Monday, 18 April 2016

~~~ মই ভোট কাক দিম আৰু কিয় দিম~~~


06/04/2016
নিউজ টাইমত কালি অদীপ ফুকন আৰু ইছমাইল হুছেইন ডাঙৰীয়াই কাৰ্যত মুখা খুলি দিছে বুদ্ধিজীবী সমাজৰ শেহতীয়া কাৰ্যৰ ৷ পাহৰিলে ভুল হব যে ৪৩ জন স্বাক্ষৰকাৰীৰ ভিতৰত ইছমাইলদা, আৰু ফুকন ডাঙৰীয়াও আছিল ৷ কবি নলীনিধৰ ভট্টাচাৰ্যৰ চহী অনাৰ সময়তো অলপ বেলেগকৈ কৈছিল আৰু চহী আনিছিল ৷ ইমানৰ পিছত আৰু বেলেগকৈ কিবা কব বা বুজাব লাগে বুলিয়েই মই নাভাবোঁ ৷ 
আচলতে যোৱা কিছুদিনৰ পৰা অসমত এটা সাংঘাটিক পৰিবেশৰ সৃষ্টি কৰা হৈছে ৷ কথাটো হল সংখ্যালঘু সম্প্ৰদায়ৰ মূৰত এইটো সোমাই দিবলৈ যত্ন কৰা হৈছে যে বিজেপি মানেই মুছলমানৰ শত্ৰু ৷ কথাটো কিমান দুৰ গ্ৰহণযোগ্য? আজি যিজন আজমলে এণ্টিবিজেপি বুলি কয়, সেইজনেই আকৌ কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিচত মোডীক বৰে ভাই আৰু মুছলমানৰ মিত্ৰ বুলি কোৱা নাছিলজানো? আচলতে যিসকলে বিজেপিক মুছলমান বিৰোধী বুলি প্ৰক্ষেপ কৰিছে, তেওলোকৰ ভয় হৈছে, যদি কিবাকৈ মুছলমানেও এওলোকক এৰে তেন্তে এওলোক অথাই সাগৰত পৰিব ৷
যি কংগ্ৰেছে দুখীয়াৰ বন্ধু, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বুলি কয় সেই কংগ্ৰেছৰ নৰসিংহ ৰাৱৰ চৰকাৰ থকা দিনতেই বাবৰি মছজিদ ভাঙিছিল ৷ নেলী হত্যাকাণ্ডৰ আৰত কোন আছে বিচাৰিবলৈ অতদিনে কংগ্ৰেছৰ সময় কিয় নহ'ল ৷ আজি চৰ অঞ্চলৰ উন্নয়নৰ কথা কোনেও নকয় ৷ জনবিষ্ফোৰণৰ কথা কোনেও নকয় ৷ সংঘ্যালঘু অধ্যুষিত অঞ্চলত বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ কথা কোনেও নকয় ৷ কাৰণটো হ'ল যিদিনাই চৰ অঞ্চলৰ মুছলমান আৰু চাহবাগানসমূহত কাম কৰা মজদুৰে নিজৰ বিবেকেৰে ভোট দিব শিকিব সিদিনাই কিন্তু আমাৰ নেতা সকলৰ সান্দহ খোৱা বালি তল যাব ৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মা এষাৰ ভাষন ভাল লাগিল ৷ তেও ক'লে যে সূতা কম্বলৰ সলনি চাকৰি আৰু সংস্থাপন দিম ৷ তাৰেই সূতা কম্বল কিনিব আৰু মূৰ দাঙি জীয়াই থাকিব ৷ পালন কৰে বা নকৰে নাজানো, কিন্তু উক্তিটো মনপুত হৈছে ৷
আচলতে অসমৰ ৰাজনীতিত হঠাতে এক আমূল পৰিবৰ্তন হৈছে ৷ এইবাৰৰ নিৰ্বাচন আটাইতকৈ বিতৰ্কিত নিৰ্বাচন বুলি ইতিমধ্যে চৰ্চিত হৈছে ৷ ফেচবুকেই হওক, নিউজ চেনেলেই হওক, সকলোতে কেবল মাত্ৰ নিৰ্বাচন আৰু পক্ষপাত ৷ হেলিকপ্টাৰ, টকাৰ পযোভৰ, মিথ্যাচাৰ, হোৰ্ডিং, আদিৰ পৰা আৰম্ভ কৰি ভোটদানৰ হাৰলৈকে, সকলোতে এক সাংঘাটিক প্ৰতিযোগিতা আৰু প্ৰতিক্ৰিয়া ৷ 
ৰাজনৈতিক দলসমুহে নিজৰ কিছু নিৰ্দিষ্ট এজেণ্ডা আৰু শ্লোগানৰ জৰিয়তে নিৰ্বাচনত নামিছে ৷ নামিবই ৷ যেনে ধৰক তৰুণ গগৈ দেৱে কৈছে এজিপি বিজেপি গুপ্তহত্যাকাৰী ৷ পিচে হাঁহি উঠে যে পোন্ধৰবছৰে তেও গুপ্ত্যহত্যাকাৰীক বিচাৰিবলৈ গুৰুত্বই নিদিলেচোন ৷ বিশিষ্ট বুদ্ধিজীৱী সকলে এইকেইদিন বৰকৈ কৈছে বিজেপিত অপৰাধীৰ সংখ্যা বেছি ৷ হয়, মইও একমত ৷ কিন্তু কংগ্ৰেছতো দেখোন দাগী অপৰাধী, জেললৈ যোৱা নেতাৰ অভাৱ নাই ৷ তেন্তে এজন মদাহীয়ে আনজনক মাতাল বুলি ক'লেই শেষ নেকি? 
ৰাজনীতি কৰক সঁচা অৰ্থত বিশ্বাস আৰু বিকাশৰ ৷ বিকাশ তেতিয়াহে হব, যেতিয়া প্ৰসূতি সকলে সকলো অঞ্চলৰ পৰাই ১০৮ ৰ সুবিধা পাব ৷ বিশ্বাস তেতিয়া হব, যেতিয়া সকলোৱে নিজৰ ঘৰখন তলা মাৰি অন্ততঃ সপৰিয়ালে বজাৰলৈ যাব পাৰিব ৷ এইবিলাক কথা ক'বলৈ নেতা সকলে নাজানে নে নকয়? নে শৰাইঘাটৰ শেষ ৰণ, বাদ দিয়াহে, আল্লাহৰ ফৰমান, ভাষাক লৈ দিখণ্ডিত অসম আদিৰ ইচ্যুৰে আকৌ এবাৰ ৰাইজক ঠগিব? নঠগিব আমাক ৷ বুদ্ধিজীবী সকলৰ কাম হৈছে ৰাইজক সত্যৰ বিষয়ে অবগত কৰোৱা ৷ আংশিক সত্যৰে ভোটাৰক দ্বিধাবোধত পেলাই সংবাদ মেল পাতিলেই শেষ নহয় কথাবোৰ ৷ ভোটদান প্ৰতিজন ভাৰতীয়ৰ জন্মগত অধিকাৰ ৷ আমিও ভোট দিবলৈ সংবিধানসন্মতভাৱে যোগ্য ৷ আমাৰ ভোট আমাৰ নিজৰ আঙুলিৰে দিবলৈ দিয়ক ৷ অনুগ্ৰহ কৰি আপোনালোকে আঙুলিত ধৰি টানিবলৈ নাহিব ৷ 
#######

No comments:

Post a Comment