একাপ সাধাৰণ কফিৰ দাম কিমান? দহ টকা, বিশ টকা বা পঞ্চাছ টকা হ’ব পাৰে নিশ্চয়। অবশ্যে বিলাসী হোটেল বা ৰেষ্টুৰেণ্টৰ বিশেষ কফিৰ কথা বেলেগ। মই কোৱা কফি কাপ খাইছিলোঁ চাকৰদ্বাই (Sakawrdai) টুৰিষ্ট ল’জত ২০০৮ চনৰ এটি বিশেষ সন্ধিয়াত । কফি কাপৰ বিনিময় আছিল নগদ তিনিশ ষাঠি টকা । আচৰিত যেন লাগিলেও কিন্তু সত্য৷ চাকৰদ্বাই হৈছে অসম-মিজোৰাম-মণিপুৰৰ সীমা সংলগ্ন আইজল জিলাৰ এটি উন্নয়ন খণ্ড। ইয়াৰ পৰা টিপাইমুখ হৈ মনিপুৰৰ চূড়াচান্দপুৰ তেনেই ওচৰ। ভাগা বজাৰ হৈ অসমৰ শিলচৰ ওলাব পাৰি। ২০০৮ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ কথা। সেইবাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান যেনে মিজোৰাম বিশ্ববিদ্যালয়, ভাৰতীয় খাদ্য নিগম আদিৰ বহু সংখ্যক চাকৰিয়ালক ‘মাইক্ৰ’অৱজাৰ্ভাৰ’, ‘অৱজাৰ্ভাৰ’ 'ৰিজাৰ্ভ অফিছিয়েল' আদিত ব্যাপক ভাবে নিয়োজিত কৰা হৈছিল। তাৰবাবে যাবতীয় প্ৰশিক্ষণো দিয়া হৈছিল আৰু সকলোকে নিৰ্বাচনৰ এদিন আগতেই দায়িত্ব ভগাই গন্তব্য স্থানলৈ পঠিওৱাৰ দিহা কৰা হৈছিল।
মোৰ দায়িত্বত আছিল জোহমূণ (Zohmun) ভোটকেন্দ্ৰৰ ‘এ’ আৰু ‘বি’ খণ্ড দুটাৰ পৰ্যবেক্ষণ। এই কেন্দ্ৰটো হ’ল মণিপুৰ সীমান্তৰ পৰা প্ৰায় ছয় কিলোমিটাৰ পশ্চিমে আৰু অসম সীমান্তৰ পৰা ১১ কিলোমিটাৰ দক্ষিণে। চাকৰদ্বাইৰ পৰা প্ৰায় আঠ দহ কিলোমিটাৰ উত্তৰে গ’লে পোৱা যায় জোহমূণ গাৱঁ। যোগাযোগৰ ব্যবস্থা বুলিবলৈ চাকৰদ্বাইৰ পৰা এটি দুৰ্গম লুংলুঙীয়া কেঁচা পথ । চাকৰদ্বাই খণ্ডৰ অধীনৰ বিভিন্ন ভোটকেন্দ্ৰলৈ পাচুংগাৰ পৰা মুঠ এঘাৰজনলৈ ‘মাইক্ৰ’অৱজাৰ্ভাৰ’ দায়িত্ব পালনৰ নিৰ্দেশ আহিল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা। প্ৰতিজনকেই একোখন চাৰিচকীয়া গাড়ী (মোৰ ভাগত চুম’), ‘ইলেকচন আৰ্জেণ্ট’ লিখা এখন পেষ্টুন, এজনকৈ বন্দুকধাৰী নিৰাপত্তাৰক্ষী আৰু একোজন অভিজ্ঞ গাড়ীচালক । লগতে দুটা দিনৰ বাবে প্ৰায় সকলো সেনা আৰক্ষীয়ে দেখিলেই চালাম কৰিব লগা ধৰণৰ একোখন পৰিচয় পত্ৰ।
যাত্ৰা আৰম্ভ কৰোঁ ৰাতিপুৱা প্ৰায় চাৰি বজাতেই। কিছু দুৰ যোৱাৰ পিচত চেইলিং বুলি সৰু টাউন এখন পোৱা যায়। ইয়াতেই দক্ষিণ আৰু পশ্চিম মিজোৰামৰ ৰাস্তা বেলেগ হৈছে। প্ৰায় সকলো যানবাহনৰ বাবে এয়া এক দৰকাৰী ষ্টপেজ। ইয়াত চাহ ভাত সকলো পোৱা যায়। আমাৰ গন্তব্য স্থানলৈ চেইলিংৰ পৰা উত্তৰৰ দিশে প্ৰায় ১৪০ কিলোমিটাৰৰ বাট। চাহ ভাত খাই উঠি আমাৰ কিছুমানে ফল-মূল, কোনোবাই কুবাস্বিং (তামোল-পাণ), দুই এজনে আকৌ পথত ডিঙি তিওৱাৰ বাবে লোকেল বিধকে লৈ ল’লে গোপনে। কাৰণ আগলৈ প্ৰায় ৭০ কিলোমিটাৰমান পথ দোকান পাহাৰ নাই, লগতে মাৰ উগ্ৰপন্থীৰ লেঠা। চাকৰদ্বাইলৈ বাকীচোৱা একেলগ হৈ এজনে আনজনৰ গাড়ীত উঠিল আৰু আড্ডা জমাই সকলোৱে একেলগে আগবাঢ়িলো। মোৰ লগ লাগিল ঝাৰখণ্ডৰ পৰা অহা ৰসায়ন বিভাগৰ জয়প্ৰকাশ ৰাজন আৰু আৰু মণিপুৰৰ পৰা অহা প্ৰাণীবিজ্ঞান বিভাগৰ ড° কে বিৰলা সিং। আমি তিনিওজনে কিছুদিনৰ অগা-পিছাকৈ চাকৰিত জইন কৰিছিলোঁ। নলেগলে লগা বন্ধু বুলিলেও ভুল নহ’ব। তিনিওজনে প্ৰথম বাৰৰ বাবে এই ধৰণৰ দায়িত্বত নিয়োজিত হৈছিলোঁ। অবশ্যে তিনিচুকীয়া আৰু হাজো মহাবিদ্যালয়ত থাকোতে এবাৰকৈ প্ৰিজাইডিংৰ দায়িত্ব পালন কৰিছিলোঁ বাবে মই বিশেষ চিন্তা কৰা নাছিলোঁ। বিৰলা ফোনত ব্যস্ত বন্ধু-বান্ধৱীৰ লগত। বিশেষ কাৰোবাৰ লগত হয়তো দুদিনৰ বাবে কথা পাতিব নোপোৱাৰ দু:খবৰটো দিয়াত ব্যস্ত। কাৰণটো হ’ল চাকৰদ্বাইত তেতিয়ালৈ এয়াৰটেল সেৱাৰ সুবিধা নাছিল। পিচে জয়প্ৰকাশৰ অৱস্থা দেখিহে বেয়া লাগিল। চেইলিংত আমি দুজনে নিৰামিষ ভাত অলপ খালোঁ যদিও তেও নাখালে। কাৰণটো আমাৰ কাষৰ টেবুলতে দুজনমান সহকৰ্মীয়ে মস্ত চৰিয়া এটাত কেবাবিধো মাংসৰ জুটি লৈ তৃপ্তিৰে পুৱাৰ সাজ খাইছিল। ৰাজন আকৌ বিশুদ্ধ নিৰামিষহাৰী। দুটা জাহাজী কল, এখন পৰঠা আৰু একাপ ৰঙা চাহেৰে (থিংপুই চেন) তেও সামৰিছিল।
চেইলিংৰ পৰা প্ৰথমে পূবে তাৰ পিচত উত্তৰমূৱা হৈ গাড়ী আগবাঢ়িল অকোৱা-পকোৱা পথেৰে। পাহাৰীয়া পথ, দুই এটা সৰু জুপুৰি, এফালে অতি উচ্চ দুৰ্গম ছ্বলফিল (Chalfilh) পাহাৰৰ ঢাল আৰু আনফালে টুইৰিয়েল (বৰাকত সোণাই) নদীৰ সুদূৰ প্ৰসাৰী উপাত্যকা। মাজে মাজে দুই এগৰাকী জুম খেতিত কাম কৰিবলৈ নাইবা খৰি লুৰিবলৈ যোৱা মিজো গাভৰুক হাত জোকাৰি আগবাঢ়িল আমাৰ কাফিলা। এইখিনিতে কৈ থোৱা ভাল মিজো ড্ৰাইভাৰ সকলে গাড়ী চলাওতে এজনে আনজনৰ লগত কাহানিও প্ৰতিযোগিতা নকৰে আৰু শাৰী পাতি একেলগে গৈ থাকে । এখন ৰ’লে বাকীবোৰো ৰয়। কাৰোবাৰ কিবা অসুবিধা হ’লে বা গাড়ী বেয়া হ’লেও বাকীবোৰে এৰি নাযায়। ভাল নোহোৱালৈকে ৰৈ থাকে। মোৰ দুই সহযোগীৰ নাক বাজিলত গাড়ীত বাজি থকা গীত শুনি শুনি আগবাঢ়িলো চাকৰদ্বাই অভিমুখে। বাহিৰলৈ চাই চিন্তা কৰি গ’লো বিভিন্ন পুৰণি কথাবোৰ। এবাৰ মোবাইলত নেটৱৰ্ক আছেনে চালোঁ। পিচে ড্ৰাইভাৰ কাপুৱে (ডাঙৰীয়া) ক’লে বোলে বিএচএনএলৰ নেটৱৰ্ক ডাৰল্বন (Darlawn) পোৱাৰ পিচতহে পাম। উপায় নাপায় চকু মুদি দিলোঁ।
প্ৰায় দুইমান বজাত নিউ ভাৰ্ভেক (New Vervek) পালোঁ। ইয়াৰ পৰাই টিপাইমুখ হৈ চূড়াচান্দপুৰ, মণিপুৰৰ ৰাস্তা বেলেগ হৈছে। গাড়ী ৰখাত নামি গৈ অলপ ইফালে সিফালে চালোঁ। পাহাৰৰ ঢালত ফুলি থকা বনৰীয়া ফুলবোৰৰ সৌন্দৰ্য দেখি বৰ ভাল লাগিল। বিশেষকৈ বনৰীয়া ‘নিহ্বই-পাৰ’ আৰু ‘নাউবান’ৰে ভৰি আছিল পাহাৰৰ এঢলীয়াবোৰ। এনে লাগিছিল যেন কোনোবাই হালধীয়া আৰু বগাৰে আঁক-বাঁক কৰা এখন প্ৰকাণ্ড চাদৰ পাৰি থৈছে। সহকৰ্মী হেনৰিয়ে ক’লে আগতে হেনো এইবোৰ অঞ্চলৰ পৰা মানুহ হাফলংলৈকে খোজ কাঢ়ি গৈছিল। কথাটো মিছা অবশ্যেই নহয়। হাফলংৰ ফালে মিজো মানুহৰ বসতিৰ ঘনত্ব আজিও যথেষ্ট পৰিমাণে দেখা পোৱা যায়। মিজোৰামত মিজোসকল থাকে বুলি ভবা হয় যদিও তেওঁলোকৰ ঠাল ঠেঙুলিৰ বিশেষত্ব কিন্তু স্বকীয়। মাৰ সকল উত্তৰ পূবৰ ফালে, ৰাল্টে সকল পূবে, মাৰা সকল দক্ষিণে, লাই সকল দক্ষিণ পশ্চিমে, আৰু ব্ৰু সকল পশ্চিমে থাকে। লুচেই সকল থাকে মধ্য ভাগত। এতিয়াৰ মিজোৰামত চাকমা সকলো এটা সুকীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি পাইছে। মিজোসকলৰ ঠাল বিশেষে ভাষাৰ প্ৰভেদ আৰু কথন প্ৰণালীৰ ভিন্নতা আছে যদিও মিজো ভাষা সকলো ঠাইতে সমাদৃত আৰু প্ৰচলিত।
নিউ ভাৰ্ভেকতে আমাৰ দুজন সহকৰ্মী ৰৈ গ’ল। তেওঁলোকৰ ৰাস্তা বেলেগ ফালে। তেওঁলোকক তাতে এৰি আমি বাকী নজনে আগবাঢ়িলো চাকৰদ্বাইলৈ। এইচোৱা আধাঘণ্টাৰ বাট। গন্তব্য স্থান পাই সংমণ্ডল বিষয়াক লগ কৰিলোঁ। দুই বন্ধু জেপি আৰু বিৰলা ৰ’ল টাউনতেই। সকলোতকৈ দুৰত মোৰ, হেনৰি আৰু ডুৱহমা চাৰৰ কেন্দ্ৰ। অলপো পলম নকৰি আমি তিনিও ওলালোঁ নিজ নিজ কেন্দ্ৰ অভিমুখে। বাকী দুৰণীবটীয়া সকলো এৰাএৰি হ’ল পিচদিনাখন লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে। চাকৰদ্বাইৰ পৰা জোহমূণলৈ এইচোৱা পথ অতি দুৰ্গম বুলি আগতেই কৈছোঁ। থিয় গৰা, ঘন জংঘলে আৱৰা এই অঞ্চলটো। মাৰ, মণিপুৰী আৰু নগা সন্ত্ৰাসবাদীৰ ঘাটি এই সীমামুৰীয়া অঞ্চলটো। তাতে আকৌ খবৰ পালোঁ অসম ৰাইফলচৰ জোৱান আৰু মাৰ পিপলচ’ কনভেনচনৰ (HPC) উগ্ৰপন্থীৰ গুলীয়াগুলী হৈছে মাত্ৰ তিনিদিনৰ আগতে এইটো পথতেই। মনত এক সংশয় ভাব আহিলেও পিচৰ চিটত বহি থকা জোৱানজনৰ পিনে কেৰাহিকৈ চাই মনটোক প্ৰবোধ দিলোঁ।
প্ৰায় পাচমান বজাত গৈ পালোঁ জোহমূণ গাৱঁ । দুয়োটা কেন্দ্ৰৰ প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলৰ লগত চিনাকি পৰ্ব শেষ কৰিলোঁ। তাৰ পিচতে মোক মাতিলে খোৱাৰ টেবুললৈ। গাৱঁৰ ভিচিপি (গাৱঁৰ নিৰ্বাচিত চৰকাৰী প্ৰতিনিধি), স্কুলৰ মাষ্টৰ, YMA ৰ স্বেচ্ছাসেৱক আদিকে ধৰি প্ৰায় ত্ৰিশজনমান ভাতখোৱা মানুহ। মই অলপ একাষৰীয়াকৈ বহিলোঁ। তেতিয়ালৈ মই মিজো ভাষা ভালকৈ কব নোৱাৰোঁ, কিন্তু কিছু কিছু বুজি পাওঁ। গাৱঁৰ ডেকা গাভৰু সকলে খাদ্য বিতৰণত লাগিল। নাখালেও নহয় বাবে সিদ্ধ দাইল, ঢেকীয়া আৰু লাইপাতৰ এবাতি চুপ, আৰু মিজো জলকীয়াৰ আচাৰেৰে উদৰ পূৰালোঁ। মিজোসকলে পুৱা আৰু সন্ধ্যা দুসাজ ভাত খায়। দিনত ইটো-সিটো খায়। পুৱাৰ সাজ মোটামুটি ভাবে খায় যদিও কিন্তু সন্ধ্যাৰ ভাতসাজ বৰ বাৰুকৈয়ে খায়। পুৱা আঠ-ন বজাৰ ভিতৰত খাই ভাগে-ভাগে সকলোৱে ওলাই যায়। সন্ধিয়া ছয়-সাত বজাৰ ভিতৰত ৰাতিৰ সাজ খায়। তাৰ পিচত পঢ়াই পঢ়ে, ডেকা গাভৰু চামে গীতাৰ বজাই গান বাজনা কৰি আড্ডা মাৰে, আৰু আদহীয়া আৰু বয়োজেষ্ঠ সকলে গীৰ্জালৈ যায়। অবশ্যে দেওবাৰে বিশেষ অসুবিধা নহ’লে সকলোৱে গীৰ্জালৈ যায় প্ৰাৰ্থনাৰ বাবে।
খাই উঠি ভিচিপি জনৰ লগত অলপ কথা পাতিলোঁ। তেও বৰ সুন্দৰ ইংলিছ আৰু মোটামুটি চলি যোৱা হিন্দিৰে কথা পাতিলে। মই তাৰ উগ্ৰপন্থী সমস্যাৰ বিষয়ে সুধিলোঁ যদিও তেও কৌশলেৰে সেই প্ৰশ্ন এৰাই মোক তেওৰ জীয়ৰীৰ লগত চিনাকি কৰাই দি আতৰি গ’ল। মইও বাদ দিলোঁ সেই বিষয়টো। কৰিবলৈ একো কাম নাছিল বাবে ভাবি চিন্তি ৰাতি শুৱাৰ বাবে ব্যবস্থা কৰিবৰ মনেৰে ডেস্ক যোৰা কৰাত লাগিলোঁ। তেনেতে ভিচিপিৰ ছোৱালী লালৰিণজুৱালি (জুৱালি) আহি ক’লে যে মোক স্কুলত থাকিবলৈ নিদিয়ে। ড্ৰাইভাৰ জন আৰু মোৰ বাবে তেওৰ ঘৰত থকা বিছনাৰ দিহা কৰিছিল ভিচিপি মহাশয়ে। মই বৰ ভাল পালোঁ প্ৰস্তাৱটি আৰু বিনা প্ৰতিবাদে তাইৰ লগতে খোজ ল’লো। জুৱালি উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী। ভূগোল হেনো তাইৰ প্ৰিয় বিষয়। এইখিনিতে উল্লেখ কৰা ভাল যে মিজোৰামত হায়াৰ চেকেণ্ডাৰিলৈ স্কুলতেই পঢ়িব লাগে। ডিগ্ৰীৰ পৰাহে কলেজীয়া শিক্ষা আৰম্ভ হয়। আনহাতে ভূগোল ইয়াৰ স্কুলত পঢ়োৱা হয় এটা সম্পূৰ্ণ সুকীয়া বিষয় হিচাপে। অসমৰ দৰে সমাজ বিজ্ঞানতে সাঙুৰি নপঢ়ায়। সেইবাবেই মিজোৰামত ভূগোল বিষয়টোৰ গুৰুত্ব বৰ বেছি।
অলপ দুৰ যোৱাৰ পিচতেই জুৱালিৰ ঘৰ পালোঁ। ড্ৰাইভাৰ চাহাব মই যোৱাৰ আগতেই হাজিৰ তাত। তেও কৰবাত কিবাকে এঢোক গিলি আহিছিল চাগে। মোক দেখি দুৰৰ পৰাই শুভৰাত্ৰি জনাই বিচনাত উঠিল। তেতিয়া চাৰে সাতমান হৈছিলহে মাত্ৰ। শুৱাৰ সময় নাই হোৱা বুলি টিভিৰ আগত বহিলোঁ। পিচে লোকেল আৰু ইংলিছ চেনেলৰ বাদে একো বিচাৰি নাপলোঁ। মোৰ বৰ বিৰক্তি লাগিছিল। ঘৰলৈ ফোন কৰিলোঁ যদিও নেটৱৰ্কৰ দুৰাৱস্থাৰ বাবে একো কথা পাতিব নোৱাৰিলো। জুৱালিৰ মাকে জুহালত জুই জ্বলাই প্ৰকাণ্ড গামলা এটাত গাহৰিৰ বাবে কিবাকিবি সিজাই আছিল। শেষত মইও গৈ জুহালতে বহি দিলোঁ। পিচে লেঠা হ’ল মানুহজনীয়ে মিজো ভাষাৰ বাহিৰে বাকী ভাষা নাজানে। মইও তেতিয়ালৈ কেইটামান মাত্ৰ মিজো শব্দৰ লগত পৰিচিত। তেও কয় কিবা এটা, মই বুজোঁ কিবা এটা। পিচত যেনিবা তেওৰ সৰুজনী ছোৱালী আহি আমাৰ আলোচনাৰ আঁত ধৰিলে। কিছু দেৰি পিচত নেমু দিয়া ৰঙা চাহ আৰু ভজা মাকৈ আহিল। লাহেকৈ আমাৰ আড্ডাত আহি যোগ দিলে তেওঁলোকৰ বৰপুত্ৰ আৰু বোৱাৰী। মোৰ ঘৰৰ কথা, অসমীয়া সমাজৰ আলোচনা, তেওঁলোকৰ হাফলঙত থকা আলহীৰ ঘৰত ফুৰিব যোৱা আদিৰ আড্ডাৰে জুহালৰ জুইকুৰা ভাল লাগি আহিল লাহে লাহে। ইতিমধ্যে ভিচিপি ডাঙৰীয়াও আহি আমাৰ কথাত যোগ দিলে। ৰাতি এঘাৰমান বজালৈ চলিল আমাৰ মেল। এই চাৰি ঘণ্টা সময়ত মোৰ এবাৰো ভাব নাহিল যে মই আড্ডা দিয়া পৰিয়ালটো মোৰ বাবে অচিনাকি। টোপনি লাগিলত আলোচনাৰ সামৰণি মাৰি মই মোৰ বাবে আচুতীয়াকৈ থোৱা বিছনাত দীঘল দিলোঁ। মই শুৱলৈ অহাৰ পিচতো তেওলোকে গীতাৰ বজাই গান গাইয়েই আছিল। এনেও প্ৰায়ভাগ মিজো মানুহেই সুন্দৰকৈ গান গাব জানে আৰু গীতাৰ বজোৱাত এওলোক বৰ পাকৈত।
খুউব পুৱাই উঠিলোঁ। পিচে ঘড়ী চাইহে গম পালোঁ যে ইতিমধ্যে চাৰে ছয় বাজি গৈছিল। আগদিনাৰ নিৰ্দেশ মতেই সাত বজাৰ লগে-লগে গাড়ী আৰু নিৰাপত্তৰক্ষী আহি হাজিৰ। দৌৰাদৌৰিকৈ নিত্য কৰ্মবোৰ কৰি গাড়ীত বহিলোঁ। দুয়োটা ভোটকেন্দ্ৰতে ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছিল। মোৰ কৰিবলগীয়া খিনি কৰাৰ পিচতেই প্ৰিজাইডিং বিষয়া এজনে ক’লে, বোলে চাৰ আপুনি গ’লে গৈ থাকিব পাৰে। ইয়াত একো সমস্যা নহয়। মই হাঁহি এটা মাৰিলোঁ যদিও তেওৰ প্ৰস্তাৱত মান্তি নহ’লো। সাধাৰণতে মিজোৰামৰ নিৰ্বাচনত হাই কাজিয়া মুঠেই নহয় বুলি ক’লেও বঢ়াই কোৱা নহ’ব চাগে। ১৯৮৭ চনৰ পৰা বৰ্তমানলৈ মুখ্যত কংগ্ৰেছ বনাম মিজো নেচনেল ফ্ৰণ্টৰ পোনপটীয়া নিৰ্বাচনী প্ৰতিদণ্ডিতা হৈ আছে। বাকী প্ৰদেশৰ দৰে ইয়াত ধনবল, বাহুবলৰ প্ৰয়োগ নহয়। চৰকাৰ যিয়েই গঠন নকৰক উন্নতি কিন্তু মিজোৰামৰ আৰু মিজো সকলৰ হয়। অসমৰ দৰে ‘দল চাই নেতা, বজাৰ চাই ক্ৰেতা’ জাতীয় কথাবোৰ নাই। সূতা কম্বল এওলোকৰ ৰাজনীতিত নাই। সেইবাবেই এওলোক আগুৱাইছে প্ৰতিদিন, প্ৰতিনিয়ত। মন কৰিবলগীয়া কথাটো হ’ল অসমৰ ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন হৈছিল ১৯৮৫ চনত, আৰু তাৰ ঠিক দুবছৰৰ পিচত মিজোৰাম পূৰ্ণাংগ ৰাজ্য হয় ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত। তেতিয়াৰ পৰা এতিয়ালৈ এইডচৰ দৰে ভয়াবহ বেমাৰক পৰাজিত কৰি আগবাঢ়িছে মিজো সকলে। শেহতীয়া তথ্যমতে মিজোৰামত বৰ্তমান নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা নাই বৰাবৰ। আনহাতে শিক্ষা আৰু শান্তিৰ ক্ষেত্ৰত মিজোৰাম ভাৰতৰ ভিতৰতে অন্যতম প্ৰদেশ। মিজোৰামৰ স্বাক্ষৰতাৰ হাৰ দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক লগতে নগৰীয় জনসংখ্যাৰ শতকৰা হিচাপত মিজোৰাম ভাৰতৰ ভিতৰতে তৃতীয় ৰাজ। পিচে একেখিনি কথাৰ বাবে অসমৰ নাম পাবলৈ হলে তালিকাৰ শেষৰ ফালে চকু ফুৰাব লগা হয়। এইখিনিতেই প্ৰশ্ন হয় প্ৰায় একে সময়তে পৰিৱৰ্তনৰ ৰাজনীতি আৰম্ভ কৰা প্ৰফুল্ল মহন্তৰ অসম আৰু লালদেংগাৰ মিজোৰামৰ মাজত মাত্ৰ ত্ৰিশ বছৰতে ইমান প্ৰভেদ কিয়? অবশ্যে এই লেখাত ৰাজনৈতিক আলোচনাৰ প্ৰভাৱ নিস্প্ৰয়োজন বুলিয়েই এই প্ৰসংগ ইমানতে এৰিলোঁ।
দিনৰ আঢ়ৈমান বজাতেই ভোটগ্ৰহণ শেষ হ’ল। প্ৰিজাইডিং আৰু পুলিং বিষয়া সকলে সকলো সামৰিলে যদিও চৰকাৰী নিৰ্দেশৰ বাবে চাৰি বজলৈ তাতেই থাকিবলৈ বাধ্য আছিল। পিচে মই মোৰ যাবতীয় কাম সামৰি সকলোকে মাত লগাই উভতিলো চাকৰদ্বাইলৈ। তাত সকলোতকৈ আগতে আহি উপস্থিত হোৱা ব্যক্তিজন মইয়েই হম বুলি ভাবিছিলোঁ যদিও নহ’লো। ইতিমধ্যে চাকৰদ্বাইৰ আশে-পাশে থকা অন্য সকল বহু আগতেই আহি হাজিৰ। সকলোতকৈ শেষত আহি উপস্থিত হ’ল নিউ-ভাৰ্ভেকত এৰি অহা আমাৰ দুই সহকৰ্মী। ইতিমধ্যে এন্ধাৰ নামিছিল চাকৰদ্বাইৰ বুকুলৈ। আমাৰ এজন সহকৰ্মীয়ে হঠাতে এটা প্ৰস্তাব দিলে আৰু আমিও একে আষাৰে সমৰ্থন কৰিলোঁ। প্ৰস্তাবটো আছিল ৰাতিৰ বিপদসংকুল যাত্ৰাৰ সলনি পিচদিনা পুৱাই আইজল অভিমুখে যাত্ৰাৰম্ভ কৰাৰ। কথা মতেই কাম। আমি লগে লগে লগত নিয়া সেনাজোৱান কেইজনক ৰিলিজ কৰি দিলোঁ আৰু এখন গাড়ী তেওঁলোকক দি আইজললৈ বিদায় দিলোঁ। কিয়নো তেওঁলোকক ৰাতিৰ ভিতৰত হাজিৰ হবলৈ নিৰ্দেশ আছিল। তাৰপিছত আলোচনা কৰি চাকৰদ্বাইৰ টুৰিষ্ট ল’জত ৰাতিটো কটোৱাৰ বাবে ঠিক কৰিলোঁ। চালকসকলৰ বাবে এটা ডৰ্মিটৰী আৰু আমাৰ বাবে তিনিতা কোঠা বন্দোঁৱস্ত কৰিলোঁ। তাৰ পিচতেই দুজন গ’ল লোকেল মুৰ্গী বিচাৰি। দুজন গ’ল ওচৰতে থকা অসম ৰাইফলচৰ বেৰেকলৈ ৰাতিটোৰ বাবে অলপ কিবা বিচাৰি। মই বিছনাত এনেই অলপ দীঘল দিলোঁ। ৰাজন চাৰ টিভি চোৱাত লাগিল, আৰু বিৰলা চাৰ কাউণ্টাৰতে থকা পিচিওত সোমাই ফোনত লাগিল। আধাঘণ্টামান পিচত কফি আহিল। বৰ তৃপ্তিৰে কফি খাই বাহিৰলৈ ওলালোঁ। ইতিমধ্যে চালকসকলে ৰক্সিৰ (লোকেল বিধ) সোৱাদত আত্মহাৰা হৈ পৰিছিল। আমাৰো ৰাইজে মুৰ্গী বনোৱাৰ বাবে যা-যোগাৰত ব্যস্ত। বনোৱাৰ দায়িত্ব মোৰ আৰু হেনৰিৰ আছিল। ইতিমধ্যে নিশা ন বাজি গৈছিল। মুৰ্গী দুটা চাফা কৰা হৈছিল মাত্ৰ। তেনেতেই আহিল সেই অনাকাংক্ষিত খবৰটো।
দৰ্শন বিভাগৰ প্ৰৱক্তা ভানলালতানপুইৱা চাৰে তেওৰ বন্ধু তথা আইজলৰ জিলা উপায়ুক্ত মহোদয়লৈ আমি পিচদিনা যাবলৈ লোৱা সিদ্ধান্তৰ কথা জনাবলৈ ফোন কৰিলে। পিচে তেতিয়াই লাগিল মহা পয়মাল। উপায়ুক্ত মহোদয়ৰ উঠিল খং। খঙেৰে তেও ক’লে বোলে মই ডিচি জন ইয়াত টোপনি ক্ষতি কৰি ৰৈ থাকিম আৰু আপোনালোকে লোকেল মুৰ্গীৰ মাংসৰ জুটি লৈ থাকক। এইবুলি কৈয়েই তেও ফোনটোৰ স্ংযোগ বিচ্ছিন্ন কৰি দিলে। আমাৰো লাগিল হাহাকাৰ। কাৰণ আমি ৰিপৰ্ট জমা নকৰালৈকে দায়িত্ব শেষ কৰাৰ ৰিলিজ অৰ্ডাৰ নাপাও। আনহাতে ৰিলিজ নোলোৱালৈকে আমি জিলা উপায়ুক্তৰ সকলো নিৰ্দেশ মানিবলৈ বাধ্য। কিংকৰ্তব্যবিমূঢ় হৈ ভাবি থাকোতেই বাইক লৈ ততাতৈয়াকৈ আহিল চাকৰদ্বাইৰ সংমণ্ডল বিষয়া আৰু আমাক উপায়ুক্তই শীঘ্ৰে যাব নিৰ্দেশ দিয়াৰ খবৰটো দিলে। ইতিমধ্যে আমাৰ গাড়ীচালক সকল দুৰ্ঘোৰ নিদ্ৰাত। আমাৰ বাবে অহা নিৰাপত্তাৰক্ষীকো আমিয়েই বিদায় দিছিলোঁ। তেওলোককো যোগাযোগৰ কোনো উপায় নাছি। দহ মিনিট মানৰ ভিতৰত আমি সকলো সামৰি মুৰ্গীৰ আশা ত্যাগ কৰি উভতিবলৈ সাজু হ’লোঁ। টুৰিষ্ট ল’জৰ বিল পৰিশোধ কৰিলোঁ। সকলো মিলাই হিচাপ কৰাত প্ৰতিজনে ৩৬০ টকাকৈ দিব লগা হ’ল। মুঠতে তিনিশ ষাঠি টকাৰ বিনিময়ত একাপ কফি।
পিচে লেঠা তাতেই শেষ নহ’ল। তিনিজন চালকক বাদ দি বাকী চালক কেইজনে স্পষ্টকৈ ক’লে যে তেওলোকে গাড়ী চলাব পৰা অৱস্থাত নাই। আকৌ লাগিল লেঠা। শেষত চালকসকলক আৰামত শুৱ দি আমি গাড়ী চলাব জনা কেইজনে চালকৰ আসনত বহিলোঁ। সেইদিনা ৰাতিৰ ছুম’ চলোৱাৰ অভিজ্ঞতা মোৰ জীৱনৰ আটাইতকৈ ভয়লগা ঘটনা। পাহাৰত গাড়ী চলোৱাৰ কষ্ট তাতে আকৌ পেটত খুদ-কণ এটাও নপৰিল। লাহে লাহে সাবধানেৰে আগবাঢ়িলোঁ। যিমানেই আগবাঢ়িছিলোঁ সিমানেই মাৰ উগ্ৰপন্থীৰ ভয়টো বেছি হৈ আহিব ধৰিলে। ৰাতু পাৰ হোৱাৰ পিচতেই আগবাঢ়িবৰ সাহস নোহোৱা হ’ল। এৰিবও নোৱাৰি, বেৰিবও নোৱাৰি ধৰণৰ সমস্যা। পিচে হেনৰিৰ সাহস আৰু বুদ্ধিৰ ভৰষাত আগবাঢ়িলোঁ। তেওৰ জিপচিখন সকলোতকৈ আগত আছিল। হেনৰিৰ চিধাচিধি কথা যে আমাৰ গাড়ীত নিৰাপত্তাৰক্ষী নোহোৱাটো বাহিৰৰ মানুহে ক’ত গম পাব। তাতে একেলগে দহখন সৰু গাড়ী। গতিকে গৈ থকাহে কথা। মৰণত শৰণ দি মন্থৰ গতিৰে আহি আইজল পোৱালৈ ৰাতিপুৱাই গৈছিল। আমাৰ দুখৰ কথা শুনি আৰু আমাৰ অৱস্থা দেখি জিলা উপায়ুক্তই অবশ্যেই বৰ দুখ কৰিলে আৰু ৰাতি তেওৰ খঙৰ বাবে বেয়া নাপাবলৈ ক’লে। লগতে এই কথাও ক’লে যে আমি তাত ৰাতি থকাত অসুবিধা নাছিল, কিন্তু তেওৰ অনুমতি আগতীয়াকৈ লোৱাৰ দৰকাৰ আছিল। যি নহওক ৰিলিজ লৈ ওলাওঁতেই সাতমান বাজিছিলে।
এৰাএৰি হোৱাৰ আগতে হেনৰিয়ে সুধিলে ‘ডেকা, হাও ৱাজ দি কফি’? প্ৰশ্নটো শুনি গোটেই ৰাতি গাড়ী চলাই হোৱা কঁকালৰ বিষটোৱে আকৌ এবাৰ উক দিলে। মই পিচে হাঁহি-হাঁহিয়েই ক’লো ‘নাইচ কফি উইথ ডেলিচিয়াচ টেষ্ট, বাট ৰেট ৱাজ লিটিল হাই'। মোৰ উত্তৰ শুনি গোটেই জাকে গিৰ্জনি মাৰি হাঁহিলে৷ পিচত এজনে আনজনৰ লগত হাত মিলাই ঘৰমূৱা হ’লো। এতিয়াও কেতিয়াবা কিবা মিটিংত আদিত আমি কেইজন লগ হ’লে প্ৰায়ে ওলাই সেই বিশেষ কফি কাপৰ প্ৰসংগটো।
ঘনশ্যাম ডেকা
ভূগোল বিজ্ঞান বিভাগ
পাচুংগা ইউনিভাৰ্চিটি
আইজল, মিজোৰাম
৭৯৬০০১
No comments:
Post a Comment