আমি অসমীয়া নহওঁ দুখীয়া । সঁচাকে আমি দুখীয়া নহয় । কিন্তু এটা প্ৰশ্নই প্ৰায়ে মনত দুখ দিয়ে । আচলতে অসমীয়া কোন ? একে আষাৰে উত্তৰ দিব পাৰিবনে কোনোবাই ? আজিলৈকে অসমত যিয়ে থাকে, অথবা যিয়ে অসমীয়া কয় তেওঁ অসমীয়া বুলি ক’বলৈ সমস্যা কিহৰ । কিহৰ বাবে বাৰে প্ৰতি নিজৰ সংজ্ঞা বিচাৰিব লগা হয় আমি ? বেলেগ ৰাজ্যত কোনেও দেখোন নিজৰ সংজ্ঞা নিবিচাৰে । উল্লেখ কৰিব পাৰি যে এটা নিৰ্দিষ্ট সংজ্ঞা বা উত্তৰ অসমত অসমীয়াই নাপায় । কাৰণ অসমৰ জনগাঁথনি, ৰাজনৈতিক আৰু ভৌগোলিক পৰিস্থিতিত অসমীয়া সকলেই নিজে নিজৰ বাবে উন্নয়ন আৰু সামগ্ৰিক পৰিচয়ত বাধাৰ সৃষ্টি কৰা দেখা যায় । বহুতে চ্যুকাফাক বৰ অসমৰ জনক বুলি কয় । হয়, তেওঁ আজিৰ আধুনিক অসমৰ মুলত ব্ৰহ্মপুত্ৰ উপাত্যকাৰ দুয়োপাৰৰ অসম খনৰ প্ৰথম প্ৰতিষ্ঠাপক (বৰাক উপাত্যকাৰ বেছিভাগ কিন্তু আহোমৰ অধীনত নাছিল) । তথাপি ৬০০ বছৰীয়া আহোমৰ অসম, নৰনাৰায়ণৰ অসম, আদিবাসীৰ অসম, চুতীয়া ৰজা, দৰঙী ৰজা আদি সকলোৰে নিজা নিজা অৰিহণাৰে এখন বৈচিত্ৰৰে ভৰা অসম পোৱা যায় । অবশ্যে আজিও কিন্তু ৰাজনৈতিক সীমাক বাদ দি সাংস্কৃতিকভাবে এখন বৰ অসম পাবলৈ টান । বৃটিছৰ অসম আছিল চিলেটৰ পৰা আৰম্ভ কৰি ৰংপুৰ, সমন্বিতে মোটামুটিকৈ সমগ্ৰ উত্তৰ-পূৱ । তেতিয়াও কিন্তু এইখন অসমতে গোৱালপাৰাৰ জমিদাৰ, দৰঙী ৰজা, আদি কৰি বহুতো সৰু বৰ ৰজা আছিল যি নিজকে বৰকৈ বৰ অসমৰ অসমীয়া বুলি ভাবিছিল বুলি মনে নকয় । মানক খেদিব অহা কোম্পানী বাহাদুৰে যেতিয়া অসম এৰি নগ’ল, তেতিয়াহে অসমৰ লোক লাহে লাহে এক হ’ব ধৰিলে । কাৰণ তেতিয়া সৰু বৰ সকলো ৰজা মহাৰজাৰে সান্দহ খোৱা বালি তল গ’ল । তেতিয়া সকলোৱে মিলি বৃটিছ খেদাৰ কথা চিন্তা কৰিব ধৰিলে । তাৰ আগলৈকে কিন্তু (এতিয়াৰ) বৰঅসমৰ অসমীয়া কোন বুলি সুধিলে উত্তৰ দিব একে আষাৰে পাৰিব বুলি মনে নকয় । বৃটিছে যেতিয়া তেল, কয়লাৰ উৎপাদন আৰু চাহপাতৰ খেতি আৰম্ভ কৰিলে আৰু ইয়াৰ বাবে অকৰ্মণ্য অসমীয়াক কামত লাগাব নোৱাৰি মধ্যপ্ৰদেশ আৰু ওড়িষাৰ শ্ৰমিক আনিলে তেতিয়াহে অসমীয়াৰ অলপ জাতীয় চেতনা আৰম্ভ হয় ।
শঙ্কৰদেৱৰ দিনত এক শৰণ নাম ধৰ্মৰে মাজুলীৰ পৰা মধুপুৰলৈ (কোচবেহাৰলৈ) এক ধৰ্মীয় বান্ধোনেৰে বিভিন্ন জাতি উপজাতিক বন্ধাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লেও কিন্তু গৰিষ্ঠ সংখ্যক লোক বিভিন্ন পন্থা আৰু মতবাদত বিভক্ত আছিল । বৰ ৰজা ফুলেশ্বৰীৰ অত্যাচাৰ, মোৱামৰীয়া বিদ্ৰোহ আদি ধৰ্মীয় বিবাদৰ উদাহৰণ উল্লেখযোগ্য । গুৰুজনাই বৃহৎ সংখ্যক লোকক নতুন মতবাদেৰে এক কৰিলেও কিন্তু অসমীয়া বুলি এক জাতি এক মতৰ মহত্ত্বকাংক্ষা আজিও পূৰ্ণ নহ’ল । আজি গুৰুজনাৰ আদৰ্শতো ৰাইজে ফৈদ কৰি তেওৰ মহান উদ্দেশ্যক ম্লান কৰা অসমীয়া এইখন দেশতেই বহুতো আছে । অবশ্যে মহান ব্যক্তি জনৰ একাণপতীয়া প্ৰচেষ্টাত মধুপুৰৰ পৰা মাজুলীলৈ বহু লোক এক হ’ল, দুই প্ৰতাপী ৰাজবংশৰ লোকৰ ধৰ্মৰ উদ্দেশ্য এক হ’ল । তথাপি কিন্তু বামুণ, কলিতা, কোচ, বড়ো, কছাৰী, মৰাণ, মটক আদিৰ নিজা চিনাকিতে অসম ৰ’ল । তেন্তে অসমীয়াৰ অস্তিত্ব ক’ত ? জোনাকী যুগৰ আগলৈকে এক কথাত অসমীয়া ভাষা কোৱা মানুহ থাকিলেও অসমীয়া আছিল জানো? কাৰণ মানৰ আক্ৰমণৰ সময়ত বহু লোকে নিজকে আহোমৰ অংশ নহয় বুলি কৈ মানৰ লগত একত্ৰ হোৱাৰ উদাহৰণো নাই বুলি ক’লে চাগে ভুল হ’ব । বদন বৰফুকনক পাহৰিব পাৰি জানো ?
প্ৰায়ে উচ্চাৰিত অনুপ্ৰৱেশৰ সমস্যা আজিৰ নহয় । এটা কথা কোৱা ভাল অনুপ্ৰৱেশ হৈছে এটা চিৰপ্ৰবাহমান প্ৰক্ৰিয়া । মানুহৰ শেষ নোহোৱা এক জীৱন অন্বেষণৰ স্থানগত সমাপ্তি মানে হৈছে অনুপ্ৰৱেশ । কেতিয়াবা অনুপ্ৰৱেশ হয় খাদ্য বাসস্থানৰ সন্ধানত, আৰু কেতিয়াবা হয় উন্নত জীৱন ধাৰণ তথা ৰাজনৈতিক স্বাৰ্থত ।চ্যুকাফাৰ পৰা বাৰভূঞা সকলোতে অনুপ্ৰৱেশৰ সংজ্ঞাৰে সামৰিবলৈ বিশেষ অসুবিধা নহয় যদিও আজিৰ অনুপ্ৰৱেশ আৰু তেতিয়াৰ অনুপ্ৰৱেশ একে বুলি কব নোৱাৰি । বৃটিছৰ দিনৰ পৰা আজিলৈ বিভিন্ন সময়ত বিভিন্ন কাৰকৰ প্ৰভাৱত অনুপ্ৰৱেশ হৈ আছে আৰু হৈ থাকিব । কাৰণ এয়া এক ৰাজনৈতিক সমস্যা । বাংলাদেশ, ব্ৰহ্মদেশ আৰু নেপালৰ মানুহ ৰাজনৈতিক, অৰ্থনৈতিক, আৰু সামাজিক কাৰণত প্ৰবজন কৰিছে আৰু কৰি থাকিব । এয়া অসমে অকলে ভুগিছে বুলি ভাবিলেও ভুল । ত্ৰিপুৰা, মিজোৰাম, অসম, পশ্চিম বংগ আৰু ওড়িষাত বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশ আজিৰ নহয় । গতিকে অসমে অকলে এই সমস্যাত আক্ৰান্ত নহয়, কিন্তু অসমৰ লোক এই ক্ষেত্ৰত বেছি ভুক্তভোগী, আৰু অসমতেই ইয়াৰ বাবে আন্দোলনো সৰ্বাধিক । ইয়াৰ কাৰণ অবশ্যে এক বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰৰ ফল বুলি ভাবিবৰ থল আছে । অসমীয়াই বিভিন্ন সময়ত কৰা ভুলো এই সমস্যাৰ অংশ বুলিবৰ থল আছে । আচলতে অসমীয়া মানুহৰ গা এৰা দিয়া মনোভাব আৰু কৰ্মবিমুখতাও এটা অন্যতম কাৰণ ।
আজি অসমীয়াৰ প্ৰধান সংকট অনুপ্ৰৱেশ বুলি কলেও কিন্তু অসমীয়া ভাষাৰ সংকট আৰু স্খলন অধিক ভয়াবহ । যেতিয়ালৈকে ভাষা আৰু সংস্কৃতি জীয়াই থাকে তেতিয়ালৈকে এটা জাতি জীয়াই থাকে । কিন্তু সাম্প্ৰতিক সময়ত ভাষা সংকটক লৈ জাতিটো বহু পৰিমাণে উদাসীন । বিমলাপ্ৰসাদ চলিহাৰ দিনৰ পৰা আজিলৈকে অসমীয়া ভাষাটো কেবল কাগজে পত্ৰই ৰাজভাষা হৈ থাকিল । কাৰ্যক্ষেত্ৰত কিন্তু সকলো ফুটুকাৰ ফেন । এয়াই যেন আমাৰ অভিশাপ । এবাৰ বৃটিছৰ দিনত বঙালী ভাষাৰ আগ্ৰাষনৰ প্ৰভাৱত ভাষা হেৰুৱাৰ উপক্ৰম হৈছিল, অৱশ্যে পিচলৈ যেনিবা সেই ষড়যন্ত্ৰ বিফল হ’ল । কিন্তু এতিয়া আমাৰ ভাষাটো আমিয়েই নিঃশেষ কৰা যেন অনুভূত হয় । অসম সাহিত্য সভাৰ শেহতীয়া কিছু বছৰৰ কামকাজৰ খতিয়ান লোৱাটোও জৰুৰী ।
আজিৰ যুগ বিশ্বায়নৰ যুগ । কাৰ্যদক্ষতাৰে আগুৱাব নোৱাৰিলে কেবল আন্দোলনেৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰিম জানো? এতিয়াও অসমৰ সংখ্যক লোক কিন্তু কৰ্মক্ষেত্ৰত একেবাৰে পিচপৰা নহয় । মাত্ৰ কাৰিকৰী শিক্ষাৰ দিশত অসমকে ধৰি সমগ্ৰ উ:পু: এতিয়াও যথেষ্ট পিছপৰা । তাৰ বাবে কিন্তু কোনেও আন্দোলন নকৰে বুলি ক’লেও ভুল নহয় । দিল্লীৰ নীতি এনেও আমাৰ প্ৰতি উদাৰ নহয়, কিন্তু তাৰ বাবে দিল্লীক গালি দিলেই শেষ হব নেকি? স্বনিয়ন্ত্ৰণৰ অধিকাৰ সৰ্ব্বোপৰি, কিন্তু তাৰ বাবে উচিত বাতাৱৰণ আৰু অনুকূল পৰিৱেশো জৰুৰী । অসমৰ বিভিন্ন সময়ৰ চৰকাৰৰ বিভিন্ন হঠকাৰী সিদ্ধান্তই আমাক কোঙা কৰি পেলোৱাটোও দলিয়াই পেলাব পৰা বিষয় নহয় । সততে তৈলক্ষেত্ৰৰ অধিকাৰৰ কথা কোৱা সংগঠন বোৰে কিন্তু অসমৰ বিভিন্ন মৃত উদ্যোগৰ সপক্ষে এদিনো অসম ব্যাপী আন্দোলন কৰা মনত নপৰে । অসমৰ আন্দোলন কেৱল তেল, কয়লা আৰু চাহপাততেই শেষ নেকি?
এপল’ মিল, নাথকুছিৰ সূতা কল, বৰুৱা বামুণগাৱঁৰ চেনী কল আদি কিন্তু চৰকাৰ আৰু পৰিচালকৰ ভুল নীতিৰ বাবে বন্ধ হৈছিল । হঠাৎ অন্ধকাৰাচন্ন হৈ পৰিছিল এই উদ্যোগ বোৰত কাম কৰা কেবাশ কৰ্মচাৰীৰ পৰিয়ালৰ লগতে তেওলোকৰ লগত জড়িত আন বহুতো । গুৱাহাটীৰ তৃপ্তি নগৰত আমাৰ চকুৰ আগতেই নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হস্পিতাল হ’ল । আমাৰ আন্দোলন কৰা নেতা সকলে বাৰু তেতিয়া ক’ত আছিল? আজি ৰাজকোষৰ সিংহভাগ ধন খাদ্যজাত সামগ্ৰীৰ আমদানিত খৰচ হয় । অসমৰ মাটিত যি ৰোপণ কৰিলেও হয় । মুখ্যত ইয়াৰ মাটি পলসুৱা । তেন্তে আমি পাঞ্জাৱৰ চাউল, ভূপালৰ দাইল, নাচিকৰ পিয়াজৰ বাবে মুখ মেলি ৰৈ থাকিব লাগে কিয় ? কাৰণ এটাই নহয় জানোঁ কৰ্মসংস্থান নাই বুলি হামিয়াই হিকটীয়াই বহি চৰকাৰক গালি দিয়েই লেঠা শেষ কৰাৰ মানসিকতা । আজি ভাৰতৰ আটাইতকৈ বেছি ঘন জনবসতিৰ প্ৰদেশ বিহাৰ । অথচ বিহাৰত অসমৰ তুলনাত লোকৰ জনমুৰি আয় বেছি । কাৰণ এটাই তাৰ মানুহে পাৰিলে IAS হৈছে, নহ’লে মেতৰ বা মুচি হ’বলৈও কুণ্ঠাবোধ নকৰে । তেন্তে আমাৰ সমস্যা কত? বেলেগ নালাগে, উত্তৰ-পূবৰ ৰাজ্য কেইখনত চাওক, মণিপুৰ খেলত আটাইতকৈ আগবঢ়া, মিজোৰাম শিক্ষাত আগবঢ়া, অৰুণাচলো লাহে লাহে আগবাঢ়িছে আমাক পিচ পেলায় । কেবল আমি ৰৈ গ’লো নেকি একে ঠাইতে ?
আজি অসমত আন্দোলন নহ’লে একো নহয় বুলি কৈ আন্দোলন কৰা জাতিয়তাবাদী সংগঠন বোৰক শুধিবৰ হ’ল এতিয়ালৈ মুঠতে কিমান দিন অসম বন্ধ তেওলোকে দিলে ? তাৰ পৰা তেওলোকৰ সফলতা কিমান আৰু ৰাজ্যৰ অৰ্থনীতিত লোকচান কিমান হ’ল ? সকলো কথাতে জংগী আৰু তীব্ৰ আন্দোলন কৰা সকলে বাৰু নিজৰ আৰু সংগঠনৰ উপাৰ্জনৰ উৎসৰ কথা ক’ব পাৰিবনে ? নে আন্দোলন লাগে বুলিয়েই কৰে ? আজিলৈকে আটাইতকৈ পুৰণি অসম আন্দোলনৰ পৰিসমাপ্তি নহ’ল, গতিকে অন্য পাবত গজা বা অন্য সংগঠনৰ হুংকাৰে যে বিশেষ কিবা কৰিব মনে নধৰে । সকলোতে আজিকালি চান্দা সংস্কৃতি আৰু বেপৰোৱা মনোবৃত্তিৰ যি প্ৰাদুৰ্ভাব হৈছে জাতিৰ সংকট নিশ্চিত । সকলোৰে মূল কাৰণ একমাত্ৰ কৰ্মবিমুখতা আৰু সহজলভ্য ধনলিপ্সা । কেবল দিল্লীৰ চৰকাৰক গালি দিলেই শেষ নহয় সমস্যা । লগতে ৰাজ্যত অহা প্ৰতিখন চৰকাৰেই কিন্তু জনমতক আওকাণ কৰি নিজৰ খেয়াল খূচিতেই কামবোৰ কৰি যায় । কাৰণ এটাই, আমাৰ আন্দোলনৰ আন্তৰিকতা আৰু দৃঢ়তা নাই । যিসকলে কেবল স্মাৰক পত্ৰ দি ফুৰে তেওলোকে পোনচাটে আইনী ব্যবস্থাৰ সহায় লবও পাৰে । নলয়, লাগিলে পথ অৱৰোধ কৰিব, টায়াৰ জ্বলাব । অসম বন্ধ দিয়াতকৈ সচাঁ অৰ্থত কামেৰে আন্দোলন কৰক আৰু জাতীয় জীৱনৰ মূল সমস্যাৰ সতে যুঁজ দিয়ক ।
বৰ্তমান আমাৰ সমস্যা ব্ৰেইন ড্ৰেইন আৰু সংস্থাপনৰ অভাৱ, লগতে কাৰিকৰী শিক্ষাৰ অভাৱ । আজিও কিন্তু আমাৰ চেনেহৰ বিভিন্ন জনে বিহাৰী খেদিবলৈ ভাষণ দিয়ে বিভিন্ন মাধ্যমযোগে । পিচে যি সকলে এই ভাষণ দিয়ে তেওলোকেই দেখোন ‘মেড ইন চাইনা’ আৰু ‘মেড ইন বাংলা’ৰ ব্ৰেণ্ড এম্বেচাদৰ হৈ থাকিল । উদাত্ত ভাষণ দি মানুহক কোঙা কৰিব পাৰি, কিন্তু লেপ-তুলী চিলোৱা বা চুলি কটাৰ দৰে কাম কৰাব নোৱাৰি । এনেও আমাৰ ইয়াত পেচাব নকৰিব বুলি লিখিলেই দায়িত্ব শেষ হোৱা প্ৰদেশ । কাৰণ পেচাব আপোনাৰহে লাগিছে, লিখোতাৰ নাই লগা । গতিকে আপুনি নিজেই মেনেজ কৰক ধৰণৰ চিন্তা তেনেই সুলভ ।
আজি আমি অসমীয়া, নহওঁ দুখীয়া বুলি গালে বা দেৱালত বগাৰ ওপৰত ৰঙা চিঞাহীৰে লিখিলেই সমস্যাৰ শেষ নহয় । পাৰিলে এতিয়া ক্ষুদ্ৰ জাতিসত্তা এৰি একেলগে কাম কৰিবৰ হ’ল । জোৰ পুৰি হাত পালেহি । আৰু অসম বন্ধৰ দৰকাৰ নাই, পাৰিলে কাম কৰি বিদেশীক ভাতে মাৰিবলৈ উঠি পৰি লাগিবৰ হ’ল । ধৰ্ণা প্ৰতিবাদেৰে কাম সিজিবৰ দিন উকলিল । চিণ্ডিকেট চলাই আৰু লোকৰ পিঠাৰে বিহু পাতি থাকিলে এদিন আঁহতৰ তলত অসমীয়াৰ বিহু পেঁপাৰ সলনি থাকিব কেবল হুমুনিয়াহ আৰু হুমুনিয়াহ ।
(## বৰ অসমৰ ভেঁটী গঢ়া বুলিবলৈ আজান ফকিৰকে ধৰি আৰু বহুতৰে অৰিহণা উল্লেখযোগ্য । কিন্তু লিখাৰ মুল বিষয় বস্তুৰ পৰা ফালৰি কাটি যাব বুলিয়েই সকলোৰে উদাহৰণ আৰু আৰিহণাৰ বিষয়ে লিখা নহ'ল ।)
বৰ সুন্দৰ
ReplyDelete