে যদিও মাছটো দেখি পিছলৈ মোক একোলা লৈছিল । আচলতে আইতা মাছৰ বৰ লুভীয়া আছিল । মাছৰ বিবিধ ব্যঞ্জন বনোৱাত আইতাতকৈ পটু কাকো দেখা নাই । লোহাৰ কেৰাহীত অকণমান ধনীয়া-বতা আৰু আলু এটা ঠাঁহিকৈ কুটিলৈ বনোৱা কুছিয়া মাছৰ জুতি আজিৰ তাৰিখত সঞ্জীৱ কাপুৰেও দিব নোৱাৰিব যে খাটাং । পিছলৈ চাকৰিৰ পৰা ঘৰলৈ গ’লে আইতাই কচুৰ কুমলীয়া পাত, ঢেঁকীয়া শাক, ভেদাইলতা আজি বিচাৰি আনি খূড়ীহঁতক আনি দি কেনেকৈ বনাব লাগে ষ্ট্ৰীক্ট্ ইনষ্ট্ৰাকচন দি দিছিল । সেইমতে নহলে আইতাৰ গালিত মা আৰু খূড়ীহঁতৰ আইধা পৰিছিল । আইতাৰ মৰমৰ কথাবোৰ কৈ বা লিখি শেষ কৰিব এইটো জীবনত নোৱাৰিম । মাত্ৰ সুঁৱৰিব পাৰিম । মৰমৰ আইতা বুলিলেই বুকুখনে আজিও হমহম কৰে । মাক দেউতাকৰ মৰম এফালে, আইতাৰ মৰম আনফালে । ককাৰ মৰম ভাগ্যত নহ’ল যদিও আইতাই ককাৰ মৰমখিনিও দি গৈছে । গা ধুব নদীলৈ গ’লে ৰৈ থাকে ঘাটতে । কলেজলৈ যোৱাৰ পৰত চ’কলৈ থব আহে, নিব আহে । মুঠতে আইতাৰ মৰম বৰ্ণনা কৰিলে শেষ নহব ।

অসমৰ বান সমস্যাৰ এক চমু ভৌগোলিক অৱলোকন

পাতনি: ভূগোলৰ সংজ্ঞা মতে বানপানী হ'ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ, জান, জুৰি বা নৈৰ পানী ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যাধিক বৰষুণ, বৰফ গলা আদিৰ দৰে কাৰণতো বানপানী হয়। বানৰ সময়ত নৈৰ পাৰ বাগৰি বোৱা বোৱতী পানীয়ে গছ-গছনি, ঘৰ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। নদীয়ে বহন কৰা ক্ষমতাতকৈ বেছি পানী বহন কৰিবলগীয়া হলেই পাৰ বাগৰে । মথাউৰি ছিঙি পাৰ বাগৰা পানী অধিক ক্ষতিকাৰক হয় । সমভূমি অঞ্চলত নদীপথৰ কেঁকুৰী (River Meander) বা চাঁপযুক্ত অঞ্চলত পানীৰ সোঁত অধিক হয় আৰু ক্ষয় ক্ষতিও বাঢ়ে । ই বৰ্তমান যুগৰ এটা ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগ বুলিবও পাৰি । চীন, আমেৰিকাকে আদি কৰি বেছিভাগ দেশতে বানপানী এতিয়া এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিগণিত । বানপানী সাম্ভাব্য অঞ্চলৰ গৃহ, কৃষি, জীৱ-জন্তু, ব্যৱসায় আদি প্ৰায়েই বানপানীয়ে নষ্ট কৰে। অসম এখন নদী প্ৰধান ৰাজ্য ৷ ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰাজ্যৰ উল্লেখযোগ্য আৰু প্ৰধান নদী । বৰাকৰ তুলনাত ব্ৰহ্মপুত্ৰ যথেষ্ট ডাঙৰ আৰু পূৱৰ পৰা পশ্চিমলৈ গোটেই ৰাজ্যজুৰি বিস্তৃত । চৌদিশে থকা পাহাৰীয়া অঞ্চলপৰ পৰা বৈ অহা নৈ, নিজৰা, উপনৈ আদিৰ উপৰিও প্ৰচুৰ বৃষ্টিপাত অসমৰ নদীসমুহৰ বানপানীৰ মূল কাৰন । অৱশ্যে বানপানী হ’লেও অসমৰ জনজীৱনৰ প্ৰকৃত ছবিখনত নদ-নদীৰ গুৰুত্ব অপৰিসীম । অতিজৰে পৰা আমাৰ সমাজ জীৱন নৈৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আহিছে আৰু তাৰ লগে লগেই গঢ় লৈ উঠিছিল নৈ পৰীয়া সংস্কৃতি ৷ নদীক বাদ দি জাতীয় জীৱন, চহাৰ পথাৰ, মাছুৱৈৰ সংসাৰ আদি অনুধাৱন কৰাটো আজিও এক প্ৰকাৰ অসম্ভৱ ৷ সাম্প্ৰতিক সময়ত অসমৰ প্ৰধান সমস্যা কি বুলিলে উত্তৰ এটাই হব । সেয়া হ’ল বানপানী সমস্যা । প্ৰায়েই বিভিন্ন ধৰণৰ ৰাজনৈতিক বাক বিতণ্ডাত আবদ্ধ হৈ ৰৈ যায় এই প্ৰধান সমস্যাটো । বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাক ঘোষণা কৰা নকৰাক লৈও প্ৰায়েই ৰাজনৈতিক দণ্ড খৰিয়াল দেখা যায় । কিন্তু এই সমস্যাৰ মুল কাৰণবোৰ আচৰিত ধৰণে তল পৰি যোৱা পৰিলক্ষিত হয় । প্ৰচুৰ পৰিমানে থকা খনিজ সম্পদ, উৰ্বৰ পলসুৱা কৃষি ভূমি তথা আন বহুতো দিশত সম্পদ চহকী অসম কিন্তু দুখ লগা ধৰণে এখন পিচপৰা ৰাজ্য বুলিহে বিবেচিত । ইয়াৰ কাৰণ হৈছে প্ৰতিবছৰে হোৱা বানৰ মহা প্ৰলয় আৰু বিনাশ । বছৰি অহা প্ৰলয়ংকাৰী বানপানীয়ে শস্যভূমি, ঘৰ-দুৱাৰ, খেতি-মাটি আদি বিনষ্ট কৰাৰ ওপৰিও পোহনীয়া জীৱ-জন্তু আদি উটুৱাই নিও কৃষকসকলক সৰ্বস্বান্ত কৰে আৰু যাৰ ফলত কৃষকসকলে কৃষি তথা পশু পালনৰ চিন্তাক একাষৰীয়া কৰি থৈ নিজৰ পেটৰ ক্ষুধা নিবাৰণৰ অৰ্থে অৰ্থ উপাৰ্জনৰ বাবে অন্য ক্ষেত্ৰ যেনে-দিন হাজিৰা কৰা শ্ৰমিক হিচাবে নিয়োজিত আদিলৈ চকু দিবলৈ বাধ্য হৈ পৰে ৷ যাৰ ফলত আজিও দেশৰ আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্য আজিও অৰ্থনৈতিকভাৱে বহু পিছ পৰা ৷ বান সমস্যাৰ লগতে গৰাখহনীয়াও এক অন্যতম সমস্যা । প্ৰতিবছৰে গৰাখহনীয়াই কেবাহাজাৰ লোকক সৰ্বশ্ৰান্ত কৰে । বাৰিষাৰ বানে জুৰুলা কৰা ৰাইজে গৰাখহনীয়াত ভেটি মাটি হেৰুৱাবলগীয়া কথাটো বান সমস্যাতকৈও ভয়ংকৰ । বান সমস্যাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি, অনুদান, পেকেজ, মথাউৰি নিৰ্মাণ আদিৰ দৰে কামবোৰ প্ৰতিবছৰে কৰি আহিছে যদিও অসমৰ ৰাইজে প্ৰতিবছৰে বানত জীয়াতু ভূগিবলগীয়া বিষয়টো উদ্বেগজনক । ইয়াৰ মূলতে হৈছে উচিত দিশত পৰ্যাপ্ত অধ্যয়নৰ অভাৱ । বানপানীৰ কাৰণ: সাধাৰণতে বানপানীৰ বাবে বৰষুণ কেবল আৰু একমাত্ৰ কাৰণ নহয় । নদীবান্ধ, চৰকাৰৰ নীতি আদিক কৰা ক্ষুৰধাৰ সমালোচনাই বান সমস্যাৰ অন্তও নেপেলায় । সময়ে সময়ে আন্দোলন, অসম বন্ধ আদিও পালন কৰা হয় । কিন্তু এইবোৰৰ মাজতেই হেৰাই যায় বানপানীৰ বিশদ আৰু বিস্তৃত অধ্যয়নৰ প্ৰয়োজনীয়তা । বানপানীৰ কাৰণ হিচাপে তলত উল্লেখ কৰা কিছু কাৰণ নিশ্চয় চিন্তনীয় । ১। অসমৰ বান সমস্যাৰ প্ৰথম কাৰণ হিচাপে অত্যাধিক মাত্ৰাত হোৱা বৰষুণ দায়ী । সাধাৰণতে অসমত গড় হিচাপত প্ৰায় ২০০ চেমি: বৰষুণ হয় । অৱশ্যে ঠাই বিশেষে এই পৰিমাণ ১৬০-৩১০ চেমি: হয়। ভূটান আৰু অৰুণাচলকে ধৰি অন্য পাহাৰীয়া ৰাজ্যসমূহৰ পাদদেশত সৰ্বাধিক বৰষুণ হোৱাৰ বিপৰীতে মধ্য অসমৰ হোজাই, লংকা আদি ঠাই বৃষ্টিছায়া (Rainshadow) অঞ্চল বুলি গণ্য কৰা যায় । অৰুণাচল আৰু ভূটানৰ পৰা বৈ অহা নৈ আৰু উপনৈ সমূহৰ বানৰ তাণ্ডৱ সৰ্বাধিক হোৱা দেখা যায় । ইয়াৰ প্ৰধান কাৰণ উৎস অঞ্চলত হোৱা মাত্ৰাধিক বৰষুণ । ২। হিমালয় পৰ্বত এতিয়াও এখন ডেকা আৰু ভংগিল পৰ্বত (Young folded mountain)। গতিকে এই পৰ্বতৰ পৰা বৈ অহা নদীয়ে মাত্ৰাধিক পৰিমাণে গেদ আৰু পলস কঢ়িয়াই অনাটো স্বাভাবিক । লগতে নদীৰ উজনি অংশত হোৱা নিৰ্বনানীকৰণ, ক্ষয়প্ৰৱণ শিল, টকলা পাহাৰ আদিৰ বাবে ভৈয়ামৰ নদীসমূহ দ্ৰুত গতিত তৰাং হোৱাত সহায় কৰে । ফলস্বৰূপে নৈৰ বহন ক্ষমতা হ্ৰাস হয় আৰু বানপানীৰ সৃষ্টি হোৱাত সহায় কৰে । ৩। ব্ৰহ্মপুত্ৰ এখন বিশাল নদ । ইয়াৰ ধাৰণ আৰু বহন ক্ষমতা বেছি । সেই অনুপাতে ইয়াত পলসৰ অৱক্ষেপণ বেছি হয় । ফলস্বৰূপে ইয়াৰ তলিভাগ তৰাং হৈ নদীখন বহল হোৱাৰ প্ৰৱণতাও বেছি হয় । সেইবাবেই নৈৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ সদায়ে বানপানী প্ৰৱণ । তাৰোপৰি ১৯৫০ চনৰ বৰ ভূঁইকঁপৰ ফলত হঠাতে তলিভাগ ওফন্দি উঠি ঠাইবিশেষে তৰাং হোৱাৰ বাবেও নদীৰ বহন আৰু ধাৰণ ক্ষমতাক প্ৰভাৱিত কৰিছে । ৪। অত্যাধিক জনসংখ্যা বৃদ্ধি আৰু ৰাইজৰ সজাগতাৰ অভাৱ অসমৰ বান সমস্যাৰ অন্য এক কাৰণ । জলাশয় বোৰৰ বেদখল, বিল, চৰ, নৈপৰীয়া অঞ্চল আদিত গাওঁ পাতি লোৱা কথাবোৰ বান সমস্যাৰ কাৰণ বুলিব পাৰি । বহুক্ষেত্ৰত জলাশয়ৰ বেদখলে পৰিস্থিতিক আৰু অধিক জটিল কৰি তোলে । ৫। সংঘবদ্ধ আৰু পৰিকল্পিত আঁচনিৰ অভাৱ অন্য এক মুখ্য কাৰণ । চৰকাৰৰ অৱহেলাও বহু ক্ষেত্ৰত নুই কৰিব নোৱাৰি । সদ্যহতে দুৰ্যোগ প্ৰশমন বিভাগ (প্ৰতিষ্ঠা ২০১০) আছে যদিও দুৰ্যোগৰ তীব্ৰতা অনুপাতে ইয়াৰ কামৰ পৰিসৰ তেনেই সীমিত । চৰকাৰে বন্ধা মথাউৰিবোৰো আওপুৰণি আৰু আসোঁৱাহ থকা । সেয়াও বানপানীৰ অন্য এক কাৰণ । সময়মতে মেৰামতি নকৰা মথাউৰি ছিঙি বানে দুৰ্যোগৰ ৰূপ লোৱা খবৰ অসমীয়াৰ বাবে নতুন নহয় । ৬। কৃটিম বানপানী অসম তথা ভাৰতৰে এক গুৰুতৰ সমস্যা । নগৰ পৰিকল্পনাৰ অভাৱ আৰু জধে-মধে গঢ় লৈ উঠা চহৰাঞ্চল আৰু ইয়াৰ দ্ৰুত প্ৰসাৰ কৃটিম বানৰ মূল কাৰক । নলা-নৰ্দমাৰ সময়মতে নিৰীক্ষণ নকৰা, পানী ওলাই যাব পৰা ব্যৱস্থা নোহোৱা, বেদখল আদিও ইয়াৰ বাবে দায়ী । তাৰোপৰি চৰকাৰে নিৰ্মাণ কৰা নলা-নৰ্দমা, দলং, কালভাৰ্ট, আদি নিম্ন মাণদণ্ডৰ হোৱা আৰু আসোঁৱাহ থকাৰ বাবে বাৰিষা কালত পানীৰ হেচাঁত ভাঙি-চিঙি চহৰাঞ্চল এজাক বৰষুণতে দুব যোৱা দেখা যায় । বানপানী ৰোধৰ উপায়: প্ৰতি সমস্যাৰ সমাধান থকাৰ দৰে বানপানী সমস্যা ৰোধ কৰাৰো উপায় নিশ্চয় আছে। ইয়াক ৰোধৰ বাবে হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন আঁচনিৰ দৰকাৰ । বানপানী সমস্যা ৰোধৰ বাবে তলত দিয়া উপায়বোৰ গ্ৰহণ কৰিলে সুফল নিশ্চয় পাব পাৰি । ১। নদীৰ বহন ক্ষমতা আৰু ধাৰণ ক্ষমতা বৃদ্ধি কৰাটো কঠিন যদিও অসম্ভৱ নহয় । চৰকাৰে দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে তৰাং নদীৰ তলিভাগৰ খননৰ ব্যৱস্থা কৰিব পাৰে । বিল, জান, জুৰি, হোলা, দ’ ঠাই সমূহৰ পুনৰুত্থান অতি আৱশ্যক । তাৰোপৰি প্ৰাকৃতিক জলাশয় সমূহৰ বেদখল মুক্ত কৰাটোও দৰকাৰী । নতুনকৈ কৃটিম জলাশয়ৰ নিৰ্মাণেও নৈৰ ধাৰণ ক্ষমতাৰ বৃদ্ধি আৰু বানপানী নিয়ন্ত্ৰণ কৰাৰ লগতে স্থানীয় লোকক আৰ্থিক সকাহ দিব পাৰে । ২। পলস আৰু গেদীয় অৱক্ষেপণ পাহাৰৰ পৰা বৈ আহি ভৈয়ামত পৰেহি । এয়া অসমৰ নৈৰ বাবে এক চিন্তাৰ বিষয় । বিশেষকৈ হিমালয়ৰ পৰা বৈ আহি অসম পোৱা নদীসমূহৰ গেদীয় অৱক্ষেপণ বিপদজনক । নদীৰ উৎস আৰু উপাত্যকা অঞ্চলত বৃক্ষৰোপণ কৰিলে ক্ষয়ীকৰণ কিছু পৰিমাণে কমে আৰু নদীত উটি অহা ক্ষয়ীকৃত গেদসমূহ কমে । অধিক বৃক্ষৰোপণে ভু-গৰ্ভস্থ জলস্তৰৰ উন্নতি সাধন কৰাৰ লগতে উপৰিভাগেৰে বৈ যোৱা পানীৰ পৰিমান কম কৰে । ভৌগোলিক দৃষ্টিকোণৰ পৰা নদী আৰ জলপৃষ্ঠক সন্তুলিত কৰিবলৈ বনানীকৰণ অতি আৱশ্যকীয় । ৩। নদীৰ বিস্তৃত অধ্যয়ন জৰুৰী । ব্ৰহ্মপুত্ৰকে ধৰি অন্য গুৰুত্বপূৰ্ণ নদীসমূহৰ সবিশেষ অধ্যয়ন যেনে Channel morphology, Water discharge, Sedimentation and Load আদি অভিজ্ঞ লোকৰ দ্বাৰা পুংখানুপুংখৰূপে অধ্যয়ন কৰাটো আৱশ্যক । নদীৰ সোঁতৰ দিশ, ধৰণ আদিৰ সহায়ত উচিত স্থানত পৰ্যাপ্তভাৱে শৈলবান্ধ, শৈল পাৰ আদিৰ নিৰ্মাণ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ পদক্ষেপ হিচাপে বিবেচিত । ৪। ব্রহ্মপুত্ৰ আৰু অন্য নদী সমূহক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰি, জলশক্তিক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাৱল্যৰ পৰা নিশ্চয় অসমবাসী সকাহ পাব। পৰিকল্পিত চৰকাৰী আঁচনি, বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণ, বিকেন্দ্ৰীভূত বতৰ বিজ্ঞান তথ্য, অধিক বানপানী প্ৰৱণ নদী আৰু গৰাখহনীয়া প্ৰৱণ স্থানৰ উচিত আৰু ধাৰাবাহিক নিৰীক্ষণ, বৰষুনৰ পানী সংৰক্ষণ আদিৰ সহায়ত বান সমস্যাৰ পৰা মুক্তি পাব পাৰি । ৫। নগৰ অঞ্চলৰ বান সমস্যাৰ বাবে অপৰিস্কৃত নলা নৰ্দমা দায়ী । তাৰোপৰি স্থানীয় লোকে জাৱৰ-জোঁথৰ আদি পেলাই এই সমস্যা বেছি জটিল কৰে । এইবিলাক উচিত আইনৰ দ্বাৰা আৰু লোক সজাগতাৰ সহায়ত লাঘৱ কৰিব পাৰি । তাৰোপৰি পাম্প কৰি দ’ নগৰীয়া ঠাইৰ পানী অন্য দিশলৈ বোৱাই নিলে কৃটিম বানৰ পৰা সকাহ পাব পাৰি । ৬। প্ৰায়েই দেখা যায় যে এপ্ৰিল-মে মাহত বালিৰ বস্তাৰ দ্বাৰা ভঙা মথাউৰি মেৰামতি কৰা হয় আৰু পিছলৈ সেই ঠাইতেই আকৌ মথাউঅৰি ছিঙে, বান আৰু জটিল হয় । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হলে মথাউঅৰি মেৰামতি কৰা মাটিৰ গুণাগুণ জনাটো বৰ জৰুৰী । লগতে বৃক্ষৰোপণ বা বনানীকৰণ আৰু মথাউৰিৰ ঢালৰ উচিত নিৰ্মাণে সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰাত সহায় কৰে । বানপানীৰ আগে পিছে ৰাইজক তেওলোকৰ কৰণীয় সমূহৰ বিষয়ে সজাগ কৰাটোও আৱশ্যক । বহু সময়ত জন সজাগতাৰ অভাৱত ধন-জন হানিৰ পৰিমাণ মাত্ৰাধিক হোৱা পৰিলক্ষিত হয় । তাৰোপৰি বানপানীয়ে সৃষ্টি কৰা দুৰ্যোগ চম্বালিবলৈ চকৰকাৰী অনুদান, বৰঙণি, সাহাৰ্য আদি বৃদ্ধি কৰিব লাগে আৰু কোনো ধৰণৰ ৰঙা-ফিটাৰ মেৰপাক সোমাব নিদিয়াকৈ ৰাইজক যোগান ধৰিব লাগে। ইয়াৰ বাবে অৱশ্যে চৰকাৰী সদ্দিচ্ছা, আৰু দক্ষ প্ৰশাসকৰো দৰকাৰ । বানপানীৰ সময়ত আৰু তাৰ পিছত হোৱা ক্ষতি আৰু ইয়াৰ প্ৰভাৱ সুদুৰ-প্ৰসাৰী । খেতি-বাতি, পথাৰ, পুখুৰী আদি নষ্ট কৰাৰ উপৰিও গৰাখহনীয়াৰ বাবে ভেটিমাটি উচন হয় । ধন-জনৰ ক্ষতিৰ লগতে, জীৱ-জন্তুৰ নাশ, ৰাস্তা-ঘাট, সাঁকো, দলং, আদিৰ বিস্তৰ ক্ষতি সাধনে দেশ আৰু ৰাজ্যৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলায় । তাৰোপৰি বানপানীৰ পিছত গেলা-পচা বস্তু তথা মৰা-শ ৰ বাবে প্ৰাকৃতিক পৰিৱেশ দূষিত হোৱাৰ লগতে বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱ, মহামাৰী আদিৰ বাবেও জীৱকুলৰ আলাই-আথানি নোহোৱা হয় । এইদৰেই বানে সামাজিক, আৰ্থিক, আৰু সাংস্কৃতিক দিশত প্ৰভাৱ পেলায় । এক সমীক্ষা অনুসৰি ২০১৭ চনৰ বানত অসমৰ ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ২৯৩৯ কোটি টকা (Oxfam India, 2017)। প্ৰতিবছৰে এই পৰিমাণ বাঢ়ি গৈ থকা বুলি ধৰিব পাৰি । পৰিসংহাৰত কব পাৰি যে কোনো প্ৰাকৃতিক দুৰ্যোগ জনকল্যাণকামী নহয় । অৱশ্যে বানপানীৰ পৰা কৃষি প্ৰধান অসমীয়া ৰাইজৰ বহুতো উপকাৰো হয় । মাত্ৰ দুৰ্যোগৰ মোকাবিলা কৰিব পৰাকৈ সকলো ফালে সষ্টম হোৱাটো দৰকাৰ । চীনৰ এটা সময়ৰ দুৰ্দশাৰ কাৰক হোৱাং-হো নদী আজি চীনৰ আশা আৰু সম্ভাৱনাৰ প্ৰতীক । আশা কৰো মহাবাহু ব্ৰহ্মপুত্ৰও এদিন অসমীয়াৰ বাবে আশা আৰু উন্নতিৰ প্ৰতীক হব । ড° ঘনশ্যাম ডেকা ।