Tuesday, 25 April 2017

#ছিমতুইপুই / কালাডন নদীৰ চমু ইতিবৃত্ত:


+++++++++=======+++++++++
মিজোৰাম উত্তৰ পূব ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন সৰু ৰাজ্য । ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ব্ৰহ্মদেশ (ম্যানমাৰে) আগুৰি আছে। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়। মিজোৰামৰ ৰাজধানী হৈছে আইজল। চামফাই-জৌখাথাৰত থকা সমভূমিক বাদ দিলে এই প্ৰদেশ কম বেছি পৰিমাণে পাহাৰ পৰ্বতেৰে ভৰা বুলিলেও বঢ়াই কোৱা নহব । 
 পাহাৰ পৰ্বতেৰে আবৃত দুৰণিৰ ৰাজ্যখনত সৰু বৰ বহুতো নৈ উপনৈ আৰু নিজৰা পোৱা যায় । মিজোৰামৰ পাহাৰ সমূহ উত্তৰৰ পৰা দক্ষিণলৈ দীঘলীয়াকৈ শাৰী-শাৰী হৈ আছে । আনহাতে প্ৰদেশখনৰ ঢাল অনুযায়ী নদীসমুহ উত্তৰ আৰু দক্ষিণলৈ বৈ গৈ ক্ৰমে বৰাক নদী আৰু বংগোপসাগৰত মিলিছে । 
 মিজোৰামৰ প্ৰধান নদী আৰু সমূহ হ’ল, ট্লৱাং (Tlawang), টুইৰিয়েল (Tuirial), টুইবল (Tuivawl), টিয়াউ (Tiau), ছিমতুইপুই (Chhimtuipi), আৰু খট্লাঙতুইপুই (Khawthlangtuipui)। ইয়াৰ ভিতৰত ট্লৱাং আটাইতকৈ দীঘল নদী (১৮৫.৫ কিমি) আৰু ছিমতুইপুই আটাইতকৈ ডাঙৰ নদী । 
ছিমতুইপুইৰ উৎপত্তি ব্ৰহ্মদেশৰ ছিন্ (Chhin) প্ৰদেশত । ভান্মুন (Vanmun) গাৱঁৰ পৰা ওলাই মিজোৰামৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মদেশ সোমাই শেষত বংগোপসাগৰত মিলিছে । এই নদীখন ছিণডুইন অববাহিকাৰ অংশ বুলিও কোৱা হয় । 
 কিম্বদন্তিঃ ছিমতুইপুইক থলুৱা পৱি (Pawi), লখেৰ (Lakher) আৰু বাৰ্মিজ (Burmese) সকলে কালাডন বা বৈনু/ বেইনু/ বেইনো বুলিও কয় । এই নদীৰ লগত বহুতো লোক-কথা আৰু মুখৰোচক কাহিনী জড়িত হৈ আছে । মাৰা লোক-কথাৰ মতে এই নদী বেইপো পাহাৰৰ তলেৰে বৈ আহি মিজোৰাম সোমাইছে । মাৰা সকলক তেওলোকৰ সীমা নিৰ্ধাৰণ কৰি দি আকৌ ব্ৰহ্মদেশলৈ আকৌ গুছি গৈছে । সেইবাবেই এই নদীক বেইনু বুলিও কোৱা হয় । বেইনু মানে মাৰা ভাষাত ৰাণী বা ডাঙৰ আই বুলি বুজোৱা হয় । আনহাতে লাই আৰু পূব প্ৰান্তৰ লখেৰ সকলৰ মতে বেইপো পাহাৰ হ’ল ৰজা পাহাৰ । তাৰ তলেৰে অহা বাবেই নদীখনক বেইনু বোলা হয় । তেওলোকৰ মতে বেইপোৰ নু (তিৰোতা) মানেই হৈছে বেইনু । স্থানীয় লোকসকলৰ বহুতেই ইয়াক লালনু বা সকলোতকৈ ডাঙৰ আই বুলিও কয় । 
 কালাডন নামৰ উৎপত্তিঃ উনৈছ শতিকাৰ শেষৰ ফালে যেতিয়া বৃটিছে দক্ষিণ মিজোৰামত অভিযান চলায় তেতিয়া এই ছিমতুইপুই নদীৰ পশ্চিম পাৰত কিছুদিন বাহৰ পাতিছিল । তেতিয়াই তাৰ স্থানীয় বাসিন্দাই নদীখনৰ নাম দিয়ে কালাটান । মাৰা ভাষাত ‘কালা’ মানে হৈছে কলা মানুহ (বৃটিছৰ বাঙালী চিপাহী সকল) আৰু ‘টান’ মানে হৈছে ৰৈ যোৱা । কালক্ৰমত বৃটিছে এই নামটোৰ সলনি কৰি কালাডন কৰে । স্থানভেদে ইয়াক ক’লোডাইন বুলিও কোৱা হয় । ব্ৰহ্মদেশৰ পশ্চিম প্ৰান্তত কালাডন নামেৰেই পৰিচিত । নদীখনে ভাৰতত প্ৰবেশ কৰি মিজোৰামৰ ছিমতুইপুই (বৰ্তমান ছিয়াহা) জিলাৰ সীমা নিৰ্দ্ধাৰণ কৰা বাবেই ইয়াক ছিমতুইপুই নদী বুলি নামকৰন কৰে আৰু বিভিন্ন আনুষ্ঠানিক নথিত ইয়াক ছিমতুইপুই বুলিয়ে নামাকৰণ কৰা আছে । স্থানীয় লোকৰ মাজত বৰ্তমানো ক’লোডাইন/ আৰু বেইনু নাম দুটাহে বেছিকৈ প্ৰচলিত । 
 উৎপত্তি আৰু গতিপথঃ ছিমতুইপুই মিজোৰামৰ সৰ্ব্ববৃহৎ নদী । ইয়াৰ উৎপত্তিস্থল ছিন প্ৰদেশৰ ৰাজধানী হাখাৰ (Hakha) পৰা প্ৰায় ত্ৰিশ কিমি উত্তৰে ঝিঙমুহ্ (Zingmuh) পাহাৰ শিখৰত (২২°৪৯'২৩.৮৮"N ৯৩°৩১'৩৩.৯২"E) । সাগৰ পৃষ্ঠৰ পৰা ২৩২৫ মিটাৰ উচ্চতাত অৱস্থিত এক জলাশয়ৰ পৰা ওলাই কিছুদুৰ পশ্চিমলৈ বৈ গৈছে । ইয়াৰ পিছত দক্ষিণলৈ বৈ খুৱা-ফো (Khua Fo) গাঁৱৰ ওচৰত ছল (Chal) সুঁতিৰ লগ হোৱাৰ পিছতেই বেইনু নাম লৈছে । বেইনু নদী প্ৰায় ৬০ কিমি দক্ষিণ দিশে বৈ ঙাটিনেপিৰ (Ngatinepi) নামনিত টৱে (Twe) উপনৈৰ লগ হয় । লগে লগে নদীৰ আকাৰ আৰু সোঁতৰ তীব্ৰতাও বৃদ্ধি পায় । ইয়াতেই বেইনু নাম সলনি কৰি কালাডন নাম লয় আৰু পিছত পশ্চিম মুৱা হৈ চাবংতে (Sabawngte) গাঁৱেদি ভাৰতত সোমায় । মিজোৰাম সোমাইয়েই ছিমতুইপুই উত্তৰলৈ গতি কৰে । টিৱাউ (Tiau) নৈৰ লগত লগ হৈ উত্তৰ পশ্চিমলৈ গতি কৰাৰ আগলৈ ভাৰত আৰু ব্ৰহ্মদেশৰ আন্তৰাষ্ট্ৰীয় সীমাৰ ৯২.৫৬ কিমি দৈৰ্ঘ নিৰ্ধাৰণ কৰি আছে । আনহাতে ইয়াৰ অন্যতম উপনৈ টিৱাউ নৈয়ে উত্তৰৰ পৰা দক্ষিণলৈ বৈ আহোতে ৮৩ কিমি সীমা নিৰ্ধাৰিত কৰি আছে । 
ছিমতুইপুই আৰু টিৱাউৰ সংগমস্থলীৰ দৃশ্য অতি মনোৰম । দুটা বিপৰীতমুখী নদী একেলগ হোৱাৰ নয়নাভিৰাম দৃশ্য নেদেখিলে বৰ্ণনা কৰা কঠিন হব । টিৱাউৰ লগ হোৱাৰ পিছৰে পৰা কালাডনৰ আকাৰ বৃদ্ধি হয় আৰু উত্তৰ পশ্চিমলৈ গৈ টুইছং (Tuichang) উপনৈৰ লগ লাগে । নাথিয়ালৰ (Hnathhial) ওচৰত নৈখন পুনৰবাৰ দক্ষিণ মুৱা হয় আৰু বংগোপসাগৰৰ দিশে গতি আৰম্ভ কৰে । কিছুদুৰ বৈ যোৱাৰ পিছত দক্ষিণ আইজলৰ পৰা বৈ অহা মেট উপনৈৰ লগত ভাৰটেক্কাইত (Vartekkai) মিলিত হয় । ইয়াৰ পৰা মিজোৰামৰ দক্ষিণ সীমাহৈ ব্ৰহ্মদেশলৈ যাওতে শেষৰচোৱা বাটত মেংপুই (Mengpui) লগ লাগিছে । লংমাছুৰ (Longmasu) পৰা অলপ দুৰ গৈ কালাডন পুনৰবাৰ ব্ৰহ্মদেশৰ ছিন ৰাজ্যত সোমায় । পৰবৰ্তী সময়ত ৰাখিনে প্ৰদেশৰ মাজেৰে চিট্টে (Sittwe) মোহনাইদি বংগোপসাগৰত মিলিছে । মিজোৰাম সীমাৰ পৰা চিট্টেলৈ দুৰত্ব প্ৰায় ২৬৮ কিমি । এইচোৱা অতিক্ৰম কৰোতে ভালেমান সৰু বৰ নৈ-উপনৈ কালাডনৰ লগ হৈছে । ইয়াৰ ভিতৰত চিট্টে আৰু বুথিদউঙ (Buthidaug) অন্যতম ।
জনবসতিঃ মিজোসকল খ্ৰীষ্টিয়ান হোৱাৰ আগলৈকে বিভিন্ন ধৰনৰ নদ-নদী, পাহাৰ, হ্ৰদ আদিক পূজা কৰিছিল । তেওলোকৰ মাজত ভূত আৰু বেয়া আত্মাৰ বিশ্বাস অপৰিসীম আছিল । বাইনু নদীও এই লোক-কথাৰ আধাৰ আছিল । মাৰা সকলে বাইনু নদীত মাইকী ভূত (ভূতুনী) থকা বুলি মানিছিল । মতা ভূতৰ তুলনাত মাইকী ভূতবোৰ মৰমিয়াল আৰু অন্যায় নকৰা বিধৰ বুলি আজিও বিশ্বাস কৰে । 
বৃটিছৰ আগমন আগলৈকে (১৮৭১-১৮৯১) মিজোসকল বিভিন্ন ঠালত বিভক্ত আছিল । তেওঁলোকৰ ভিতৰ লুচেই, মাৰ, মাৰা আৰু পৱি অন্যতম । ছিমটুইপুই নৈৰ দাতি কাষৰিয়া অঞ্চলসমুহ প্ৰধানত মাৰা আৰু পৱি সকলৰ বসতিস্থল । ছিমতুইপুইৰ সংস্কৃতি আৰু লোক-কথাত মাৰাসকলৰ বহুত বেছি প্ৰভাৱ । আনহাতে তেওলোকৰ জীৱনধাৰণৰ লগত বেইনু বা কালাডন নদীৰ অবদানো অপৰিসীম । ১৯৪৭ চনলৈকে ছিনৰ পশ্চিম আৰু দক্ষিণ প্ৰান্ত আৰু দক্ষিণ মিজোৰামৰ সামাজিক আৰু সংস্কৃতিক জীৱনত কোনো প্ৰভেদ নাছিল । ব্ৰিটিছে ভাৰত এৰাৰ পিছতেই বেইনুৰ মৰমৰ সন্তান সকল দুখন স্বাধীন ৰাষ্ট্ৰত ভাগ হৈ পৰে । আজিও দুয়োখন ৰাষ্ট্ৰত ভাগ হৈ থকা লোকসকলে বৈবাহিক আৰু সাংস্কৃতিক আৰু অন্য সামাজিক ক্ষেত্ৰত একেলগ হৈয়েই আছে । এই অঞ্চলৰ স্থানীয় লোকৰ আহ-যাহত এতিয়াও বিশেষ ৰাজনৈতিক আৰু আন্তৰ্জাতিক সমস্যা নাই বুলিব পাৰি । 
 কালাডনৰ আৰম্ভনিৰ পৰা মিজোৰাম হৈ বালাইং (Balaing) পৰ্যন্ত জনবসতি সেৰেঙা । ছিনৰ হাখা, মিণ্ডাত, কানপেট্লেট, পালেট’ৱা (Paletwa), মিজোৰামৰ ছিয়াহা (Siaha), আৰু লংট্লাই (Lawngtlai) উল্লেখযোগ্য চহৰ । পালেট’ৱাৰ পৰা ৰাখিনে ৰাজ্যত সোমাই চিট্টে মোহনালৈকে জনবসতি অতি ঘন । ৰাখিনেৰ গতিপথত মুলত ৰহিঙীয়া আৰু চাকমা সকলৰ বসতি ।
কালাডন নদীপথ ও পৰিবহণ প্ৰকল্পঃ Kaladan Multi-modal Transit Transport Project ভাৰত চৰকাৰৰ এয়া এক সপোনৰ আঁচনি বুলিলেও বঢ়াই কোৱা নহব । ২০০৮ চনত এই প্ৰকল্পৰ চুক্তি কৰা হয় । প্ৰকল্পত কালাডন নদীক কেন্দ্ৰ কৰি জলপথ আৰু স্থলপথৰ সংযুক্ত পৰিবহণৰ দিহা কৰা হয় । এই প্ৰকল্প কেইবাটাও খণ্ডত ভাগ কৰা হৈছে । যেনেঃ
১) কলিকতাৰ পৰা চিট্টে বন্দৰলৈ সাগৰীয় পথ (৫৩৯ কিমি)
২) চিট্টেৰ পৰা কালাডনৰ জলপথ হৈ পালেট’ৱা (১৫৮ কিমি) 
 ৩)পালেট’ৱাৰ পৰা স্থলপথেদি জ’ৰিণপুই হৈ মিজোৰাম (১১০ কিমি)
৪) জ’ৰিণপুইৰ পৰা লংট্লাই (১০০ কিমি) 
এই আঁচনিৰ জৰিয়তে ব্ৰহ্মদেশৰ লগত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্বন্ধ অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ পূব ভাৰতক কম দৈৰ্ঘ্যৰ এক বিকল্প সংযোগী পথেৰে সংলগ্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল । প্ৰাৰম্ভিক অৱস্থাত ২০১৬ চনৰ ভিতৰত কাম সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল । জ’ৰিণপুইৰ পৰা পালেট’ৱালৈকে ১০৯ কিমি পথৰ বাহিৰে প্ৰকল্পৰ বাকী কাম প্ৰায় সম্পূৰ্ণ হৈছে । এই পথচোৱাৰ বাবে ব্ৰহ্মদেশ চৰকাৰে ভূমি অধিগ্ৰহণ কৰিব দিব নোৱাৰাত অগ্ৰগতি শূণ্য হৈ আছে । ২০১৬ চনত এই পথচোৱাৰ বাবে আবণ্টিত ধনৰ পৰিমান নতুন নিৰিখত ধাৰ্য কৰি ২০১৯ চনলৈ সংযোগী পথচোৱা সম্পূৰ্ণ কৰাৰ লক্ষ্যস্থিৰ কৰা হৈছে । 
এইখিনিতেই উল্লেখ কৰাটো ভাল যে কালাদন নদী প্ৰকল্পৰ সফল সমাপ্তি হ’লে কলকাতাৰ পৰা লংট্লাই লৈকে বৰ্তমানৰ ১৭৫৭ কিমি দুৰত্বৰ ঠাইত মাত্ৰ ৯০৭ কিমি হব । সময় আৰু ধন যথেষ্ট ৰাহি কৰিব পৰা যাব । ভৱিষ্যতে এই প্ৰকল্পক চাইৰাঙ, আইজলৰ পৰা লংট্লাই হৈ ৰেলেৰে সংযোগ কৰাৰ পৰিকল্পনাও যুগুত কৰি থকা হৈছে । লালনুৰ (ছিমতুইপুই) অৱদান আজিৰ পৰা কিছু বছৰৰ পিছত কেবল মিজোৰামেই নহয়, দক্ষিণ পূব এছিয়াৰ বাকী দেশবোৰেও পৰোক্ষ ভাৱে লাভ কৰিব । ২০১৬ বৰ্ষৰ গোৱাৰ বিমষ্টেক (BIMSTEC) শীৰ্ষসন্মিলনত আন্তৰাষ্ট্ৰীয় পৰিবহণ মানচিত্ৰত দৰকাৰী স্থানৰ তালিকাত কালাডনকো ৰখা হৈছে । ইয়েই মিজোৰামৰ সৰ্ব্ববৃহৎ নদীটোৰ গুৰুত্ব আৰু অধিক বঢ়াই তুলিছে ।

No comments:

Post a Comment