জালুকবাৰীৰ সৌন্দৰ্য্য বুলিলে কথাই সুকীয়া ৷ তাতে গৌহাটী বিশ্ববিদ্যালয়ত পঢ়া হ'লে একেবাৰে কেচটো হেৰি টাইপৰ হয় (বুজাই বুজিব মানে) ৷ পিছে মই অন্য এটা কথাহে কব খুজিছো৷ যোৱাটো শনিবাৰৰ কথা ৷ মোডী চাহাবৰ কৃপাত আইজল গুৱাহাটীৰ মাজৰ এঘণ্টীয়া ফ্লাইট সস্তীয়া হ'ল ৷ সেইবাবেই তেওঁক ক্ৰেডিট দি ক্ৰেডিট কাৰ্ডৰ সহায়ত আইজলৰ পৰা গুৱাহাটীলৈ উৰিলো ৷ বতৰ বেয়া আছিল ৷ তাতে আকৌ লগত লাম-লাকুট ঢেৰ কিবাকিবি ৷ একেবাৰে জহা কোমোৰা (মিজোৰামৰ বনৰীয়া কোমোৰা) ৰ পৰা আৰম্ভ কৰি হাতকৰাটুই (নিম্বু পানী) লৈকে ৷ মুঠতে তিনিটা বেগ ভৰ্তি ৷ বহুবছৰ পুৰনি ভেন গাড়ীখন লৈ ড্ৰাইভাৰ চাহাবে আনিবলৈ গ'ল এয়াৰ পোৰ্টলৈকে ৷
কেৰ-মেৰ কৰি আহবাঢ়িলো ঘৰলৈ বুলি ৷ বাটতে পাইলটক ক'লো বোলো ক'লা পাতচাধাৰে বুঢ়াতামোল চোবাবলৈ নোপোৱা বহুদিন হ'ল ৷ তাকে শুনি লংকেশ্বৰত গাড়ী ৰখিল ৷ দোকান এখনত তামোল চোবালো ৷ মানুহজনে চাধা বুলি জৰ্দাৰ টেমাটো আগবঢ়ালে ৷ মই বোলো ক'লা চাধা ক'ত? (তেওঁ আছে বুলিছিল বাবেই মই তামোল খাইছিলো) ৷ দোকানীয়ে ভোৰভোৰাই পাতচাধাৰ টেমাটো দিলে ৷ মই ক'লা নাপায় মটীয়া ৰঙৰ পাতেৰেই তামোলৰ পাগ উঠাই গাড়ীত বহিলো ৷ এইবাৰ গাড়ী আগবাঢ়িল জালুকবাৰীলৈ ভায়া বাইপাচ হৈ ৷ ভূগোল বিভাগটো চাম বুলি ভাবি থাকোতেই জালুকবাৰী পালোহি ৷ আমাৰ গাড়ী নলবাৰীমুৱাকৈ যাবলৈ এটা পাক মাৰিব লাগিব বুলিয়েই ড্ৰাইভাৰচাহাবে গাড়ীখন চাইডেৰে লৈ গৈ আছিল ৷ ডিভাইডাৰ আৰু গাড়ীৰ মাজত থকা সামান্য ঠাইকণেৰে পেন্দুকনা ল'ৰা এটাই স্কুটী এখন সোমাই দিলে ৷ আমি সোফাললৈ ঘুৰিবলৈ লওতেই বপুৰাই গাড়ীৰ বাম্পাৰত খুন্দিয়াই লুটি খাই পৰিল ৷ আমি ৰবলৈ মন নকৰিলোঁ ৷ গাড়ী ঘুৰিলত দেখিলো বপুৰাৰ মুৰত টুপীটোও (হেলমেট) নাই ৷ মোৰ গাড়ীৰ পাইলটজনে ৰিঙিয়াই সি দুখ পালে নেকি সুধিলে যদিওতে ডেকাল'ৰাই এটা অশ্লীল শব্দৰে ড্ৰাইভাৰক যিটোহে উত্তৰ দিলে ৷ বয়সীয়াল মানুহজনে খঙত নে লাজত ৰঙা পৰিছিল মই গম নাপালো ৷
যিয়েই নহওক ভিৰ হেঁচি ঠেলি আগবঢ়াৰ দৰে কোনোমতে নলবাৰীমুৱা হ'লো ৷ তীব্ৰ যানজঁটত যাবলৈ যেন ঠাই নাই ৷ দুৰৈৰ পৰাই দেখিলো ভূপেনদাৰ সমাধিক্ষেত্ৰৰ দেৱালৰ সমীপত দুই-এজনে পেচাব কৰি থকা ৷ মনটো অবুজ আক্ষেপত গুজৰি উঠিল ৷ লাহে লাহে মূখ্য ফ্লাইঅভাৰৰ ওপৰ পালো ৷ তাতেই গাড়ীখন ৰখাব দি নামিলো ৷ তলত দেখিলো অজস্ৰ গাড়ী আৰু ট্ৰেফিক পুলিচ ৷ লগতে পেচেঞ্জাৰৰ লৰা ঢপৰা ৷ আচৰিত কথাটো হল ব্ৰীজৰ তলৰ পৰা ওপৰলৈ আহোতে আমাৰ প্ৰায় আধাঘন্টাৰ দৰকাৰ হৈছিল যদিও কিন্তু ব্ৰীজৰ ওপৰত গাড়ী ৰাখি জিৰাবলৈ সুবিধা আছিল (ট্ৰেফিক জাম আৰু পুলিচ দুয়োটাই নাছিল) ৷
দেখি বৰ বেয়া লাগিছিল পৰিবেশটো ৷ জালুকবাৰীৰ পইণ্টটোৰ আৰু ঘুৰণীয়া চক্ৰৰ সৌন্দৰ্য গাড়ীবোৰৰ বাবেই ম্লান পৰিছিল ৷ থানা আৰু পুলিচৰ সন্মুখতেই নো-পাৰ্কিঙত গাড়ী ৰাখি ইজনৰ পিছত সিজনকৈ পেচেঞ্জাৰ উঠাইছে, দোকান-পোহাৰ বহিছে ৷ মাজে মাজে কিন্নৰৰ হাততালি আৰু কোলাই বোকোচাই দুই তিনিটাকৈ পোৱালী লৈ ভীক্ষাৰ বাবে বিননি ৷ সুন্দৰ ঠাইটুকুৰা যেন এক কদৰ্যময় পৰিবেশলৈ ৰূপান্তৰিত হৈছে ৷ যেন এটা কেবাবছৰো পুৰনি বাছষ্টেণ্ডহে ৷
কদৰ্য্য পৰিবেশৰ প্ৰভাৱ ভূপেনদাৰ সমাধি পৰ্যন্ত বিয়পিছে ৷ কিন্তু ইয়াৰ বাবে দায়ী কোন? আমি মানুহবোৰ (যাত্ৰীবোৰ) নে যাত্ৰীবাহী বাহনবোৰ ? নে কৰ্তব্যনিষ্ঠাৰ পৰা দুৰত দহ-বিছ গোটাই থকা হোমগাৰ্ড কেইটা? অন্যথা হোমগাৰ্ডক বলিৰ পঠা সজোৱা শুভ্ৰ পোছাকী ট্ৰেফিক কেইজনহে আচল দোষী নেকি? নে কোনোবা বিয়াগোম অফিছাৰ নাইবা নেতা মন্ত্ৰী জড়িত এইবোৰৰ লগত!
তাৰোপৰি ভূপেনদাৰ সমাধিৰ আশে - পাশে মলমুত্ৰ ত্যাগ কৰি নিজৰ দামী গাড়ীত উঠি 'মানুহে মানুহৰ বাবে' গীত শুনি যোৱা পশুতূল্য অসমীয়া কেইজনৰ কথা কবলৈ মই নোৱাৰিলেও কাৰ কি আহে বা যায়? আচৰিত ধৰনে ভোদা আৰু বিবেকশূন্য যেন লাগিল নিজৰেই ৷ আমিবোৰ আজিও সঁচাকৈয়ে ধোদৰ পছলা নহয় জানো ৷ এনেই ওফাইডাং মাৰি জাতীয়তাৰ বাবে, এইমছৰ বাবে, বা আন কিছুমান কথাৰ হকে চিঞৰি মৰিছো নেকি? নে এইধৰনৰ চিন্তা কৰাৰ দৰকাৰেই নাই?
হঠাত হুইছেল মাৰি দৌৰি আহিল এজন শুভ্ৰ পোচাকধাৰী ৷ হাতত এটা ফাইনৰ বহী (যদিওবা তেওৰ ফাইন লোৱাৰ অধিকাৰ নাই) ৷ আমাৰ ওচৰ পোৱাৰ আগতেই ড্ৰাইভাৰক মই চকুৰ ইংগিতেৰে মনে মনে থাকিব দিলো ৷ পুলিচ মহাশয় ওচৰ পাইয়েই তৰ্জন-গৰ্জন কৰিব ধৰিলে ৷ ব্ৰীজৰ ওপৰত গাড়ী ৰখোৱা নিষেধ হেনো ৷ নাতিদূৰত থকা নো-পাৰ্কিং বোৰ্ড এখন দেখুৱাই ক'লে বোলে পাঁচশ টকা ফাইন ৷ মই লাহেকৈ নমনীয় সুৰত ক'লো, "ডাঙৰীয়া, গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল ৷ বেয়া যদি নাপায় ঢাক্কা মাৰি দিয়কনা অলপ ৷" বপুৰাই এইবাৰ সেমেনা-সেমেনিকৈ গাড়ীখনৰ ওচৰৰ পৰা একো নুশুনাৰ ভাও জুৰি আঁতৰ হ'ল ৷ যাওতে ড্ৰাইভাৰক কৈ গ'ল যেনেতেনে গাড়ী আঁতৰ কৰিবলৈ ৷ ডাঙৰ ডাঙৰ চাহাবসকলে দেখা পালে হেনো তেওঁলোকৰো বৰ দিগদাৰ হয় ৷ মানুহজন যোৱাৰ ক্ষন্তেক পিছত আমিও তাৰ পৰা গুচি আহিলো ৷ পেটতো ভোকত কলমলাইছিল বৰকৈ ৷ বহুদিনৰ মুৰত গাঁৱলৈ আহিছো বুলিয়েই চাগে জালুকবাৰীখন বৰ আচহুৱা লাগিছিল ৷ সেইবাবেই কাকো লগেই ধৰিব নোৱাৰিলো ৷৷
No comments:
Post a Comment