যি আপোনাৰ দুখৰ দিনত খবৰ লয় সেইজন নেকি? তেনে হলে পুলিচ আৰু ডাক্তৰবাবু সকলোৰে বন্ধু হ'ল হেতেন ৷ তেন্তে কোন হব পাৰে বন্ধুৰ প্ৰকৃত সংজ্ঞাৰ উচিত উদাহৰণ? কৃষ্ণাৰ্জুন? মই কম নহয় বুলি ৷ হব নোৱাৰে ৷কিয়নো কৃষ্ণৰ ধৰ্মযুদ্ধৰ আখাৰাত স্বজাতিৰ বধৰ ভাগি হৈছিল সব্যসাচী ৷ বন্ধুত্বৰ দোহাই দি এটা জাতি ধ্বংসৰ চক্ৰান্তত ফচোৱা কৰ্ম কাহানিও সঁচা বন্ধুৰ কৰ্ম হব নোৱাৰে ৷ তেন্তে বন্ধু কোন? বিপদত সহায়ৰ হাত আগবঢ়োৱাজন প্ৰকৃত বন্ধু নেকি বাৰু? তেতিয়াও দেখোন বেংকৰ মেনেজাৰ আৰু সূতখোৰ মহাজনৰ ছবিখন মনলৈ আহে ৷ অবশ্যে বিপদৰ ব্যাখ্যাৰ ভিন্নতাই উদাহৰণৰ পৰিবৰ্তন কৰিব পাৰে ৷
আচলতে বন্ধু মানে এনে এক সম্পৰ্ক নেকি যত কোনো লুকঢাক নাথাকে? তেতিয়াওচোন বন্ধুৰ সংজ্ঞা ধূসৰ হৈ যায় ৷ বন্ধুতকৈ শ্ৰেষ্ঠ কোনোৱেই নহয় ৷ মানিবলৈ পাৰি কথাষাৰ ৷ কিন্তু বন্ধু মানে কেবল যুক্তিযুদ্ধ হব পাৰে নেকি? নোৱাৰে, কাৰণ বন্ধু মানে কোৰ্টৰ উকীল জনক নুবুজাই ৷ আচলতে পৃথিবীৰ ৭ বিলিয়ন মানুহৰ মাজৰ পৰা সাতজন মানুহক বন্ধু বুলি বাছিব পৰাটো উজু নহয় ৷ মানুহৰ মনৰ ভিন্নতা, ৰুচিবোধৰ সংজ্ঞা, পৰিবেশ আদিয়ে সম্পৰ্ক বোৰক স্থায়িত্ব দিয়াত সহায় কৰে ৷ বন্ধু হবলৈ হলে ইজনে সিজনক সমানেই গুৰুত্ব দিয়াটো যেনেকৈ জৰুৰী তেনেকৈ ভালক সমৰ্থন আৰু বেয়াক নিষ্কাশন কৰাৰো সামৰ্থ জৰুৰী ৷ সুখে - দুখে কাৰোবাক সাৱটিব পৰা জনেই সুহৃদ?
আজিকালি ফেচবুকৰ যুগ ৷ এতিয়া পাৰৰ ভৰিত চিঠি দি বন্ধুৰ বাতৰি লোৱা কথাবোৰ কলে মানুহে হাঁহিব ৷ সৌ সিদিনা বিস্ময়ৰ পত্ৰবন্ধু, ৰেডিওত সমিধান আদি অনুষ্ঠানলৈ চিঠি লিখিব অনা পোষ্টকাৰ্ডবোৰ অতীত হল ৷ এতিয়া স্কাইপ, হেংআউট আদিত হেংঅভাৰ হোৱাৰহে কথা ৷ আজিকালি অনলাইন বন্ধুবোৰ কিবা কেজৰিৱালৰ চৰকাৰ যেনেই লাগে ৷ আম খুৱাম বুলি ভোট খুজি টেঙা আম বেছি দিয়াৰ নিছিনা ৷ আঙুলিৰ টিপাতেই ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ত কৰক ৷ পিছলৈ টেগ, গ্ৰুপত ভৰোৱা আদিৰে আপোনাক চেপ্তিক কৰি দিবও পাৰে ৷
বন্ধু বিচাৰি হাবাথুৰি খোৱা মানুহো নোহোৱা নহয় ৷ মইও তেনে এজন ৷ এবাৰ ফেচবুকত চিনাকি হোৱা মানুহ এজনৰ ঘৰলৈ গুচি গলো (ৰঞ্জুদাৰ কথা কলো) ৷ তেওৰ ঘৰলৈ গৈ গমেই নাপালো যে মানুহজন মোৰ এমাহ আগৰ চিনাকি মাত্ৰ ৷ একেদৰেই এদিন এজন মানুহে এটা কবিতা পঢ়ি মোৰ কবিতাৰ প্ৰেমত পৰিল (পিবিদা) ৷ তাৰ পিচত মানুহজন কিবা সাংঘাটিক ভাল লগা হৈ পৰিল ৷
কথা হল ৭ বিলিয়নৰ পৰা ৭ জন পাব কেনেকৈ? বন্ধু চিনিবলৈ বা বন্ধু বাচিবলৈ কিবা যন্ত্ৰ ওলোৱা শুনা নাই ৷ আচলতে বন্ধুত্বত আদৰ্শ জৰুৰী ৷ প্ৰতিপক্ষৰ প্ৰতি সন্মান, সমৰ্থন আৰু যোগাত্মক ভাবধাৰা সফল বন্ধুত্বৰ ছাবিকাঠি ৷ বন্ধুৰ বাবে টকা পইছা, সামাজিক ষ্টেটাচ আদিও বিশেষ দৰকাৰী নহয় ৷ সেইবাবেই কৃষ্ণ আৰু সুদামাৰ সম্পৰ্ক বন্ধুত্বৰ প্ৰকৃত উদাহৰন ৷
বন্ধুহীন জীৱন অচল মুদ্ৰা বুলিব পাৰি ৷ নহয়জানো…
©ঘনশ্যাম ডেকা ।
No comments:
Post a Comment