Monday 18 April 2016

ফেচবুকৰ আৰু উত্তৰপূৰ্বাঞ্চল

ফেচবুকৰ এঠাইত এজনে অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলক ভাৰতৰ মূল ভুখণ্ডৰ পৰা আঁতৰালেই অসম ধনে ধানে উভৈনদী হব বুলি লিখিলে ৷ তাত মই দিয়া মন্তব্য এটা মোৰ ফেচবুকীয়া বন্ধুৰ বাবে আগবঢ়ালোঁ ৷ সকলোৰে বাবে মতামতৰ দুৱাৰ খোলা আছে ৷৷
~~~~~~
ডাঙৰীয়া,
আপুনি কোৱা সীমাৰ বেৰখন দিব কোনে? ধৰি ল'লো বেৰখন দিলোঁ, তাৰ পিচত এবছৰতে ধনী হোৱা অসম দেশখন চলাব কোনে? নৰকাসুৰৰ দিনৰ পৰা থকা কছাৰীসকলে? ভাস্কৰ বৰ্মনৰ দিনৰ পৰা থকা কলিতাকে ধৰি অন্য জনগোষ্ঠী সকলে? বাৰভুঞা সকলে? উজনিৰ চুতীয়া, মৰাণ, মটক সকলে? আহোম সকলে? বৃটিছৰ সময়ত অহা বাগানীয়াসকলে? নে মৈমনশিঙিয়া, ৰংপুৰীয়া, ছিলেটীয়া সকলে? বামুন, গণকৰ লগতে পোন্ধৰ শতিকাৰ পৰা থকা মুছলমানৰ নামো আছে এই তালিকাত ৷
অসমৰ লগতে বাকী সাতখন ৰাজ্যই বেৰ দিবলৈ একেলগে যাবনে? ফেচবুকত দেশ স্বাধীন কৰাটো বা তাৰ সম্ভাৱনা তেনেই উজু ৷ কিন্তু বাস্তৱত স্বাধীন অসমৰ ধাৰণা 1826 তেই শেষ, আৰু পিচলৈ 1947 সম্পূৰ্ণকৈ নিশে:ষ হৈ গৈছে ৷ স্বাধীন হোৱাৰ আগতে অসমীয়াই অসমীয়া হোৱাৰ চেষ্টা কৰক / কৰাওক ৷
এতিয়াও দেখোন উজনিৰ ফালে নামনিৰ মানুহখিনিক ঢেকেৰী বুলি কয় (বিৰক্তিত নিজেও এৰি আহিছোঁ উজনিৰ চাকৰি) ৷ সেইবাবেই স্বাধীন অসম বুলিবলৈ হাঁহি উঠে, সংকোচো হয় ৷
আপোনাৰ লিখাটোত যথেষ্ট কথা কলে যে পুৱৰ দুৱাৰ বন্ধ, কাহানিও নোখোলে ৷ পিচে 'লুক ইষ্ট'ৰ অধীনত কলকাতাৰ পৰা মিজোৰাম হৈ ইণ্টাৰনেছনেল হাইৱে আৰু ৰেইল প্ৰজেক্ট শেষ হবলৈ গৈ আছে ৷ খবৰবোৰ ৰাখেনে! ডোনাৰ মিনিষ্ট্ৰিৰ অধীনত মোৰে-টামু হৈ বেংককলৈকে ৰাস্তাৰে যাব পাৰিব 2017 চনৰ পৰা ৷ সেই কথাবোৰ মিছা নেকি?
আচলতে পুৱৰ দুৱাৰ খুলিলেই অসমৰ উন্নতি হব বুলি মনে নকয় ৷ কাৰণ 'মেড ইন চাইনা' সামগ্ৰীৰ উৎপাতত দেৱালীৰ সময়ত থলুৱা শিল্পীৰ যিটো দুৰৱস্থা হয় সেয়াও যে বহুগুণে বাঢ়িব তাক অস্বীকাৰ কৰিব পাৰিম জানো ? মই ভাৰত ৰাষ্ট্ৰৰ তোষামোদ নাই কৰা ৷ কিন্তু মিছা আৰু বাস্তৱায়িত হোৱাৰ সম্ভাৱনা নথকা সপোনৰ পিচত দৌৰি থকা বা দৌৰাব খোজাসকলৰ লগত একমত নহয় ৷ সেইবাবেই মনৰ ভাবখিনি কলো ৷ কাৰোবাৰ মনপুত হবই লাগিব বুলি নাই কোৱা ৷ গতিকে অযথা লাগি নধৰিব ৷ স্বাধীন অসমৰ লিখাখিনিৰ ওপৰত নিজৰ একান্ত ব্যক্তিগত অনুভৱ খিনি বেকত কৰিলোঁ ৷ সহমত নহলে গালি গালাজৰ সলনি যুক্তিৰে সুস্থ আলোচনাও কৰিব পাৰি ৷ ধন্যবাদ ৷৷

~~~ মই ভোট কাক দিম আৰু কিয় দিম~~~


06/04/2016
নিউজ টাইমত কালি অদীপ ফুকন আৰু ইছমাইল হুছেইন ডাঙৰীয়াই কাৰ্যত মুখা খুলি দিছে বুদ্ধিজীবী সমাজৰ শেহতীয়া কাৰ্যৰ ৷ পাহৰিলে ভুল হব যে ৪৩ জন স্বাক্ষৰকাৰীৰ ভিতৰত ইছমাইলদা, আৰু ফুকন ডাঙৰীয়াও আছিল ৷ কবি নলীনিধৰ ভট্টাচাৰ্যৰ চহী অনাৰ সময়তো অলপ বেলেগকৈ কৈছিল আৰু চহী আনিছিল ৷ ইমানৰ পিছত আৰু বেলেগকৈ কিবা কব বা বুজাব লাগে বুলিয়েই মই নাভাবোঁ ৷ 
আচলতে যোৱা কিছুদিনৰ পৰা অসমত এটা সাংঘাটিক পৰিবেশৰ সৃষ্টি কৰা হৈছে ৷ কথাটো হল সংখ্যালঘু সম্প্ৰদায়ৰ মূৰত এইটো সোমাই দিবলৈ যত্ন কৰা হৈছে যে বিজেপি মানেই মুছলমানৰ শত্ৰু ৷ কথাটো কিমান দুৰ গ্ৰহণযোগ্য? আজি যিজন আজমলে এণ্টিবিজেপি বুলি কয়, সেইজনেই আকৌ কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিচত মোডীক বৰে ভাই আৰু মুছলমানৰ মিত্ৰ বুলি কোৱা নাছিলজানো? আচলতে যিসকলে বিজেপিক মুছলমান বিৰোধী বুলি প্ৰক্ষেপ কৰিছে, তেওলোকৰ ভয় হৈছে, যদি কিবাকৈ মুছলমানেও এওলোকক এৰে তেন্তে এওলোক অথাই সাগৰত পৰিব ৷
যি কংগ্ৰেছে দুখীয়াৰ বন্ধু, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বুলি কয় সেই কংগ্ৰেছৰ নৰসিংহ ৰাৱৰ চৰকাৰ থকা দিনতেই বাবৰি মছজিদ ভাঙিছিল ৷ নেলী হত্যাকাণ্ডৰ আৰত কোন আছে বিচাৰিবলৈ অতদিনে কংগ্ৰেছৰ সময় কিয় নহ'ল ৷ আজি চৰ অঞ্চলৰ উন্নয়নৰ কথা কোনেও নকয় ৷ জনবিষ্ফোৰণৰ কথা কোনেও নকয় ৷ সংঘ্যালঘু অধ্যুষিত অঞ্চলত বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ কথা কোনেও নকয় ৷ কাৰণটো হ'ল যিদিনাই চৰ অঞ্চলৰ মুছলমান আৰু চাহবাগানসমূহত কাম কৰা মজদুৰে নিজৰ বিবেকেৰে ভোট দিব শিকিব সিদিনাই কিন্তু আমাৰ নেতা সকলৰ সান্দহ খোৱা বালি তল যাব ৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মা এষাৰ ভাষন ভাল লাগিল ৷ তেও ক'লে যে সূতা কম্বলৰ সলনি চাকৰি আৰু সংস্থাপন দিম ৷ তাৰেই সূতা কম্বল কিনিব আৰু মূৰ দাঙি জীয়াই থাকিব ৷ পালন কৰে বা নকৰে নাজানো, কিন্তু উক্তিটো মনপুত হৈছে ৷
আচলতে অসমৰ ৰাজনীতিত হঠাতে এক আমূল পৰিবৰ্তন হৈছে ৷ এইবাৰৰ নিৰ্বাচন আটাইতকৈ বিতৰ্কিত নিৰ্বাচন বুলি ইতিমধ্যে চৰ্চিত হৈছে ৷ ফেচবুকেই হওক, নিউজ চেনেলেই হওক, সকলোতে কেবল মাত্ৰ নিৰ্বাচন আৰু পক্ষপাত ৷ হেলিকপ্টাৰ, টকাৰ পযোভৰ, মিথ্যাচাৰ, হোৰ্ডিং, আদিৰ পৰা আৰম্ভ কৰি ভোটদানৰ হাৰলৈকে, সকলোতে এক সাংঘাটিক প্ৰতিযোগিতা আৰু প্ৰতিক্ৰিয়া ৷ 
ৰাজনৈতিক দলসমুহে নিজৰ কিছু নিৰ্দিষ্ট এজেণ্ডা আৰু শ্লোগানৰ জৰিয়তে নিৰ্বাচনত নামিছে ৷ নামিবই ৷ যেনে ধৰক তৰুণ গগৈ দেৱে কৈছে এজিপি বিজেপি গুপ্তহত্যাকাৰী ৷ পিচে হাঁহি উঠে যে পোন্ধৰবছৰে তেও গুপ্ত্যহত্যাকাৰীক বিচাৰিবলৈ গুৰুত্বই নিদিলেচোন ৷ বিশিষ্ট বুদ্ধিজীৱী সকলে এইকেইদিন বৰকৈ কৈছে বিজেপিত অপৰাধীৰ সংখ্যা বেছি ৷ হয়, মইও একমত ৷ কিন্তু কংগ্ৰেছতো দেখোন দাগী অপৰাধী, জেললৈ যোৱা নেতাৰ অভাৱ নাই ৷ তেন্তে এজন মদাহীয়ে আনজনক মাতাল বুলি ক'লেই শেষ নেকি? 
ৰাজনীতি কৰক সঁচা অৰ্থত বিশ্বাস আৰু বিকাশৰ ৷ বিকাশ তেতিয়াহে হব, যেতিয়া প্ৰসূতি সকলে সকলো অঞ্চলৰ পৰাই ১০৮ ৰ সুবিধা পাব ৷ বিশ্বাস তেতিয়া হব, যেতিয়া সকলোৱে নিজৰ ঘৰখন তলা মাৰি অন্ততঃ সপৰিয়ালে বজাৰলৈ যাব পাৰিব ৷ এইবিলাক কথা ক'বলৈ নেতা সকলে নাজানে নে নকয়? নে শৰাইঘাটৰ শেষ ৰণ, বাদ দিয়াহে, আল্লাহৰ ফৰমান, ভাষাক লৈ দিখণ্ডিত অসম আদিৰ ইচ্যুৰে আকৌ এবাৰ ৰাইজক ঠগিব? নঠগিব আমাক ৷ বুদ্ধিজীবী সকলৰ কাম হৈছে ৰাইজক সত্যৰ বিষয়ে অবগত কৰোৱা ৷ আংশিক সত্যৰে ভোটাৰক দ্বিধাবোধত পেলাই সংবাদ মেল পাতিলেই শেষ নহয় কথাবোৰ ৷ ভোটদান প্ৰতিজন ভাৰতীয়ৰ জন্মগত অধিকাৰ ৷ আমিও ভোট দিবলৈ সংবিধানসন্মতভাৱে যোগ্য ৷ আমাৰ ভোট আমাৰ নিজৰ আঙুলিৰে দিবলৈ দিয়ক ৷ অনুগ্ৰহ কৰি আপোনালোকে আঙুলিত ধৰি টানিবলৈ নাহিব ৷ 
#######

থোলোকৰ চেলফি


09/04/2016
ভাৰতীয় সমাজ গাওপ্ৰধান সমাজ ৷ একেদৰেই অসমীয়া সমাজ ৷ অসমীয়াৰ সমাজ বুলিলে চহাৰ সমাজ এখনহে আছিল ৷ পৌৰাণিক যুগৰ পৰা সৌসিদিনালৈকে অসমীয়া জনজীৱন চহৰীয়া জীৱনৰ পৰা বহু দুৰৈত সম্পূৰ্ণ এক সুকীয়া সমাজব্যৱস্থাৰ মাজেৰে পৰিচালিত হৈছিল ৷ সামাজিক বান্ধোন আৰু পৰম্পৰা প্ৰধান অসমীয়া সমাজত পাপবোধ, গ্লানি, অন্যায় আদিৰ পৰা দুৰত নীৰৱে পৰিচালিত এক সমাজ আছিল ৷ সৌ সিদিনালৈকে বিনিময় প্ৰথা, এডোণ ধানৰ সলনি বস্তু লোৱা, গাঁৱৰ বিয়া সবাহত উবুৰি খাই পৰা, আদিৰে পৰিচালিত হৈছিল জীৱনধাৰা ৷

তাৰ পিচতে হঠাতে যেন এক আমূল পৰিবৰ্তনৰ দিশে ধাৱমান হয় অসমৰ জনজীৱন ৷ ভাষা আন্দোলন, শ্বিলংৰ পৰা ৰাজধানী স্থানান্তৰ আৰু অসম আন্দোলনে হঠাতে এক আমূল পৰিবৰ্তনৰ বাটে লৈ যায় চহাৰ জীৱন ৷ পিকেটিং, মিচিল, আদিৰে ভৰপূৰ সমাজখনত সামাজিক মূল্যবোধক দ্ৰুত স্খলন ঘটে 1990 ৰ দশকৰ পৰাই ৷
আলফা, অপাৰেছন ৰাইনো, বজৰং আদিৰ লগত জড়িত বিভিন্ন ঘটনাৰ পৰাই মানুহে জীৱনৰ অন্য দিশবোৰৰ লগতে আৰু অপৰাধবোধৰ পাঠ লবলৈ আৰম্ভ কৰে ৷ মানুহে যেন কমসংখ্যক দিনত অধিক কথা শুক্লেশ্বৰ ৷ হঠাতে চহাৰ পদুলি উখলমাখল হৈ উঠিল বিপ্লবী আৰু মিলিটাৰিৰ দৌৰাদৌৰি আৰু টনা আজোৰাত ৷ হত্যা, বলাৎকাৰ, ধনদাবী আদিৰ লগত পৰিচয় হয় গাৱলীয়া সমাজখনৰ লোক ৷ বন্দুক, পুলিচ আদিলৈও ভয় কমি আহিল চহাৰ পুতেকসকলৰ ৷ 
এইফালে সুৰুঙা বুজি টেলিভিচনে ঠাই ললে চহাৰ চৰাঘৰত ৷ ডিডি ১, ডিডি মেট্ৰ, ডিডি ২, আদি চেনেলৰ নামে গাৱলীয়া জীৱনক আকৃষ্ট কৰে ৷ মহাভাৰত, চন্দ্ৰকান্তা আদিয়ে মানুহক নতুন জীৱন ধাৰণৰ বিষয়ে লাহে লাহে পাঠ পঢ়ায় ৷ তথাপিও সামাজিক বান্ধোন অটুত আছিল ৷ নামঘৰত নাম প্ৰসংগ হৈছিল ৷ কেবল টিভি আৰু টেলিফোনৰ প্ৰসাৰে মানুহক লাহে লাহে পুৰণা সামাজিক পৰিবেশৰ পৰা বজাৰমুখী সমাজলৈ পৰিবৰ্তিত কৰিব ধৰে ৷
মনমোহন সিং বিত্ত মন্ত্ৰী হৈ ভাৰতৰ মন্দা অৰ্থনৈতিক ব্যৱস্থাৰ সংস্কাৰ কৰে আৰু ভাৰতীয় অৰ্থনীতিক উদাৰীকৰণ কৰাৰ লগতে ভাৰতীয় বজাৰখনত বিদেশী সামগ্ৰীৰ প্ৰবেশ উজু কৰে ৷ তাৰ লগে লগেই আমুল পৰিবৰ্তন হয় দেশৰ লগতে অসমৰো গাৱলীয়া জীৱন ৷ তাৰ পিচতে বাজপেয়ী চৰকৰৰ দিনত গাৱঁত ৰাস্তা পদুলিৰ সংস্কাৰ হয়, চহাৰ পথাৰত ট্ৰেক্টৰ নামে, পঞ্জাবৰ গ্ৰীণ ৰিভউলিউচন আহি আঘোণাৰ পদুলি পায় ৷
ইমানলৈকে গাৱলীয়া চহাৰ জীৱনত মূল্যবোধ আৰু পৰম্পৰা বহুপৰিমাণে অটুত আছিল ৷ তাৰ পিচতেই হঠাতে মহন্তৰ কোৱাৰ্টাৰ বটল আহি সোমাই অসমীয়াৰ মাজত ৷ ইণ্টাৰনেট আৰু মোবাইলৰ দ্ৰুত প্ৰসাৰেও হঠাতে গ্ৰাস কৰে চহাৰ লৰা-ছোৱালীক ৷ ভোগবাদী পশ্চিমৰ সমাজ ব্যৱস্থাই নিশেঃষ কৰিবলৈ আৰম্ভ কৰে যুৱ প্ৰজন্মক ৷
ছোৱালীৰ ফালে চকু তুলি চাব নোৱাৰা চহা অসমীয়াৰ পোৱালী এতিয়া বলাৎকাৰৰ বাবে একমিনিট নাভাবে ৷ গাৱৰ অলিয়ে গলিয়ে পিস্তল লৈ ঘুৰিবলৈ লাগিল ৷ লোকক দেখি দেখি দাবী ধমকিৰে টকা আদায় কৰিবও শিকিলে ৷ ইজি মানিৰ বাবে পুতেকে বাপেকৰ হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হল ৷
সোৰোপা চৰকাৰ, নিৱনুৱা সমস্যা, বাৰকুৰি তেৰটা সংগঠন আৰু বাৰমহীয়া আন্দোলন, সৰ্বশেষত ফেচবুকৰ আক্ৰমণত নিশেঃষ হৈ গৈছে গাৱলীয়া জীৱন ৷ বৰ্তমান আধুনিকতাৰ নামত অপসংস্কৃতিৰ উৰ্বৰ পথাৰ গাৱসমুহ ৷ এফালৰ পৰা গ্ৰাস কৰিছে সৰ্বাধিক তীব্ৰতাৰে গাৱঁলীয়া জনজীৱন ৷
নগৰীয়া সমাজতকৈও অধিক দ্ৰুতগতিত যেন নিশেষ হৈছে গাঁৱলীযযা জীৱন আৰু সংষ্কৃতি ৷ বহুতেই মতপোষণ কৰে যে গাঁৱত এতিয়া নগৰৰ চামৰ লগত ফেৰ মাৰিব পৰা মক্কেলৰ অভাৱ নাই (ৰগৰ হ'লেও সঁচা) ৷ আচলতে নগৰৰ জীৱনত ডিজিটেল জীৱনে হয়তো সিমান সৰ্বনাশ কৰা নাই, যিমানখিনি গাঁৱত কৰিছে ৷ মই ভাবো গাৱঁলৈ আধুনিকতাৰ জুই বিয়পিবলৈ বাকী নাই, অন্ততঃ যুৱচামৰ মাজত ৷ হয়তো কিছু ক্ষেত্ৰত সামাজিক বান্ধোন আছে আজিও ৷ কিন্তু বেছিদিন নিটিকে ৷ ডিটিএইচ চাৰ্ভিচ আৰু মোবাইল ইণ্টাৰনেটে ঘোলা কৰি দিলে গাৱঁৰ জীৱন৷ ঘোকোট গাৱৰ লৰাই আজি ভালকৈয়ে চিনি পায় চানি লিঅ'নি কোন ৷ সামাজিক জীৱনত ভোগবাদৰ পণ্য সোমাইছে হোৰাহোৰে ৷ (★মোৰ ব্যক্তিগত অনুভৱ আৰু মই দেখা সমাজখন ৷৷)

~~হেপ্পি বিহু ডীয়েৰ~~

হঠাত পোৱা এই বাৰ্তাটোৱে মনটো খেলিমেলি কৰি দিলে ৷ আচলতে যিদিনাই ঘৰলৈ যাব নোৱাৰা খবৰটো খাটাং হৈছিল, সিদিনাৰ পৰাই মনক বান্ধিছিলোঁ ৷ কথাতে আছে, বোলে মনক নিদিবা লাই ৷ পিচে লাই লফা আদি শাকবোৰ আজিকালি আবেলিৰ হাটত হালি-জালি নুফুৰে ৷ আজিকালি কেপচিকাম, জুইচ্, চ'চ্ আদিয়েহে পোনচাটে পাকঘৰৰ ফ্ৰীজত ঠাই পায় ৷
আগতে বহাগৰ বিহু মানেই মনত তত নোহোৱা যেন লাগে ৷ গাৱৰে মহাজনৰ বাৰীৰ পাকৰিজোপাত থকা কপৌফুল, শ্মশানৰ ফালেদি পোৱা ঘাটত থকা মাখিয়তিবোৰ, বিলৰ পাৰত থকা তৰাৰ ঝাৰণিডৰা, বাৰীৰ ফালে থকা কেতুৰি, কাজলগুৰি আদি জোগাৰ কৰাৰ আনন্দ কিমান সেয়া ফেচবুকত হেপি বিহুৰে চেলফি দিয়া সকলে অনুভৱ কৰিব পাৰিব জানো?
যোৱাকালিৰে পৰা মনটো সেমেকি আছে বিভিন্ন কাৰণত ৷ মনত হেজাৰ অভিমান, এবুকু শূন্যতা ৷ অবশ্যে খুড়াৰ লৰাজন এইবাৰ মেট্ৰিক দি ইয়ালৈ থকাকে আহিছে বাবে মনৰ দুখ কিছু পাতলিছে ৷ তথাপি কালি সন্ধিয়াৰ পৰাই চেনেল বিহু আৰু হেপ্পি বিহুয়ে মনটোক গ্ৰাস কৰিছে ৷ এইমাত্ৰ উৰি যাব পৰা হ'লে ৷ গৈয়েই জাপ মাৰিলোহেতেন টিহু নৈৰ বুকুত ৷ শ্মশানৰ ঘাটত ৷ আচলতে আমাৰ গাৱত তিনিতা ঘাট ৷ শ্মশানৰ ঘাট, তিৰি (তিৰোতাৰ)ৰ ঘাট, দলংৰ ঘাট ৷ ইয়াৰে শ্মশানৰ ঘাটত ডেকাবোৰ আহে ৷ মানুহৰ আহ-যাহ নাথাকে ৷ সেইবাবেই ইয়াত ৰগৰ, ফুচৰিৰ পৰা আৰম্ভ কৰি কত ধৰণৰ মেল ৷ বিড়ি-চিগাৰেট হুপাৰ ট্ৰেইনিং, চিঠি লিখা, ছোৱালী পতোৱাৰ অাদিপাঠ, আৰুযে কত কি… ক'বলৈকে লাজ লাগে যদিও ৰোমন্থনো ভাল লাগে ৷ তিৰিৰ ঘাটত সাধাৰণতে মতা মানুহবোৰ কমেইহে যায় ৷ ৰাতিপুৱা একেবাৰেই নাযায় ৷ কাৰন জীয়ৰী বোৱাৰীৰ গা ধোৱা ঘাট সেইটো ৷ বাকী সকলৰ বাবে দলংৰ ঘাটেই সৰ্বোত্তম ৷
তেতিয়াৰ দিনত কপটতা, দাদাগিৰি, দালালগিৰি, চোৰ-চাতুৰি আদি শব্দবোৰ তেনেই অচিনাকি আছিল ৷ গাঁৱৰ সকলোবোৰ কথা মিটিং পাতি সমজুৱা হিচাপে কৰি লৈছিল ৷ ধনী দুখীয়াৰ প্ৰভেদো বিশেষ নাছিল ৷ এতিয়াও মনত পৰে… এবাৰ বহাগৰ বিহুৰ ঠিক আগদিনাখন সন্ধিয়া থেপিমাকো (থেপী পেহীৰ মাক) আবুৰ ঘৰৰ চাল-বেৰ সকলো উৰুৱাই নিলে বতাহে ৷ বুঢ়ী আৰু জীয়েকে ৰাউচি জুৰিলে ৷ বতৰ শাম কটাৰ লগে লগে গাঁৱৰ মানুহ সকলো আহিল ৷ পিছদিনা মঙ্গলবাৰ, বাহ কটা নিষেধ, তাতে আকৌ বিহু ৷ গতিকে ৰাইজে সিদ্ধান্ত ল'লে ৰাতিয়েই কিবা এটা কৰাৰ ৷ কথামতেই কাম ৷ গাঁৱখনত থকা দুয়োটা মেন্থেল লাইট (হেঁচক-লাইট) অনা হল ৷ কপাল ভাল টাৱৈৰ ঘৰত এখন আনিথোৱা পুৰনি মেন্থেলো আছিল ৷ ৰাইজে টৰ্চ, লেম্প, চাকি আদিৰে লাগি গ'ল কামত ৷ এতিয়াও মনত আছে, সেইৰাতিৰ দৰে ফূৰ্তি কেতিয়াও কাকো কৰা দেখা নাই আজিলৈকে ৷ পুৱা গৰু ধুৱাই আহি আবুৰ ঘৰটো চাব গলো ৷ দেখিলো বুঢ়ীৰ ঘৰৰ উৰুখা চালৰ সলনি নতুনকৈ চোঁৱা চাল ৷
আজিকালি এইখিনি কথা কল্পনাৰ কাহিনী বুলিবলৈ তেনেই উজু ৷ চকুৰ আগতে দেখিলো মানুহৰ মনবোৰৰ পৰিবৰ্তন হল ৷ বজাৰত যেনেকৈ কাপোৰৰ মোনাৰ সলনি পলিথিন সোমাল, অসমীয়াৰ মাজতো ডিজিটেল কথা, চিন্তাবোৰ সোমাল ৷ এতিয়া বিহুৰ শুভেচ্ছা দিলো বুলি কবলৈও সময়ৰ নাটনি ৷ তাতে আকৌ ৰেডিও জকিৰ খিচিৰিখমীয়া ভাখাৰ (ভাষা) কথাবোৰেও আমাক বৰকৈ আকৃষ্ট কৰে ৷ অসমীয়াৰ বিহু গছৰ তলত নৰ'ল, একেবাৰে চিডিৰ পাকত ঘুৰি ক'ক ষ্টুডিঅ পালেগৈ ৷ সিদিনা আকৌ এজনে ক'লে বোলে দাদা ৰ'কজ বিহুৰ প্ৰস্তুতিৰ বাবে মাতষাৰ দিব নোৱাৰা হৈছো, ডণ্ট মাইণ্ড ৷ মই বোলো হব, মাইণ্ড নকৰোঁ পিচে এই ৰ'কজ বিহু কিনো? সি বহুত কিবাকিবি ক'লে ৷ কিন্তু মই মাত্ৰ বুজিলো যে ৰ'কজ বিহু মানে ৰোগগ্ৰস্ততাৰ কবলত পৰা এবিধ অতিআধুনিক বিহু, যাক এচামে ৰেপি ৰেপি শেষ কৰিছে ৷ হবই দিয়কচোন ৷ সিদিনা ইউটিউবত দেখিলো অসমীয়াৰ "ডিস্ক' বিহু" ৷ বিহুৰ নামত নগ্নতাক কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰি বুজিবলৈ হ'লে এই 'ডিস্ক' বিহু' চাব এবাৰলৈ ৷
আচলতে সকলোতে ভেজাল খাই খাই, হাইব্ৰিডৰ মজা লৈ লৈ আমি আচলবোৰ পাহৰিলোঁ ৷ ইতিহাসে কয়, যি জাতিয়ে নিজৰ সংস্কৃতি আৰু পৰম্পৰা বন্ধকত থয়, সেইজাতিৰ পিছলৈ অস্বিত্ব নৰয় ৷ পুৱাই মাক ফোন কৰিলোঁ, বিহুৰ বতৰা লবলৈ ৷ মাই এফালৰ পৰা কৈ গ'ল নতুনকৈ পোৱালি জগা গাইজনীৰ কথা, পুখুৰীত হোৱা হেলচি শাকৰ কথা, যোৱাবাৰ ছুটীত যাওতে কৰি অহা খেতিখিনিৰ কথা, বুঢ়ী গাইজনীৰ গাখীৰৰ পৰিমান কমাৰ কথা, কুল খুড়াৰ তিনিগুণীয়া পঘাৰ দাম বঢ়াৰ কথা, কালিলৈ হবলগীয়া বাকীৰ দোকানৰ হালখাতাৰ কথা ৷ মাই কৈ গল, মই শুনি গ'লো ৷ মনটো অবুজ বেদনাত ভৰি পৰিল ৷ ফোনটো কাটি চকুদুটা মুদিলো ক্ষন্তেকৰ বাবে ৷ ভাইটিয়ে চিঞৰিলে, দাদা উঠ, অফিচৰ সময় হ'ল ৷
এৰা, কৰ্মই ধৰ্ম বুলি ওলালো কৰ্মস্থলীলৈ ৷ অহাৰ আগেয়ে ভাইটিক কলো বোলো আজি ভাত নাখাও দুপৰীয়া ৷ চিৰা খামদে ৷ মই আহোতে কেণ্টিনৰ পৰা মিঠা দৈ লৈ আনিম ৷ পিচে সি ক'লে, "তুমি যি খোৱা খাবা ৷ মই মেগীৰেই কাম চলাম ৷ এনেও দৈ চিৰা ভাল নালাগে" ৷ মই হবদে বুলি কৈ আহি গাড়ী ষ্টাৰ্ট কৰিলোঁ ৷ এৰা, দৈ চিৰা খোৱাতকৈ মেগীয়েই বেষ্ট ৷ আনক, খোলক, লৰাওক দুই মিনিট আৰু খাওক ৷ খাই উঠি মেচেজ কৰক বিন্দাচ্ "হেপ্পি বিহু" বুলি৷
@
#‪#‎ৰঙালী‬ বিহু আৰু আগন্তুক অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলো প্ৰতিজন সুহৃদক আৰু প্ৰতিগৰাকী অসমীয়াক । সফল হওক , সপোনবোৰ বাস্তৱ হওক, তাৰেই কামনাৰে ৷
ঘনশ্যাম ডেকা, আইজলৰ পৰা ৷