Friday 27 May 2016

বিশেষ সংবাদদাতা সকল

প্ৰতি
# ইলেকট্ৰনিক_মেডিয়াৰ_বিশেষ_খবৰদাতা_সকল ৷
©ঘনশ্যাম ডেকা, ২৭৷০৫৷২০১৬
##
বিশেষ সাংঘাটিক কিবা লিখিব ওলোৱা নাই ৷ কিন্তু মনত অহা দুটামান কথা লিখবলৈ মন গ'ল ৷ আপোনালোকে অসমীয়া ভাষাটোৰ শ্মশান যাত্ৰাত অৰিহণা নোযোগাব ৷ প্ৰায়েই দেখা যায়, আপোনাসৱৰ সাংবাদিক সকলে বিভিন্ন অঞ্চলৰ পৰা বাতৰি যোগানৰ নামত (লাইভ কভাৰেজ কৰাসকলৰ) ভাষাটো বিকৃত কৰি এক অদ্ভুত ধৰনেৰে বাতৰি পৰিবেশ কৰে ৷ শুনিলেই বিৰক্তি লাগে ৷
প্ৰায়েই কাণ-মূৰ জোকাৰি ভুলে শুদ্ধই এনেই কিছুমান শব্দৰ অনাকাংক্ষিত উচ্চাৰণৰ বাবে বৰ কিবা লাগে ৷ উদাহৰণত 'তীব্ব জান জত', 'সাম্পদায়িক', 'পত্যেক মুহুত্ব', 'লুকসকল', 'চিকিৎখালয়', 'বেকিং নিউজ' আৰু বহুতো আছে ৷
প্ৰায়েই ব্ৰেকিংৰ কোবত অন্য দৰকাৰী খবৰ সমূহ নোহোৱা হৈ যায় ৷ আমি বাহিৰত থকা মানুহ ৷ জাতি মাটিৰ পৰা দুৰৈত থাকো ৷ আপোনালোকেই আমাৰ চকু আৰু কাণ ৷ সেইবাবেই উপাই নাপাই আপোনালোকৰ ব্ৰেকিংত ব্ৰেক মাৰি মাৰি কিবাকৈ হজম কৰি যাও এইধৰনৰ সংবাদ আৰু সংবাদদাতাৰ দৌৰাত্ম ৷
নিৰ্বাচন ফলাফলৰ দিনা এগৰাকী বাতৰি পৰিবেশকে চিঞৰিব ধৰিলে— "~~'মুডী'ৰ মেজিক এইবাৰো চলিল ৷ সৰ্বা, হেমন্তই চৰকাৰ কৰিহে এৰিলে ৷" প্ৰথম কথা উচ্চাৰণ, কিন্তু তাতোকৈও জৰুৰী হৈছে প্ৰায়েই যিকোনো মানুহক তাচ্ছিল্য কৰি কোৱা বাতৰিবোৰ ৷ কি তৰুণ গগৈ, কি মনমোহন সিং, কি নৰেন্দ্ৰ মোডী, সকলোকে নিজৰ ইচ্ছামতে নাম দি লয় কিয়? সৰ্বসাধাৰণে ভুলকৈ বা অজানিতে কৰা সম্বোধন আৰু মেডিয়াৰ তৰফৰ পৰা কৰা সম্বোধনৰ মাজত পাৰ্থক্য থাকে ৷ আপোনালোকে কথাষাৰ বুজি লৈ মন কৰিবচোন ৷ কমেডি কৰি কৰি বাতৰি পৰিবেশন কিয় কৰে বাৰু? (নিতুমণি ডাঙৰীয়া এইক্ষেত্ৰত ব্যতিক্ৰম)
অন্যহাতে, প্ৰায়েই বিভিন্ন আড্ডা (যেনেঃ- দেওবৰীয়া আড্ডা), বা ৰাইজ জড়িত বিভিন্ন বাতৰি সংগ্ৰহ কৰিব যোৱা ভিডিও সাংবাদিক সকলে অনুষ্ঠানৰ সময়ত দুজনীমান ধুনীয়া ছোৱালীক দি থকা 'কভাৰেজ' বৰ দৃষ্টিকটু হয় ৷ কথাষাৰ মন কৰিবচোন ৷ এইমাত্ৰ দেখিলোঁ এজন সাংবাদিকে বাতৰি সংগ্ৰহৰ বাবে সচিবালয়ৰ সন্মুখত গৈ এফালৰ যুবতী আৰু মহিলাসকলক আগচি (কেতিযাবা খেদি খেদি) ধৰি সুধিছে পলম কিয় হল, চৰকাৰ আদেশ নামানে কিয়, আদি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰিছে? কিন্তু তাৰ পৰিবৰ্তে কাষেদি পাৰ হৈ যোৱা পুৰুষ সকলক পলম হোৱাৰ কাৰণ সুধিবলৈ আহৰি নাই ৷ কামলৈ আহোতে দেৰি হোৱাটো গৰিহণাৰ যোগ্য, কিন্তু সমানেই গৰিহণাৰ যোগ্য সাংবাদিকৰ প্ৰশ্ন আৰু কভাৰেজৰ ধৰণ ৷
বহুসময়ত দেখা যায় হিন্দি চিনেমাৰ কায়দাৰে বাতৰি ৰস লগাকৈ পৰিবেশনৰ চেষ্টা ৷ তেতিয়াও ক'ম, যদি পাৰে ৰজত শৰ্মাক অনুকৰণ কৰক ৷ পাৰিলে ৰোহিত সৰদানাক আদৰ্শ কৰক ৷ ব্ৰেকিং নিউজ বুলিয়েই চিঞৰিব লাগে নেকি? পাৰিলে দূৰদৰ্শনৰ বাতৰি পৰিবেশক সকলৰ আদৰ্শ লওক ৷ শান্ত সমাহিত আৰু স্পষ্ট উচ্চাৰণৰ প্ৰয়োগে ভাষাটো মনোগ্ৰাহী আৰু শুৱলা কৰে ৷ কথাষাৰ মন কৰিবলগীয়া বুলি ভাবিবচোন ৷
বিহুৰ বতৰত, সৰস্বতী পূজাৰ সুন্দৰী বিচৰা অভিযানত আপোনালোকৰ সংবাদদাতা সকলে এনেকুৱা এটা এংগলত (দিশত) কেমেৰাটো থয় যে দেখিলেই বিৰক্তি আহে ৷ আচলতে সংবাদ পৰিবেশনৰ বাবে পৰ্যাপ্ত অনুশাসন আৰু জ্ঞানৰ অভাৱ পৰিলক্ষিত হয় আৰু বহুক্ষেত্ৰত বিকৃত মানসিকতাৰো প্ৰতিফলন হয় ৷ (জিএছ ৰোড কাণ্ড, আদি যেন তাৰেই প্ৰতিফলন) ৷৷
প্ৰায়েই আপোনালোকৰ সাংবাদিকসকলে কেমেৰা লৈ কোনো দূৰ্ঘটনাৰ, দুৰ্যোগৰ, খবৰ দিবলৈ বহু কষ্ট কৰে ৷ তাৰবাবে এই চেগতে শলাগিছোঁ ৷ কিন্তু মৃতকৰ খবৰ লবলৈ গৈ মৃতকৰ মাকক, দেউতাকক বা পত্নীক "আপোনাৰ এইমূহুৰ্তৰ অনুভৱ কি" বা "আপুনি ঘটনা সম্পৰ্কে কি প্ৰতিক্ৰিয়া দিব" বুলি যেতিয়া ক্ৰন্দনৰত মানুহলৈ মাইক্ৰোফোনটো আগুৱাই দিয়ে তেতিয়া আপোনালোকলৈ পুতৌ জন্মে ৷ আচলতে বহুক্ষেত্ৰত সাংবাদিকসকলে যেন স্থান-কাল-পাত্ৰ বুলি কথাষাৰৰ গুৰুত্ব বুজিয়েই নাপায় তেনে অনুভৱ হয় ৷ এয়া নিশ্চয় চিন্তনীয় বিষয় ৷ আপোনালোকৰ সংবাদদাতা সকলৰ বহুতৰেই যোগ্যতা আৰু শিক্ষাগত অৰ্হতা সম্পৰ্কে কেতিয়াবা সন্দেহ হয় ৷ আপোনালোকে জাতিৰ, দেশৰ আৰু সভ্যতাৰ দাপোণ ৷ কেবল টিআৰপিৰ স্বাৰ্থত ৰহণ সানি বাতৰি পৰিবেশন নকৰিব ৷ নহ'লে আপোনালোকো এদিন উলংগৰ দেশৰ ধোবা হৈ পৰিব পাৰে বুলিয়েই মনত ভাব হয় ৷
কোৱা কাৰণে মোকো ব্ৰেকিং নিউজ বনাই নিদিব দেই ৷
## মোৰ এই লিখাত সকলো সাংবাদিককে কোৱা নাই ৷ যিসকলে সংবাদৰ নামত সঁচা-মিছা নিবিচাৰি জোকৰ দৰে লাগে, বিবেকশূণ্য হৈ ভুলে শুদ্ধই চিঞৰে, মেকিং কৰি ব্ৰেকিং খবৰবোৰ দিয়ে তেওঁলোকক উদ্দেশ্যি এই লিখা ৷৷
~~~~~~~
ঘনশ্যাম, আইজলৰ পৰা ৷৷