Monday 27 April 2015

আধুনিক ৰামায়ণ

ৰামে যেতিয়া ৰাৱনৰ সমস্ত পৰিয়াল ধ্বংস কৰি লংকাৰ পৰা ঘূৰি আহিবলৈ লৈছিল, তেতিয়া ৰাৱনৰ পৰিয়ালৰ মৃত আত্মাবোৰে ৰামৰ চৰণত পৰি সুধিলে ……প্ৰভূ আমাৰ কি হ'ব ? 
আপুনি আমাৰ বংশ সম্পূৰ্ণ ধ্বংশ কৰি দিলে । মাত্ৰ এবাৰ কওক আমি পুনৰ এনেকুৱা তাণ্ডৱ কেতিয়া কৰিব পাৰিম ? 

তেতিয়া ৰামে ক'লে = কলি যুগত তোমালোকে ভাৰত বৰ্ষৰ অসম নামে ঠাইত জন্ম গ্ৰহণ কৰিবা । আৰু ৰাৱনৰ পিনে চায় ক'লে তুমি তাত গগৈ নামেৰে জনাজাত হৈ শাসন কৰিবা । 

তেতিয়া কুম্ভকৰ্ণই সুধিলে = প্ৰভূ মই কি নামেৰে জনাজাত হ'ম ? 

ৰাম = তুমি ৰকিবুল নামেৰে জনাজাত হবা আৰু সদায়েই কিবা নহয় কিবা মন্ত্ৰীত্বৰ বাব পাই থাকিবা ।

মেঘনাথে আগবাঢ়ি আহি ক'লে = প্ৰভূ মইটো যুৱৰাজ হয় ! 

ৰাম = চিন্তা নকৰিবা । তাতো তুমি যুৱৰাজ হিচাপেই জন্ম ল'বা । আৰু তোমাৰ নাম হ'ব গৌৰৱ ।

শেষত হাঁহি মাৰিলে অাৰু বিভীষৰ ফালে চাই ক'লে তাত হিমন্ত ৰূপে জন্ম ল'বা আৰু কামো এতিয়াৰ দৰেই হ'ব । আৰু এনেকৈয়ে ২০১৬ ত কোনো সুদক্ষ সেনাৰ হাতত তোমালোকৰ পতন হ'ব ।

এইখিনিকে কৈ ৰাম আহিবলৈ লওতেই সূৰ্পনখাই আগভেটী ধৰিলে আৰু ক'লে = প্ৰভূ মোৰ কি হ'ব ? 

ৰামে ক'লে =তুমি তাত ৰুমি নামেৰে জন্মগ্ৰহণ কৰিবা আৰু তোমাৰ কু-কৰ্মৰে নিজৰ নাক নিজে কাটিবা । ~সংগৃহীত~

Monday 13 April 2015

ৰঙালী বিহুৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছাৰে ।

বহাগ আমাৰ আয়ুস ৰেখা। ভাল লাগে বিহু বুলিলেই মন প্রাণ। আজি গৈছিলো আইজলবাসীৰ একমাত্র হুচঁৰি দলটোৰ প্রস্তুতি চাবলৈ। কেইটামান সৰু সৰু ল’ৰা ছোৱালীৰ লগ হৈ এইবাৰো আইজলত গুমগুমাই ঢোল বাই যাম, আহিব চাবলৈ। মোৰ মৰমৰ কেইজনীমান কোলাইবোকোচাই ডাঙৰ হোৱা মৰমলগা নাচনী ওলাইছে বিহু হুচঁৰিৰ বাবে। নেতৃত্বত আছে পবিত্র ঠাকুৰীয়া দা, বাপধন দা, অতুল শইকীয়া দা, প্রমুখ্যে কিছু লোক।আমাৰ মনবোৰ আজিও অসমীয়া বাবেই আমি চান্দা নুঠোৱাকৈ প্রতিবাৰেই বৰ সুন্দৰকৈ আৰূ জাক-জমকতাৰে বিহু পাতি আহিছো। আহিব পাৰিলে চাবলৈ আমাৰ কৃষ্টি জীয়াই ৰখাৰ পৰম্পৰা চাবলৈ। চিন্তা কৰিব নালাগে অসমৰ পৰা দুৰত হলেও আমি কিন্তু খাটি অসমীয়া জলপানেৰে আপ্যায়িত কৰিম। এতিয়াও আইজলবাসী অসমীয়াই শুধকৈ গাব জানে অ’ মোৰ আপোনৰ দেশ............... ।
এনেদৰেই আমি পাহৰি থাকিব বিচাৰো প্রিয়জন এৰি থকাৰ দুখবোৰ। বন্ধু-বান্ধবী সকল, বিহুৰ হিয়াভৰা ওলগ সকলোকে যাচিলোঁ। উৎসৱ পাতক, কিন্তু নিজৰ স্বকীয়তা বজাই ৰাখক পাৰিলে। মনত ৰাখিব, আমাৰ বিহু আমিয়েই ৰাখিব লাগিব চিৰকালৰ বাবে। পাৰিলে এবাৰ উপলব্ধি কৰকচোন (ভাবিবচোন) বিহুৰ বিনন্দিয়া ৰূপটো। গামোছা দিব নোৱাৰে বুজিছো। কিন্তু ‘হেপ্পি বিহু বুলি নিজৰ লগতে আনকো আনহেপ্পি নকৰিব’। নালাগে তেনে মামৰে ধৰা গেলা-পচাঁ শুভেচ্ছা। কৈ দিলোঁ। 
পাৰিলে আহক একেলগে উলাহেৰে গাই যাওঁ 
“বিহুটি বছৰি আহিবা, অসমী আইকে জগাবা..................”

জয়তু জন্মভূমি।।

Saturday 11 April 2015

কবিতা নহয় সত্য -----------------


যিদিনা পাহৰি যাম সিদিনা বুজিবা........./
বিচাৰি নোপোৱাৰ মানে কি.......!!!
পদুলিত দেও দিছিলা হঠাৎ /
অবতৰীয়া বতাহ এজাক হৈ,/
লঠঙা বুলি উপহাস কৰিবলৈ...।। 
চতিয়াই নগ'লা সেউজীয়াৰ সুবাস............
কিয় প্রতাৰিত নাজানিলো মই !!!
নিদ্রাহীন ৰাতিবোৰত নাপলো........../
তোমাৰ প্রতিশ্রুতিৰ প্রকাশ......!!!
মাথোন মিথ্যাচাৰৰ নৈ।।

Thursday 9 April 2015

ৰংপুৰৰ ৰঙামণি পিন্ধাই দিয়া সৰু ভনী/ আমি বিহু মাৰিব যাও ঐ/ গোবিন্দাই ৰাম............

ৰাতিপুৱাৰে পৰা মনটো ভাল নহয়। ক’ৰ পৰা জানো আহিছিল কুলি চৰাইজনী! কুউ কুউ কৈ বিনাই দি গ’ল মোক গাঁৱৰ বতৰা, বিহুৰ বতৰা, জাতিৰ বতৰা। গাত বয়সৰ চাপ পৰিলেও মনটো এতিয়াও বিচৰণ কৰে শৈশৱৰ সেউজ পথাৰ খনত। চিলা উৰুৱোৱা সমনীয়া বোৰৰ উকি বোৰ আজিও ভাহি আহে ৰিণি-ৰিণি কৈ। কিছু কথাৰ প্রতিধ্বনি এতিয়াও শুনোঁ মিজো পাহাৰত; ঠেকা খাই উজাই আহে বুকুলৈ। হুমুনিয়াহবোৰ চেপি ৰাখিব নোৱাৰোঁ কেতিয়াবা। কালি ৰাতি ফোন কৰোঁতে আইয়ে শুধিলে, ‘বাবা, তই নাহিলে বছৰেকৰ বিহুটিত গৰু কেইটাৰ গাত পানী দিব কোনে?’ উত্তৰ দিবলৈ চকু দুটা সেমেকি উঠিল। মই একো নকলো। অলপ সময় পিচত আইয়ে ক’লে, দুখ নকৰিবি, তই নাহিলেও আমিবোৰ সুখতেই আছো। বিহুৰ যা-যোগাৰ ভালদৰেই কৰিছো। কৈয়েই ফোনটো ৰাখি দিলে। বুজিছিলোঁ, একমাত্র পুতেক নোযোৱা কথাষাৰত আইয়ে চাগৈ চকুদুটা মোহাৰিছে। 

দেউতাই পঘা বটিৱ নোৱাৰে এতিয়া আগৰ দৰে। মৰাপাটৰ খেতিও নাই আজিকালি। কেঞাৰ বাকী খোৱা দোকানৰ পৰা প্লাস্টিকৰ পঘা কেইদালমান কিনি অনা ডাঙৰ খুৰাৰ ল’ৰাটোক হেনো দেউতাই বাৰুকৈ ভোৰভোৰালে। এৰা, খং উঠাৰে কথা। তাতশাল, মাঁকো আজিকালি খুব কমেই ব্যবহাৰ হয় আমাৰ গাঁৱত। কিবা বোলেনে ‘চেমি-আৰবান’, তাতেই আকৌ ‘নিউক্লিয়াৰ ফেমিলি’। মেক্সিৰ ভিৰত মেখেলা পলাল। মানুহৰ গাত দিবলৈকে গামোচা এখন নাই, তাতে আকৌ গৰুলৈ বিহুৱান। 
মোৰ কাষতে থকা ‘ঝলুটা বিল্ডিং’ৰ অসমীয়া ল’ৰা কেইটাই এইকেইদিন প্রায় উচ্চ সুৰত বিহু গান লগাই ৰাতিলৈকে হুলস্থূল কৰে। মাজে মাজে সিহতৰ লাদেন পেদেল মাৰি মাৰি পলায়, তাকো ঢলং-ঢপং কৈ। সিহতৰো পৰীক্ষা আহিছে বাবে ঘৰ যাব নোৱাৰে। উপায় নাই বাবেই মোৰ দৰেই তাহাতৰো হুমুনিয়াহবোৰ চাগৈ সপি দিছে গানৰ কোলাহলত। এইকেইদিন লগ’ৰ বেছিভাগেই ফোন কৰিলেই শুধে ঘৰত কেতিয়া যাম। হতাশ হৈ উত্তৰ দিও, প্রেক্তিকেল পৰীক্ষাৰ এক্সটাৰ্নেল ডিউটি আছে, গতিকে যাব নোৱাৰো। উপায়হীন হৈ হুমুনিয়াহবোৰ মেলি দিও ফেচবুকৰ পৃষ্ঠাত। হেডফ’নত বাজি উঠে ‘মৰম ঐ চিন্তা হ’ল এবস্তা, মৰম ঐ চিন্তা হ’ল দুবস্তা, মৰম ঐ .....................’ 
এতিয়াও মনত পৰে, গাঁৱৰ কথাবোৰ। গাঁওৰ সিমুৰে থকা শ্মশানৰ এটা চুকত এখন জাৰণি আছিল। তাতেই বেঁত, তৰা আৰু মাখিয়তী উভৈনদী আছিল। আমি কেইবাজনো একেলগে যাওঁ সেইবোৰ আনিবৰ বাবে, তাকো ভয়ে ভয়ে। আহোতে নৈত গা ধুই ৰাইজৰ গোঁসাই ঘৰত মূৰ দোৱাই লগত অহা ভুতবোৰ তাতেই ইশ্বৰক শোধাই আহো। বিহুৰ দুদিনমান আগৰ পৰাই খুউব ফুর্তি আমিবোৰৰ। তর্ক-বিতর্ক, কাজিয়া-পেচাল চলে কোনে একমাত্র ঢোলটো বাৱ, কাৰ ঘৰত কোন নাচনি নাচিব, কাৰ লগত কাৰ যোৰ মিলিব আদি অনেক কথা। তাতে আকৌ মই আছিলো দলপতি। কাৰণ দেউতা নটৰাজ থিয়েটাৰত কাম কৰা মানুহ। গতিকে তেতিয়াৰ দিনৰ দুজনমান অখ্যাত কিন্তু তীক্ষ্ণ প্রতিভা সম্পণ্ণ ব্যক্তি যেনে ৰজনী খুৰা, মিলিক বৰদেউতা, কৈলাশ (তালুকদাৰ) পেহাঁ আদি আমাৰ ঘৰলৈ প্রায়েই আহে। সেইবাবেই চাগে মই গান-বাজানা আদিৰ প্রতি অলপ ৰাপ থকা বিধৰ আছিলো। মোৰ ঘৰত থকা ঢোলটো আৰু তালযোৰ মোৰ বাবে দলপতি হোৱাৰ গৌৰৱৰ কাৰণ আছিল।
আমাৰ দলটোৰ গান আছিল চাৰিটামান, তাকো সম্পূর্ণ নাজানিছিলো। এতিয়াও দুচকুত ভাহি উঠে কনকলতা, সোণপাহী, ঊষা হতৰ কঁকাল ভাঙিব নজানা বিহু। মনে মনে এতিয়া বিচাৰি চাওঁ বুকুৰ গভীৰত হেৰাই যোৱা তেতিয়াৰ দিনৰ ৰুমাল দিয়া ধুনীয়া লাহৰীজনীৰ স্মৃতিবোৰলৈ। মইয়েই হেনো তাইৰ (সৰুকালৰ)ৰংমন। তাই নাচিলেই গাওঁবুঢ়াৰ চোতালত বুকু ফিন্দাই মই গাইছিলো, ‘কুঞ্জলতা কপৌ ফুল ফুলি আছে, হালি জালি নাচনী নাচি আছে....... হেৰা বুলিম মাতিম মই বিয়াৰে ঐ পিচতে, চাগৈ কান্দিবা পথাৰৰ মাজতে..............’
মেগি, ম’ম’ খাই খাই দেখোন পাহৰি গ’লো খুৰীহতে বনোৱা পচলাৰ জুতি। সাতবিহুৰ দিনা কৰা শাক-শাকতিৰ খিকিন্দালি মনে মনে বৰকৈ উপভোগ কৰিছিলো। সেইদিনা শাহু, বোৱাৰী, জীয়ৰী হতৰ কি চাব ফুর্তি, তাহাতৰ আধা কথা বুজিবলৈ আমি নাবালক গ্রুপৰ সাধ্যৰ বাহিৰ আছিল। কিন্তু এটা কথা তেতিয়াই বুজিছিলো যে সেয়া বিভিন্ন ৰকমৰ (বদহজমৰ?) ফুচুৰি আছিল। নিথৰ হৈ যাও ক্ষণিকৰ বাবে আজি। আইতাৰ সাধুকথাবোৰ, দেউতাৰ ঘোষাবোৰ, দুৰৈৰ পৰা হাত জোকাৰি বিদায় দিয়া মৰমৰ চকুহাল, বন্ধুৰ উকিবোৰ আজি দুখৰ পাহাৰ হৈ পৰিছে মোৰ বন্ধ কোঠাৰ বিলাসী চোফাত। মূর্খৰ বাকচটো (টিভিটো) খুলি বহি পৰো আবেগিক মনটোৰে। দুচকু সেমেকি যায় আজি বহাগৰ বাতৰিত। চিঞৰি চিঞৰি গাব ম’ন গৈছে তাহানিতে গোৱা বিহুফাঁকি, ‘জানমণি ওখ পর্বত হিমালয়, মৰম লাগে তোমালৈ............।’ 
শেষত আটাইলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আপোনালোকৰ মনবোৰ ৰঙেৰে পূর্ণ হওক, প্রেম-পীৰিতি, ভালপোৱাৰ বতৰাৰে মনবোৰ উপচি পৰক। তাৰেই কামনাৰে। একো নকৰিলেও বিহুৰ দিনা ভমকাফুলীয়া গামোচা এখন ডিঙিত লৈ মনে মনে হলেও বিহু এফাকি গুন-গুনাব। ঠিক মোৰ দৰেই.... “পর্বত বগালো, নদী পাৰে হ’লো/ ভ্রমিলো সাগৰৰ পাৰ/ বিচাৰি ফুৰিলো, হৃদয়তে পালো/ তইয়ে মোৰ কলিজাৰ এফাল.....................।”

Monday 6 April 2015

দেউতা তোমাৰ কথা আজিও মনত পৰিছে .


এজাক বৰষুণে ধুই নিলে আজি আইজলৰ বাটপথ। সেইসময়ত মনলৈ আহিল তাহানি দেউতাই মেলি থোৱা মৰাপাটৰ পঘা কেইদালৰ কথা। গৰুও ভালেকেইটা আছিল আমাৰ। সেইবাবে দেউতাই এই কামফেৰা বিহুৰ এসপ্তাহমান আগৰ পৰাই কৰে। এবাৰ দেউতাই কোনোবাফালে কিবা কামত ওলাই গৈছিল। যোৱাৰ আগত কেইদালমান পঘা বনায় তাৰ এদালত মেলি থৈ দিছিল। যোৱাৰ সময়ত দেউতাই কৈ গ'ল "বাবা যদি বৰষুণ আনে পঘা কেইদাল সুমুৱাই থবি"।

মই অ বুলি কৈ লগৰ কেইটাৰ লগত মার্বল খেলিব লাগি গ'লো। বৰষুণ আহিল আৰু গ'ল, পঘাৰো গা-ধোৱা সম্পূর্ণ‌ হ'ল। বৰষুণ যোৱাৰ বহু দেৰি পিছত কথাটো মনত পৰিল। দৌৰ মাৰিলো ঘৰলৈ। দেখিলো দেউতাই ইতিমধ্যে আহি ঘৰ পাইছিল। 
মাই আকাৰে ইংগিতে কিবা এটা কৈছিল। নুবুজিলো। কিন্তু গম পালো যে আজি কথা বিষম । দেউতাই আকৌ নতুনকে পঘা 'বতা'ৰ বাবে গুণ পকোৱাত ব্যস্ত। বৰষুণত তিতা কেইদাল হেন' বিহুৱান নহয়। লাহে লাহে দেউতাৰ ওচৰলৈ গ'লো দুখী দুখী ভাবত। দেউতাই মোৰ পিনে চাই মিচিককৈ হাঁহি লাহেকৈ ক'লে, ভয় খাব নালাগে অ' বাবা। নামাৰো আহ। আজি মাৰিলৈ পিচলৈ কথাবোৰ পাহৰি যাবি। আজি যদি নামাৰো এদিন হলেও মোৰ কথা মনত পেলাবি। পিচে পাৰিলে কথাবোৰ এবাৰতে মনত ৰাখিবিচোন।

মা-দেউতা দুয়োজনকে সেৱা জনালো। দেউতা তোমাৰ কথা আজিও মনত পৰি আছে। ভালদৰে থাকিবা আটাইবোৰ............।।