Wednesday 10 May 2017

শ্বহীদ প্ৰণামো তোমাক


        ফেচবুক ৱালত প্ৰায়েই কিছুমান আপডেট দেখিবলৈ পোৱা যায় ৷ সেয়া হ'ল আৰ্মী বনাম মানব অধিকাৰ ৷ কৰবাত আকৌ আৰ্মী বনাম আত্মনিয়ন্ত্ৰনৰ অধিকাৰ আদি নানান কথা ৷ আচলতে মানব অধিকাৰ বুলিলে কথাটো সকলোতে সকলোৰে বাবে সমানেই প্ৰযোজ্য ৷ সেয়া লাগিলে কাশ্মীৰৰ কাশ্মিৰী হওক বা অসমৰ অবৈধ বাংলাদেশী হওক নাইবা লক্ষ্মী ওৰাং হওক ৷

         পিছে পৰিতাপৰ কথা এই যে মানব অধিকাৰও দল সংগঠন আৰু ব্যক্তিবিশেষৰ সম্পত্তিৰ দৰে হৈ পৰিছে ৷ এই ধৰক ফাৰুক আব্দুল্লাৰ বাবে আৰ্মীয়ে জীপৰ আগত বান্ধি লোৱা মানুহজনৰ মানব অধিকাৰ হনন হ'ল ৷ কিন্তু একেজন আব্দুল্লাই নিৰ্বাচনৰ পৰা ঘুৰি আহোতে চিআৰপিক থাপ্পৰ মাৰা কথাটোত মানব অধিকাৰ হনন হোৱা বিষয়ত মৌন ৷ আচলতে নিজৰ স্বাৰ্থত আমি মানব অধিকাৰৰ মৰ্যদা পাহৰি যাও ৷ বহু ক্ষেত্ৰত চীনৰ সাম্যবাদৰ গুণানুকীৰ্তন কৰি নিজকে সাম্যবাদী প্ৰতিপন্ন কৰিবলৈ সহজ ৷ কিন্তু চীনৰ অত্যাচাৰৰ কথা উইঘুৰ বা মংগোলীয় বা ভিয়েনামী সকলৰ পৰা হৃদয়েৰে অনুভৱ কৰাটোও জৰুৰী ৷

         মিলিটেৰীয়ে বলাৎকাৰ কৰা কথাটো কেতিয়াও ক্ষমাৰ যোগ্য হব নোৱাৰে ৷ একেদৰে দেশ স্বাধীনৰ নামত স্বজাতিক বোমা গ্ৰেণেডেৰে মাৰা, কষ্টৰে উপাৰ্জিত ধন ডকাইতৰ দৰে দাবী কৰি লৈ যোৱা আদিও অক্ষমণীয় অপৰাধ ৷ গৰিহণাৰ যোগ্য ৷ এই কথাবোৰ বহুজাতিক কোম্পানীৰ প্ৰডাক্ট হাতত লৈ বহুজাতিক কোম্পানীৰ বিৰুদ্ধাচৰণ কৰিবলৈ ফেচবুকত আপডেট দিয়াৰ দৰেই সাধাৰণ কথা ৷ একেদৰেই মানব অধিকাৰৰ বাবে চল চাই মাত দিয়াটো তেনেই উজু বিশেষকৈ ফেচবুকত ৷

         কেতিয়াবা কোনোবা শ্বহীদ হোৱা আৰ্মী, চিআৰপিৰ অন্তিম যাত্ৰাত চামিল হৈ চাবচোন ৷ তেওঁৰ বিধবা পত্নী আৰু কণমানি কেইটাৰ কান্দোনে আপোনাক শিকাই দিব মানব অধিকাৰ কি! তেওঁৰ বৃদ্ধ মাক বাপেকৰ হিয়া ঢাকুৰি কন্দা দৃশ্যই এবাৰলৈ হ'লেও কৈ যাব মানব অধিকাৰৰ সংজ্ঞা ৷ 

           সকলোৰে বাবে মানব অধিকাৰ লাগে ৷ পেলেট গানৰ বিৰুদ্ধাচৰণ কৰিব পাৰিলে আৰ্মীলৈ শিল দলিওৱা সকলোকো গৰিহণা দিয়ক ৷ মোৰ দৃষ্টিত শ্বহীদ কেপ্তেইন জিন্তু গগৈ সদায় হিৰো হৈয়েই থাকিব ৷

২৭ এপ্ৰিল, ২০১৭ ইং চন ।