Saturday 10 October 2015

একাপ কফি আৰু এটা শিহৰণকাৰী নিশাৰ অনুভৱ


           একাপ সাধাৰণ কফিৰ দাম কিমান? দহ টকা, বিশ টকা বা পঞ্চাছ টকা হ’ব পাৰে নিশ্চয়। অবশ্যে বিলাসী হোটেল বা ৰেষ্টুৰেণ্টৰ বিশেষ কফিৰ কথা বেলেগ। মই কোৱা কফি কাপ খাইছিলোঁ চাকৰদ্বাই (Sakawrdai) টুৰিষ্ট ল’জত ২০০৮ চনৰ এটি বিশেষ সন্ধিয়াত । কফি কাপৰ বিনিময় আছিল নগদ তিনিশ ষাঠি টকা । আচৰিত যেন লাগিলেও কিন্তু সত্য৷ চাকৰদ্বাই হৈছে অসম-মিজোৰাম-মণিপুৰৰ সীমা সংলগ্ন আইজল জিলাৰ এটি উন্নয়ন খণ্ড। ইয়াৰ পৰা টিপাইমুখ হৈ মনিপুৰৰ চূড়াচান্দপুৰ তেনেই ওচৰ। ভাগা বজাৰ হৈ অসমৰ শিলচৰ ওলাব পাৰি। ২০০৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ কথা। সেইবাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান যেনে মিজোৰাম বিশ্ববিদ্যালয়, ভাৰতীয় খাদ্য নিগম আদিৰ বহু সংখ্যক চাকৰিয়ালক ‘মাইক্ৰ’অৱজাৰ্ভাৰ’, ‘অৱজাৰ্ভাৰ’ 'ৰিজাৰ্ভ অফিছিয়েল' আদিত ব্যাপক ভাবে নিয়োজিত কৰা হৈছিল। তাৰবাবে যাবতীয় প্ৰশিক্ষণো দিয়া হৈছিল আৰু সকলোকে নিৰ্বাচনৰ এদিন আগতেই দায়িত্ব ভগাই গন্তব্য স্থানলৈ পঠিওৱাৰ দিহা কৰা হৈছিল।
         মোৰ দায়িত্বত আছিল জোহমূণ (Zohmun) ভোটকেন্দ্ৰৰ ‘এ’ আৰু ‘বি’ খণ্ড দুটাৰ পৰ্যবেক্ষণ। এই কেন্দ্ৰটো হ’ল মণিপুৰ সীমান্তৰ পৰা প্ৰায় ছয় কিলোমিটাৰ পশ্চিমে আৰু অসম সীমান্তৰ পৰা ১১ কিলোমিটাৰ দক্ষিণে। চাকৰদ্বাইৰ পৰা প্ৰায় আঠ দহ কিলোমিটাৰ উত্তৰে গ’লে পোৱা যায় জোহমূণ গাৱঁ। যোগাযোগৰ ব্যবস্থা বুলিবলৈ চাকৰদ্বাইৰ পৰা এটি দুৰ্গম লুংলুঙীয়া কেঁচা পথ । চাকৰদ্বাই খণ্ডৰ অধীনৰ বিভিন্ন ভোটকেন্দ্ৰলৈ পাচুংগাৰ পৰা মুঠ এঘাৰজনলৈ ‘মাইক্ৰ’অৱজাৰ্ভাৰ’ দায়িত্ব পালনৰ নিৰ্দেশ আহিল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা। প্ৰতিজনকেই একোখন চাৰিচকীয়া গাড়ী (মোৰ ভাগত চুম’), ‘ইলেকচন আৰ্জেণ্ট’ লিখা এখন পেষ্টুন, এজনকৈ বন্দুকধাৰী নিৰাপত্তাৰক্ষী আৰু একোজন অভিজ্ঞ গাড়ীচালক । লগতে দুটা দিনৰ বাবে প্ৰায় সকলো সেনা আৰক্ষীয়ে দেখিলেই চালাম কৰিব লগা ধৰণৰ একোখন পৰিচয় পত্ৰ।
             যাত্ৰা আৰম্ভ কৰোঁ ৰাতিপুৱা প্ৰায় চাৰি বজাতেই। কিছু দুৰ যোৱাৰ পিচত চেইলিং বুলি সৰু টাউন এখন পোৱা যায়। ইয়াতেই দক্ষিণ আৰু পশ্চিম মিজোৰামৰ ৰাস্তা বেলেগ হৈছে। প্ৰায় সকলো যানবাহনৰ বাবে এয়া এক দৰকাৰী ষ্টপেজ। ইয়াত চাহ ভাত সকলো পোৱা যায়। আমাৰ গন্তব্য স্থানলৈ চেইলিংৰ পৰা উত্তৰৰ দিশে প্ৰায় ১৪০ কিলোমিটাৰৰ বাট। চাহ ভাত খাই উঠি আমাৰ কিছুমানে ফল-মূল, কোনোবাই কুবাস্বিং (তামোল-পাণ), দুই এজনে আকৌ পথত ডিঙি তিওৱাৰ বাবে লোকেল বিধকে লৈ ল’লে গোপনে। কাৰণ আগলৈ প্ৰায় ৭০ কিলোমিটাৰমান পথ  দোকান পাহাৰ নাই, লগতে মাৰ উগ্ৰপন্থীৰ লেঠা। চাকৰদ্বাইলৈ বাকীচোৱা একেলগ হৈ এজনে আনজনৰ গাড়ীত উঠিল আৰু আড্ডা জমাই সকলোৱে একেলগে আগবাঢ়িলো। মোৰ লগ লাগিল ঝাৰখণ্ডৰ পৰা অহা ৰসায়ন বিভাগৰ জয়প্ৰকাশ ৰাজন আৰু আৰু মণিপুৰৰ পৰা অহা প্ৰাণীবিজ্ঞান বিভাগৰ ড° কে বিৰলা সিং। আমি তিনিওজনে কিছুদিনৰ অগা-পিছাকৈ চাকৰিত জইন কৰিছিলোঁ। নলেগলে লগা বন্ধু বুলিলেও ভুল নহ’ব। তিনিওজনে প্ৰথম বাৰৰ বাবে এই ধৰণৰ দায়িত্বত নিয়োজিত হৈছিলোঁ। অবশ্যে তিনিচুকীয়া আৰু হাজো মহাবিদ্যালয়ত থাকোতে এবাৰকৈ প্ৰিজাইডিংৰ দায়িত্ব পালন কৰিছিলোঁ বাবে মই বিশেষ চিন্তা কৰা নাছিলোঁ। বিৰলা ফোনত ব্যস্ত বন্ধু-বান্ধৱীৰ লগত। বিশেষ কাৰোবাৰ লগত হয়তো দুদিনৰ বাবে কথা পাতিব নোপোৱাৰ দু:খবৰটো দিয়াত ব্যস্ত। কাৰণটো হ’ল চাকৰদ্বাইত তেতিয়ালৈ এয়াৰটেল সেৱাৰ সুবিধা নাছিল। পিচে জয়প্ৰকাশৰ  অৱস্থা দেখিহে বেয়া লাগিল। চেইলিংত আমি দুজনে নিৰামিষ ভাত অলপ খালোঁ যদিও তেও নাখালে। কাৰণটো আমাৰ কাষৰ টেবুলতে দুজনমান সহকৰ্মীয়ে মস্ত চৰিয়া এটাত কেবাবিধো মাংসৰ জুটি লৈ তৃপ্তিৰে পুৱাৰ সাজ খাইছিল। ৰাজন আকৌ বিশুদ্ধ নিৰামিষহাৰী। দুটা জাহাজী কল, এখন পৰঠা আৰু একাপ ৰঙা চাহেৰে (থিংপুই চেন) তেও সামৰিছিল।
          চেইলিংৰ পৰা প্ৰথমে পূবে তাৰ পিচত উত্তৰমূৱা হৈ গাড়ী আগবাঢ়িল অকোৱা-পকোৱা পথেৰে। পাহাৰীয়া পথ, দুই এটা সৰু জুপুৰি, এফালে অতি উচ্চ দুৰ্গম ছ্বলফিল (Chalfilh) পাহাৰৰ ঢাল আৰু আনফালে টুইৰিয়েল (বৰাকত সোণাই) নদীৰ সুদূৰ প্ৰসাৰী উপাত্যকা। মাজে মাজে দুই  এগৰাকী জুম খেতিত কাম কৰিবলৈ নাইবা খৰি লুৰিবলৈ যোৱা মিজো গাভৰুক হাত জোকাৰি আগবাঢ়িল আমাৰ কাফিলা। এইখিনিতে কৈ থোৱা ভাল মিজো ড্ৰাইভাৰ সকলে গাড়ী চলাওতে এজনে আনজনৰ লগত কাহানিও প্ৰতিযোগিতা নকৰে আৰু শাৰী পাতি একেলগে গৈ থাকে । এখন ৰ’লে বাকীবোৰো ৰয়। কাৰোবাৰ কিবা অসুবিধা হ’লে বা গাড়ী বেয়া হ’লেও বাকীবোৰে এৰি নাযায়। ভাল নোহোৱালৈকে ৰৈ থাকে। মোৰ দুই সহযোগীৰ নাক বাজিলত গাড়ীত বাজি থকা গীত শুনি শুনি আগবাঢ়িলো চাকৰদ্বাই অভিমুখে। বাহিৰলৈ চাই চিন্তা কৰি গ’লো বিভিন্ন পুৰণি কথাবোৰ। এবাৰ মোবাইলত নেটৱৰ্ক আছেনে চালোঁ। পিচে ড্ৰাইভাৰ কাপুৱে (ডাঙৰীয়া) ক’লে বোলে বিএচএনএলৰ নেটৱৰ্ক ডাৰল্বন (Darlawn) পোৱাৰ পিচতহে পাম। উপায় নাপায় চকু মুদি দিলোঁ।
             প্ৰায় দুইমান বজাত নিউ ভাৰ্ভেক (New Vervek) পালোঁ। ইয়াৰ পৰাই টিপাইমুখ হৈ চূড়াচান্দপুৰ, মণিপুৰৰ ৰাস্তা বেলেগ হৈছে। গাড়ী ৰখাত নামি গৈ অলপ ইফালে সিফালে চালোঁ। পাহাৰৰ ঢালত ফুলি থকা বনৰীয়া ফুলবোৰৰ সৌন্দৰ্য দেখি বৰ ভাল লাগিল। বিশেষকৈ বনৰীয়া ‘নিহ্বই-পাৰ’ আৰু ‘নাউবান’ৰে ভৰি আছিল পাহাৰৰ এঢলীয়াবোৰ। এনে লাগিছিল যেন কোনোবাই  হালধীয়া আৰু বগাৰে আঁক-বাঁক কৰা এখন প্ৰকাণ্ড চাদৰ পাৰি থৈছে। সহকৰ্মী হেনৰিয়ে ক’লে আগতে হেনো এইবোৰ অঞ্চলৰ পৰা মানুহ হাফলংলৈকে খোজ কাঢ়ি গৈছিল। কথাটো মিছা অবশ্যেই নহয়। হাফলংৰ ফালে মিজো মানুহৰ বসতিৰ ঘনত্ব আজিও যথেষ্ট পৰিমাণে দেখা পোৱা যায়। মিজোৰামত মিজোসকল থাকে বুলি ভবা হয় যদিও তেওঁলোকৰ ঠাল ঠেঙুলিৰ বিশেষত্ব কিন্তু স্বকীয়। মাৰ সকল উত্তৰ পূবৰ ফালে, ৰাল্টে সকল পূবে, মাৰা সকল দক্ষিণে, লাই সকল দক্ষিণ পশ্চিমে, আৰু ব্ৰু সকল পশ্চিমে থাকে। লুচেই সকল থাকে মধ্য ভাগত। এতিয়াৰ মিজোৰামত চাকমা সকলো এটা সুকীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি পাইছে। মিজোসকলৰ ঠাল বিশেষে ভাষাৰ প্ৰভেদ আৰু কথন প্ৰণালীৰ ভিন্নতা আছে যদিও মিজো ভাষা সকলো ঠাইতে সমাদৃত আৰু প্ৰচলিত।
            নিউ ভাৰ্ভেকতে আমাৰ দুজন সহকৰ্মী ৰৈ গ’ল। তেওঁলোকৰ ৰাস্তা বেলেগ ফালে। তেওঁলোকক তাতে এৰি আমি বাকী নজনে আগবাঢ়িলো চাকৰদ্বাইলৈ। এইচোৱা আধাঘণ্টাৰ বাট। গন্তব্য স্থান পাই সংমণ্ডল বিষয়াক লগ কৰিলোঁ। দুই বন্ধু জেপি আৰু বিৰলা ৰ’ল টাউনতেই। সকলোতকৈ দুৰত মোৰ, হেনৰি আৰু ডুৱহমা চাৰৰ কেন্দ্ৰ। অলপো পলম নকৰি আমি তিনিও ওলালোঁ নিজ নিজ কেন্দ্ৰ অভিমুখে। বাকী দুৰণীবটীয়া সকলো এৰাএৰি হ’ল পিচদিনাখন লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে। চাকৰদ্বাইৰ পৰা জোহমূণলৈ এইচোৱা পথ অতি দুৰ্গম বুলি আগতেই কৈছোঁ। থিয় গৰা, ঘন জংঘলে আৱৰা এই অঞ্চলটো। মাৰ, মণিপুৰী আৰু নগা সন্ত্ৰাসবাদীৰ ঘাটি এই সীমামুৰীয়া অঞ্চলটো। তাতে আকৌ খবৰ পালোঁ অসম ৰাইফলচৰ জোৱান আৰু মাৰ পিপলচ’ কনভেনচনৰ (HPC) উগ্ৰপন্থীৰ গুলীয়াগুলী হৈছে মাত্ৰ তিনিদিনৰ আগতে এইটো পথতেই। মনত এক সংশয় ভাব আহিলেও পিচৰ চিটত বহি থকা জোৱানজনৰ পিনে কেৰাহিকৈ চাই মনটোক প্ৰবোধ দিলোঁ।
              প্ৰায় পাচমান বজাত গৈ পালোঁ জোহমূণ গাৱঁ । দুয়োটা কেন্দ্ৰৰ প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলৰ লগত চিনাকি পৰ্ব শেষ কৰিলোঁ। তাৰ পিচতে মোক মাতিলে খোৱাৰ টেবুললৈ। গাৱঁৰ ভিচিপি (গাৱঁৰ নিৰ্বাচিত চৰকাৰী প্ৰতিনিধি), স্কুলৰ মাষ্টৰ, YMA ৰ স্বেচ্ছাসেৱক আদিকে ধৰি প্ৰায় ত্ৰিশজনমান ভাতখোৱা মানুহ। মই অলপ একাষৰীয়াকৈ বহিলোঁ। তেতিয়ালৈ মই মিজো ভাষা ভালকৈ কব নোৱাৰোঁ, কিন্তু কিছু কিছু বুজি পাওঁ। গাৱঁৰ ডেকা গাভৰু সকলে খাদ্য বিতৰণত লাগিল। নাখালেও নহয় বাবে সিদ্ধ দাইল, ঢেকীয়া আৰু লাইপাতৰ এবাতি চুপ, আৰু মিজো জলকীয়াৰ আচাৰেৰে উদৰ পূৰালোঁ। মিজোসকলে পুৱা আৰু সন্ধ্যা দুসাজ ভাত খায়। দিনত ইটো-সিটো খায়। পুৱাৰ সাজ মোটামুটি ভাবে খায় যদিও কিন্তু সন্ধ্যাৰ ভাতসাজ বৰ বাৰুকৈয়ে খায়। পুৱা আঠ-ন বজাৰ ভিতৰত খাই ভাগে-ভাগে সকলোৱে ওলাই যায়। সন্ধিয়া ছয়-সাত বজাৰ ভিতৰত ৰাতিৰ সাজ খায়। তাৰ পিচত পঢ়াই পঢ়ে, ডেকা গাভৰু চামে গীতাৰ বজাই গান বাজনা কৰি আড্ডা মাৰে, আৰু আদহীয়া আৰু বয়োজেষ্ঠ সকলে গীৰ্জালৈ যায়। অবশ্যে দেওবাৰে বিশেষ অসুবিধা নহ’লে সকলোৱে গীৰ্জালৈ যায় প্ৰাৰ্থনাৰ বাবে।
             খাই উঠি ভিচিপি জনৰ লগত অলপ কথা পাতিলোঁ। তেও বৰ সুন্দৰ ইংলিছ আৰু মোটামুটি চলি যোৱা হিন্দিৰে কথা পাতিলে। মই তাৰ উগ্ৰপন্থী সমস্যাৰ বিষয়ে সুধিলোঁ যদিও তেও কৌশলেৰে সেই প্ৰশ্ন এৰাই মোক তেওৰ জীয়ৰীৰ লগত চিনাকি কৰাই দি আতৰি গ’ল। মইও বাদ দিলোঁ সেই বিষয়টো। কৰিবলৈ একো কাম নাছিল বাবে ভাবি চিন্তি ৰাতি শুৱাৰ বাবে ব্যবস্থা কৰিবৰ মনেৰে ডেস্ক যোৰা কৰাত লাগিলোঁ। তেনেতে ভিচিপিৰ ছোৱালী লালৰিণজুৱালি (জুৱালি) আহি ক’লে যে মোক স্কুলত থাকিবলৈ নিদিয়ে। ড্ৰাইভাৰ জন আৰু মোৰ বাবে তেওৰ ঘৰত থকা বিছনাৰ দিহা কৰিছিল ভিচিপি মহাশয়ে। মই বৰ ভাল পালোঁ প্ৰস্তাৱটি আৰু বিনা প্ৰতিবাদে তাইৰ লগতে খোজ ল’লো। জুৱালি উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী। ভূগোল হেনো তাইৰ প্ৰিয় বিষয়। এইখিনিতে উল্লেখ কৰা ভাল যে মিজোৰামত হায়াৰ চেকেণ্ডাৰিলৈ স্কুলতেই পঢ়িব লাগে। ডিগ্ৰীৰ পৰাহে কলেজীয়া শিক্ষা আৰম্ভ হয়। আনহাতে ভূগোল ইয়াৰ স্কুলত পঢ়োৱা হয় এটা সম্পূৰ্ণ সুকীয়া বিষয় হিচাপে। অসমৰ দৰে সমাজ বিজ্ঞানতে সাঙুৰি নপঢ়ায়। সেইবাবেই মিজোৰামত ভূগোল বিষয়টোৰ গুৰুত্ব বৰ বেছি।
              অলপ দুৰ যোৱাৰ পিচতেই জুৱালিৰ ঘৰ পালোঁ। ড্ৰাইভাৰ চাহাব মই যোৱাৰ আগতেই হাজিৰ তাত। তেও কৰবাত কিবাকে এঢোক গিলি আহিছিল চাগে। মোক দেখি দুৰৰ পৰাই শুভৰাত্ৰি জনাই বিচনাত উঠিল। তেতিয়া চাৰে সাতমান হৈছিলহে মাত্ৰ। শুৱাৰ সময় নাই হোৱা বুলি টিভিৰ আগত বহিলোঁ। পিচে লোকেল আৰু ইংলিছ চেনেলৰ বাদে একো বিচাৰি নাপলোঁ। মোৰ বৰ বিৰক্তি লাগিছিল। ঘৰলৈ ফোন কৰিলোঁ যদিও নেটৱৰ্কৰ দুৰাৱস্থাৰ বাবে একো কথা পাতিব নোৱাৰিলো। জুৱালিৰ মাকে জুহালত জুই জ্বলাই প্ৰকাণ্ড গামলা এটাত গাহৰিৰ বাবে কিবাকিবি সিজাই আছিল। শেষত মইও গৈ জুহালতে বহি দিলোঁ। পিচে লেঠা হ’ল মানুহজনীয়ে মিজো ভাষাৰ বাহিৰে বাকী ভাষা নাজানে। মইও তেতিয়ালৈ কেইটামান মাত্ৰ মিজো শব্দৰ লগত পৰিচিত। তেও কয় কিবা এটা, মই বুজোঁ কিবা এটা। পিচত যেনিবা তেওৰ সৰুজনী ছোৱালী আহি আমাৰ আলোচনাৰ আঁত ধৰিলে। কিছু দেৰি পিচত নেমু দিয়া ৰঙা চাহ আৰু ভজা মাকৈ আহিল। লাহেকৈ আমাৰ আড্ডাত আহি যোগ দিলে তেওঁলোকৰ বৰপুত্ৰ আৰু বোৱাৰী। মোৰ ঘৰৰ কথা, অসমীয়া সমাজৰ আলোচনা, তেওঁলোকৰ হাফলঙত থকা আলহীৰ ঘৰত ফুৰিব যোৱা আদিৰ আড্ডাৰে জুহালৰ জুইকুৰা ভাল লাগি আহিল লাহে লাহে। ইতিমধ্যে ভিচিপি ডাঙৰীয়াও আহি আমাৰ কথাত যোগ দিলে। ৰাতি এঘাৰমান বজালৈ চলিল আমাৰ মেল। এই চাৰি ঘণ্টা সময়ত মোৰ এবাৰো ভাব নাহিল যে মই আড্ডা দিয়া পৰিয়ালটো মোৰ বাবে অচিনাকি। টোপনি লাগিলত আলোচনাৰ সামৰণি মাৰি মই মোৰ বাবে আচুতীয়াকৈ থোৱা বিছনাত দীঘল দিলোঁ। মই শুৱলৈ অহাৰ পিচতো তেওলোকে গীতাৰ বজাই গান গাইয়েই আছিল। এনেও প্ৰায়ভাগ মিজো মানুহেই সুন্দৰকৈ গান গাব জানে আৰু গীতাৰ বজোৱাত এওলোক বৰ পাকৈত।
          খুউব পুৱাই উঠিলোঁ। পিচে ঘড়ী চাইহে গম পালোঁ যে ইতিমধ্যে চাৰে ছয় বাজি গৈছিল। আগদিনাৰ নিৰ্দেশ মতেই সাত বজাৰ লগে-লগে গাড়ী আৰু নিৰাপত্তৰক্ষী আহি হাজিৰ। দৌৰাদৌৰিকৈ নিত্য কৰ্মবোৰ কৰি গাড়ীত বহিলোঁ। দুয়োটা ভোটকেন্দ্ৰতে ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছিল। মোৰ কৰিবলগীয়া খিনি কৰাৰ পিচতেই প্ৰিজাইডিং বিষয়া এজনে ক’লে, বোলে চাৰ আপুনি গ’লে গৈ থাকিব পাৰে। ইয়াত একো সমস্যা নহয়। মই হাঁহি এটা মাৰিলোঁ যদিও তেওৰ প্ৰস্তাৱত মান্তি নহ’লো। সাধাৰণতে মিজোৰামৰ নিৰ্বাচনত হাই কাজিয়া মুঠেই নহয় বুলি ক’লেও বঢ়াই কোৱা নহ’ব চাগে। ১৯৮৭ চনৰ পৰা বৰ্তমানলৈ মুখ্যত কংগ্ৰেছ বনাম মিজো নেচনেল ফ্ৰণ্টৰ পোনপটীয়া নিৰ্বাচনী প্ৰতিদণ্ডিতা হৈ আছে। বাকী প্ৰদেশৰ দৰে ইয়াত ধনবল, বাহুবলৰ প্ৰয়োগ নহয়। চৰকাৰ যিয়েই গঠন নকৰক উন্নতি কিন্তু মিজোৰামৰ আৰু মিজো সকলৰ হয়। অসমৰ দৰে ‘দল চাই নেতা, বজাৰ চাই ক্ৰেতা’ জাতীয় কথাবোৰ নাই। সূতা কম্বল এওলোকৰ ৰাজনীতিত নাই। সেইবাবেই এওলোক আগুৱাইছে প্ৰতিদিন, প্ৰতিনিয়ত। মন কৰিবলগীয়া কথাটো হ’ল অসমৰ ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন হৈছিল ১৯৮৫ চনত, আৰু তাৰ ঠিক দুবছৰৰ পিচত মিজোৰাম পূৰ্ণাংগ ৰাজ্য হয় ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত। তেতিয়াৰ পৰা এতিয়ালৈ এইডচৰ দৰে ভয়াবহ বেমাৰক পৰাজিত কৰি আগবাঢ়িছে মিজো সকলে। শেহতীয়া তথ্যমতে মিজোৰামত বৰ্তমান নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা নাই বৰাবৰ। আনহাতে শিক্ষা আৰু শান্তিৰ ক্ষেত্ৰত মিজোৰাম ভাৰতৰ ভিতৰতে অন্যতম প্ৰদেশ। মিজোৰামৰ স্বাক্ষৰতাৰ হাৰ দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক লগতে নগৰীয় জনসংখ্যাৰ শতকৰা হিচাপত মিজোৰাম ভাৰতৰ ভিতৰতে তৃতীয় ৰাজ। পিচে একেখিনি কথাৰ বাবে অসমৰ নাম পাবলৈ হলে তালিকাৰ শেষৰ ফালে চকু ফুৰাব লগা হয়। এইখিনিতেই প্ৰশ্ন হয় প্ৰায় একে সময়তে পৰিৱৰ্তনৰ ৰাজনীতি আৰম্ভ কৰা প্ৰফুল্ল মহন্তৰ অসম আৰু লালদেংগাৰ মিজোৰামৰ মাজত মাত্ৰ ত্ৰিশ বছৰতে ইমান প্ৰভেদ কিয়? অবশ্যে এই লেখাত ৰাজনৈতিক আলোচনাৰ প্ৰভাৱ নিস্প্ৰয়োজন বুলিয়েই এই প্ৰসংগ ইমানতে এৰিলোঁ।
            দিনৰ আঢ়ৈমান বজাতেই ভোটগ্ৰহণ শেষ হ’ল। প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলে সকলো সামৰিলে যদিও চৰকাৰী নিৰ্দেশৰ বাবে চাৰি বজলৈ তাতেই থাকিবলৈ বাধ্য আছিল। পিচে মই মোৰ যাবতীয় কাম সামৰি সকলোকে মাত লগাই উভতিলো চাকৰদ্বাইলৈ। তাত সকলোতকৈ আগতে আহি উপস্থিত হোৱা ব্যক্তিজন মইয়েই হম বুলি ভাবিছিলোঁ যদিও নহ’লো। ইতিমধ্যে চাকৰদ্বাইৰ আশে-পাশে থকা অন্য সকল বহু আগতেই আহি হাজিৰ। সকলোতকৈ শেষত আহি উপস্থিত হ’ল নিউ-ভাৰ্ভেকত এৰি অহা আমাৰ দুই সহকৰ্মী। ইতিমধ্যে এন্ধাৰ নামিছিল চাকৰদ্বাইৰ বুকুলৈ। আমাৰ এজন সহকৰ্মীয়ে হঠাতে এটা প্ৰস্তাব দিলে আৰু আমিও একে আষাৰে সমৰ্থন কৰিলোঁ। প্ৰস্তাবটো আছিল ৰাতিৰ বিপদসংকুল যাত্ৰাৰ সলনি পিচদিনা পুৱাই আইজল অভিমুখে যাত্ৰাৰম্ভ কৰাৰ। কথা মতেই কাম। আমি লগে লগে লগত নিয়া সেনাজোৱান কেইজনক ৰিলিজ কৰি দিলোঁ আৰু এখন গাড়ী তেওঁলোকক দি আইজললৈ বিদায় দিলোঁ। কিয়নো তেওঁলোকক ৰাতিৰ ভিতৰত হাজিৰ হবলৈ নিৰ্দেশ আছিল। তাৰপিছত আলোচনা কৰি চাকৰদ্বাইৰ টুৰিষ্ট ল’জত ৰাতিটো কটোৱাৰ বাবে ঠিক কৰিলোঁ। চালকসকলৰ বাবে এটা ডৰ্মিটৰী আৰু আমাৰ বাবে তিনিতা কোঠা বন্দোঁৱস্ত কৰিলোঁ। তাৰ পিচতেই দুজন গ’ল লোকেল মুৰ্গী বিচাৰি। দুজন গ’ল ওচৰতে থকা অসম ৰাইফলচৰ বেৰেকলৈ ৰাতিটোৰ বাবে অলপ কিবা বিচাৰি। মই বিছনাত এনেই অলপ দীঘল দিলোঁ। ৰাজন চাৰ টিভি চোৱাত লাগিল, আৰু বিৰলা চাৰ কাউণ্টাৰতে থকা পিচিওত সোমাই ফোনত লাগিল। আধাঘণ্টামান পিচত কফি আহিল। বৰ তৃপ্তিৰে কফি খাই বাহিৰলৈ ওলালোঁ। ইতিমধ্যে চালকসকলে ৰক্সিৰ (লোকেল বিধ) সোৱাদত আত্মহাৰা হৈ পৰিছিল। আমাৰো ৰাইজে মুৰ্গী বনোৱাৰ বাবে যা-যোগাৰত ব্যস্ত। বনোৱাৰ দায়িত্ব মোৰ আৰু হেনৰিৰ আছিল। ইতিমধ্যে নিশা ন বাজি গৈছিল। মুৰ্গী দুটা চাফা কৰা হৈছিল মাত্ৰ। তেনেতেই আহিল সেই অনাকাংক্ষিত খবৰটো।
             দৰ্শন বিভাগৰ প্ৰৱক্তা ভানলালতানপুইৱা চাৰে তেওৰ বন্ধু তথা আইজলৰ জিলা উপায়ুক্ত মহোদয়লৈ আমি পিচদিনা যাবলৈ লোৱা সিদ্ধান্তৰ কথা জনাবলৈ ফোন কৰিলে। পিচে তেতিয়াই লাগিল মহা পয়মাল। উপায়ুক্ত মহোদয়ৰ উঠিল খং। খঙেৰে তেও ক’লে বোলে মই ডিচি জন ইয়াত টোপনি ক্ষতি কৰি ৰৈ থাকিম আৰু আপোনালোকে লোকেল মুৰ্গীৰ মাংসৰ জুটি লৈ থাকক। এইবুলি কৈয়েই তেও ফোনটোৰ স্ংযোগ বিচ্ছিন্ন কৰি দিলে। আমাৰো লাগিল হাহাকাৰ। কাৰণ আমি ৰিপৰ্ট জমা নকৰালৈকে দায়িত্ব শেষ কৰাৰ ৰিলিজ অৰ্ডাৰ নাপাও। আনহাতে ৰিলিজ নোলোৱালৈকে আমি জিলা উপায়ুক্তৰ সকলো নিৰ্দেশ মানিবলৈ বাধ্য। কিংকৰ্তব্যবিমূঢ় হৈ ভাবি থাকোতেই বাইক লৈ ততাতৈয়াকৈ আহিল চাকৰদ্বাইৰ সংমণ্ডল বিষয়া আৰু আমাক উপায়ুক্তই শীঘ্ৰে যাব নিৰ্দেশ দিয়াৰ খবৰটো দিলে। ইতিমধ্যে আমাৰ গাড়ীচালক সকল দুৰ্ঘোৰ নিদ্ৰাত। আমাৰ বাবে অহা নিৰাপত্তাৰক্ষীকো আমিয়েই বিদায় দিছিলোঁ। তেওলোককো যোগাযোগৰ কোনো উপায় নাছি। দহ মিনিট মানৰ ভিতৰত আমি সকলো সামৰি মুৰ্গীৰ আশা ত্যাগ কৰি উভতিবলৈ সাজু হ’লোঁ। টুৰিষ্ট ল’জৰ বিল পৰিশোধ কৰিলোঁ। সকলো মিলাই হিচাপ কৰাত প্ৰতিজনে ৩৬০ টকাকৈ দিব লগা হ’ল। মুঠতে তিনিশ ষাঠি টকাৰ বিনিময়ত একাপ কফি।
           পিচে লেঠা তাতেই শেষ নহ’ল। তিনিজন চালকক বাদ দি বাকী চালক কেইজনে স্পষ্টকৈ ক’লে যে তেওলোকে গাড়ী চলাব পৰা অৱস্থাত নাই। আকৌ লাগিল লেঠা। শেষত চালকসকলক আৰামত শুৱ দি আমি গাড়ী চলাব জনা কেইজনে চালকৰ আসনত বহিলোঁ। সেইদিনা ৰাতিৰ ছুম’ চলোৱাৰ অভিজ্ঞতা মোৰ জীৱনৰ আটাইতকৈ ভয়লগা ঘটনা। পাহাৰত গাড়ী চলোৱাৰ কষ্ট তাতে আকৌ পেটত খুদ-কণ এটাও নপৰিল। লাহে লাহে সাবধানেৰে আগবাঢ়িলোঁ। যিমানেই আগবাঢ়িছিলোঁ সিমানেই মাৰ উগ্ৰপন্থীৰ ভয়টো বেছি হৈ আহিব ধৰিলে। ৰাতু পাৰ হোৱাৰ পিচতেই আগবাঢ়িবৰ সাহস নোহোৱা হ’ল। এৰিবও নোৱাৰি, বেৰিবও নোৱাৰি ধৰণৰ সমস্যা। পিচে হেনৰিৰ সাহস আৰু বুদ্ধিৰ ভৰষাত আগবাঢ়িলোঁ। তেওৰ জিপচিখন সকলোতকৈ আগত আছিল। হেনৰিৰ চিধাচিধি কথা যে আমাৰ গাড়ীত নিৰাপত্তাৰক্ষী নোহোৱাটো বাহিৰৰ মানুহে ক’ত গম পাব। তাতে একেলগে দহখন সৰু গাড়ী। গতিকে গৈ থকাহে কথা। মৰণত শৰণ দি মন্থৰ গতিৰে আহি আইজল পোৱালৈ ৰাতিপুৱাই গৈছিল। আমাৰ দুখৰ কথা শুনি আৰু আমাৰ অৱস্থা দেখি জিলা উপায়ুক্তই অবশ্যেই বৰ দুখ কৰিলে আৰু ৰাতি তেওৰ খঙৰ বাবে বেয়া নাপাবলৈ ক’লে। লগতে এই কথাও ক’লে যে আমি তাত ৰাতি থকাত অসুবিধা নাছিল, কিন্তু তেওৰ অনুমতি আগতীয়াকৈ লোৱাৰ দৰকাৰ আছিল। যি নহওক ৰিলিজ লৈ ওলাওঁতেই সাতমান বাজিছিলে।
              এৰাএৰি হোৱাৰ আগতে হেনৰিয়ে সুধিলে ‘ডেকা, হাও ৱাজ দি কফি’? প্ৰশ্নটো শুনি গোটেই ৰাতি গাড়ী চলাই হোৱা কঁকালৰ বিষটোৱে আকৌ এবাৰ উক দিলে। মই পিচে হাঁহি-হাঁহিয়েই ক’লো ‘নাইচ কফি উইথ ডেলিচিয়াচ টেষ্ট, বাট ৰেট ৱাজ লিটিল হাই'। মোৰ উত্তৰ শুনি গোটেই জাকে গিৰ্জনি মাৰি হাঁহিলে৷ পিচত এজনে আনজনৰ লগত হাত মিলাই ঘৰমূৱা হ’লো। এতিয়াও কেতিয়াবা কিবা মিটিংত আদিত আমি কেইজন লগ হ’লে প্ৰায়ে ওলাই সেই বিশেষ কফি কাপৰ প্ৰসংগটো।

ঘনশ্যাম ডেকা
ভূগোল বিজ্ঞান বিভাগ
পাচুংগা ইউনিভাৰ্চিটি
আইজল, মিজোৰাম
৭৯৬০০১

Monday 5 October 2015

আমি অসমীয়া, নহওঁ দুখীয়া


আমি অসমীয়া নহওঁ দুখীয়া । সঁচাকে আমি দুখীয়া নহয় । কিন্তু এটা প্ৰশ্নই প্ৰায়ে মনত দুখ দিয়ে । আচলতে অসমীয়া কোন ? একে আষাৰে উত্তৰ দিব পাৰিবনে কোনোবাই ? আজিলৈকে অসমত যিয়ে থাকে, অথবা যিয়ে অসমীয়া কয় তেওঁ অসমীয়া বুলি ক’বলৈ সমস্যা কিহৰ । কিহৰ বাবে বাৰে প্ৰতি নিজৰ সংজ্ঞা বিচাৰিব লগা হয় আমি ? বেলেগ ৰাজ্যত কোনেও দেখোন নিজৰ সংজ্ঞা নিবিচাৰে । উল্লেখ কৰিব পাৰি যে এটা নিৰ্দিষ্ট সংজ্ঞা বা উত্তৰ অসমত অসমীয়াই নাপায় । কাৰণ অসমৰ জনগাঁথনি, ৰাজনৈতিক আৰু ভৌগোলিক পৰিস্থিতিত অসমীয়া সকলেই নিজে নিজৰ বাবে উন্নয়ন আৰু সামগ্ৰিক পৰিচয়ত বাধাৰ সৃষ্টি কৰা দেখা যায় । বহুতে চ্যুকাফাক বৰ অসমৰ জনক বুলি কয় । হয়, তেওঁ আজিৰ আধুনিক অসমৰ মুলত ব্ৰহ্মপুত্ৰ উপাত্যকাৰ দুয়োপাৰৰ অসম খনৰ প্ৰথম প্ৰতিষ্ঠাপক (বৰাক উপাত্যকাৰ বেছিভাগ কিন্তু আহোমৰ অধীনত নাছিল) । তথাপি ৬০০ বছৰীয়া আহোমৰ অসম, নৰনাৰায়ণৰ অসম, আদিবাসীৰ অসম, চুতীয়া ৰজা, দৰঙী ৰজা আদি সকলোৰে নিজা নিজা অৰিহণাৰে এখন বৈচিত্ৰৰে ভৰা অসম পোৱা যায় । অবশ্যে আজিও কিন্তু ৰাজনৈতিক সীমাক বাদ দি সাংস্কৃতিকভাবে এখন বৰ অসম পাবলৈ টান । বৃটিছৰ অসম আছিল চিলেটৰ পৰা আৰম্ভ কৰি ৰংপুৰ, সমন্বিতে মোটামুটিকৈ সমগ্ৰ উত্তৰ-পূৱ । তেতিয়াও কিন্তু এইখন অসমতে গোৱালপাৰাৰ জমিদাৰ, দৰঙী ৰজা, আদি কৰি বহুতো সৰু বৰ ৰজা আছিল যি নিজকে বৰকৈ বৰ অসমৰ অসমীয়া বুলি ভাবিছিল বুলি মনে নকয় । মানক খেদিব অহা কোম্পানী বাহাদুৰে যেতিয়া অসম এৰি নগ’ল, তেতিয়াহে অসমৰ লোক লাহে লাহে এক হ’ব ধৰিলে । কাৰণ তেতিয়া সৰু বৰ সকলো ৰজা মহাৰজাৰে সান্দহ খোৱা বালি তল গ’ল । তেতিয়া সকলোৱে মিলি বৃটিছ খেদাৰ কথা চিন্তা কৰিব ধৰিলে । তাৰ আগলৈকে কিন্তু (এতিয়াৰ) বৰঅসমৰ অসমীয়া কোন বুলি সুধিলে উত্তৰ দিব একে আষাৰে পাৰিব বুলি মনে নকয় । বৃটিছে যেতিয়া তেল, কয়লাৰ উৎপাদন আৰু চাহপাতৰ খেতি আৰম্ভ কৰিলে আৰু ইয়াৰ বাবে অকৰ্মণ্য অসমীয়াক কামত লাগাব নোৱাৰি মধ্যপ্ৰদেশ আৰু ওড়িষাৰ শ্ৰমিক আনিলে তেতিয়াহে অসমীয়াৰ অলপ জাতীয় চেতনা আৰম্ভ হয় ।
শঙ্কৰদেৱৰ দিনত এক শৰণ নাম ধৰ্মৰে মাজুলীৰ পৰা মধুপুৰলৈ (কোচবেহাৰলৈ) এক ধৰ্মীয় বান্ধোনেৰে বিভিন্ন জাতি উপজাতিক বন্ধাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লেও কিন্তু গৰিষ্ঠ সংখ্যক লোক বিভিন্ন পন্থা আৰু মতবাদত বিভক্ত আছিল । বৰ ৰজা ফুলেশ্বৰীৰ অত্যাচাৰ, মোৱামৰীয়া বিদ্ৰোহ আদি ধৰ্মীয় বিবাদৰ উদাহৰণ উল্লেখযোগ্য । গুৰুজনাই বৃহৎ সংখ্যক লোকক নতুন মতবাদেৰে এক কৰিলেও কিন্তু অসমীয়া বুলি এক জাতি এক মতৰ মহত্ত্বকাংক্ষা আজিও পূৰ্ণ নহ’ল । আজি গুৰুজনাৰ আদৰ্শতো ৰাইজে ফৈদ কৰি তেওৰ মহান উদ্দেশ্যক ম্লান কৰা অসমীয়া এইখন দেশতেই বহুতো আছে । অবশ্যে মহান ব্যক্তি জনৰ একাণপতীয়া প্ৰচেষ্টাত মধুপুৰৰ পৰা মাজুলীলৈ বহু লোক এক হ’ল, দুই প্ৰতাপী ৰাজবংশৰ লোকৰ ধৰ্মৰ উদ্দেশ্য এক হ’ল । তথাপি কিন্তু বামুণ, কলিতা, কোচ, বড়ো, কছাৰী, মৰাণ, মটক আদিৰ নিজা চিনাকিতে অসম ৰ’ল । তেন্তে অসমীয়াৰ অস্তিত্ব ক’ত ? জোনাকী যুগৰ আগলৈকে এক কথাত অসমীয়া ভাষা কোৱা মানুহ থাকিলেও অসমীয়া আছিল জানো? কাৰণ মানৰ আক্ৰমণৰ সময়ত বহু লোকে নিজকে আহোমৰ অংশ নহয় বুলি কৈ মানৰ লগত একত্ৰ হোৱাৰ উদাহৰণো নাই বুলি ক’লে চাগে ভুল হ’ব । বদন বৰফুকনক পাহৰিব পাৰি জানো ?
প্ৰায়ে উচ্চাৰিত অনুপ্ৰৱেশৰ সমস্যা আজিৰ নহয় । এটা কথা কোৱা ভাল অনুপ্ৰৱেশ হৈছে এটা চিৰপ্ৰবাহমান প্ৰক্ৰিয়া । মানুহৰ শেষ নোহোৱা এক জীৱন অন্বেষণৰ স্থানগত সমাপ্তি মানে হৈছে অনুপ্ৰৱেশ । কেতিয়াবা অনুপ্ৰৱেশ হয় খাদ্য বাসস্থানৰ সন্ধানত, আৰু কেতিয়াবা হয় উন্নত জীৱন ধাৰণ তথা ৰাজনৈতিক স্বাৰ্থত ।চ্যুকাফাৰ পৰা বাৰভূঞা সকলোতে অনুপ্ৰৱেশৰ সংজ্ঞাৰে সামৰিবলৈ বিশেষ অসুবিধা নহয় যদিও আজিৰ অনুপ্ৰৱেশ আৰু তেতিয়াৰ অনুপ্ৰৱেশ একে বুলি কব নোৱাৰি । বৃটিছৰ দিনৰ পৰা আজিলৈ বিভিন্ন সময়ত বিভিন্ন কাৰকৰ প্ৰভাৱত অনুপ্ৰৱেশ হৈ আছে আৰু হৈ থাকিব । কাৰণ এয়া এক ৰাজনৈতিক সমস্যা । বাংলাদেশ, ব্ৰহ্মদেশ আৰু নেপালৰ মানুহ ৰাজনৈতিক, অৰ্থনৈতিক, আৰু সামাজিক কাৰণত প্ৰবজন কৰিছে আৰু কৰি থাকিব । এয়া অসমে অকলে ভুগিছে বুলি ভাবিলেও ভুল । ত্ৰিপুৰা, মিজোৰাম, অসম, পশ্চিম বংগ আৰু ওড়িষাত বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশ আজিৰ নহয় । গতিকে অসমে অকলে এই সমস্যাত আক্ৰান্ত নহয়, কিন্তু অসমৰ লোক এই ক্ষেত্ৰত বেছি ভুক্তভোগী, আৰু অসমতেই ইয়াৰ বাবে আন্দোলনো সৰ্বাধিক । ইয়াৰ কাৰণ অবশ্যে এক বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰৰ ফল বুলি ভাবিবৰ থল আছে । অসমীয়াই বিভিন্ন সময়ত কৰা ভুলো এই সমস্যাৰ অংশ বুলিবৰ থল আছে । আচলতে অসমীয়া মানুহৰ গা এৰা দিয়া মনোভাব আৰু কৰ্মবিমুখতাও এটা অন্যতম কাৰণ ।
আজি অসমীয়াৰ প্ৰধান সংকট অনুপ্ৰৱেশ বুলি কলেও কিন্তু অসমীয়া ভাষাৰ সংকট আৰু স্খলন অধিক ভয়াবহ । যেতিয়ালৈকে ভাষা আৰু সংস্কৃতি জীয়াই থাকে তেতিয়ালৈকে এটা জাতি জীয়াই থাকে । কিন্তু সাম্প্ৰতিক সময়ত ভাষা সংকটক লৈ জাতিটো বহু পৰিমাণে উদাসীন । বিমলাপ্ৰসাদ চলিহাৰ দিনৰ পৰা আজিলৈকে অসমীয়া ভাষাটো কেবল কাগজে পত্ৰই ৰাজভাষা হৈ থাকিল । কাৰ্যক্ষেত্ৰত কিন্তু সকলো ফুটুকাৰ ফেন । এয়াই যেন আমাৰ অভিশাপ । এবাৰ বৃটিছৰ দিনত বঙালী ভাষাৰ আগ্ৰাষনৰ প্ৰভাৱত ভাষা হেৰুৱাৰ উপক্ৰম হৈছিল, অৱশ্যে পিচলৈ যেনিবা সেই ষড়যন্ত্ৰ বিফল হ’ল । কিন্তু এতিয়া আমাৰ ভাষাটো আমিয়েই নিঃশেষ কৰা যেন অনুভূত হয় । অসম সাহিত্য সভাৰ শেহতীয়া কিছু বছৰৰ কামকাজৰ খতিয়ান লোৱাটোও জৰুৰী ।
আজিৰ যুগ বিশ্বায়নৰ যুগ । কাৰ্যদক্ষতাৰে আগুৱাব নোৱাৰিলে কেবল আন্দোলনেৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰিম জানো? এতিয়াও অসমৰ সংখ্যক লোক কিন্তু কৰ্মক্ষেত্ৰত একেবাৰে পিচপৰা নহয় । মাত্ৰ কাৰিকৰী শিক্ষাৰ দিশত অসমকে ধৰি সমগ্ৰ উ:পু: এতিয়াও যথেষ্ট পিছপৰা । তাৰ বাবে কিন্তু কোনেও আন্দোলন নকৰে বুলি ক’লেও ভুল নহয় । দিল্লীৰ নীতি এনেও আমাৰ প্ৰতি উদাৰ নহয়, কিন্তু তাৰ বাবে দিল্লীক গালি দিলেই শেষ হব নেকি? স্বনিয়ন্ত্ৰণৰ অধিকাৰ সৰ্ব্বোপৰি, কিন্তু তাৰ বাবে উচিত বাতাৱৰণ আৰু অনুকূল পৰিৱেশো জৰুৰী । অসমৰ বিভিন্ন সময়ৰ চৰকাৰৰ বিভিন্ন হঠকাৰী সিদ্ধান্তই আমাক কোঙা কৰি পেলোৱাটোও দলিয়াই পেলাব পৰা বিষয় নহয় । সততে তৈলক্ষেত্ৰৰ অধিকাৰৰ কথা কোৱা সংগঠন বোৰে কিন্তু অসমৰ বিভিন্ন মৃত উদ্যোগৰ সপক্ষে এদিনো অসম ব্যাপী আন্দোলন কৰা মনত নপৰে । অসমৰ আন্দোলন কেৱল তেল, কয়লা আৰু চাহপাততেই শেষ নেকি?
এপল’ মিল, নাথকুছিৰ সূতা কল, বৰুৱা বামুণগাৱঁৰ চেনী কল আদি কিন্তু চৰকাৰ আৰু পৰিচালকৰ ভুল নীতিৰ বাবে বন্ধ হৈছিল । হঠাৎ অন্ধকাৰাচন্ন হৈ পৰিছিল এই উদ্যোগ বোৰত কাম কৰা কেবাশ কৰ্মচাৰীৰ পৰিয়ালৰ লগতে তেওলোকৰ লগত জড়িত আন বহুতো । গুৱাহাটীৰ তৃপ্তি নগৰত আমাৰ চকুৰ আগতেই নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হস্পিতাল হ’ল । আমাৰ আন্দোলন কৰা নেতা সকলে বাৰু তেতিয়া ক’ত আছিল? আজি ৰাজকোষৰ সিংহভাগ ধন খাদ্যজাত সামগ্ৰীৰ আমদানিত খৰচ হয় । অসমৰ মাটিত যি ৰোপণ কৰিলেও হয় । মুখ্যত ইয়াৰ মাটি পলসুৱা । তেন্তে আমি পাঞ্জাৱৰ চাউল, ভূপালৰ দাইল, নাচিকৰ পিয়াজৰ বাবে মুখ মেলি ৰৈ থাকিব লাগে কিয় ? কাৰণ এটাই নহয় জানোঁ কৰ্মসংস্থান নাই বুলি হামিয়াই হিকটীয়াই বহি চৰকাৰক গালি দিয়েই লেঠা শেষ কৰাৰ মানসিকতা । আজি ভাৰতৰ আটাইতকৈ বেছি ঘন জনবসতিৰ প্ৰদেশ বিহাৰ । অথচ বিহাৰত অসমৰ তুলনাত লোকৰ জনমুৰি আয় বেছি । কাৰণ এটাই তাৰ মানুহে পাৰিলে IAS হৈছে, নহ’লে মেতৰ বা মুচি হ’বলৈও কুণ্ঠাবোধ নকৰে । তেন্তে আমাৰ সমস্যা কত? বেলেগ নালাগে, উত্তৰ-পূবৰ ৰাজ্য কেইখনত চাওক, মণিপুৰ খেলত আটাইতকৈ আগবঢ়া, মিজোৰাম শিক্ষাত আগবঢ়া, অৰুণাচলো লাহে লাহে আগবাঢ়িছে আমাক পিচ পেলায় । কেবল আমি ৰৈ গ’লো নেকি একে ঠাইতে ?
আজি অসমত আন্দোলন নহ’লে একো নহয় বুলি কৈ আন্দোলন কৰা জাতিয়তাবাদী সংগঠন বোৰক শুধিবৰ হ’ল এতিয়ালৈ মুঠতে কিমান দিন অসম বন্ধ তেওলোকে দিলে ? তাৰ পৰা তেওলোকৰ সফলতা কিমান আৰু ৰাজ্যৰ অৰ্থনীতিত লোকচান কিমান হ’ল ? সকলো কথাতে জংগী আৰু তীব্ৰ আন্দোলন কৰা সকলে বাৰু নিজৰ আৰু সংগঠনৰ উপাৰ্জনৰ উৎসৰ কথা ক’ব পাৰিবনে ? নে আন্দোলন লাগে বুলিয়েই কৰে ? আজিলৈকে আটাইতকৈ পুৰণি অসম আন্দোলনৰ পৰিসমাপ্তি নহ’ল, গতিকে অন্য পাবত গজা বা অন্য সংগঠনৰ হুংকাৰে যে বিশেষ কিবা কৰিব মনে নধৰে । সকলোতে আজিকালি চান্দা সংস্কৃতি আৰু বেপৰোৱা মনোবৃত্তিৰ যি প্ৰাদুৰ্ভাব হৈছে জাতিৰ সংকট নিশ্চিত । সকলোৰে মূল কাৰণ একমাত্ৰ কৰ্মবিমুখতা আৰু সহজলভ্য ধনলিপ্সা । কেবল দিল্লীৰ চৰকাৰক গালি দিলেই শেষ নহয় সমস্যা । লগতে ৰাজ্যত অহা প্ৰতিখন চৰকাৰেই কিন্তু জনমতক আওকাণ কৰি নিজৰ খেয়াল খূচিতেই কামবোৰ কৰি যায় । কাৰণ এটাই, আমাৰ আন্দোলনৰ আন্তৰিকতা আৰু দৃঢ়তা নাই । যিসকলে কেবল স্মাৰক পত্ৰ দি ফুৰে তেওলোকে পোনচাটে আইনী ব্যবস্থাৰ সহায় লবও পাৰে । নলয়, লাগিলে পথ অৱৰোধ কৰিব, টায়াৰ জ্বলাব । অসম বন্ধ দিয়াতকৈ সচাঁ অৰ্থত কামেৰে আন্দোলন কৰক আৰু জাতীয় জীৱনৰ মূল সমস্যাৰ সতে যুঁজ দিয়ক ।
বৰ্তমান আমাৰ সমস্যা ব্ৰেইন ড্ৰেইন আৰু সংস্থাপনৰ অভাৱ, লগতে কাৰিকৰী শিক্ষাৰ অভাৱ । আজিও কিন্তু আমাৰ চেনেহৰ বিভিন্ন জনে বিহাৰী খেদিবলৈ ভাষণ দিয়ে বিভিন্ন মাধ্যমযোগে । পিচে যি সকলে এই ভাষণ দিয়ে তেওলোকেই দেখোন ‘মেড ইন চাইনা’ আৰু ‘মেড ইন বাংলা’ৰ ব্ৰেণ্ড এম্বেচাদৰ হৈ থাকিল । উদাত্ত ভাষণ দি মানুহক কোঙা কৰিব পাৰি, কিন্তু লেপ-তুলী চিলোৱা বা চুলি কটাৰ দৰে কাম কৰাব নোৱাৰি । এনেও আমাৰ ইয়াত পেচাব নকৰিব বুলি লিখিলেই দায়িত্ব শেষ হোৱা প্ৰদেশ । কাৰণ পেচাব আপোনাৰহে লাগিছে, লিখোতাৰ নাই লগা । গতিকে আপুনি নিজেই মেনেজ কৰক ধৰণৰ চিন্তা তেনেই সুলভ ।
আজি আমি অসমীয়া, নহওঁ দুখীয়া বুলি গালে বা দেৱালত বগাৰ ওপৰত ৰঙা চিঞাহীৰে লিখিলেই সমস্যাৰ শেষ নহয় । পাৰিলে এতিয়া ক্ষুদ্ৰ জাতিসত্তা এৰি একেলগে কাম কৰিবৰ হ’ল । জোৰ পুৰি হাত পালেহি । আৰু অসম বন্ধৰ দৰকাৰ নাই, পাৰিলে কাম কৰি বিদেশীক ভাতে মাৰিবলৈ উঠি পৰি লাগিবৰ হ’ল । ধৰ্ণা প্ৰতিবাদেৰে কাম সিজিবৰ দিন উকলিল । চিণ্ডিকেট চলাই আৰু লোকৰ পিঠাৰে বিহু পাতি থাকিলে এদিন আঁহতৰ তলত অসমীয়াৰ বিহু পেঁপাৰ সলনি থাকিব কেবল হুমুনিয়াহ আৰু হুমুনিয়াহ ।
(## বৰ অসমৰ ভেঁটী গঢ়া বুলিবলৈ আজান ফকিৰকে ধৰি আৰু বহুতৰে অৰিহণা উল্লেখযোগ্য । কিন্তু লিখাৰ মুল বিষয় বস্তুৰ পৰা ফালৰি কাটি যাব বুলিয়েই সকলোৰে উদাহৰণ আৰু আৰিহণাৰ বিষয়ে লিখা নহ'ল ।)