সাংঘাটিক কিবা এটা লিখিম বুলি ভবা নাই, কিন্তু মনত অহা কিছু কথা লিখিব
ওলাইছো । আচলতে নাৰীৰ বাবে কিবা এটা লিখিলেই নাৰীবাদী সকল হেংদাং লৈ ওলাই
আহে । ভয়তে লিখাৰ আগতে কলমৰ চিয়াঁহী গোট মাৰে । কিন্তু সকলো কথাৰে ভাল বেয়া
দুয়োটা দিশেই থাকে বুলিয়েই গণ্য কৰিছোঁ । নাৰী হেনো ‘আদাম-ইভ’ৰ যুগৰ পৰাই
শোষিত হৈ আছে । পিছে কথাষাৰ একে বাৰে গ্ৰহণযোগ্য হয় নে আপেক্ষিক সেয়া আজিও
স্পষ্ট নহয় । ভাৰতীয় দৰ্শনত কেতিয়াও নাৰীক ভোগৰ সামগ্ৰী হিচাপে প্ৰক্ষেপ
কৰা হোৱা নাছিল । ব্ৰিটিছ ভাৰতৰ যুগৰ পৰা নাৰীক মূল্যায়ন কৰোতে অবহেলা
কৰাটো বেছি হৈছে, সেয়াও সঁচা । কিন্তু ব্ৰিটিছে বহু ক্ষেত্ৰত নাৰীক উদ্ধাৰো
কৰিছে । সতীদাহ, বাল্যবিবাহ আদি বন্ধ কৰাটো নাৰীজাতিৰ বাবে নিসন্দেহে ভাল
পদক্ষেপ যাৰ সুফল আজিৰ ভাৰতীয় নাৰীয়ে ভোগ কৰিছে । কিন্তু পুৰুষ প্ৰধান
সমাজে ভোগবাদৰ মানসিকতাৰে নাৰীক ব্যবহাৰ কৰা, কৰি অহাটো বহুক্ষেত্ৰত মিছা
বুলি কব নোৱাৰি ।
এই চেগতে নাৰীক কেবল ভোগৰ সামগ্ৰী বুলি কব খোজা সকলকো গৰিহণা দিলোঁ । কিন্তু নাৰীক সৃষ্টিৰ আদিৰেই পৰা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বৰ্ণনা কৰা দেখা যায় । সঁচাই নাৰী মোহনীয়, আৰু সৃষ্টিৰ প্ৰতীক, সুন্দৰৰ সাধনা । কিন্তু নাৰী যেতিয়া চলনাময়ী হয় তেতিয়া কিন্তু সংসাৰত প্ৰলয় হোৱাও দেখা যায় । সৌসিদিনালৈ কোন গৰাকী পুৰুষৰ বাৰু সাহস আছিল ঈন্দ্ৰাণী মুখাৰ্জীক বেয়া বোলাৰ? কিবা কলেই নাৰীবাদ, মানবতাবাদ আদি বাদীসকলৰ প্ৰতিক্ৰিয়াৰ উজান উঠিলে হয় । কাৰণ তেওঁ সফল নাৰীৰ জাকত জিলিকা উদাহৰণ আছিল । পিছে ৰাকেশ মাৰিয়া আৰু মিখাইলৰ পাল্লাত পৰি যেনিবা তেওঁৰ বিষয়ে বিভিন্ন কথা ওলাল । আজি ঈন্দ্ৰাণী বুলি নাক কোঁচোৱা মহিলাৰ অভাব নাই । (কিন্তু তেওঁৰ মগজুৰ কুবুদ্ধি বা সুবুদ্ধি দুয়োটাকে নমস্কাৰ জনোৱা মানুহৰো অভাব নাই )
এই চেগতে নাৰীক কেবল ভোগৰ সামগ্ৰী বুলি কব খোজা সকলকো গৰিহণা দিলোঁ । কিন্তু নাৰীক সৃষ্টিৰ আদিৰেই পৰা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে বৰ্ণনা কৰা দেখা যায় । সঁচাই নাৰী মোহনীয়, আৰু সৃষ্টিৰ প্ৰতীক, সুন্দৰৰ সাধনা । কিন্তু নাৰী যেতিয়া চলনাময়ী হয় তেতিয়া কিন্তু সংসাৰত প্ৰলয় হোৱাও দেখা যায় । সৌসিদিনালৈ কোন গৰাকী পুৰুষৰ বাৰু সাহস আছিল ঈন্দ্ৰাণী মুখাৰ্জীক বেয়া বোলাৰ? কিবা কলেই নাৰীবাদ, মানবতাবাদ আদি বাদীসকলৰ প্ৰতিক্ৰিয়াৰ উজান উঠিলে হয় । কাৰণ তেওঁ সফল নাৰীৰ জাকত জিলিকা উদাহৰণ আছিল । পিছে ৰাকেশ মাৰিয়া আৰু মিখাইলৰ পাল্লাত পৰি যেনিবা তেওঁৰ বিষয়ে বিভিন্ন কথা ওলাল । আজি ঈন্দ্ৰাণী বুলি নাক কোঁচোৱা মহিলাৰ অভাব নাই । (কিন্তু তেওঁৰ মগজুৰ কুবুদ্ধি বা সুবুদ্ধি দুয়োটাকে নমস্কাৰ জনোৱা মানুহৰো অভাব নাই )
আগতে ককা আইতাৰ মুখত শুনিছিলো, লাও ডাঙৰ
হ’লেও পাতৰ তল, অৰ্থ বুজি নাপালেও কিন্তু কথাষাৰ ভাল পাইছিলোঁ । পিচে
এতিয়াহে শুনিছোঁ আৰু বুজিছোঁ যে সেয়া সাংঘাতিক ধৰণৰ বেয়া কথা, যিয়ে নাৰীক
পুৰুষৰ বহতীয়া কৰি থৈছিল । পিচে কথা এটা, সৌসিদিনালৈ লাও পাতৰ তলতেই আছিল
আৰু শৃঙ্খ্লাবোধ বহু ক্ষেত্ৰ্ত অটুত আছিল (অসমীয়া সমাজত অন্ত:ত)। পিচে লাও
যেতিয়া পাতৰ ওপৰ উঠিল তেতিয়াই জিএচ ৰোডৰ দৰে কাণ্ডও হ’ল । ৰূমী নাথৰ দৰে
সাধুৰো সৃষ্টি হ’ল । কথা হ’ল ৰাৱণ আগতেও আছিল, এতিয়াও আছে, কিন্তু লক্ষ্মণৰ
কথা নুশুনা সীতাৰ বাবে কেবল ৰাৱণক গালি পাৰি লংকা ধ্বংসৰ কথাৰে ৰামায়ণ শেষ
হ’বগৈ নেকি? কেবল দুৰ্যোধনৰ দোষতেই মহাভাৰত হৈছিল নে? ৰানী সত্যবতীৰ সকলো
কেলেংকাৰী গাপ দিলে আৰু দ্ৰৌপদীৰ সকলো কথা শুদ্ধ বুলিলে দুৰ্যোধন দোষী
অবশ্যেই হয় । গান্ধাৰী দুৰ্যোধনৰ মাক হ’লেও কিন্তু সতী আছিল, পৰাক্ৰমী
পাণ্ডবৰ মাতৃ হ’লেও কিন্তু পৃথা সতী নাছিল । কৰ্ণৰ দুৰ্ভাগ্যৰ বাবে সূৰ্য
কেতিয়াও দায়ী নাছিল । সেয়া অস্বীকাৰ কৰিবও নোৱাৰি ।
নিজকে অবলা বুলি ভাবিলে বা কলেই সকলো দোষৰ মাৰ্জনা নেকি? বিবাহিত লক্ষ্মণক জোৰকৈ দি্যা প্ৰস্তাৱৰ বাবে নাক কাণ কটা যোৱা শৰ্পূণখাৰ বাবে অবলাৰ সংজ্ঞা কিমান গ্ৰহণযোগ্য সেয়াও বিচাৰ কৰিবলগীয়া । যোৱা কিছুদিন আগত পোছাক বিতৰ্ক আৰু মোৰেল পুলিচৰ দৌৰাত্ম দেখিলোঁ, তাত এগৰাকী নাৰীয়ে বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে যে নাৰী ধৰ্ষিত হয় পুৰুষৰ মানসিকতাৰ বাবে, ছুটি পোছাকৰ বাবে নহয় । সেয়া নিসন্দেহে অস্বীকাৰ কৰিব পৰা কথা নহয় । কিন্তু চুইটি বোলাজনীৰ কথাকে চাওক, তেওৰ দৰে মহিলাৰ বাবে পোছাক বিতৰ্ক বা ধৰ্ষণৰ কিবা অৰ্থ আছে জানোঁ? এগৰাকী বিবাহিত পুৰুষ যদি বেলেগ মহিলাৰ লগত সম্পৰ্ক কৰিলে লম্পট হয়, নষ্ট চৰিত্ৰৰ হয় (যুক্তিৰ বাবে ধৰি ল’লে) তেন্তে বিবাহিত মহিলা গৰাকী যি পতিক বাদ দিও পৰপুৰুষৰ লগত সম্পৰ্ক ৰাখে তেওক কি বুলি কম?
দামিনী কাণ্ডক সদায় গৰিহণা দিও আৰু তেনে কাণ্ড কৰা সকলক ৰাজহুৱাকৈ শাস্তি দিবলৈ কও । লগতে এই কথাও জানি লোৱা ভাল নাৰীৰ শত্ৰু কিন্তু নাৰী প্ৰথম, পুৰুষ পিচতহে । যি সকলে বৰ বৰ ভষণেৰে নাৰী সুৰক্ষাৰ কথা কয়, তেওলোকৰ বেচিভাগেই কিন্তু ঘৰৰ কাম কৰা ছোৱালীজনীক নাৰী বুলি নাভাবে । অকল নাৰী নিৰ্যাতনৰ প্ৰতিবাদ কৰিলেই ঘৰত বৃদ্ধা শাহু আইক এলাগী কৰি কৰা নিৰ্যাতন শেষ হৈ যাবনে? নাৰীক যদি সমান অধিকাৰ লাগে লওক, আপত্তি নাই । অন্তৰৰ পৰা সমৰ্থন কৰোঁ, কৰিম । কিন্তু এটিএমৰ পৰা আৰম্ভ কৰি চিটি বাচলৈকে সকলোটে কোটা বিচাৰি, ভাষণ আৰু প্ৰতিবাদেৰে লোৱা সমান অধিকাৰ কিমান সমৰ্থনযোগ্য বাৰু? সমান অধিকাৰ দেখোন চানী লিঅনি বা ৰাখী চাৱন্ত আদিয়েও পাই থৈছে আন দহ গৰাকী নাৰীৰ দৰেই । তেন্তে পুৰুষ অকলে দোষী হৈ থাকিব কিয়?
নাৰীক অধিকাৰক লাগে লওক । কিন্তু, হে প্ৰিয় নাৰীসকল কোনোবা দুষ্ট চৰিত্ৰৰ পুৰুষৰ কামনাৰ বলি হলেই সকলো পুৰুষকে উপলুঙা কৰিব এৰক, আৰু পুৰুষৰ বাবে বিশ্বাসৰ বীজ ৰোৱঁক । কাৰণ এচাম পুৰুষৰ বাবে নাৰী এতিয়াও কবিৰ শশীকলা, কাঁইটৰ মাজত থকা এপাহ আটাইতকৈ ধুনীয়া আৰু মোহনীয় গোলাপ। তেওঁলোকৰ দৃষ্টিত আজিও নাৰী সৃষ্টিৰ প্ৰতীক, প্ৰেৰণাৰ উৎস । গতিকে নাৰী কেবল ভোগৰ সামগ্ৰী বুলি নভবা পুৰুষো আছে এইখন পৃথিৱীত ।
(প্ৰতিগৰাকী পুৰুষেই কামাতুৰ আৰু ধৰ্ষণকাৰী নহয়; একেদৰেই প্ৰ্তিগৰাকী নাৰীও কিন্তু সতী নহয় ।)
No comments:
Post a Comment