Saturday, 8 April 2017

মিজোৰাম ফুৰিব আহিব পাৰে



Travel makes one modest. You see what a tiny place you occupy in the world.”-Flaubert
সেইদিনা মোৰ অগ্ৰজ কল্যাণদাই ফোন কৰিলে । ফোনতেই সুধিলে, “ঘনশ্যাম আমি সপৰিয়ালে মিজোৰাম ফুৰিব যাম । সবিশেস জনাবা সময় উলিয়াই” । বিভিন্ন ব্যস্ততাৰ বাবে পাহৰি আছিলো আৰু তেওঁক জনোৱা নাছিলোঁ । আজি হঠাত মনতে ভাবিলো যে কল্যাণদাক জনোৱাৰ চলেৰে মিজোৰাম ভ্ৰমণৰ বিষয়ে চমুকৈ লিখা যাওক ।
মিজোৰাম উত্তৰ পূবৰ আটাইতকৈ শান্তিপূৰ্ণ আৰু এখন সুন্দৰ প্ৰদেশ । দহলাখ জনসংখ্যাৰ এইখন প্ৰদেশ স্বাক্ষৰতাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় (লাক্ষাদ্বীপ ধৰিলে তৃতীয়)। কোনোধৰনৰ হাই উৰুমি নোহোৱা এখন শান্তিপুৰ্ণ পাহাৰীয়া ৰাজ্য । মুঠ মাটিকালি ২১০৮৭ বৰ্গ কিমি । মুখ্য ভাষা মিজো । তাৰোপৰি কম বেছি পৰিমাণে বেছিসংখ্যকে ইংৰাজী কব আৰু লিখিব পাৰে । আইজল আৰু লুংলেইত হিন্দি কিছু পৰিমাণে কয় যদিও বেছিভাগেই ‘হিন্দি মালুম নাই’ বুলিয়েই কৈয়েই দায়িত্ব সামৰে । 
 এটা সময়ত মিজোৰাম অসমৰ লুচেই পাহাৰ পাৰ্বত্য জিলা আছিল । পৰবৰ্তী সময়ত কেন্দ্ৰীয় শাসিত আৰু পিছলৈ (১৯৮৭) পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃত হয় । মিজোৰামৰ পূব, পশ্চিম আৰু দক্ষিণ সীমাত বাংলাদেশ আৰু ব্ৰহ্মদেশ সংলগ্ন হৈ আছে (৭২২ কিমি দীঘল আন্তৰাষ্ট্ৰীয় সীমা)। সেইবাবেই সুৰক্ষাৰ দিশৰ পৰাও এই ৰাজ্যখন অতি গুৰুত্বপূৰ্ণ । ক্ৰান্তীয় আৰু নিৰক্ষীয় জলবায়ুৰ মিশ্ৰিত প্ৰভাৱৰ বাবেই তুলনামূলকভাৱে মিজোৰামৰ জলবায়ু মধ্যমীয়া ধৰনৰ । অতিপাত গৰমো নহয় আৰু অসহ্যকৰ ঠাণ্ডাও নহয় । 
পৰ্যটনৰ প্ৰচুৰ সম্ভৱনা থকা ৰাজ্য হিচাপে বিবেচিত হ’লেও কিন্তু মিজোৰামৰ পৰ্যটনৰ উন্নয়ন তেনেই চালুকীয়া অৱস্থাতেই আছে । খনিজ সম্পদৰ সীমিত ভাণ্ডাৰ আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে মিজোৰাম চৰকাৰে ১৯৯৩ চনত পৰ্যটনক প্ৰাদেশিক উন্নয়নৰ আহিলা হিচাপে গণ্য কৰে । সেইবছৰৰ বাজেটত মিজোৰামৰ ঔদ্যোগীকক নীতিত পৰ্যটনকো সুকীয়াকৈ উদ্যোগ হিচাপে অন্তৰ্ভুক্ত কৰে । পৰ্যটনে লাহে লাহে উন্নয়নৰ বাট বুলিলে তেতিয়াৰ পৰাই । 
 পাহাৰ আৰু সেউজীয়াৰে আবৃত ৰাজ্য হিচাপে মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্য চালে চকুৰোৱা । অতিথি পৰায়ণ, শান্তিপ্ৰিয় আৰু মৰমিয়াল মিজোসকলক “Songbird of the North East” বুলি কোৱা হয় । মিজোৰাম ফুৰিবলৈ অহা প্ৰায়সংখ্যক পৰ্যটকে মিজোসকলৰ অমায়িক আৰু আদৰপূৰ্ণ ব্যৱহাৰৰ কথা প্ৰায়েই কয় । কথা বতৰাত কোনো ধৰনৰ জটিলতা নোহোৱা, শ্ৰমবিশ্বাসী মিজোসকলৰ সমাজ ব্যৱস্থা আৰু পৰম্পৰাও লেখত লব লগীয়া । এইখিনিতেই উনুকিয়াই থোৱা ভাল যে মিজোসকলৰ কোনো সামাজিক শ্ৰেণী বিভাজন নাই । সকলো সমান । সেইবাবেই তেওলোকৰ মাজত কাজিয়া পেচাল, পৰশ্ৰীকাতৰতা আদি নাই বৰাবৰ ।
মিজোৰাম ভ্ৰমণৰ বাবে উৎকৃষ্ট সময় হ’ল চেপ্তেম্বৰ মাহৰ পৰা মাৰ্চ মাহ । ২০০৬ চনৰ পৰা চেপ্তেম্বৰ মাহৰ চতুৰ্থ সপ্তাহত (শুক্ৰ আৰু শনি) এই উৎসৱ ৰাজ্যৰ পৰ্যটন বিভাগে আয়োজন কৰি আহিছে । এই উৎসৱ ৰেইয়েক পাহাৰৰ পাদভূমিত অনুস্থিত হয় । মিজোৰামৰ সকলো জনগোষ্ঠীয় পৰম্পৰা, স্থানীয় খাদ্য আৰু নৃত্য প্ৰদৰ্শন এন্থুৰিয়ামৰ মুখ্য আকৰ্ষণ । লগতে বাহ বেত, থলুৱা সাজপাৰ আদিৰো কিনাবেচা হয় এই দুটা দিনত । আইজলৰ পৰা ৰেইয়েকৰ দুৰত্ব প্ৰায় ত্ৰিশ কিলোমিটাৰ । ৰেইয়েক আৰু ওচৰৰে আইলং গাৱঁ বুৰঞ্জীপ্ৰসিদ্ধ ঠাই । ৰেইয়েক আহিবলৈ পৰিবহনৰ সুব্যৱস্থা আছে । টেক্সী বা চুমোৰ সুচল ব্যৱস্থা আছে । লগতে থকা খোৱাৰো সুব্যৱস্থা আছে । ইয়াৰ পৰাই মামিট (জিলা সদৰ) হৈ কানহ্মুণৰ ৰাষ্টাৰে ত্ৰিপুৰালৈকে যাব পাৰি । ৰেইয়েক শৃংগ, আশে-পাশে থকা গুহাবোৰ, বাটত পাই অহা ত্লং নদী, জলপ্ৰপাত আদিৰ বাবে মিজোৰাম পৰ্যটনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৰেইয়েক । 
 ৰেইয়েকৰ পিছতে মুইফাং আন এক সুন্দৰ পৰ্যটন স্থলী । মুইফাংৰ সূৰ্যাস্তৰ দৃশ্য অতি মনোমোহা । আইজলৰ পৰা মুইফাং যাবলৈ হ’লে ভাড়া টেক্সী লোৱা ভাল । মুইফাং যাওতে আইজলৰ পৰা নাতিদূৰত পোৱা যায় ফাল্কণ গাৱঁ । আহোতে বা যাওতে এই গাৱঁখনত ৰখিলে ভাল । ইয়াতেই মিজোসকলৰ পৰম্পৰাগত গাৱঁ আৰু জ্বল্বুক্ দেখিবলৈ পোৱা যায় । একেই দৃশ্য ৰেইয়েকতো আছে যদিও ফাল্কণৰ পৰম্পৰাগত জ্বল্বুক্ আৰু মিজো গাৱঁ দেখিবলৈ বেছি আকৰ্ষণীয় । মুইফাংত সূৰ্যাস্ত চাই আইজল উভতিব পাৰে । নহ’চলে মুইফাং ট্যুৰিষ্ট ৰিজৰ্টত ৰাতিটো থাকি দক্ষিণ মিজোৰাম আৰু ভানটং জলপ্ৰপাত (ঠেণজল) চোৱাৰ কথা ভাবিব পাৰে । ঠেণজলৰ পৰা ঘুৰি আহোতে ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উভতি আহিব পাৰে । এই পথেৰে আহিলে আইজল পোৱাৰ এঘণ্টামানৰ আগতে বাকটং বুলি গাৱঁ এখন পাব । তাতেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰিয়াল (যিয়ন ছানাৰ পৰিয়াল) আৰু তেওলোকৰ গাৱঁখন চাই আহিব পাৰে । মুইফাং প্ৰায় চাৰে তিনি ঘণ্টাৰ দুৰত্ব । মুইফাং গ’লে মুইফাঙৰ হাৱঁলা পাৰ্কত নোসোমোৱাকৈ নাহিব কিন্তু । 
 মিজোৰাম আহি চামফাই নগ’লে ভ্ৰমণৰ আচল মজা নাপাব বুলিয়েই ধাৰণা হয় । চামফাই হ’ল মিজোসকলৰ ৰূপকথাৰ ৰাজধানী, বিভিন্ন সাধুৰ প্ৰদেশ । আইজলৰ পৰা ইয়াৰ দুৰত্ব ১৯৪ কিমি । নাইট বাছ চৰ্ভিচৰ লগতে পুৱা গধুলি চুমোৰেও যাব পাৰি । মিজোসকলৰ বাবে চামফাই বৰ গুৰুত্বপুৰ্ণ । তেওলোকৰ জাতীয় পৰম্পৰা, বিভিন্ন সাধুকথা, আৰু সংস্কৃতিৰ উৎসস্থলী হ’ল চামফাই অঞ্চল । চামফাই মিজোৰামৰ আটাইতকৈ ওখ আৰু ঠাণ্ডা জিলা । চামফাইৰ পৰা ৩৬ কিমি গ’লে জৌখাথাৰ পোৱা যায় । জৌখাথাৰ মিজোৰাম (ভাৰত) আৰু বাৰ্মাৰ (ম্যানমাৰ) ‘কাষ্টম গেট’ তথা ‘বোৰ্ডাৰ ট্ৰেডিং পইণ্ট’ । তাতে ভাৰতৰ গাড়ী এৰি দহটকাৰ পাছ এখন লৈ ম্যানমাৰৰ বজাৰৰ ফালে যাব । তাৰ পৰা বহুতো মুল্যবান আৰু দুৰ্লভ সামগ্ৰী কিনিব পাৰি । মাত্ৰ ভাৰতীয় কাষ্টম গেটৰ পৰা অনুমতি লৈ লব আগতীয়াকৈ । তাতে বাৰ্মিজ স্কটচ এসোহা মাৰি চাব পাৰে (যদিহে আগ্ৰহী)। বৰ সস্তা । তাৰ পিছত বাৰ্মিজ জীপত উঠি ‘ৰিডীল হ্ৰদ’ চাবলৈ যাব । এক সুন্দৰ নৈসৰ্গিক দৃশ্যৰে ভৰা আৰু মন মুহি নিয়া ৰিডীল এসময়ত মিজো সমাজৰ বাবে পবিত্ৰ হ্ৰদ হিচাপে পৰিগণিত হৈছিল । মিজোসকলে খ্ৰীষ্টানলৈ পৰিবৰ্তিত হোৱাৰ আগলৈকে আকাশত থকা মহাশক্তিমান (পাথিয়ান)ক বিশ্বাস কৰিছিল । তেতিয়াৰ লোককথাৰ মতে মিজোসকলৰ মৃত্যু হ’লে এই ৰিডীল হ্ৰদত আত্মাই গা ধুই পৰম ধামলৈ গতিৰ প্ৰবাদ আজিও আছে । সেয়ে ম্যানমাৰত থাকিলেও ৰিডীল হ্ৰদ মিজো সমাজৰ ঐতিহ্য আৰু পৰম্পাৰ সৈতে আজিও সাঙোৰ খাই আছে । হ্ৰদৰ এটা পাৰত বুদ্ধদেৱৰ এটা সুবিশাল মুৰ্তিও আছে । 
 চামফাইৰ পৰা দক্ষিণে গ’লে মিজোসকলৰ বুৰঞ্জীপ্ৰসিদ্ধ আৰু বহুতো লৌকিক / অলৌকিক কাহিনীৰ পটভুমি সদৃশ ফাৰকণ পাব । ফাৰকণ আৰু ইয়াৰ আশে-পাশে বহুতো চাবলগীয়া ঠাই আছে । এইবোৰৰ ভিতৰত খবুঙ, দিনট্লাং, ফিয়েৰা তুই, লিয়েঞ্চাৰিৰ শৃংগ আদি লেখত লবলগীয়া । 
চামফাইৰ পৰা কিছুদুৰ আহি খজল হৈ লুংলেই যাব পাৰি । অৱশ্যে এইটো গড়কাপ্তানি পথ বাবে পৰিবহণৰ কিছু লেঠা আছে । অন্যথা আইজলৰ পৰা ভায়া ঠেণজল বা ভায়া চেৰ্ছিপ হৈ লুংলেই যাবলৈ উজু । লুংলেই মিজোৰামৰ দ্বিতীয় সৰ্ব্ববৃহৎ চহৰ । এইখন চহৰ বৃটিছে বনোৱা প্ৰথম চহৰ । চিলেটৰ পৰা উজাই আহি ব্ৰৰ্টিছে ১৮৯১ চনত লুংলেইত এটা দুৰ্গ সাজে আৰু দক্ষিণ মিজোৰাম দখল কৰে । আইজল বা উত্তৰ মিজোৰাম দখল কৰে ১৮৯২ চনত । আৰম্ভণিতে আইজল শ্বিলং ডিভিজনৰ অধীনত আৰু লুংলেই চিলেট ডিভিজনৰ অধীনত আছিল । সেইদিশৰ পৰা চাব গ’লে লুংলেই সবাতোকৈ গুৰুত্বপূৰ্ণ পুৰণি চহৰ । লুংলেইৰ পৰা পশ্চিমলৈ ৮৬ কিমি গ’লে ত্লাবুঙ নগৰ পোৱা যায় । ইয়াতো বাংলাদেশৰ লগত সংলগ্ন ‘কাষ্টম গেট’ আৰু ‘বোৰ্ডাৰ ট্ৰেডিং পইণ্ট’ পোৱা যায় । অৱশ্যে এই গেটেৰে পাৰ হৈ বাংলাদেশ যাবলৈ হ’লে বৈধ ভাৰতীয় পাৰপত্ৰ জৰুৰী । ত্লাবুঙ নগৰৰ পৰা বাংলাদেশৰ সমভুমি অঞ্চলৰ ৰাতিৰ দৃশ্য বৰ ধুনীয়া লাগে ।
সময় থাকিলে লুংলেইৰ পৰা দক্ষিণলৈ যোৱাৰ কথাও এবাৰ ভাবিব পাৰে । পিছে ৰাস্তাৰ অৱস্থা বৰ বাৰু নহয় । যদিহে দক্ষিণলৈ যায় তেন্তে ফংপুই শিখৰ বগাব পাৰে । ফংপুই মিজোৰামৰ আটাইতকৈ ওখ শৃংগ (২২৫৭ মি) । লগতে ফংপুই ৰাষ্ট্ৰীয় উদ্যানতো পাক এটা মাৰিব পাৰে । অৱশ্যে দক্ষিণ মিজোৰামৰ দিশে গ’লে নিৰমিষহাৰী সকলে কিছু সমস্যাৰ সন্মুখীন হবও পাৰে । 
 মিজোৰাম ফুৰিবলৈ আহিলে আইজলৰ কেভি পেৰাডাইজ (বিবি তাজমহল), চলোমন টেম্পল আৰু আইজল চহৰৰ নাইটভিউ নোচোৱাকৈ গ’লে বহুত কিবা নোচোৱা যেন হব । লগতে বৰাবাজাৰ আৰু লুংমুৱালৰ হেণ্ডলুম চেন্তাৰলৈকেও যাব পাৰে । বৰাবাজাৰৰ পৰা ‘কোৰিয়ান’ কম্বল নিকিনিলে মিজোৰাম ভ্ৰমণৰ মজা আৰু স্মৃতি আধৰুৱা হব । সময় পালে মিলেনিয়াম চেণ্টাৰত বহি কফি একাপ খাব পাৰে । তাৰে নাতিদূৰত থকা ৰাজ্যিক সংগ্ৰাহালয় যাব পাৰে । মিজোসকলৰ ঐতিহ্য পৰম্পৰাৰ সম্পূৰ্ণ তথ্য বিশদভাৱে প্ৰদৰ্শিত কৰা আছে এই সংগ্ৰহালয়ত । মিজোৰামৰ পৰা ঘুৰি যোৱাৰ আগতে খোজকাঢ়ি নাইবা চিটিবাছেৰে গৈ ট্ৰেজাৰী স্কোৱেৰৰ প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক আৰু লালডেংগাৰ সমাধিক্ষেত্ৰ, বিধানসভা, সচিবালয়, ৰাজভৱন আদি চাব পাৰে । সন্ধিয়া বা ৰাতিপুৱা চালে ফটো উঠা আৰু খোজকাঢ়ি যোৱাৰ বাবে সুবিধাজনক আৰু আমোদজনক ।
মিজোৰাম ফুৰিবলৈ হলে আন্ত:ৰাজ্যিক পাৰ্মিট (Inner Line Permit) বাধ্যতামুলক । অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বাহিনীৰ লোক, ভাৰত চৰকাৰৰ অন্য জৰুৰীকালীন সেৱাত নিয়োজিত লোক, মহিলা আৰু শিশুৰ প্ৰৱেশৰ বাবে পাৰ্মিট বাধ্যতামূলক নহয় । পাৰ্মিটৰ বাবে গুৱহাটীৰ খ্ৰীষ্টানবস্তিত আৰু শিলচৰৰ সোনাই ৰোডত থকা মিজোৰাম হাউচত যোগাযোগ কৰিব লাগে । দুখন পাচপোৰ্ট ফটো, ভাৰতীয় নাগৰিকৰ বৈধ প্ৰমাণপত্ৰ আৰু ভ্ৰমণৰ উদ্দেশ্য লিখি ১৫০ টকা মাচুল দিলে ১৫ দিনৰ বাবে বৈধ অস্থায়ী পাৰ্মিট প্ৰদান কৰে । যিসকলে ১৫ দিনতকৈ বেছিদিন থাকিব বিচাৰে তেওলোকে ভ্ৰমণৰ মাজতে উপায়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰি আৰু ১৫ দিনৰ বাবে একেখন পাছৰ বৈধতা বঢ়াব পাৰে । আনহাতে বিমানেৰে অহা সকলে লেংপুই বিমান বন্দৰত পাঁচমিনিট মানৰ ভিতৰতে ট্যুৰিষ্ট পাৰ্মিট পাছ বনাব পাৰিব । 
 আইজললৈ গুৱাহাটীৰ পৰা দৈনিক নৈশবাছ পোৱা যায় (দেওবাৰে বন্ধ)। তাৰোপৰি শিলচৰলৈ ৰেলযোগে বা অন্যপ্ৰকাৰে আহি তাৰ পৰা চুমোত আহিব পাৰে । শিলচৰৰ পৰা আইজলৰ দুৰত্ব প্ৰায় ১৭৮ কিমি যদিও চুমোৰে প্ৰায় ছয় ঘণ্টা লাগে । উল্লেখ্য যে শিলচৰ-আইজল চুমো প্ৰায় সকলো সময়তে পোৱা যায় । তাৰোপৰি গুৱাহাটীৰ পৰা আইজললৈ দৈনিক জেট আৰু স্পাইচজেটৰ দুখন বিমান চলে । বৰঝাৰৰ পৰা লেংপুইৰ দুৰত্ব মাত্ৰ পঞ্চাশ মিনিটৰ । আইজলৰ পৰা লেংপুই বিমান বন্দৰৰ দুৰত্ব প্ৰায় ত্ৰিশ কিলোমিটাৰ । 
মিজোৰাম আহিলে শনিবাৰে বজাৰ কৰিম বুলি মনস্থ কৰি আহিলে ভাল । নবেম্বৰ আৰু ডিচেম্বৰ মাহত চহৰখনে ভৰযৌৱনা হৈ উঠে । বৰদিনৰ এমাহমান আগৰ পৰাই গোটেই মিজোৰামখনেই যেন সাৰ পাই উঠে । প্ৰতিটো পথ উপপথ সজাই পৰাই তোলা হয় আটক ধুনীয়া কৰি । ষোড়শীৰ হাঁহিৰ মাজত যেন হেৰাই যায় ভাগৰুৱা পৰ্যটকৰ সকলো ভাগৰ অথবা অৱসাদ । প্ৰদুষণৰ প্ৰভাৱ নপৰা আইজল চহৰখন যেন ইয়াৰ সৰলমনা মানুহবোৰৰ দৰেই সুন্দৰ । কম খৰচতে সুন্দৰ ঠাই ফুৰিবলৈ হ’লে এবাৰ মিজোৰাম ফুৰাৰ কথা ভাবিব পাৰে । ইয়াৰ মামা-মামীহঁতৰ হাঁহিৰ মাজত দুদিন থাকি পাহাৰ ভ্ৰমণৰ আনন্দ লৈ চাব পাৰে । মিজোৰাম ফুৰিব আহিব পাৰে ।
>
>
"Challenges and Opportunities of Mizoram Tourism" (by Ghanashyam Deka) নামৰ গৱেষণা পত্ৰৰ আংশিক অনুবাদ ।

No comments:

Post a Comment