Monday 30 March 2015

ভুল নুবুজিব অখিল দা

           এটা সাধাৰণ লিখনি আছিল মোৰ। মই নাভাবো তাত বিশেষ কিবা মচলা বা সাংঘাতিক কিবা আছে। মই নিজেই কম মোৰ বাবে তাতকৈ ভাল কবিতা আছিল (মোৰ দৃষ্টিত) লালদেংগা। কিন্তু সেই কবিতা বৰ বেছি সংখ্যক লোকে পঢ়া বুলি মোৰ মনে নকয়। কিন্তু আচৰিত ধৰণৰ এটা সহাৰি পালো "ভুল নুবুজিব অখিল দা" কবিতাটোত। ৫০০ ৰো অধিক শ্বেয়াৰ, হোৱাটচআপ আদি সকলোতে এতিয়া এইটো কবিতা। বহুজনে ফোন কৰি শলাগো লৈছে লিখাটো ভাল হোৱা বুলি। ধন্যবাদ সকলো পাঠক-পাঠিকালৈ।
            এতিয়া আহো মুল কথালৈ, মই কাক ভাল পাও বা বেয়া পাও, সেয়া মোৰ ব্যক্তিগত মত। মই কোন দলৰ, মই কাক সমর্থন কৰো, সেয়া মোৰ ব্যক্তিগত লগতে সাংবিধানিক অধিকাৰ । কিন্তু কথা হ'ল এই কবিতাটো ইমান কৈ মানুহে সমর্থন জনোৱাটোৱে কি সুচায় সেয়াহে চিন্তনীয়।
          এই কবিতাত মই কাকো টেগ্‌ কৰিও ৰখা নাই যে পঢ়িবই লাগিব। কিন্তু তথাপি পঢ়িছে। ইয়াৰ মানে কি? সাম্প্রতিক পৰিস্থিতিত এই কবিতাৰ চিন্তা অন্তঃত কিছু হলেও খাপ খাইছে নিশ্চয়। নহলে জানো ইমান সহাৰি আহে? গতিকে যি সকলে মোক লৈ, মোৰ কবিতাক লৈ দুঃচিন্তাত পৰিছে তেওঁলোকলৈ সৰল অনুৰোধ পাৰিলে নিজৰ স্থিতি স্পষ্ট কৰক। কবিৰ মনৰ চিন্তাক ৰোধ কৰিবৰ প্রয়োজন নাই।
                শেষত সমূহ পাঠক-পাঠিকাক সাদৰ প্রনাম ও ধন্যবাদ জনালো...।