Monday, 18 April 2016

ফেচবুকৰ আৰু উত্তৰপূৰ্বাঞ্চল

ফেচবুকৰ এঠাইত এজনে অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলক ভাৰতৰ মূল ভুখণ্ডৰ পৰা আঁতৰালেই অসম ধনে ধানে উভৈনদী হব বুলি লিখিলে ৷ তাত মই দিয়া মন্তব্য এটা মোৰ ফেচবুকীয়া বন্ধুৰ বাবে আগবঢ়ালোঁ ৷ সকলোৰে বাবে মতামতৰ দুৱাৰ খোলা আছে ৷৷
~~~~~~
ডাঙৰীয়া,
আপুনি কোৱা সীমাৰ বেৰখন দিব কোনে? ধৰি ল'লো বেৰখন দিলোঁ, তাৰ পিচত এবছৰতে ধনী হোৱা অসম দেশখন চলাব কোনে? নৰকাসুৰৰ দিনৰ পৰা থকা কছাৰীসকলে? ভাস্কৰ বৰ্মনৰ দিনৰ পৰা থকা কলিতাকে ধৰি অন্য জনগোষ্ঠী সকলে? বাৰভুঞা সকলে? উজনিৰ চুতীয়া, মৰাণ, মটক সকলে? আহোম সকলে? বৃটিছৰ সময়ত অহা বাগানীয়াসকলে? নে মৈমনশিঙিয়া, ৰংপুৰীয়া, ছিলেটীয়া সকলে? বামুন, গণকৰ লগতে পোন্ধৰ শতিকাৰ পৰা থকা মুছলমানৰ নামো আছে এই তালিকাত ৷
অসমৰ লগতে বাকী সাতখন ৰাজ্যই বেৰ দিবলৈ একেলগে যাবনে? ফেচবুকত দেশ স্বাধীন কৰাটো বা তাৰ সম্ভাৱনা তেনেই উজু ৷ কিন্তু বাস্তৱত স্বাধীন অসমৰ ধাৰণা 1826 তেই শেষ, আৰু পিচলৈ 1947 সম্পূৰ্ণকৈ নিশে:ষ হৈ গৈছে ৷ স্বাধীন হোৱাৰ আগতে অসমীয়াই অসমীয়া হোৱাৰ চেষ্টা কৰক / কৰাওক ৷
এতিয়াও দেখোন উজনিৰ ফালে নামনিৰ মানুহখিনিক ঢেকেৰী বুলি কয় (বিৰক্তিত নিজেও এৰি আহিছোঁ উজনিৰ চাকৰি) ৷ সেইবাবেই স্বাধীন অসম বুলিবলৈ হাঁহি উঠে, সংকোচো হয় ৷
আপোনাৰ লিখাটোত যথেষ্ট কথা কলে যে পুৱৰ দুৱাৰ বন্ধ, কাহানিও নোখোলে ৷ পিচে 'লুক ইষ্ট'ৰ অধীনত কলকাতাৰ পৰা মিজোৰাম হৈ ইণ্টাৰনেছনেল হাইৱে আৰু ৰেইল প্ৰজেক্ট শেষ হবলৈ গৈ আছে ৷ খবৰবোৰ ৰাখেনে! ডোনাৰ মিনিষ্ট্ৰিৰ অধীনত মোৰে-টামু হৈ বেংককলৈকে ৰাস্তাৰে যাব পাৰিব 2017 চনৰ পৰা ৷ সেই কথাবোৰ মিছা নেকি?
আচলতে পুৱৰ দুৱাৰ খুলিলেই অসমৰ উন্নতি হব বুলি মনে নকয় ৷ কাৰণ 'মেড ইন চাইনা' সামগ্ৰীৰ উৎপাতত দেৱালীৰ সময়ত থলুৱা শিল্পীৰ যিটো দুৰৱস্থা হয় সেয়াও যে বহুগুণে বাঢ়িব তাক অস্বীকাৰ কৰিব পাৰিম জানো ? মই ভাৰত ৰাষ্ট্ৰৰ তোষামোদ নাই কৰা ৷ কিন্তু মিছা আৰু বাস্তৱায়িত হোৱাৰ সম্ভাৱনা নথকা সপোনৰ পিচত দৌৰি থকা বা দৌৰাব খোজাসকলৰ লগত একমত নহয় ৷ সেইবাবেই মনৰ ভাবখিনি কলো ৷ কাৰোবাৰ মনপুত হবই লাগিব বুলি নাই কোৱা ৷ গতিকে অযথা লাগি নধৰিব ৷ স্বাধীন অসমৰ লিখাখিনিৰ ওপৰত নিজৰ একান্ত ব্যক্তিগত অনুভৱ খিনি বেকত কৰিলোঁ ৷ সহমত নহলে গালি গালাজৰ সলনি যুক্তিৰে সুস্থ আলোচনাও কৰিব পাৰি ৷ ধন্যবাদ ৷৷

No comments:

Post a Comment