Saturday, 8 April 2017

ষ্ট্ৰেছ

সামাজিক শৃংখলৰ মাজত থাকি সহজ সৰল জীৱন যাপন কৰিব পৰাটো এটা কলা ৷ আচলতে মনত ভাগৰ নালাগিলে দেহত ভাগৰ নালাগে ৷ মনৰ ভাগৰে আনে অৱসাদ ৷ অৱসাদ আৰু অৱসৰৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক থাকে ৷ সাধাৰণতে একো নকৰি বহি থকা, সাধ্যতকৈ অধিকৰ বাবে আক্ৰোশ কৰা, লোকৰ উন্নতিত উন্মত্ত হোৱা, হীনমণ্যতাত ভোগা আদিবোৰৰ পৰাই ষ্ট্ৰেছ নামৰ বেমাৰবিধে লম্ভে ৷ পাৰিলে আজৰি সময় খিনিক ভালকৈ খটুৱাব লাগে ৷ পাৰিলে কিতাপ পঢ়া, ফুলনিতে ব্যস্ত হোৱা, চিলাই কাম কৰা আদি ক্ৰিয়েটিভ কামত নিয়োজিত কৰিব পাৰিলে মনটো ভালে থাকে ৷ তাতোকৈ সহজ কথা, একো কাম নাথাকিলে গুণগুণাই থাকিব পাৰিব লাগে ৷ তেতিযাওঁ মন ভালে থাকে ৷ কথাতেই কয় খালী দিমাগ চয়তানৰ বাহ ৷৷
#
#মোৰ বোধেৰে
অৱসাদ আৰু বিষাদৰ আৰম্ভণি হব পাৰে বহুতো কাৰণৰ বাবে…
৷ যেনে…
1/ এলেহুৱা হলে
2/ ভয়াতুৰ হলে
3/ প্ৰয়োজনতকৈ বেছি আয় হলে
4/ ভাগ্যৰাজ হৈ বহিলে
5/ বৈৰাগ্য ভাৱৰ হঠাত আগমণ হলে
6/ অচিন ৰোগ আদি হলে
7/ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে
8/ কাৰোবাৰ প্ৰতি অতিবৈৰিতা
9/ পাৰানৰ্মেল একটিভিতিৰ বাবে
10/ অতিবুদ্ধি, অহংকাৰ আদিৰ বাবে ৷৷
#
#
এই সমস্যাৰ পৰা মুক্তিৰ বাবে
1/ মনে মনে নিজকে সন্তুষ্ট বুলি ধৰি লব পৰাটো
2/ বেছি ডাঙৰকৈ আৰু খঙত চিঞৰাৰ অভ্যাস পৰিহাৰ
3/ উপাৰ্জন অনুসৰি মিতব্যয়ী হোৱা
4/ নিজৰ শোৱা কোঠাতো পৰিস্কাৰকৈ ৰখা
5/ লগ সমনীয়াৰ লগতে দৈনন্দিন সমস্যা বোৰৰ কিছু আলোচনা
6/ নিয়মিত শৰীৰ চৰ্চা আৰু মেডিকেল চেক আপ
7/ কম খাদ্য, কম চৰ্বিযুক্ত খাদ্য, ফলমুল আৰু সেউজীয়া পাচলি খোৱা
8/ খেলাধূলা কৰা
9/ পৰিয়ালৰ লগত কৰবালৈ ফুৰিব যোৱা, চিনেমা চোৱা আদি কৰি চাবচোন ৷

No comments:

Post a Comment