Tuesday 22 September 2015

----অসম, নেতা, ৰাজনীতি আৰু ৰাইজ এটি চমু পৰ্যালোচনা ----


সাম্প্ৰতিক সময়ত অসমৰ ৰাজনীতি উত্তাল হৈ আছে । এয়া মই নাই কোৱা, কৈছে নিউজ চেনেল কেইটাই । সমাগত নিৰ্ব্বাচনক লৈ জল্পনা কল্পনাৰ অন্ত নাই । সকলোৱে ইতিমধ্যে টঙালি বান্ধিছে । বিভিন্ন জনে নিজৰ নিজৰ শিবিৰত ৰচনা কৰিছে বিভিন্ন ৰণকৌশল । আচৰিত ধৰণে অংক কৰিছে গাদী দখলৰ, কিন্তু কোনো এটা দলেই নিজৰ দলীয় স্বাৰ্থক বাদ দি জাতীয় স্বাৰ্থৰ চিন্তা কৰা বুলি মনে নধৰে । সাম্প্ৰতিক সময়ৰ আটাইতকৈ আলোচিত বিষয় হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি গমন আৰু বিজেপিৰ মিছ্ন ৮৪+ । সময়ে কব কোন কিমান সফল হয় । কিন্তু হিমন্ত বিশ্বৰ এই দল সলনিয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ৰাজনীতিত কোনো কাৰো স্থায়ী শত্ৰু বা মিত্ৰ নহয় ।

এইখিনিতেই এটা কথা কৈ লোৱা ভাল যে হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱাটো বা কালি বদৰউদ্দিন আজমলে কংগ্ৰেছক সমৰ্থন দিয়াটো বিশেষ চিন্তাৰ বিষয় নহয় । আৰু দল বাগৰাৰ কথা এয়াই প্ৰথম নহয় । আজি প্ৰায় প্ৰতিটো দলতেই এনেকুৱা দল বাগৰা উদাহৰণ বহুত আছে আৰু ভৱিষ্যতেও হোৱাৰ অৱকাশ আছে । কিন্তু এই দল বাগৰিলেই কিছু লোকে হুলস্থুল কৰে আৰু কৰিবই । সেয়া নিৰ্ব্বচনত কিবা সাংঘাটিক প্ৰভাব পেলাব পৰা কাৰক বুলি মনে নধৰে । কিন্তু কথা হ’ল এক ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টিৰে জনসাধাৰণক পণবন্দী কৰিলে চিন্তাৰ উদ্ৰেক হয়, সমস্যাৰ উদ্ৰেক হয় ।

বৰ্তমানৰ চৰকাৰখনে যোৱা ১৫ বছৰে শাসন কৰিলে । তাৰ খতিয়ান লোৱাৰো সময় সমাগত । কিয়নো সততে বিকাশৰ কথা কোৱা চৰকাৰ এখনে যি ধৰণে যোৱা লোকসভা নিৰ্ব্বাচনত মুখ ঠেকেচা খালে সেয়াও বিচাৰ কৰিব লগীয়া কথা । সততে বিকাশৰ কথা কোৱা আৰু যতে ততে তৰল মন্তব্য দিয়া অসমৰ মুখ্যমন্ত্ৰী জনক লৈ ৰাইজৰ অভিযোগ নাই বুলি ভাবিলে ভুল হ’ব । কোনো এটা বিভাগকে কেলেংকাৰীৰ পৰা মুক্ত বুলি ক’বলৈ বা ভাবিবলৈ এতিয়া টান লাগে । কেগৰ প্ৰতিবেদনে বহু কথা ইতিমধ্যে প্ৰমাণ কৰিছে আৰু প্ৰতিষ্ঠা হয় যুক্তিৰ সত্যসত্যতা । আনহাতে প্ৰদেশ কংগ্ৰেছৰ কিছু নেতাৰ মইমতালি, বিসম্বাদ, ক্ষমতাৰ খোৱা কামোৰা আদিও দৃষ্টিকটু হৈ উঠিছে ৰাইজৰ আগত । যোৱা তিনিতা বছৰে স্বাস্থ্য, শিক্ষা আৰু যোগান বিভাগৰ অকৰ্মণ্যতা আৰু দুৰৱস্থাই ৰাইজক জ্বলা-কলা খুৱাইছে । তাৰ উপৰিও, অনুপ্ৰবেশৰ সমস্যা, গড় হত্যা, সমাজ কল্যাণ বিভাগৰ দুৰ্নীতি, গুৱাহাটীৰ তথা অসমৰ বানপানী, চিণ্ডিকেট আদিৰ বাবেও যে ৰাইজৰ ওচৰত শাসনাধিস্থ দলটো জবাবদিহি হ’ব লাগিব সেয়া ধুৰুপ ।

কংগ্ৰেছৰ বিসম্বাদ আৰু দুৰ্নীতিৰ প্ৰতিবাদ লগতে নৰেন্দ্ৰ মোডীৰ বাক পটুতাই যোৱা লোকসভা নিৰ্ব্বাচনত অসমৰ ভোটাৰক এক বিকল্পৰ সন্ধান দিছিল, আৰু সেয়ে অসমত বিজেপিয়ে আশাতীত সাফল্য প্ৰদান কৰিছিল । দেশৰ লগতে সৰ্বত্ৰ অসমো মোডী ডাঙৰীয়াৰ ঢৌত উটি গৈছিল বুলিলেও কিন্তু বঢ়াই কোৱা নহ’ব । অসমৰ আৱেগ সৰ্ব্বস্ব ৰাজনীতিত বহুল প্ৰসাৰৰ পূৰ্ণ সুযোগ পাইছিল বিজেপিয়ে । লাহে লাহে যেন বিজেপি অহংকাৰী হ’ল, প্ৰজাৰ কথা, নিজৰ প্ৰতিশ্ৰুতিও পাহৰি গ’ল, অন্তত তেনে ধৰণৰ ব্যৱহাৰ ৰাইজৰ আগত প্ৰতিফলিত কৰিছে দলৰ বৰমূৰীয়া সকলে । তেওলোকৰ বদ্ধমূল ধাৰণা যে লোকসভাৰ দৰে বিধান সভা নিৰ্ব্বাচনতো তেওলোকেই ভোটাৰৰ পূৰ্ণ সমৰ্থন আৰু সঁহাৰি পাব । তেওলোকৰ নিজৰ মাজতেই লবীৰ সৃষ্টি হোৱাটো ইতিমধ্যে স্পষ্ট ৰূপত প্ৰকাশ পাইছে । ৰাইজে কিন্তু বিজেপি মানে মোডী বুলি ভোট অন্তত বিধান সভাত নিদিয়ে যে খাটাং । তিৱা নিৰ্ব্বাচনে ইতিমধ্যে তাৰেই প্ৰমাণ কৰিলে । লগতে ৰাজ্যিক নেতৃত্বই পাহৰিলে ভুল হ’ব যে এইখন অসমৰ জনতাই ভূপেনদাৰ দৰে ব্যক্তিকো ভোট যুদ্ধত পৰাজিত কৰিছিল । গতিকে অসমৰ ভোটাৰে বিজেপি বুলিলেই গছৰ মুঢ়াক ভোট দিব বুলি যদি ভাবিছে তেন্তে সেয়া হ’ব তেওঁলোকৰ হঠকাৰী সিদ্ধান্ত । হিমন্ত বিশ্বৰ আসনখন বাঢ়িব যে খাটাং, কিন্তু বাকী ক’ৰবাত হিমন্ত ফেক্টৰ কামত আহিব বুলি মনে নধৰে । এতিয়া শুনিবলৈ বেয়া যেন লাগিলেও, নিৰ্ব্বাচনৰ আগেয়ে টিকট কেন্দ্ৰিক সংঘাতৰ জুইয়ে বিজেপিক দহিব বুলি ভবাৰ পুৰামাত্ৰাই থল আছে । হয়তো হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বাবে বুমেৰাং হ’বও পাৰে । সেয়া অবশ্যে সময়েহে ক’ব ।

হাইকামাণ্ড সৰ্বস্ব সৰ্বভাৰতীয় দল দুটাৰ এই ভেকোভাওনাৰ সময়ত অসমৰ ৰাজনীতিত এইবাৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ দল হোৱাৰ অৱকাশ আছিল অসম গণ পৰিষদ । কিন্তু দলটোৰ দুৰ্বল নেতৃত্ব আৰু সোপাঢিলা মনোবৃত্তিৰ বাবে ৰাইজৰ মাজত সোমাব পৰা নাই । কালি কোনোবা নেতাই ক’লে যে এজিপি হেনো ৰাইজৰ দ’ল, তেওঁলোকক ৰাইজে অইনবাৰৰ দৰে এইবাৰো হেনো আঁকোৱালি ল’ব । পিচে এই কথা সত্য জানো? নামনি অসমত ইতিমধ্যে এএইউডিএফ আৰু বিপিএফ দ’ল নিজৰ নিজৰ দখলত থকা সমষ্টিবোৰত অপ্ৰতিৰোধ্য বুলি ক’ব পৰা হৈছে । উজনিৰ ফালেও অৱস্থা তথৈবচ । তাৰ পিচতো জাতীয় দল বুলিয়েই জয়লাভৰ আশা কৰা ভুল বুলি কলেও কটুক্তি নহয় চাগে । ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ এই দলটোৱে বিশেষ কিবা কৰিছে বুলি কবলৈ পৰ্যাপ্ত সমলৰ অভাৱ । কেবল চৰকাৰক গালি দি শাষনক আহিম বুলি ভাবিলেও কিন্তু এতিয়াই চৰকাৰী চাকৰিয়ালৰ দৰ্মহা দিব নোৱাৰা, ১৫ বছৰ আগৰ গুপ্তহত্যা আদি অসমৰ ৰাইজে পাহৰিৱ পৰা নাই । অসম আন্দোলনৰ পৰা আজিলৈ একেকেইজন নেতাই চলাইছে দলটি । আজিলৈ এজনো শক্তিশালী যুৱ নেতা সৃষ্টি নোহোৱাটো অগপৰ বাবে পৰিতাপৰ বিষয় । আনহাতে তেওলোকৰ নেতৃত্ব কেন্দ্ৰিক বিবাদ আজিৰ নহয় । অগপ, নঅগপ, তৃণমুল অগপ, অগপ প্ৰগতিশীল আদিৰ উদাহৰণ সকলোৱেই জানে । পুৰ্বতে কৰা ভুল, নেতৃত্বৰ সঘন সালসলনি, দলৰ অস্থিৰতা যুৱনেতাৰ অভাৱ আদিৰ উপৰি দলটোত এজন শক্তিশালী সকলোৰে গ্ৰহণযোগ্য নেতাৰ অভাৱ দলটোৰ বাবে এক উদ্বেগৰ বিষয় । ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰী, সৰ্ব্বানন্দ সোণোৱাল এই দলৰ পৰা যোৱাটো মোক্ষম আঘাত বুলিয়ে ক’ব পাৰি । দলৰ আন এজন শক্তিশালী জনপ্ৰিয় নেতাৰ বিজেপি গমন আসন্ন বুলি চৰ্চাত আছে । তেনেস্থলত অগপৰ পৰৱৰ্তী চৰকাৰৰ দাবী কিছু পৰিমানে সন্দেহৰ আৱৰ্তত থাকি যায় । তথাপি জনতাৰ কথা জনতাই বিচাৰ কৰিব ।

সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক পৰিস্থিতিত যিকোনো এটা দলে চৰকাৰ গঠন কৰিব বুলি দম্ভালি মাৰিব পাৰিব, কিন্তু সময়ত এখন ওলোমা চৰকাৰ হোৱাটো নুই কৰিব নোৱাৰি । যি দলেই চৰকাৰ গঠন নকৰক কিয় বিপিএফ আৰু এআইইউডিএফৰ অবিহনে চৰকাৰ গঠন কোনো দলে কৰিব নোৱাৰে বুলি ন দি নকওঁ যদিও অস্বীকাৰো নকৰো । বিজেপিৰ মিছন ৮৪+ সফল হ’ব বুলি ভবা সকলে আত্মবিশ্লেষন কৰক । লগতে উজনি নামনিৰ ঢৌ সৃষ্টি নকৰিলেই তেওলোক লাভান্বিত হোৱাৰ থল আছে । আনহাতে কেন্দ্ৰত নিজৰ চৰকাৰ নাই বুলি অজুহাত দেখুৱাই কংগ্ৰেছে দায় সাৰিব পাৰিব বুলিও নাভাবিব । অবশ্যে বৰ্তমানৰ ছয়জন বিধায়ক থকা বিজেপি দলে যদিহে জনজাতিকৰণৰ ঘোষণা কৰি দিয়ে তেতিয়া কিন্তু বহু পৰিমানে ভাল ফল বিজেপিয়ে পাব পাৰে । তথাপিও কিন্তু শেষ হাঁহি কংগ্ৰেছ দলেই মাৰিব বুলি ভবাৰ থল নথকা নহয় । অবশ্যে কোন দলে কাক সমৰ্থন কৰে নিৰ্ব্বাচনৰ আগত আৰু পিচত সেয়াও লক্ষণীয় হ’ব । কংগ্ৰেছে পুৰনি মিত্ৰ বিপিএফ, জন্মু কাশ্মীৰৰ জোঁটবন্ধনৰ উদাহৰণ মনত ৰাখিলে কিন্তু হাগ্ৰাম মহিলাৰী বা আজমল চাহাব উপ-মুখ্যমন্ত্ৰী হোৱা তেনেই সাধাৰণ কথা যেন ভাব আহে । সকলোঁ সময়ে ক’ব বুলি বহি থাকিলেই ভাল অবশ্যে ।

এইখিনিতেই আৰু এটা কথা, যোৱা লোকসভাৰ নিৰ্ব্বাচনত এটা কথা স্পষ্ট হৈছে যে অসমৰ মানুহে লাহে লাহে দলতকৈ প্ৰাৰ্থীক চোৱাৰ এটা প্ৰৱণতাই গা কৰি উঠিছে । দাগী নেতা মন্ত্ৰীক নিজ দলৰ কৰ্মীয়ে বিষোদগাৰ কৰাও দেখা গৈছে । সেয়া লাগিলে নলবাৰীয়ে হওক বা বৰহলাই হওক, একধৰণৰ জনসচেতনতা গা কৰি উঠিছে লাহে লাহে । তথাপি বিবেক ভোটৰ পৰা বিশেষ কিবা পৰিৱৰ্তন হ’ব বুলি মনে নকয় । এইখিনিতে এটা কথা কৈ থোৱা ভাল যে বিহাৰৰ দৰে অসমতো ৰাজতন্ত্ৰৰ বীজ দ’লৈকে শিপাব আৰম্ভ কৰিছে । অবশ্যে এটা কথা ক’ব পাৰি যে ডক্টৰৰ ল’ৰা ডক্টৰ হব পাৰিলে, পুলিচৰ ল’ৰা পুলিচ হ’ব পাৰিলে, নেতাৰ ল’ৰা নেতা হোৱাত আপত্তি কিহৰ? কিন্তু কথাটো হ’ল জাতীয় জীৱনৰ লগত সংগতি নোহোৱাকৈ আকাশৰ পৰা আহি পৰা নেতাৰ গ্ৰহণযোগ্যতাৰ ওপৰত কোনোবাই প্ৰশ্ন তুলিলে আচৰিত হ’ব লগা একো নাই । যি দলৰে নহওক, তৃণমূল পৰ্যায়ৰ কৰ্মী অৱস্থাৰ পৰা সংগ্ৰাম কৰি আহি নিজক প্ৰতিষ্ঠা কৰাৰ সময়ত যদি কোনো নেতাপুত্ৰ বা নেতাৰ সম্পৰ্কীয়ই আহি পাবত গজা নেতা ওলাই তেন্তে তাত বিসম্বাদ হোৱাটো খাটাং । লগে লগে আকৌ আৰম্ভ হব টনাটনি ঠেলা-হেঁচাৰ এক অস্থিৰ পৰিবেশ । কিন্তু তাৰ পৰা লোকচান ভৰিব লগীয়া হয় আপোনাৰ মোৰ দৰে সাধাৰণ ভোটাৰে । এইবেলিও সেয়া নহ’ব বুলি মনে নধৰে পিচে ।

Saturday 19 September 2015

পৰেশ বৰুৱা ডাঙৰীয়ালৈ মুকলি চিঠি।


মহাশয়,
বন্দুকৰ গুলীলৈ ভয় কৰিলেও আপোনাক আৰু আপোনাৰ সতীর্থবৃন্দলৈ এই পত্র লিখাৰ প্রয়োজনবোধ কৰিছঁ। উত্তৰ দিলে খোকোজা দুৰ কৰিব পাৰিম বুলিহে পত্র লিখিছো। গতিকে খং-ৰাগ নকৰি উত্তৰ দিলে এই অধমে কৃতার্থ হম.........।
১। আপোনালোকে বিচাৰি থকা স্বাধীন অসমত থাকিবলৈ যোগ্যতা কাৰ হব? কোনে পাব? আপোনাৰ দৃষ্টিত অসমীয়া কোন?
২। আপুনি স্বাধীন অসম বিচাৰিছে ভাল কথা। কিন্তু তাৰ বাবে নিৰীহৰ বলি কিয়? আপোনাৰ স্বাধীনতাৰ আন্দোলনত মোৰদৰে কিছুমানৰ সন্মতি নাই। গতিকে আপোনাৰ স্বাধীনতাৰ যুদ্ধৰ নামত আমাৰ স্বাধীনতা কাঢ়ি নিয়াৰ অধিকাৰ কোনে দিলে আপোনাক?
৩। আপুনি আজি DY365 ত কলে যে বিহাৰী মাৰোৱাৰীয়ে অসমত থাকিলে বৰঙণি দিয়াটো বাধ্যতামূলক। পিচে একেই চর্ত যদি অসমৰ বাহিৰত কর্মৰত অসমীয়াৰ বাবে প্রযোজ্য হয় তেতিয়া আপুনি আহিবনে আমাক উদ্ধাৰ কৰিবলৈ? বিহাৰী মাৰোৱাৰীক আপুনি অসমীয়াৰ বাবে মাত মতাৰ দৰকাৰ নাই বুলি কলে যদিও জ্যৌতিপ্রসাদ আগৰৱালা, চন্দ্রকুমাৰ আগৰৱালা আদিবোৰৰ অবদানৰ কথা কিদৰে অস্বীকাৰ কৰিব?
৪। আপুনি বাংলাদেশী বিতাৰণৰ ক্ষেত্রত নিমাত কিয়? আজিলৈকে এটা শব্দ কোৱা শুনিবলৈ পোৱা নাই এইটো বিষয়ত। আপোনাৰ দৃষ্টিত বৃহত্তৰ স্বাধীন অসম(?)ৰ অবিচ্ছেদ্য অংগ নেকি তেওলোক? নে কেবল আশ্রয়দাতা বাবেই এই আওকণীয়া মনোভাব কিম্বা এৰা-ধৰা?
৫। ১৯৯৯ চনত কাশ্মীৰৰ কার্গিল যুদ্ধত যেতিয়া অসমীয়া জোৱান ছহিদ হৈছিল আৰু নিথৰ শৱদেহ হৈ ঘুৰি আহিছিল সেই সময়ত আপুনি পাকিস্তানক সমর্থন দিছিল ঔপনিবেশিকতাৰ বিৰুদ্ধে মুক্তি যুদ্ধ আখ্যা দি। অথচ, এজনো অসমীয়া জোৱানৰ প্রতি আপোনাৰ এটোপাল চকুলো নোলাল। আপুনি কাৰ বাবে স্বাধীন হব খুজিছে?
৬। হাজাৰ ভাবুকি দিলেও ধেমাজীৰ কণ-কণ লৰা-ছোৱালী কেইটিৰ মৃত্যু আপোনালোকৰ স্বাধীনতা সংগ্রামৰ এটি কলংকিত অধ্যায় নহয় জানো?
৭। নগা, অৰুণাচলীয়ে অসমীয়া মাৰিলে আপুনি নিতাল মাৰে কিয়? গড় হত্যাৰ বিৰুদ্ধে এষাৰ মাত জোৰকৈ মাতকচোন। নে সেইবোৰ আপোনাৰ বাবে বিচার্য্য বিষয় নহয়?
ডাঙৰীয়া, ভুল হলে আৰু কলে ক্ষমা কৰিব। খাটি অসমীয়া বুলি এবাৰলৈ মাফ কৰিব।তাতে আকৌ এটা সময়ত আপোনালোকৰ বহু সতীর্থক নিজে গোহালি ঘৰ, খেৰৰ পুঁজি আদিত থাকি হলেও বিচনা এৰি দি বৃদ্ধ পিতাই আর্মিৰ বহুত মাৰ খাই থৈছে। মাৰে বা কাটে, শুধিব মন গ’ল শুধিলো। পাৰিলে জাতিৰ হকে মাত মাতক, বিপ্লব আৰু বিপ্লবী নিজেই আগবাঢ়ি আহিব আপোনালোকৰ লগত।
>জয়তু জন্মভুমি
>
ইতিত
ঘনশ্যাম ডেকা, ভেংলুই, আইজলৰ পৰা।

চুইটী, ঈন্দ্ৰানী, গান্ধাৰী, আৰু মোৰ প্রিয় নাৰী চৰিত্র শশীকলা

সাংঘাটিক কিবা এটা লিখিম বুলি ভবা নাই, কিন্তু মনত অহা কিছু কথা লিখিব ওলাইছো । আচলতে নাৰীৰ বাবে কিবা এটা লিখিলেই নাৰীবাদী সকল হেংদাং লৈ ওলাই আহে । ভয়তে লিখাৰ আগতে কলমৰ চিয়াঁহী গোট মাৰে । কিন্তু সকলো কথাৰে ভাল বেয়া দুয়োটা দিশেই থাকে বুলিয়েই গণ্য কৰিছোঁ । নাৰী হেনো ‘আদাম-ইভ’ৰ যুগৰ পৰাই শোষিত হৈ আছে । পিছে কথাষাৰ একে বাৰে গ্ৰহণযোগ্য হয় নে আপেক্ষিক সেয়া আজিও স্পষ্ট নহয় । ভাৰতীয় দৰ্শনত কেতিয়াও নাৰীক ভোগৰ সামগ্ৰী হিচাপে প্ৰক্ষেপ কৰা হোৱা নাছিল । ব্ৰিটিছ ভাৰতৰ যুগৰ পৰা নাৰীক মূল্যায়ন কৰোতে অবহেলা কৰাটো বেছি হৈছে, সেয়াও সঁচা । কিন্তু ব্ৰিটিছে বহু ক্ষেত্ৰত নাৰীক উদ্ধাৰো কৰিছে । সতীদাহ, বাল্যবিবাহ আদি বন্ধ কৰাটো নাৰীজাতিৰ বাবে নিসন্দেহে ভাল পদক্ষেপ যাৰ সুফল আজিৰ ভাৰতীয় নাৰীয়ে ভোগ কৰিছে । কিন্তু পুৰুষ প্ৰধান সমাজে ভোগবাদৰ মানসিকতাৰে নাৰীক ব্যবহাৰ কৰা, কৰি অহাটো বহুক্ষেত্ৰত মিছা বুলি কব নোৱাৰি ।

এই চেগতে নাৰীক কেবল ভোগৰ সামগ্ৰী বুলি কব খোজা সকলকো গৰিহণা দিলোঁ । কিন্তু নাৰীক সৃষ্টিৰ আদিৰেই পৰা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বৰ্ণনা কৰা দেখা যায় । সঁচাই নাৰী মোহনীয়, আৰু সৃষ্টিৰ প্ৰতীক, সুন্দৰৰ সাধনা । কিন্তু নাৰী যেতিয়া চলনাময়ী হয় তেতিয়া কিন্তু সংসাৰত প্ৰলয় হোৱাও দেখা যায় । সৌসিদিনালৈ কোন গৰাকী পুৰুষৰ বাৰু সাহস আছিল ঈন্দ্ৰাণী মুখাৰ্জীক বেয়া বোলাৰ? কিবা কলেই নাৰীবাদ, মানবতাবাদ আদি বাদীসকলৰ প্ৰতিক্ৰিয়াৰ উজান উঠিলে হয় । কাৰণ তেওঁ সফল নাৰীৰ জাকত জিলিকা উদাহৰণ আছিল । পিছে ৰাকেশ মাৰিয়া আৰু মিখাইলৰ পাল্লাত পৰি যেনিবা তেওঁৰ বিষয়ে বিভিন্ন কথা ওলাল । আজি ঈন্দ্ৰাণী বুলি নাক কোঁচোৱা মহিলাৰ অভাব নাই । (কিন্তু তেওঁৰ মগজুৰ কুবুদ্ধি বা সুবুদ্ধি দুয়োটাকে নমস্কাৰ জনোৱা মানুহৰো অভাব নাই )
 
আগতে ককা আইতাৰ মুখত শুনিছিলো, লাও ডাঙৰ হ’লেও পাতৰ তল, অৰ্থ বুজি নাপালেও কিন্তু কথাষাৰ ভাল পাইছিলোঁ । পিচে এতিয়াহে শুনিছোঁ আৰু বুজিছোঁ যে সেয়া সাংঘাতিক ধৰণৰ বেয়া কথা, যিয়ে নাৰীক পুৰুষৰ বহতীয়া কৰি থৈছিল । পিচে কথা এটা, সৌসিদিনালৈ লাও পাতৰ তলতেই আছিল আৰু শৃঙ্খ্লাবোধ বহু ক্ষেত্ৰ্ত অটুত আছিল (অসমীয়া সমাজত অন্ত:ত)। পিচে লাও যেতিয়া পাতৰ ওপৰ উঠিল তেতিয়াই জিএচ ৰোডৰ দৰে কাণ্ডও হ’ল । ৰূমী নাথৰ দৰে সাধুৰো সৃষ্টি হ’ল । কথা হ’ল ৰাৱণ আগতেও আছিল, এতিয়াও আছে, কিন্তু লক্ষ্মণৰ কথা নুশুনা সীতাৰ বাবে কেবল ৰাৱণক গালি পাৰি লংকা ধ্বংসৰ কথাৰে ৰামায়ণ শেষ হ’বগৈ নেকি? কেবল দুৰ্যোধনৰ দোষতেই মহাভাৰত হৈছিল নে? ৰানী সত্যবতীৰ সকলো কেলেংকাৰী গাপ দিলে আৰু দ্ৰৌপদীৰ সকলো কথা শুদ্ধ বুলিলে দুৰ্যোধন দোষী অবশ্যেই হয় । গান্ধাৰী দুৰ্যোধনৰ মাক হ’লেও কিন্তু সতী আছিল, পৰাক্ৰমী পাণ্ডবৰ মাতৃ হ’লেও কিন্তু পৃথা সতী নাছিল । কৰ্ণৰ দুৰ্ভাগ্যৰ বাবে সূৰ্য কেতিয়াও দায়ী নাছিল । সেয়া অস্বীকাৰ কৰিবও নোৱাৰি । 

নিজকে অবলা বুলি ভাবিলে বা কলেই সকলো দোষৰ মাৰ্জনা নেকি? বিবাহিত লক্ষ্মণক জোৰকৈ দি্যা প্ৰস্তাৱৰ বাবে নাক কাণ কটা যোৱা শৰ্পূণখাৰ বাবে অবলাৰ সংজ্ঞা কিমান গ্ৰহণযোগ্য সেয়াও বিচাৰ কৰিবলগীয়া । যোৱা কিছুদিন আগত পোছাক বিতৰ্ক আৰু মোৰেল পুলিচৰ দৌৰাত্ম দেখিলোঁ, তাত এগৰাকী নাৰীয়ে বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে যে নাৰী ধৰ্ষিত হয় পুৰুষৰ মানসিকতাৰ বাবে, ছুটি পোছাকৰ বাবে নহয় । সেয়া নিসন্দেহে অস্বীকাৰ কৰিব পৰা কথা নহয় । কিন্তু চুইটি বোলাজনীৰ কথাকে চাওক, তেওৰ দৰে মহিলাৰ বাবে পোছাক বিতৰ্ক বা ধৰ্ষণৰ কিবা অৰ্থ আছে জানোঁ? এগৰাকী বিবাহিত পুৰুষ যদি বেলেগ মহিলাৰ লগত সম্পৰ্ক কৰিলে লম্পট হয়, নষ্ট চৰিত্ৰৰ হয় (যুক্তিৰ বাবে ধৰি ল’লে) তেন্তে বিবাহিত মহিলা গৰাকী যি পতিক বাদ দিও পৰপুৰুষৰ লগত সম্পৰ্ক ৰাখে তেওক কি বুলি কম? 

দামিনী কাণ্ডক সদায় গৰিহণা দিও আৰু তেনে কাণ্ড কৰা সকলক ৰাজহুৱাকৈ শাস্তি দিবলৈ কও । লগতে এই কথাও জানি লোৱা ভাল নাৰীৰ শত্ৰু কিন্তু নাৰী প্ৰথম, পুৰুষ পিচতহে । যি সকলে বৰ বৰ ভষণেৰে নাৰী সুৰক্ষাৰ কথা কয়, তেওলোকৰ বেচিভাগেই কিন্তু ঘৰৰ কাম কৰা ছোৱালীজনীক নাৰী বুলি নাভাবে । অকল নাৰী নিৰ্যাতনৰ প্ৰতিবাদ কৰিলেই ঘৰত বৃদ্ধা শাহু আইক এলাগী কৰি কৰা নিৰ্যাতন শেষ হৈ যাবনে? নাৰীক যদি সমান অধিকাৰ লাগে লওক, আপত্তি নাই । অন্তৰৰ পৰা সমৰ্থন কৰোঁ, কৰিম । কিন্তু এটিএমৰ পৰা আৰম্ভ কৰি চিটি বাচলৈকে সকলোটে কোটা বিচাৰি, ভাষণ আৰু প্ৰতিবাদেৰে লোৱা সমান অধিকাৰ কিমান সমৰ্থনযোগ্য বাৰু? সমান অধিকাৰ দেখোন চানী লিঅনি বা ৰাখী চাৱন্ত আদিয়েও পাই থৈছে আন দহ গৰাকী নাৰীৰ দৰেই । তেন্তে পুৰুষ অকলে দোষী হৈ থাকিব কিয়? 

নাৰীক অধিকাৰক লাগে লওক । কিন্তু, হে প্ৰিয় নাৰীসকল কোনোবা দুষ্ট চৰিত্ৰৰ পুৰুষৰ কামনাৰ বলি হলেই সকলো পুৰুষকে উপলুঙা কৰিব এৰক, আৰু পুৰুষৰ বাবে বিশ্বাসৰ বীজ ৰোৱঁক । কাৰণ এচাম পুৰুষৰ বাবে নাৰী এতিয়াও কবিৰ শশীকলা, কাঁইটৰ মাজত থকা এপাহ আটাইতকৈ ধুনীয়া আৰু মোহনীয় গোলাপ। তেওঁলোকৰ দৃষ্টিত আজিও নাৰী সৃষ্টিৰ প্ৰতীক, প্ৰেৰণাৰ উৎস । গতিকে নাৰী কেবল ভোগৰ সামগ্ৰী বুলি নভবা পুৰুষো আছে এইখন পৃথিৱীত ।

(প্ৰতিগৰাকী পুৰুষেই কামাতুৰ আৰু ধৰ্ষণকাৰী নহয়; একেদৰেই প্ৰ্তিগৰাকী নাৰীও কিন্তু সতী নহয় ।)

মিজো সকলৰ সমাজ ব্যৱস্থা আৰু মোৰ দহটা বছৰ

২০০৬ চনৰ কোনোবা এটা দিনত তিনিচুকীয়া মহাবিদ্যালয়ৰ মোৰ সহকৰ্মী দাদাবন্ধু সুশান্তদাই কলে, ডেকা, মিজোৰাম বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ ‘ইউজি’ আৰু ‘পিজিত’ ‘লেকচাৰাৰ’ৰ খালী পদ ওলাইছে । আজিৰ চেণ্টিনেলখন চাব । তিনিচুকীয়া মহাবিদ্যালয়ত চাকৰি হোৱাটো খাটাং হৈছিল বাবে বৰ বেছি গুৰুত্ব নিদিলোঁ । একেলগে থকা বাণিজ্য বিভাগৰ সহকৰ্মী তথা বন্ধু দীপাংকৰ বৈদ্যইহে পিচদিনা ক’লে যে আইজল ফুৰি আহিবৰ সুন্দৰ ব্যৱস্থা দেখোন (অহা যোৱা আৰু এৰাতিৰ হোটেল খৰচ বিশ্ববিদ্যালয়ে বহন কৰিব বুলি লিখা আছিল বিজ্ঞাপনটোত)। কথা মতেই কাম । দুয়ো আবেদন পঠালোঁ । যথা বিধি প্ৰথমে ফোন, তাৰ পিচত ফেক্সযোগে মাতিলে সাক্ষাৎকাৰৰ বাবে । মোৰ ২৯ জুন ত আছিল । অসম বন্ধ আছিল যদিও ৰেলেৰে লামডিং, তাৰ পিচত শিলচৰ আৰু শেষত চুম’ৰে আইজল পালোঁহি ।
পিচদিনা পুৱাই সাক্ষাৎকাৰৰ বাবে গ’লো টেক্সি এখন ভাৰা কৰি । উপাচাৰ্যৰ প্ৰকাণ্ড অফিচটোত সোমাইয়েই সেপ ঢুকিলো । এনেই হোজাৰ পো, তাতে আকৌ ইংলিছত 'কাম আৰু গো' । গৈ সুমোৱাৰ লগে লগে অসমত হোৱাৰ দৰে প্ৰশ্নৰ বৰষুণ নহ’ল । আৰম্ভ হ’ল অসমৰ কথা, তাহেৰ চাৰৰ কথা, আলফা সমস্যা আদিৰ মেল । চাহ আহিল মাজতে । লাহে লাহে তেতিয়াৰ উপাচৰ্য ড০ অমৰনাথ ৰায় চাৰ, আৰু বাকী সকলে আৰম্ভ কৰিলে ভুগোলৰ মেল । দুঘণ্টা কেনেদৰে পাৰ হ’ল গম নাপালো ।
সাক্ষাৎকাৰৰ শেষত এগৰাকী ‘ৰেজিষ্টাৰ এডমিন’ চাইলো মাডামে মোক মাতি নিলে আৰু TA/DA ৰ বাবে যাবতীয় কামখিনি কৰি মোক লেফাফা এটা দি বিদায় দিলে । লগতে মিজোৰাম বিশ্ববিদ্যালয়ৰ বিষয়ে লিখা এখন সৰু পুস্তিকা দিলে । বাহিৰত আহিহে আচৰিত হ’লো । মই যিখন টেক্সীত গৈছিলোঁ সেই মানুহজনে মোলৈ ৰৈ আছে প্ৰায় চাৰি ঘণ্টা সময় । মোক দেখি আগবাঢ়ি আহি ক’লে ‘চাৰ কাম্’ । মই কিন্তু অলপ সমস্যাত পৰিলোঁ, কাৰণ মই তেওক সম্পূৰ্ণ ভাৰা আগতেই আদায় দিছিলোঁ । আৰু তেওক ৰবলৈ কোৱা নাছিলোঁ । তেও চাগে মোৰ দোধোৰ-মোধোৰ অৱস্থা অনুভৱ কৰিলে তাৰ পিচত মোক ভঙা হিন্দিতেই ক’লে যে তাৰ পৰা উভতি আহিবলৈ বিশেষ ব্যৱস্থা নাই, তাতে আকৌ চিটিবাচ পোৱা যায় চাৰি কিলোমিটাৰ দুৰৈৰ ৰাম্ৰিকণ্ নামে ঠাইৰ পৰা । শনিবাৰে টানহ্ৰিল (টাঞ্ছিল) কেম্পাচলৈ অহা টেক্সি তেনেই কম । মই ড্ৰাইভাৰ জনৰ ব্যৱহাৰ আৰু বিবেচনা দেখি তবধ মানিলোঁ । লগতে নিজৰ চিন্তাত নিজেই লজ্জিত হ’লো । কিন্তু উপায়ো নাই, কিয়নো আমাৰ ৰাজ্যত তেনে পৰিবেশ আৰু বিবেচনা আৰু ব্যবহাৰ পোৱা আজিও মনত পেলাব পৰা নাই ।
আহোতে ৰাস্তাত কিমাৰ (লাললৱ্মকিমা) লগত বহুত কথা পাতিলোঁ (আজিকালি তেওৰ লগত মোৰ বৰ ভাল) । তেওঁ আহোতে মোৰ পৰা আধা ভাড়া বিচাৰিছিল যদিও মই পুৰা ভাৰা জোৰ কৰিয়েই আদায় দিলোঁ । মানুহটোৱে মিজোত কিবা এটা ক’লে, আৰু হঠাত টেক্সিখন এৰি ক'ৰবালৈ দৌৰ মাৰিলে । অলপ পিচত ক’ৰবাৰ পৰা চাৰিটা জৰ্দাপাণ আনি মোক দিলে আৰু মোক তেওৰ ফোন নাম্বাৰটো দি বিদায় ল’লে । মইও চুম’ত উঠি গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ ।
চুমোত আহোতে লাহে লাহে নিজকে বিচাৰি চালোঁ মিজোসকলৰ লগত, মিজোসকলৰ মাজত । ট্ৰাইবেল আৰু পাহাৰী বুলি কোৱা এই মানুহখিনিৰ মাত কথাই মোৰ মনটো ভৰাই পেলালে । মনত পৰিল তিনিচুকীয়াৰ সাক্ষাৎকাৰৰ সময়ত কৰা ‘মেনেজ’ ফৰ্মূলাবোৰ, DPI অফিচত হোৱা বিভিন্ন তিতা কেহাঁ অভিজ্ঞতাবোৰ । মনটোত কিবা ধৰনৰ সাংঘাটিক চিন্তাবোৰ আহিব ধৰিলে । তথাপি সাক্ষাৎকাৰৰ ফলাফল ঘোষণালৈ বাট চাম বুলিয়েই এৰিলোঁ । এইখিনিতে কৈ থোৱা ভাল ২০০৬ চনত অসমৰ কলেজ শিক্ষকৰ বাবে প্ৰথম দুবছৰ ৫০০০ টকা ফিক্সড্ দৰ্মহা দিয়াৰ প্ৰথা আছিল । সেয়াও চাগে মোৰ বাবে এক টাৰ্ণিং পইণ্ট আছিল ।
যথাবিধি আঠ আগষ্টত ঘৰৰ ঠিকনাত মিজোৰাম বিশ্ববিদ্যালয়ৰ নিযুক্তি পত্ৰ ডাকযোগে গৈ পালে । কিন্তু তেতিয়াও তিনিচুকীয়া মহাবিদ্যালয়ৰ নিযুক্তিত DPI ৰ ঝামেলা শেষ হোৱাই নাছিল । ফাইল ফচি আছিল জনৈক উৎপল বোলা এজনৰ কাষলতিৰ তলত, কাৰণ মই মানে হেৰি দিব পৰা নাছিলো ডিমাণ্ড অনুযায়ী । এফালে মিজোৰাম বিশ্ববিদ্যালয়, আনফালে তিনিচুকীয়া । এফালে মাৰ চকুপানী, আনফালে দেউতা আৰু খুড়াৰ মোক নিজৰ সিদ্ধান্ত ল’ব দিয়াৰ স্বাধীনতা আৰু সাহস, এফালে দুবছৰৰ চিনাকি বিভিন্নজন আনফালে কিমাৰ দৰে মানুহৰ সততা । মুঠতে এক সাংঘাটিক সমস্যা ।
দোদুল্যমান অবস্থাত থাকিলো সম্পূৰ্ণ আগষ্ট মাহটো । সহকৰ্মী কিছুৱে ক’লে যা, আন কোনোবাই নিজৰ দেশত ভাল, তাত গ’লে আমুক হ’ব তামুক হ’ব, আদি ইত্যাদি অনেক কথা । পিছে চেপ্তেম্বৰৰ পহিলা সপ্তাহত হোৱা দুটা সৰু ঘটনাই আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Intercollge Football Tournament ৰ দুটা কথাই মোৰ জীৱন পৰিক্ৰমা সলনি কৰি দিলে । এই সপ্তাহটোত ৰাজনীতি আৰু লবী গঠনৰ প্ৰক্ৰিয়াৰ সতে চিনাকি হ’লো । লগে লগে সিদ্ধান্ত ল’লো যে অঁকৰা হ’লেও কিমা হতৰ দৰে মানুহবোৰৰ সততা বহুত শ্ৰেয়: । মাক বুজালোঁ যে মিজোৰামত গ’লেও সুখেৰে থাকিব পাৰিম । কথা মতেই কাম । চেপ্তেম্বৰৰ ১৫ তাৰিখে তিনিচুকীয়া মহাবিদ্যালয়ৰ চাকৰি এৰি ঘৰমুৱা হ’লো । আহোতে ৺সুখমল ভুঞা চাৰৰ ভৰি চুই আহিলোঁ দুটোপাল চকুলোৰে । চাৰে কিন্তু হাঁহি হাঁহি বিদায় দিলে আৰু ক’লে তাত তুমি কাম কৰি ভাল পাবা, মাত্ৰ তেওলোকৰ আভ্যন্তৰীন একো কথাতেই মাত নামাতিবা । আজিও চাৰৰ সেই কথাখিনি মনত ৰাখি চলি আছোঁ ।
২৬ চেপ্তেম্বৰ, ২০০৬ ৰ পৰা আজিলৈকে মিজোৰামৰ চাকৰি জীৱনৰ অলেখ অভিজ্ঞতা বৰ্ণনা কৰিলে শেষ নহ’ব । কিন্তু তথাপি কিছু কথা ক’ম বুলি দীঘল পাতনি মেলিলো । আচলতে মিজো সকল শান্তিপ্ৰিয় আৰু হাঁহি ধেমালিৰে জীৱন পাৰ কৰা এটা জাতি । এওলোকৰ ভাল পোৱা বেয়া পোৱাবোৰ দীৰ্ঘস্থায়ী নহয় । ৰাতি কাজিয়া লাগিল, পুৱালৈ সকলো পাহৰিল । পুৰুষ মহিলা বুলি বিশেষ প্ৰভেদ নাই । সঞ্চয়ৰ দিশতকৈ জীয়াই থকা দিনকেইটা উপভোগ কৰাত কিজানি এওলোক পৃথিৱীৰ এটা অন্যতম জাতি । এতিয়াও এওলোকৰ সামাজিক জীৱন ব্যৱস্থাত জাতিভেদ আৰু ধনী দুখীয়াৰ প্ৰভেদ নাৰাখে । আমাৰ দৰে ভৰি চুই সেৱা নকৰে যদিও দিনহাজিৰা কৰা বনুৱাৰ পৰা প্ৰশাসনিক বিষয়া লৈকে সকলো একেখন বেঞ্চত বহে । প্ৰতিজনে প্ৰতিজনক সন্মান কৰে, খবৰৰ আদান প্ৰদান কৰে ।
মিজোৰামৰ অন্য এটা ভাল দিশ হ’ল এক সুন্দৰ সামাজিক বান্ধোনত বান্ধ খাই আছে এওলোকে । গেছৰ চিলিণ্ডাৰৰ লাইনৰ পৰা আৰম্ভ কৰি ট্ৰেফিক জামলৈ সকলোতে এওলোক শৃঙ্খলাবদ্ধ আৰু শান্তি প্ৰিয় । এতিয়াও মিজোৰামত সাংঘাটিক কিবা সমস্যা নহ’লে কোনেও গাড়ীৰ হৰ্ণ বজাই অশান্তিৰ সৃষ্টি নকৰে । মুখ্য মন্ত্ৰী, ৰাজ্যপাল আৰু ভাৰতীয় সেনাৰ অতি উচ্চ খাপৰ বিষয়াৰ বাহিৰে বাকী ভিআইপি সকলে আন দহজনৰ দৰে সাধাৰণ ভাবে অহাযোৱা কৰে । এইখন প্ৰদেশত হেলমেট নিপিন্ধিলে পুলিচৰো জৰিমণা হয় । কোনো ধৰনৰ আগতীয়া পাছ নোলোৱাকৈ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব পাৰি । পুলিচৰ পৰা আৰম্ভ কৰি এক্সাইজ সকলোতে ভেটীৰ সলনি ৰিকুৱেষ্ট কৰি বুজাই ক’লেই লেঠা শেষ । মুঠতে আমাৰ মানুহে নভবা বহুত ভাল কথা মিজোৰামত দেখিছোঁ বা পাইছোঁ ।
লালপা আৰু পাথিয়ান (যীশুক মাতে) বিশ্বাসী মিজোসকল শিক্ষাত যিদৰে আগবঢ়া, কথা বতৰাতো মাৰ্জিত । এতিয়াও দোকানৰ পৰা সামগ্ৰী লৈ গ্ৰাহকে নিজে হিচাপ কৰি পইচা দিয়ে । ঠগৱাজিৰ ঘটনা, নাৰী নিৰ্যাতনৰ ঘটনা, চুৰি ডকাইটি আদি এতিয়াও নাই বৰাবৰ । জীৱন ধাৰণ পশ্চিমীয়া যদিও কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা এতিয়াও এৰি নেপোলোৱা মিজো সকলৰ পৰা আমি শিকিব লগা বহুত আছে যেন বোধ হয় । ২০০৬ চনত আইৰ চকুলো নেওচি ইয়াত আহি আজি মই গৰ্বিত । ইয়াৰ শান্ত পৰিবেশ আৰু সুস্থিৰ জীৱন ধাৰনে যেন এতিয়াও কয় এওলোকৰ মাজত লালদেংগাৰ সাহসৰ লগতে মাডাৰ টেৰেচা কিম্বা মহাত্মাৰ আদৰ্শ এতিয়াও আছে । ধন্য এওলোক, ধন্য এওলোকৰ শান্তিৰ জীৱন ।