Monday 13 April 2015

ৰঙালী বিহুৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছাৰে ।

বহাগ আমাৰ আয়ুস ৰেখা। ভাল লাগে বিহু বুলিলেই মন প্রাণ। আজি গৈছিলো আইজলবাসীৰ একমাত্র হুচঁৰি দলটোৰ প্রস্তুতি চাবলৈ। কেইটামান সৰু সৰু ল’ৰা ছোৱালীৰ লগ হৈ এইবাৰো আইজলত গুমগুমাই ঢোল বাই যাম, আহিব চাবলৈ। মোৰ মৰমৰ কেইজনীমান কোলাইবোকোচাই ডাঙৰ হোৱা মৰমলগা নাচনী ওলাইছে বিহু হুচঁৰিৰ বাবে। নেতৃত্বত আছে পবিত্র ঠাকুৰীয়া দা, বাপধন দা, অতুল শইকীয়া দা, প্রমুখ্যে কিছু লোক।আমাৰ মনবোৰ আজিও অসমীয়া বাবেই আমি চান্দা নুঠোৱাকৈ প্রতিবাৰেই বৰ সুন্দৰকৈ আৰূ জাক-জমকতাৰে বিহু পাতি আহিছো। আহিব পাৰিলে চাবলৈ আমাৰ কৃষ্টি জীয়াই ৰখাৰ পৰম্পৰা চাবলৈ। চিন্তা কৰিব নালাগে অসমৰ পৰা দুৰত হলেও আমি কিন্তু খাটি অসমীয়া জলপানেৰে আপ্যায়িত কৰিম। এতিয়াও আইজলবাসী অসমীয়াই শুধকৈ গাব জানে অ’ মোৰ আপোনৰ দেশ............... ।
এনেদৰেই আমি পাহৰি থাকিব বিচাৰো প্রিয়জন এৰি থকাৰ দুখবোৰ। বন্ধু-বান্ধবী সকল, বিহুৰ হিয়াভৰা ওলগ সকলোকে যাচিলোঁ। উৎসৱ পাতক, কিন্তু নিজৰ স্বকীয়তা বজাই ৰাখক পাৰিলে। মনত ৰাখিব, আমাৰ বিহু আমিয়েই ৰাখিব লাগিব চিৰকালৰ বাবে। পাৰিলে এবাৰ উপলব্ধি কৰকচোন (ভাবিবচোন) বিহুৰ বিনন্দিয়া ৰূপটো। গামোছা দিব নোৱাৰে বুজিছো। কিন্তু ‘হেপ্পি বিহু বুলি নিজৰ লগতে আনকো আনহেপ্পি নকৰিব’। নালাগে তেনে মামৰে ধৰা গেলা-পচাঁ শুভেচ্ছা। কৈ দিলোঁ। 
পাৰিলে আহক একেলগে উলাহেৰে গাই যাওঁ 
“বিহুটি বছৰি আহিবা, অসমী আইকে জগাবা..................”

জয়তু জন্মভূমি।।

No comments:

Post a Comment