Monday, 6 April 2015

দেউতা তোমাৰ কথা আজিও মনত পৰিছে .


এজাক বৰষুণে ধুই নিলে আজি আইজলৰ বাটপথ। সেইসময়ত মনলৈ আহিল তাহানি দেউতাই মেলি থোৱা মৰাপাটৰ পঘা কেইদালৰ কথা। গৰুও ভালেকেইটা আছিল আমাৰ। সেইবাবে দেউতাই এই কামফেৰা বিহুৰ এসপ্তাহমান আগৰ পৰাই কৰে। এবাৰ দেউতাই কোনোবাফালে কিবা কামত ওলাই গৈছিল। যোৱাৰ আগত কেইদালমান পঘা বনায় তাৰ এদালত মেলি থৈ দিছিল। যোৱাৰ সময়ত দেউতাই কৈ গ'ল "বাবা যদি বৰষুণ আনে পঘা কেইদাল সুমুৱাই থবি"।

মই অ বুলি কৈ লগৰ কেইটাৰ লগত মার্বল খেলিব লাগি গ'লো। বৰষুণ আহিল আৰু গ'ল, পঘাৰো গা-ধোৱা সম্পূর্ণ‌ হ'ল। বৰষুণ যোৱাৰ বহু দেৰি পিছত কথাটো মনত পৰিল। দৌৰ মাৰিলো ঘৰলৈ। দেখিলো দেউতাই ইতিমধ্যে আহি ঘৰ পাইছিল। 
মাই আকাৰে ইংগিতে কিবা এটা কৈছিল। নুবুজিলো। কিন্তু গম পালো যে আজি কথা বিষম । দেউতাই আকৌ নতুনকে পঘা 'বতা'ৰ বাবে গুণ পকোৱাত ব্যস্ত। বৰষুণত তিতা কেইদাল হেন' বিহুৱান নহয়। লাহে লাহে দেউতাৰ ওচৰলৈ গ'লো দুখী দুখী ভাবত। দেউতাই মোৰ পিনে চাই মিচিককৈ হাঁহি লাহেকৈ ক'লে, ভয় খাব নালাগে অ' বাবা। নামাৰো আহ। আজি মাৰিলৈ পিচলৈ কথাবোৰ পাহৰি যাবি। আজি যদি নামাৰো এদিন হলেও মোৰ কথা মনত পেলাবি। পিচে পাৰিলে কথাবোৰ এবাৰতে মনত ৰাখিবিচোন।

মা-দেউতা দুয়োজনকে সেৱা জনালো। দেউতা তোমাৰ কথা আজিও মনত পৰি আছে। ভালদৰে থাকিবা আটাইবোৰ............।।

No comments:

Post a Comment