Saturday, 8 April 2017

তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ চমু ডায়েৰীঃ



যোৱা বছৰ (২০১৬) অক্টোবৰ মাহৰ পহিলা সপ্তাহত তিনিচুকীয়আ মহিলা মহবিদ্যালয়ে আয়োজন কৰা এখন সমাবৰ্তনত নিমন্ত্ৰিত বক্তা হিচাপে গৈছিলো । তেতিয়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈ চাৰে এটা অনুৰোধ কৰিছিল । অনুৰোধ আছিল তেওলোকৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত মিজোৰামৰ এটা দলৰ প্ৰদৰ্শনৰ । মইও ভাবি চাম বুলি কৈ গুচি আহিলো ‘ৰ’পেপ-২’ সমাবৰ্তনৰ পৰা । আহোতেই ভাবি আহিছিলো যে যদি বিশেষ একো অসুবিধা নহয় তেন্তে মিজোৰামৰ দল এটি পঠিয়াম । নিজে যাব নোৱাৰিলেও অন্তত অইন কাৰোবাক হ’লেও পঠাম । 
পৰবৰ্তী সময়ত নবেম্বৰ মাহৰ শেষৰ ফালে আনুষ্ঠানিক পত্ৰ পঠায় বৰদলৈ চাৰে । কিন্তু মই সেই সময়ত শ্বিলঙত কিবা কামত ব্যস্ত থকা বাবে বিশেষ একো উত্তৰ দিব পৰা নাছিলো । মাত্ৰ ই-মেইলৰ জৰিয়তে ড° টনেঙা চাৰক খবৰটো আৰু আনুষ্ঠানিক অনুৰোধ পত্ৰখনৰ প্ৰতিলিপি এটা পঠাই দিলো । আমাৰ সাংস্কৃতিক সম্পাদক ডুৱমাই ডিচেম্বৰৰ শেষৰ ফালে মোৰ লগত যোগাযোগ কৰি ১৪ জনীয়া এটা দল মোৰ লগত তিনিচুকীয়া যাবলৈ প্ৰস্তুত হৈ থকা বুলি জানিবলৈ দিয়ে । শুনিয়েই গা সাতখন আঠখন লাগিছিল ।
কথামতেই কাম । অনুষ্ঠানৰ দিন বাৰ আদিৰ লগত সংগতি ৰাখি অহা যোৱাৰ ব্যৱস্থা কৰিবলৈ মহিলা মহাবিদ্যালয়ৰ অধক্ষ্য চাৰক দায়িত্ব দিলোঁ । লগে লগে অহাযোৱাৰ দিনবাৰ ঠিক কৰা, টিকেটৰ বুকিং আদি কৰি দিলে চাৰে । মইও ঠাণ্ডাৰ বন্ধ শেষ কৰি ১৫ তাৰিখে জেটৰ বিমানযোগে আইজল আহি পালোঁ । ১৬ তাৰিখে লৰা ছোৱালী কেইটাক লগ ধৰি সিহতৰ নাচৰ প্ৰস্তুতিৰ খা-খবৰ ললো । সৰু সৰু চেঙেলীয়া ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ প্ৰস্তুতি দেখি তভক মানিলোঁ । তাৰ মাজতে ৰুৱাটি বোলা এজনীৰ নাচৰ লয়লাস ভংগিমা দেখি তবধ মানিলোঁ । তাইক একেথিৰে চাই নাম দিলো ডেন্সিং ড’ল । তাই নাচিলে এনে লাগে যেন কোনোবাই ছাবি দি এৰি যোৱা এটি পুতুলা । নাচিলে নাচিয়েই থাকে, নাচিয়েই থাকে । দুখ ভাগৰৰ একো চিনচাব নাই । বাকী কেইগৰাকীও একেই প্ৰায় । নিজে নিজে আশ্বস্ত হ’লো । মনত ভাল লাগি গ’ল । বৰদলৈ চাৰ, দুৱৰা চাৰ, ফুকন চাৰ, চাংমাই চাৰকে ধৰি আৰু কেবাজনকো ফোন কৰিলো । তিনিচুকীয়া হিলাই থৈ আহিম বুলিও ক’লো । ফোনত তেওলোকেও বৰ উদগ্ৰীৱ হৈ বাট চোৱা যেন অৱশ্যেই লাগিল ।
১৮ তাৰিখে মাজনিশা আইজলৰ পৰা ওলালো । প্ৰথমে শিলচৰ, তাৰ পৰা লামডিং আৰু শেষত লামডিঙৰ পৰা তিনিচুকীয়া পালো ২০ তাৰিখে ধলপুৱাই । তাতেই অধক্ষ্যৰ নিৰ্দেষমৰ্মে শ্ৰীওম শৰ্মা আমালৈ ৰৈ আছিল । ষ্টেচনৰ পৰা আনি আমাক মহিলা মহাবিদ্যালয়ৰ গাতে লাগি থকা প্ৰমোদ-অসম নামৰ হোটেল পোৱালেহি । সেই পুৱতি নিশাতেই আমাক ৰিচিভ কৰিবলৈ ছাত্ৰীনিবাসৰ অধীক্ষক দত্তৰয় চাৰ ৰৈ আছিল । লৰা-ছোৱালীবোৰক ভাগে ভাগে ৰূমত সোমাবলো দি মই দত্তৰয় চাৰৰ লগত অনুষ্ঠান হবলগীয়া ঠাইলৈ গলো । তাতে গৈহে তাজ্জৱ মানিলো । ৰ’পেপ-২ ৰ সময়ত যাওতে ছাত্ৰীনিবাসৰ গাতে লাগি থকা দ-পিটনি যেন লগা ঠাইডোখৰ বালিৰে পুতি সুন্দৰকৈ ৰভা দি সজাইছে । মনে মনে ভাবিলো, বৰদলৈ চাৰৰ মূৰত এনে ধৰনৰ পৰিকল্পনা তেনেই স্বাভাবিক । চাহ একাপৰ প্ৰয়োজনবোধ বৰকৈ কৰিছিলো । তেনেতে দত্তৰয়চাৰে মাতি নিলে ছাত্ৰীনিৱাসৰ আখললৈকে । তাতেই ৰঙাচাহ একাপ আৰু কোনোবা এজনী ছাত্ৰীয়ে দিয়া নিমকি প্লেট বৰ তৃপ্তিৰে খাই হোটেল অভিমুখে যাত্ৰা কৰিলো । 
লাহে লাহে বেলিটোৱে লাজ-লাজ কৰি কুঁৱলীৰ ওৰণি দাঙি আকাশলৈ ওলাইছিল । খকুৱা কাউৰীবোৰেও কাঁ-কাঁ কৰি জাবৰৰ দম বিচাৰি যাবলৈ লগৰবোৰক মাত লগাইছিল । অকণমান কঁকালখন চিধা কৰো বোলোতেই গ্ৰুপৰ লৰা এটাই মাত লগালে । সিহতৰ কিবা লেঠা আছিল । সকলো ঠিক-ঠাক কৰি ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে ৰেডি হব দি মইও বাথৰূমত সোমালো ।
লৰা-ছোৱালীবোৰক সাজু হব দি মই মহিলা মহাবিদ্যালয়লৈকে ওলাই গ’লো । মনতে ভাবিলো পাৰিলে এবাৰ চিনাকি মানুহবোৰক মাত লগাও । গৈয়েই দেখিলো ছোৱালীবোৰে ইতিমধ্যে সাজু হৈছিলেই । সকলোৰে মুখত আনন্দ আৰু আবেগ । শিক্ষক, কৰ্মচাৰী, আৰু ছাত্ৰীসকলৰ মুখমণ্ডল অহংকাৰবিহীন আৰু আদৰণীয় জ্যোতিৰে উদ্ভাষিত । দেখি নিজৰে ভাল লাগি গ’ল । পতাকা উত্তোলনস্থলীত বৰদলৈ চাৰ, দুলাল বৰুৱা চাৰ, দেৱাশীষ ফুকন চাৰ, বিভা বাইদেউ, অঞ্জনা বাইদেউ, বন্তি বাইদেউ, ৰশ্মি বাইদেউ, লতা বাইদেউ প্ৰমুখ্যে বহুতো চিনাকি মুখে এমোকোৰা হাঁহিৰে সম্ভাষণ জনাবলৈ ৰৈ আছিল । তাতেই একালৰ অতি জেষ্ঠ্য সহকৰ্মী শ্ৰদ্ধাৰ অচ্যুত বৰঠাকুৰ চাৰক লগ পালো । মানুহজন সম্পুৰ্ণ একেই আছে । শাৰিৰীক গঠন, উদ্যম, কৰ্মস্পৃহা আদি সকলোতে যেন ২০০৬ ত এৰি অহা বৰঠাকুৰ চাৰকেই পালো । তেওঁৰ লগত অলপ কথা বতৰা পাতি আমাৰ দলটিৰ স্থানৰ সবিষেশ লৈ হোটেল পালোহি । 
এদিন আৰু দুৰাতি ভ্ৰমণ কৰিলেও কিন্তু মিজো দলটি সাজি-কাঁচি ৰৈ আছিল হোটেলত । মই শোভাযাত্ৰাত ভাগ লবলৈ বুলি সিহতক লৈ গলো । আমাৰ স্থান আছিল আহোম আৰু মৰাণক প্ৰতিনিধিত্ব কৰা দল দুটিৰ মাজত । চৈধ্যজন লৰা-ছোৱালীক সাতটা শাৰীত থিয় কৰাই হাতত প্লেকাৰ্ডখন গুজি দি নিজকে গৌৰৱান্বিতবোধ কৰিলো । শোভাযাত্ৰা আৰম্ভ হোৱাৰ ঠিক কিছু সময়ৰ আগত হঠাতে তৃপ্তি দাসক লগ পালো । তেওঁ মোৰ ফেচবুকৰ চিনাকী । অতি কম সময় লগ পালেও তেওৰ লগত কথা পাতি বৰ সুখী হ’লো ।
দিনৰ ঠিক ১১ বাজি পোন্ধৰ মিনিটত গায়ন বায়নৰ হৰিধ্বনিৰে মুখৰিত হৈ বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় । বিশাল বুলি কোৱাৰ কাৰণ নথকা নহয় । মৰাণ, আহোম, মটক, তিৱা, কাৰ্বি, গুজৰাটী, পাঞ্জাবী, মিজো, অৰুণাচলী, বেঙ্গলী আদিকে ধৰি বিভিন্ন জনগোষ্ঠী আৰু ৰাজ্যৰ সমাহাৰেৰে এক অপুৰ্ব দৃশ্য । হয়তো চমু বৰ্ণনাৰে প্ৰকাশিত নহব । তাৰোপৰি, বিভিন্ন ৰকমৰ থলুৱা উৎসৱ যেনে- হোলী আদিও এই শোভাযাত্ৰাৰ অংশ হোৱাটো নিসন্দেহে এক উল্লেখযোগ্য ঘটনা । মহিলা সৱলীকৰণ, পৰিবেশ সংৰক্ষণ, আদিকে ধৰি বাৰে ৰহণৰ কৃষ্টি স্ংস্কৃতিৰে উখল্-মাখল্ হৈ উঠিছিল ৰঙাগড়া পথ আৰু মহিলা মহাবিদ্যালয়ৰ তোৰণ । 
শোভাযাত্ৰাৰ অন্তত লৰা-ছোৱালী কেইটাক ভাত খুৱাই হাতত ৰাতিৰ বাবে ভাতৰ কূপন গুজি দি সিহতক আজৰি কৰি দিলোঁ । আবেলি বিশিষ্ট চলচিত্ৰ নিৰ্মাতা আৰু পৰিচালিকা মঞ্জু বৰা বাইদেউৰ ভাষণ তথা মত বিনিময়ৰ বাবে সজাই পৰাই তোলা হৈছিল মহাবিদ্যালয়ৰ মূল প্ৰেক্ষাগৃহ । এই অনুষ্ঠানটিৰ বাবে গোটেই মহিলা মহাবিদ্যালয় পৰিয়ালক এই চেগতে ধন্যবাদ জনালোঁ । দিলিপ বৰা চাৰৰ লগত কিছুদিন কাম কৰিছিলো যদিও কিন্তু তেওৰ ধৰ্মপত্নী মঞ্জু বাইদেউৰ লগত প্ৰত্যক্ষভাৱে কথা পাতিবলৈ সুযোগ পোৱা নাছিলো । সেয়াও সিদিনা পূৰ্ণ হৈছিল । মোৰ লগতে আন বহুতকে বাইদেউৰ ভাষণে উদ্বুদ্ধ কৰিছিল বুলি ন দি কব পাৰোঁ ।
প্ৰথম দিনাৰ অনুষ্ঠান শেষ হোৱাৰ আগতে শ্ৰদ্ধাৰ অচ্যুত বৰঠাকুৰ চাৰে এটি প্ৰস্তাৱ দিলে । সেয়া আছিল মিজো দলটো পিছদিনা লিডু, মাৰ্ঘেৰিটা আৰু ডিগবৈ ফুৰাবলৈ নিয়াৰ । মই অলপ ইতস্ততঃ কৰিছিলো যদিও কিন্তু চাৰে সকলো খৰচ বহন কৰিম বুলি কোৱাত পলকতে মান্তি হ’লো । পিছদিনা পুৱাই বান্ধৱ (!) মনোজে উইংগাৰ এখন আনি দিলে ন বজাত । দলটিক লৈ গলো লীডুৰ কয়লা খনিলৈ, মাৰ্ঘেৰিটাৰ কয়লা মিউজিয়াম আৰু ডিগবৈৰ ৰিফাইনাৰী পাৰ্কলৈ । ৰাস্তাত চিংফৌ ধাৱাত টোপোলা ভাত আৰু বইল মাংসৰে গোটেইজাকে খুব খালে । মাৰ্ঘেৰিটাত মোৰ এগৰাকী ভাল বান্ধৱী ডিম্পি বৈশ্যকো লগ পালোঁ । তেওৰ লগত কটোৱা প্ৰায় এঘণ্টা সময় বৰ সুন্দৰ আছিল । মানুহগৰাকীয়ে মোৰ লগত মাৰ্ঘেৰিটাৰ পৰা ডিগবৈ পৰ্যন্ত্য আহি মিজো দলটিৰ লগতে মোকো সময় দিয়া বাবে ধন্যবাদৰ পাত্ৰী । 
পিছদিনাও তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চৈতন্য বৰাৰ সাহায্যৰে ধন্য হৈ দলটো লৈ গ’লো গুইজান ঘাটলৈ । নৌকা বিহাৰ, ডলফিন পইণ্ট চাই একালৰ ছাত্ৰ দীপকৰ (ঔম বোট চাৰ্ভিচ) নাৱত ভালকৈয়ে ভজা মাছ খালো । দুপৰীয়াৰ সাজ তাতে খাই সন্ধিয়াৰ অনুষ্ঠানৰ বাবে ঢাপলি মেলিলো । ৰাতিৰ অনুষ্ঠানত গান নৃত্যৰে ভৰি পৰিছিল । তাৰ মাজতে বিশেষ আকৰ্ষণ হিচাপে মিজোসকলৰ বেম্বো ডেন্স (চেৰ’), চেই লাম আৰু আইন’ন আগবঢ়ালে । ৰাইজৰ জাউৰি জাউৰি হাতচাপৰি আৰু অধ্যক্ষৰ বিশেষ সম্বৰ্ধনাৰ মাজতে শ্ৰদ্ধাৰ চাংমাই চাৰে পাঠ কৰিলে মোৰ এটি স্ব-ৰচিত কবিতা (অভিসাৰ) । 
পিছদিনা ওভতনিৰ আগেয়ে চৈতন্যদাৰ একান্ত আগ্ৰহৰ আৰু আন্তৰিক অনুৰোধৰ বাবে অতি ক্ষন্তেকিয়া এটি সাংস্কৃতিক বিনিময় (Cultural Exchange) অনুষ্ঠানত ভাগ ললো । তাতো সুন্দৰ সম্ভাষণ আৰু আন্তৰিক ব্যৱহাৰে যেন অনুষ্ঠানটোৰ মান যথাবিধি উচ্চখাপৰ কৰি তুলিছিল । তিনিচুকীয়াবাসীৰ মৰম আৰু চেনেহ দেখি মোৰ অন্তৰ ভৰি পৰিছিল । মিজো দলটিয়েও অভিভূত হৈ পৰিছিল ।
এইখিনিতে কৈ থও যে মহিলা মহাবিদ্যালয়ৰ সোনালী জয়ন্তীৰ ব্যৱস্থাপনা আৰু পৰিচালনা অতি উচ্চ খাপৰ আছিল । সকলো অতিথিৰ খোৱাৰ পৰা থকালৈকে, মানৰ পৰা মাননি দিয়ালৈকে এক অতি শৃঙ্খলাবদ্ধ আৰু নিপুণ পৰিচালকৰ উপস্থিতি প্ৰতিপল স্পষ্টকৈ জিলিকি উঠিছিল । সেইজন বিশেষ ব্যক্তি কোন নকলেও সকলোৱে বুজিব । সংখ্যাত তাকৰ হলেও মহাবিদ্যালয়ৰ সোনালী জয়ন্তী অতি জাক-জমক আৰু নিয়াৰিকৈ উদযাপিত হৈছিল । তেনে এক সুন্দৰ অনুষ্ঠানত ভাগ লবলৈ পাই নিজে ধন্য হোৱাৰ লগতে সমুহ তিনিচুকীয়া মহিলা মহাবিদ্যালয় পৰিয়াল ধন্যবাদৰ পাত্ৰ । মিজোৰামৰ দলটিৰ হৈ, পাছুংগা বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ, মিজোসকলৰ হৈ শ্ৰীযুত (ড°) ৰাজীৱ বৰদলৈ চাৰ প্ৰমুখ্যে সদৌটিকে আন্তৰিক ধন্যবাদ যাচিলোঁ ।
******(শেষত শলাগৰ শৰাই শ্ৰীযুত ৰাণা চাংমাই চাৰ, শ্ৰীযুত অচ্যুত বৰঠাকুৰ চাৰ, শ্ৰীযুত দেৱাশিষ ফুকন, শ্ৰীযুত চৈতন্য বৰা দাদা, আৰু সখা/বান্ধৱ মনোজ লাল গগৈলৈ যাচিলোঁ)
>>>>>>এনেধৰনৰ অনুষ্ঠান আকৌ হওক । তাৰেই কামনাৰে মোৰ এই ডায়েৰী পৃষ্ঠাৰ সামৰণি মাৰিলোঁ । 
ঘনশ্যাম ডেকা, আইজলৰ পৰা । ২৭।০১।২০১৭ ইং

No comments:

Post a Comment