উত্তৰ-পূব ভাৰতৰ সাতভনীৰূপে পৰিচিত ভূখণ্ডৰ এগৰাকী অংশীদাৰ হৈছে মিজোৰাম । যোৱা শতিকাত অসমৰ বুকুৰ এখণ্ড লৈ মিজোৰামে দেশৰ ২৩ নম্বৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। পাহাৰৰ সেউজীয়া আৰু এজাক উদ্যমী মানুহৰ এখন ক্ষুদ্ৰ প্ৰদেশ । হাঁহি ধেমালিৰে জীৱন যুদ্ধত আগবঢ়া মিজোৰামখন সৌ সিদিনালৈকে অসমৰে এখন পাৰ্বত্য জিলা হিচাপে পৰিগণিত হৈছিল । মিজো সকল শান্তিপ্ৰিয় স্বভাৱৰ লগতে বৰ ধীৰ জাতি । জাতীয়তাবোধৰ ভৰপূৰ সমৰ্থক মিজো সকল স্বাক্ষৰতাৰ ক্ষেত্ৰতো অতি আগবঢ়া । এতিয়াও অক্ষত অৱস্থাত থকা মিজো পৰম্পৰা বহুতৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । ৰঙীণ সাজ-পোছাক, বনৰীয়া ফুল আৰু চৰাইৰ পাখি আদিৰ শিৰাভৰণ লৈ নৃত্য কৰা মিজো ডেকা গাভৰু সকলক নেদেখিলে এই লিখাৰ মাদকতা চাগে অনুভৱ নহব । পৰিস্কাৰ পৰিছ্ন্নতা, সুন্দৰ জলবায়ু, বিভিন্ন প্ৰজাতিৰ গছ লতিকাৰে ভৰপূৰ পাহাৰীয়া ৰাজ্যখন পর্যটনৰ বাবেও বেছ আকর্ষণীয় ।
মিজো সকলৰ সমাজ ব্যৱস্থাত বিভিন্ন ধৰনৰ উৎসৱ আৰু নাচৰ প্ৰচলন আছে । ইংৰাজ অহাৰ আগলৈকে অধিকাংশ মিজো গছ-গছনি, নদী, পাহাৰ আদিৰ পূজা কৰিছিল । সেইবাবেই উত্তৰ পূবৰ আন আন পাহাৰীয়া জাতিবোৰৰ দৰেই মিজো সকলৰ সাংস্কৃতিক ক্ষেত্ৰখনতো প্ৰকৃতিৰ প্ৰভাৱ স্পষ্ট । প্ৰান্তভেদে মিজো সকলৰ পৰম্পৰা আৰু নৃত্যগীতৰ প্ৰভেদ যথেষ্ট মন কৰিবলগীয়া । এইখিনিতেই কৈ থোৱা ভাল যে মিজো বুলিলেই মিজোৰামৰ আটাইবোৰ জনবসতিক বুজোৱা হয় যদিও স্থানীয়ভাবে তেওঁলোক বহুতো শাখা-প্ৰশাখাত বিভক্ত । এইবোৰৰ ভিতৰত লুচেই, মাৰ, মাৰা, পাইতে, লখেৰ, লাই, ৰাল্টে, পৈ, চাক্মা, ৰিয়াং আদি প্ৰধান ।
যদিও মিজো সমাজ বিভিন্ন শাখা-প্ৰশাখাত বিভক্ত, তথাপিও উৎসৱ পাৰ্বণ আৰু সাংস্কৃতিক ক্ষেত্ৰখনত এটা জাতি । বিভিন্ন উৎসৱৰ ভিতৰত সকলোৰে আটাইতকৈ আদৰৰ উৎসৱ বুলিলেই মনলৈ আহে ছাপছাৰ্ কূট । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই উৎসৱত সমান উল্লাসেৰে ভাগ লয় । প্ৰতিবছৰে মাৰ্চ মাহৰ প্ৰথমটো শুক্ৰবাৰে গোটেই মিজোৰাম জুৰি ছাপছাৰ্ কূট আনন্দ উল্লাসেৰে পালন কৰা হয় । আইজলৰ ‘আছাম ৰাইফলচ’ৰ ‘পেৰেড গ্ৰাউণ্ড’ত কেন্দ্ৰীয়ভাবে এই উৎসৱ অনুস্থিত হয় । সেইদিনটোত গোটেই আইজল দলদোপ হেন্দোলদোপ হয় । আধুনিকতাক প্ৰত্যাহ্বান জনাই মিজো সমাজে পাৰম্পৰিক ভাবেই পালন কৰি আহিছে তেওঁলোকৰ অতি আপোন ছাপছাৰ্ কূট উৎসৱ । তাৰোপৰি বিভিন্ন দল, সংগঠনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত হাত মিলাই প্ৰতিখন জিলাতেই প্ৰতিবছৰে ছাপছাৰ্ কূট পালন কৰে । আজিৰ তাৰিখত মিজো সমাজৰ আটাইতকৈ হেঁপাহৰ উৎসৱ কি বুলিলে সকলোৱে একেমুখে ছাপছাৰ্ কূট বুলিয়েই উত্তৰ দিব ।
ছাপছাৰ্ কূট মূলত বসন্ত উৎসৱ । জুম খেতিৰ আৰম্ভণি কৰিবলৈ হাবি ভাঙি মাটি এডৰা উলিওৱাৰ সময়ত দুখ ভাগৰ পাহৰিবলৈ এই উৎসৱ পালন কৰা বুলি কথিত আছে । ছাপছাৰ্ কূটৰ আৰম্ভণি সম্পৰ্কে ভিন্ন জনে বিভিন্ন ধৰনে ব্যাখ্যা কৰা দেখা যায় । প্ৰখ্যাত মিজো বুৰঞ্জীবিদ থান্জানা(R.L.Thanzawna) ৰ মতে ছাপছাৰ্ কূটৰ আৰম্ভণি হৈছিল আনুমানিক পোন্ধৰ শতিকাত । তেতিয়া মিজো সকল ব্ৰহ্মদেশৰ ছিন্ (Chhin) প্ৰান্তত আছিল । জনশ্ৰুতি অনুসৰি প্ৰথম মিজো গাঁৱ চুয়াইপুইৰ (Suaipui)গাঁৱ-প্ৰমুখে (Village Chief) গাঁৱৰ বচা-বচা চিকাৰী সকলক একত্ৰ কৰি হাবিলৈ চিকাৰৰ বাবে যায় । সেই বছৰ গাঁৱখনত আকালৰ প্ৰভাৱ বাৰুকৈয়ে আছিল । তথাপি গাঁৱৰ সকলোৱে পাৰ্যমানে দান বৰঙণি গোটাইছিল । চিকাৰৰ পৰা মানুহবোৰ ঘুৰি আহিলে আনন্দ কৰিবলৈ জুঁ (Mizo Rice Beer)প্ৰস্তুত কৰিছিল ।ভালেমান দিন চিকাৰত থাকিও গাঁৱৰ মুখিয়াল আৰু তেওৰ চিকাৰী দলটো খালি হাতে গাঁৱলৈ উভতিছিল । তেওলোকে চিকাৰ নোপোৱাৰ মূলতে হেনো আছিল কলা বান্দৰৰ অভিশাপ ।
চিকাৰৰ পৰা খালি হাতে উভতি আহি দলটোৱে যেতিয়া চুয়াইপুই পালে তেতিয়াই মুখিয়ালে নিজৰ ঘৰৰ আটাইতকৈ ডাঙৰ গাহৰিটো মাৰি গাঁৱৰ সকলোৰে বাবে ভোজৰ ব্যৱস্থা কৰে । আচলতে চিকাৰ নোপোৱাকৈ অহা দলটোক দেখি গোটেই গাওঁবাসী দুখত ভাগি পৰিছিল । সেইবাবেই মুখিয়ালে নিজৰ সাঁচতীয়া সকলোখিনি গাঁৱৰ সমুহীয়া ভোজৰ নামত উলিয়াই দিছিল । লগতে সকলোকে যিমান পাৰে আনন্দ কৰিবলৈ কৈছিল । তেও গাওঁবাসীক চিকাৰ নোপোৱাৰ দুখ পাহৰিব পৰাকৈ নৃত্যগীত কৰি আনন্দ কৰিব অনুৰোধ কৰিছিল আৰু সেয়াই ছাপছাৰ্ কূটৰ আৰম্ভণি বুলি কোৱা হয় । ছাপছাৰ্ কূটৰ চৰকাৰী বিৱৰণীত লিখা আছে এনেদৰে--
“The spirit went high and the mood was changed from disappointment to joyful merrymaking young men and young women threw their hands around each other and danced in a circle; there were singing and clapping of hands all the while. The entire community enjoyed themselves even more than they would ever do even if the hunters had come back with rich booty. They have turned ‘defeat into victory’ as it were, and Chapchar Kut was born. Every year ever since, around that fateful time, the festival of a sort was repeated by Suaipui, and many other villages followed suit with their own innovations and time.” Mizoram NIC.
অসমীয়া সমাজৰ বিহুৰ দৰেই মিজো সকলেও কূট পালন কৰে । মিম্ কূট, পল্ কূট আৰু ছাপছাৰ্ কূট নামেৰে তিনি প্ৰকাৰৰ কূট মিজো সমাজত পালন কৰা হয় । ইয়াৰোপৰি থ্লাফাভাং কূট ঠাই বিশেষে পালন কৰা হয় । মিম্ কূট মূলত ভাদ মাহৰ মাজভাগত অনুষ্ঠিত হয় । এই উৎসৱ মৃতকৰ আত্মাৰ সদগতি বিচাৰি আৰু পূৰ্বজ সকলৰ সোঁৱৰণত অনুষ্ঠিত হয় । এয়া মাকৈ খেতিৰ সময়ত পালিত উৎসৱ । পল্ কূট হ’ল শস্য চপোৱাৰ পিছতেই পালন কৰা উৎসৱ । এই উৎসৱৰ মূল হৈছে প্ৰচুৰ পৰিশ্ৰমৰ ফলত পোৱা শস্যৰ বাবে নেদেখাজনক ধন্যবাদ জনোৱাৰ প্ৰথা । লগতে পল্ কূটৰ সময়ত মাতৃ আৰু পুত্ৰই পৰস্পৰে পৰস্পৰক খাদ্য খুৱাই দিয়াতো এক প্ৰচলিত প্ৰথা । থ্লাফাভাং কূট শস্য ৰোপণ কৰি আহি পালন কৰা এক অনুস্থান । লাহে লাহে এই অনুষ্ঠানো জনপ্ৰিয় হৈ উঠিছে । ২০০৮ চনৰ পৰা প্ৰতিবছৰে মিজোৰাম পৰ্যটন বিভাগে থ্লাফাভাং অনুস্থিত কৰিবলৈ বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে । ছাপছাৰ্ কূট হৈছে বসন্ত উৎসৱ । এইখিনিতেই উনুকিয়াব পাৰি যে ‘কূট’ শব্দটো কুকি-ছিন-মিজোৰ শ্বাঙ-বাং উৎসৱৰ পৰাই সৃষ্টি হোৱা । ১৯১৭-১৯১৯ চনলৈ হোৱা এংলো-কুকি যুদ্ধৰ পিছৰ পৰা ঠাই আৰু ৰাজনৈতিক সীমাৰ গণ্ডীত কূট উৎসৱৰ বিভাজন হোৱা বুলি কব পাৰি ।
বাকিবোৰৰ তুলনাত ছাপছাৰ্ কূটৰ মাদকতা সুকীয়া । বসন্তৰ আৰম্ভণিৰ বতৰা দি যোৱাৰ পৰতেই অনুষ্ঠিত হোৱা এই কূটৰ এক স্বকীয় বৈশিষ্ট্য আছে । আচলতে বাকীবোৰৰ তুলনাত ছাপছাৰ্ কূটত বহুতো বেছি ঘাট প্ৰতিঘাট নেওচি বৰ্তি থকা আৰু জনপ্ৰিয় হোৱা একমাত্ৰ অনুষ্ঠান বুলি কলেও বঢ়াই কোৱা নিশ্চয় নহব । ব্ৰিটিছ অহাৰ পিছৰে পৰা মিজো সকলৰ সামাজিক আৰু বৌদ্ধিক দিশৰ লগতে সাংস্কৃতিক দিশতো আমূল পৰিবৰ্তন হোৱা পৰিলক্ষিত হয় । ব্ৰিটিছ মিছনেৰি সকলে মিজো সমাজ ব্যৱস্থাৰ লগতে পাৰম্পৰিক আৰু সাংস্কৃতিক ব্যৱস্থাৰ পৰিৱৰ্তনত আগভাগ লৈছিল । মিজো সকলৰ সমাজ ব্যৱস্থাৰ পৰা লাহে লাহে বিদায় লৈছিল জুঁ খোৱা আৰু বনোৱাৰ প্ৰথা । বিভিন্ন পাৰম্পৰিক অনুষ্ঠানৰ পৰাও জুঁ বিলোপ কৰা হয় । পৰস্পৰৰ মাজত হোৱা সংঘাট, যুদ্ধ-বিগ্ৰহ আদিৰো প্ৰৱণতা লাহে লাহে নাইকিয়া হব ধৰে । একে সময়তে শিক্ষাৰ ক্ষেত্ৰত এক জনজাগৰণৰ সৃষ্টি হয় । কালৰ সোঁতত যেন নোহোৱা হৈ গৈছিল ছাপছাৰ্ কূট অনুষ্ঠানৰ মাদকতা । অনানুষ্ঠানিকভাবে বিভিন্ন ঠাইত কম বেছি পৰিমাণে উদযাপিত হৈ আছিল এই কূট । অৱশ্যে খ্ৰীষ্টান মিছনেৰি সকলৰ বক্ৰদৃষ্টি পুৰ্ণমাত্ৰাই আৰু প্ৰায়েই পৰিছিল । মিছ্নেৰি সকলৰ মাজতো ভয় আছিল যে এনেধৰনৰ পৰম্পৰাৰ পৰা তেওঁলোকৰ ধাৰ্মিক আৰু শৃংখলাবদ্ধ জীৱনত বিৰূপ প্ৰভাৱ পৰিব পাৰে । তাৰ প্ৰধান কাৰণ আছিল জুঁ আৰু মিজো পৰম্পৰাৰ এৰাব নোৱাৰা মধুৰ সম্পৰ্ক ।
তথ্যমতে ১৯৩০ চনত কিছু সংখ্যক জাতীয়তাবাদী মিজো লোকে বৃটিছ চৰকাৰৰ অনুমতি সাপেক্ষে থাক্থিঙ আৰু ছলট্লাঙত প্ৰথম বাৰৰ বাবে চৰকাৰীভাবে ছাপছাৰ্ কূট অনুস্থিত কৰিছিল । তেতিয়াৰ পৰাই কিছু বছৰ চেগা চোৰোগাকৈ চলি আকৌ বন্ধ হৈ যায় এই উৎসৱ । পৰৱৰ্তী সময়ত (১৯৫২) মিজো জিলা পৰিষদ গঠন হয় । তেতিয়াই মিজো সকলৰ বিভিন্ন উৎসৱৰ বাবে বন্ধৰ দিন আৰু সময়সীমা থিৰ কৰিবলৈ এক অধ্যাদেশ জাৰি কৰা হয় । তাৰ ভিতৰত ছাপছাৰ্ কূটৰ বাবে তিনিদিনৰ চৰকাৰী বন্ধ নিশ্চিত কৰা হৈছিল । ১৯৫২ চনৰ পৰা প্ৰায় দুই দশক কাল ছাপছাৰ্ কূট চৰকাৰী ভাৱে অনুষ্ঠিত হৈ আছিল । অৱশ্যে ১৯৬০ চনৰ পিছৰ পৰাহে বৰ্তমানৰ ছাপছাৰ্ কূট আৰম্ভ হোৱা বুলি কব পাৰি । পৰৱৰ্তী চাৰি বছৰ সুকলমে অনুষ্ঠিত হোৱা এই উৎসৱৰ মুখ্য আকৰ্ষণ আছিল ছেৰ’ বা বেম্বো-ডেন্স (Cheraw), খুৱাল্লাম (Khuallam) আৰু ছেই লাম (Chheihlam) । তাৰোপৰি বিভিন্ন পাৰম্পৰিক মিজো খেল-ধেমালি এই অনুস্থানৰ অন্যতম আকৰ্ষণ আছিল । ১৯৬৪ চনত কিছু নিচাসক্ত লোকে ভাগ লোৱাৰ বাবে হোৱা খেলিমেলিত আকৌ এবাৰ গীৰ্জা কতৃপক্ষই এই অনুষ্ঠানক লৈ সৰৱ হৈ পৰে । ফলশ্ৰুতিত ১৯৬৫ চনত এই উৎসৱ আনুষ্ঠানিক ভাবে উদযাপিত হোৱা নাছিল । ১৯৬৬ চনৰ পৰা ১৯৭২ চনলৈ ছয় বছৰ কাল মিজোৰাম এক সংকটপূৰ্ণ ৰাজনৈতিক অৱস্থাৰ মাজেৰে গতি কৰে । ঐতিহাসিক মিজো বিপ্লৱৰ এই সন্ধিক্ষণত ছাপছাৰ্ কূট পালনৰ ক্ষেত্ৰতো স্থৱিৰতা আহি পৰে । ১৯৭২ চনত তেতিয়াৰ লুচেই পাহাৰ জিলা ভাৰতৰ কেন্দ্ৰশাষিত অঞ্চল হিচাপে ঘোষিত হয় । সেইবছৰে তথ্য, জনসংযোগ আৰু পৰ্যটন বিভাগৰ অধীনত ছাপছাৰ্ কূট পুনৰুজ্জীৱিত হয় । পিছলৈ ১৯৮১ চনত ৰাজ্যৰ কলা আৰু সংস্কৃতি বিভাগে এই অনুষ্ঠানটো পালন কৰিবলৈ লয় । ১৯৮১ চনৰ পৰা আজিলৈ এই অনুষ্ঠানে স্বকীয় মৰ্যাদা অটুট ৰাখি মিজো জাতীয় জীৱনৰ অভিন্ন অংগ হৈ সুকলমে আগবাঢ়িছে । বৰ্তমান পৰ্যটনৰ দিশৰ পৰাও এই উৎসৱ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
ছাপছাৰ্ কূটৰ সময়ত বিভিন্ন পাৰম্পৰিক নৃত্যগীত প্ৰদৰ্শিত হয় । ইয়াৰে ভিতৰত ছেৰ’ অতি জনপ্ৰিয় । ছাপছাৰ্ কূটৰ মুল আকৰ্ষণ মানেই ছেৰ’ নৃত্য । এই নৃত্য মিজো ডেকা গাভৰু সকলৰ অতি আদৰৰ । উল্লেখযোগ্য যে ২০১০ চনত ১০৭৩৬ গৰাকী নৃত্যশিল্পীয়ে (৬৭১ টা দল) একেলগে ছেৰ’ নাচি গিণিজ বুকত আটাইতকৈ বেছি লোকে অংশগ্ৰহণ কৰা নৃত্যৰ ৰেকৰ্ড গঢ়ি থৈছে । সেইদিনা আইজল চহৰ অলিয়ে-গলিয়ে কেবল ছেৰ’ৰ চেও আৰু নাচোন দেখি মই নিজেও অভিভূত হৈ পৰিছিলো ।
নাচ-গানৰ লগতে মিজো সকলৰ পৰম্পৰাগত খেল যেনে বাঁহ খেল (Insuknawr), ইনবুণ বা মিজো মল্লযুদ্ধ (Inbun) ৰচি টনা, কলহ ভঙা আদিয়েই প্ৰধান । আজিকালি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ফেশ্বন শ্বো, মিজো ‘বিট্ কণ্টেষ্ট’ আদিও অনুষ্ঠিত হয় । হলেও মুল অনুষ্ঠানৰ ক্ষেত্ৰত থলুৱা সাজ-পাৰ, মাতৃভাষা আৰু পৰম্পৰাগত আ-অলংকাৰ তথা সা-সৰঞ্জামৰ ব্যৱহাৰ বাধ্যতামুলক । মিজো সকলৰ ছাপছাৰ্ কূট চাব গলেই নিজ প্ৰদেশৰ জাতীয় উৎসৱলৈ মনত পৰে । প্ৰায়েই মৰ্মাহত হওঁ । অসমত বিহু, বিহুৰ সাজ-পাৰ, সাহিত্য সভা আদিক লৈ বিভিন্ন ধৰনে প্ৰতিবাদ হৈ থকাৰ পৰতে মিজো নৃত্যই গিণিজ বুকৰ পৃষ্ঠা দখল কৰিলে । মৃদুভাষী জনজাতীয় মিজো সমাজে আজিও তেওঁলোকৰ সকলো পাৰম্পৰিক উৎসৱ অতি আন্তৰিকতাৰে সুন্দৰকৈ আৰু স্বকীয়তাৰ মাজেৰে পালন কৰাটো সঁচাকৈ লেখত লবলগীয়া নহয় জানো?

@ঘনশ্যাম ডেকা
fc2 놀이터 - Casinofib m88 m88 카지노 카지노 카지노사이트 카지노사이트 happyluke happyluke クイーンカジノ クイーンカジノ 188bet 188bet 우리카지노 우리카지노 295 Lucky 7 - Sportsbet.Com - La Quinta - LACBET
ReplyDelete