09/04/2016
ভাৰতীয় সমাজ গাওপ্ৰধান সমাজ ৷ একেদৰেই অসমীয়া সমাজ ৷ অসমীয়াৰ সমাজ বুলিলে চহাৰ সমাজ এখনহে আছিল ৷ পৌৰাণিক যুগৰ পৰা সৌসিদিনালৈকে অসমীয়া জনজীৱন চহৰীয়া জীৱনৰ পৰা বহু দুৰৈত সম্পূৰ্ণ এক সুকীয়া সমাজব্যৱস্থাৰ মাজেৰে পৰিচালিত হৈছিল ৷ সামাজিক বান্ধোন আৰু পৰম্পৰা প্ৰধান অসমীয়া সমাজত পাপবোধ, গ্লানি, অন্যায় আদিৰ পৰা দুৰত নীৰৱে পৰিচালিত এক সমাজ আছিল ৷ সৌ সিদিনালৈকে বিনিময় প্ৰথা, এডোণ ধানৰ সলনি বস্তু লোৱা, গাঁৱৰ বিয়া সবাহত উবুৰি খাই পৰা, আদিৰে পৰিচালিত হৈছিল জীৱনধাৰা ৷
তাৰ পিচতে হঠাতে যেন এক আমূল পৰিবৰ্তনৰ দিশে ধাৱমান হয় অসমৰ জনজীৱন ৷ ভাষা আন্দোলন, শ্বিলংৰ পৰা ৰাজধানী স্থানান্তৰ আৰু অসম আন্দোলনে হঠাতে এক আমূল পৰিবৰ্তনৰ বাটে লৈ যায় চহাৰ জীৱন ৷ পিকেটিং, মিচিল, আদিৰে ভৰপূৰ সমাজখনত সামাজিক মূল্যবোধক দ্ৰুত স্খলন ঘটে 1990 ৰ দশকৰ পৰাই ৷
আলফা, অপাৰেছন ৰাইনো, বজৰং আদিৰ লগত জড়িত বিভিন্ন ঘটনাৰ পৰাই মানুহে জীৱনৰ অন্য দিশবোৰৰ লগতে আৰু অপৰাধবোধৰ পাঠ লবলৈ আৰম্ভ কৰে ৷ মানুহে যেন কমসংখ্যক দিনত অধিক কথা শুক্লেশ্বৰ ৷ হঠাতে চহাৰ পদুলি উখলমাখল হৈ উঠিল বিপ্লবী আৰু মিলিটাৰিৰ দৌৰাদৌৰি আৰু টনা আজোৰাত ৷ হত্যা, বলাৎকাৰ, ধনদাবী আদিৰ লগত পৰিচয় হয় গাৱলীয়া সমাজখনৰ লোক ৷ বন্দুক, পুলিচ আদিলৈও ভয় কমি আহিল চহাৰ পুতেকসকলৰ ৷
এইফালে সুৰুঙা বুজি টেলিভিচনে ঠাই ললে চহাৰ চৰাঘৰত ৷ ডিডি ১, ডিডি মেট্ৰ, ডিডি ২, আদি চেনেলৰ নামে গাৱলীয়া জীৱনক আকৃষ্ট কৰে ৷ মহাভাৰত, চন্দ্ৰকান্তা আদিয়ে মানুহক নতুন জীৱন ধাৰণৰ বিষয়ে লাহে লাহে পাঠ পঢ়ায় ৷ তথাপিও সামাজিক বান্ধোন অটুত আছিল ৷ নামঘৰত নাম প্ৰসংগ হৈছিল ৷ কেবল টিভি আৰু টেলিফোনৰ প্ৰসাৰে মানুহক লাহে লাহে পুৰণা সামাজিক পৰিবেশৰ পৰা বজাৰমুখী সমাজলৈ পৰিবৰ্তিত কৰিব ধৰে ৷
মনমোহন সিং বিত্ত মন্ত্ৰী হৈ ভাৰতৰ মন্দা অৰ্থনৈতিক ব্যৱস্থাৰ সংস্কাৰ কৰে আৰু ভাৰতীয় অৰ্থনীতিক উদাৰীকৰণ কৰাৰ লগতে ভাৰতীয় বজাৰখনত বিদেশী সামগ্ৰীৰ প্ৰবেশ উজু কৰে ৷ তাৰ লগে লগেই আমুল পৰিবৰ্তন হয় দেশৰ লগতে অসমৰো গাৱলীয়া জীৱন ৷ তাৰ পিচতে বাজপেয়ী চৰকৰৰ দিনত গাৱঁত ৰাস্তা পদুলিৰ সংস্কাৰ হয়, চহাৰ পথাৰত ট্ৰেক্টৰ নামে, পঞ্জাবৰ গ্ৰীণ ৰিভউলিউচন আহি আঘোণাৰ পদুলি পায় ৷
ইমানলৈকে গাৱলীয়া চহাৰ জীৱনত মূল্যবোধ আৰু পৰম্পৰা বহুপৰিমাণে অটুত আছিল ৷ তাৰ পিচতেই হঠাতে মহন্তৰ কোৱাৰ্টাৰ বটল আহি সোমাই অসমীয়াৰ মাজত ৷ ইণ্টাৰনেট আৰু মোবাইলৰ দ্ৰুত প্ৰসাৰেও হঠাতে গ্ৰাস কৰে চহাৰ লৰা-ছোৱালীক ৷ ভোগবাদী পশ্চিমৰ সমাজ ব্যৱস্থাই নিশেঃষ কৰিবলৈ আৰম্ভ কৰে যুৱ প্ৰজন্মক ৷
ছোৱালীৰ ফালে চকু তুলি চাব নোৱাৰা চহা অসমীয়াৰ পোৱালী এতিয়া বলাৎকাৰৰ বাবে একমিনিট নাভাবে ৷ গাৱৰ অলিয়ে গলিয়ে পিস্তল লৈ ঘুৰিবলৈ লাগিল ৷ লোকক দেখি দেখি দাবী ধমকিৰে টকা আদায় কৰিবও শিকিলে ৷ ইজি মানিৰ বাবে পুতেকে বাপেকৰ হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হল ৷
সোৰোপা চৰকাৰ, নিৱনুৱা সমস্যা, বাৰকুৰি তেৰটা সংগঠন আৰু বাৰমহীয়া আন্দোলন, সৰ্বশেষত ফেচবুকৰ আক্ৰমণত নিশেঃষ হৈ গৈছে গাৱলীয়া জীৱন ৷ বৰ্তমান আধুনিকতাৰ নামত অপসংস্কৃতিৰ উৰ্বৰ পথাৰ গাৱসমুহ ৷ এফালৰ পৰা গ্ৰাস কৰিছে সৰ্বাধিক তীব্ৰতাৰে গাৱঁলীয়া জনজীৱন ৷
নগৰীয়া সমাজতকৈও অধিক দ্ৰুতগতিত যেন নিশেষ হৈছে গাঁৱলীযযা জীৱন আৰু সংষ্কৃতি ৷ বহুতেই মতপোষণ কৰে যে গাঁৱত এতিয়া নগৰৰ চামৰ লগত ফেৰ মাৰিব পৰা মক্কেলৰ অভাৱ নাই (ৰগৰ হ'লেও সঁচা) ৷ আচলতে নগৰৰ জীৱনত ডিজিটেল জীৱনে হয়তো সিমান সৰ্বনাশ কৰা নাই, যিমানখিনি গাঁৱত কৰিছে ৷ মই ভাবো গাৱঁলৈ আধুনিকতাৰ জুই বিয়পিবলৈ বাকী নাই, অন্ততঃ যুৱচামৰ মাজত ৷ হয়তো কিছু ক্ষেত্ৰত সামাজিক বান্ধোন আছে আজিও ৷ কিন্তু বেছিদিন নিটিকে ৷ ডিটিএইচ চাৰ্ভিচ আৰু মোবাইল ইণ্টাৰনেটে ঘোলা কৰি দিলে গাৱঁৰ জীৱন৷ ঘোকোট গাৱৰ লৰাই আজি ভালকৈয়ে চিনি পায় চানি লিঅ'নি কোন ৷ সামাজিক জীৱনত ভোগবাদৰ পণ্য সোমাইছে হোৰাহোৰে ৷ (★মোৰ ব্যক্তিগত অনুভৱ আৰু মই দেখা সমাজখন ৷৷)
No comments:
Post a Comment