আজি পুৱাৰে পৰা অসমীয়া চেনেল কেইটাই হুলস্থুল লগাই
থকা দেখি
বহি গ’লো টিভিৰ আগত । কৰ্মস্থলীলৈ ফোন
কৰি এদিনৰ
আকস্মিক ছুটী
বিচাৰিলোঁ । বচে সুধিলে কিহৰ বাবে
ছুটী বিচাৰিলোঁ । মই
বোলো অসমত
আজি ট্ৰিপল ধামাকা হ’ব । তাকে দুটা চেনেলে নিজৰ
নিজৰ সুবিধাৰ বাবে আমাৰ
দৰে দৰ্শকক বান্দৰ নাচৰ
লাইভ দিব
। সেয়া
চাবলৈ ছুটী
লাগে । এইখিনিতে কৈ
থও, আমি গোটেই বছৰটোত আকস্মিক ছুটী
পাও মাত্ৰ
আঠ দিন
। তাকো
উচিত কাৰণ
দৰ্শালেহে । মুঠতে যেনেতেনে ছুটী লৈ
বহি গ’লো টিভিৰ আগত । আৰম্ভ হ’ল লাইভ কভাৰেজৰ নাটক
। কোন
কেইটাত আহিব
যাব আদি
ইত্যাদি অনেক
কথা । মাজে মাজে
কিবাকিবি ঘোষণাবোৰ ।
এইখিনিতেই কথা এষাৰ কৈ
থোৱা ভাল
যে সাংবিধানিক মুৰব্বী, দেশ প্ৰদেশৰ মুৰব্বী আদিৰ বাতৰি
পৰিবেশন কৰোতে
কিছু কিছু
ক্ষেত্ৰত শালীনতা আবশ্যক । গতিকে মুখ্যমন্ত্ৰী,
ৰাজ্যপাল, প্ৰধানমন্ত্ৰী আদিৰ নামৰ
সম্বোধনত প্ৰট’কল জৰুৰী । অবশ্যেই কাম নাপাই
মেকিংৰ ব্ৰেকিং কৰাত সিদ্ধহস্ত দুই এজন
বিদগ্ধ পণ্ডিতে এই বিষয়ে
জানে বুলি
মই নাভাবো বাবেই বেছি
গুৰুত্ব নিদি
চাই থাকিলোঁ । আহিল
নেতা মন্ত্ৰী, আৰম্ভ হ’ল অনুষ্ঠানৰ
। লগে
লগে ৰাজনীতি । হ’বই দিয়কচোন । নিৰ্বাচন সমাগত । গতিকে সুযোগ
বুজি অসমৰ
মহাপ্ৰভুৱে ক’লে তেওহে জড়িত আৰু
তেওলোকৰ নাম
ল’বলৈ দিল্লী পাৰ্টীৰ হেনো আহৰি
নাই । পিচে কৈ
থও কেন্দ্ৰীয় মন্ত্ৰী জনে
তেওৰ আগে
আগে ৰাজীৱ
গান্ধীৰ অৱদানৰ কথা ভাষণত
কৈ গৈছিল
।যিয়েই নহওক, আমাৰ জনাৰ
তেজোদীপ্ত ভাষণ
বৰ সুন্দৰ বুলি কৈ
থলে মোৰ
একো লোকচান নহয় । গতিকে কৈ
দিলোঁ তেওৰ
ভাষণ বৰ
ধুনীয়া হৈছিল
।
তাৰ পিচতেই আহিল ৰাষ্ট্ৰৰ নামত গেছ
ক্ৰেকাৰ সমৰ্পন কৰাৰ পৰ্ব
। প্ৰধান মন্ত্ৰীৰ আগলৈ
আহিল এটা
সুন্দৰ চুইচ
। সকলোৱে লগ হৈ
প্ৰথমবাৰ চুইচ
টিপিলে । ডবা, বৰকাঁহ আৰু শঙ্খোধ্বনিৰ মাজেৰে আগবাঢ়িল উদ্বোধনী পৰ্ব
। বুকুখন ফুলি গ’ল কিবা এক অজানা গৰ্বত । এৰা হাজাৰ
ৰাজনীতিৰ মাজতো
কিবা এটা
ভাল খবৰ, অন্তত: ক’বলৈ ভাল
লাগিব সহকৰ্মী সকলক । তাৰ পিচতে
আকৌ এবাৰ
চুইচ টিপিলে, আকৌ এখন
ফলক খোল
খাব ধৰিলে
। এইবাৰ
পিচে বেলেগ
এটা অনুভৱে হেঁচুকি গ’ল মোক । কিয় নাজানো, হঠাতে বুকুখন গধুৰ
হৈ গ’ল । মনলৈ আহি গ’ল সৰুকালিৰ কিছু
দৃশ্যপট । আমি তেনেই
কণমানি । মাত্ৰ এটাই
কথা মনত
আছে । সেয়া হ’ল পথাৰৰ মাজেৰে যোৱা
ফোন-তাঁৰৰ খূটা এটাত
গাৱঁৰে সম্বন্ধীয় খুৰা এজনে
শিলেৰে টিঙ-টিঙ কৰি
আছে । আমি বাটতে
লুকাভাকু খেলি
আছিলো । শব্দ শুনি
তলকিব পৰাৰ
আগতেই উধাতু
খাই মাই
আহি আমি
কেইটাক লৈ
দৌৰি গ’ল বাৰীৰ দিশে । আমিও প্ৰাণটাকি দৌৰিছিলোঁ । কিন্ত গম
পোৱা নাছিলোঁ কিয় দৌৰিছিলো । যাওতে
দেখিলোঁ গাঁৱৰে এজন খুৰাই
মাৰ গা
ধুই মেলি
থোৱা মেখেলা এখনৰ এটা
মুৰ বান্ধি আনটো মুৰ
হাতেদি ধৰি
ভঁৰাল ঘৰৰ
মুঁধচ বগাইছে । বাৰীলৈ যাওতে মই ৰিঙিয়াই গ’লো, খুৰা মুঁধচত ‘হাইৰা বৰল’ আছে । সেইফালে নাযাবা । খুৰাই
গ’লনে নাই নাজানোঁ । কিন্তু আমি গৈ
বাৰীৰ মুৰৰ
ভলুকা বাহৰ
মাজত খেৰ
পাৰি থোৱা
নিৰ্দিষ্ট ঠাই
এটুকুৰা পালোঁ
। তেতিয়া আমি গমেই
পোৱা নাছিলোঁ তালৈ আমি
মাজে মাজে
কিয় দৌৰি
যাও । মাত্ৰ এটাই
কথা জানিছিলোঁ তাত থকাৰ
সময়ত আমি
কথা কোৱা, ধেমালি কৰা
বন্ধ । কেতিয়াবা মাজ
ৰাতিও যোৱা
মনত পৰে
। কেতিয়াবা আকৌ গোটেই
দিন লঘোণে
কান্দি কান্দি সোমাই থকাও
মনত আছে
।
লাহে লাহে নোহোৱা হৈছিল
ফোন-তাঁৰৰ খূটাত কোবোৱা শব্দ । তীব্ৰ হৈ
উঠিছিল হুইচেলৰ শব্দ, দৌৰাদৌৰি আৰু চিঞৰ
বাখৰ আৰু
আৰ্তনাদ । আমিবোৰো কাষ
চাপি গৈছিলো মা পেহীহঁতৰ বুকুৰ মাজলৈ
। মা
পেহীহঁতে ফেকুঁৰিছিল আৰু ফোপাইছিল আমাক বুকুত
সুমুৱাই লৈ
। হঠাত
ভাহি আহিছিল মেজিৰ হিলৈৰ
দৰে তিনিতা শব্দ । খুৰাহতৰ আৰ্তচিঞৰ ‘মইল্লুদে মাই, মোক বাচো’ । হঠাতে নিজৰ ল’ৰাৰ মাত
শুনি ওচৰতে
থকা বিষহৰি আইতা (মোৰ মৰমৰ ৺মইনামতি আইতা) হাতত থকা দাখন
লৈ খেদা
মাৰি ওলাই
গ’ল, ‘মোৰ বাপাক
মাল্লাকদে’ বুলি । পিচে পিচে, আমৈ, ডাঙৰ খুৰী
আৰু আমাৰ
সৰুজনী পেহী
। বহুপৰৰ মুৰত গাঁৱৰ
নামঘৰত ডবাৰ
কোব শুনি
আমি ঘৰলৈ
উভতিলো । যেতিয়া বাৰীৰ
পৰা উভতি
আহিলোঁ তেতিয়া দেখিলোঁ ভঁৰালৰ মুঁধচৰ বৰলৰ
বাহটো তাত
নাছিল । কি হ’ল বুজিবলৈ বা শুধিবলৈ কাৰো ওচৰ
চাপিব পৰা
নাছিলোঁ ।
মনটোত আজিও ভাহি আহে
সেই দিনটোৰ কথাবোৰ ।আজিৰ পেন্দুকোণা পাবত
গজা ছাত্ৰনেতা সকলে যেতিয়া ছাত্ৰসন্থা বা
আনকোনো অৰাজনৈতিক সংগঠনৰ দোহাই
দি কিবা
কয় তেতিয়াই বৰলৰ বাহটোলৈকে মনত পৰে
। শ্বহীদক বছৰত এটি
দিন স্মৰণ
কৰা সকলে
কি বুজিব
বাকী ৩৬৪
দিনটো কান্দি থকা মইনামতী আইতাৰ বুকুৰ
বেদনা । তৰুণ গগৈ
দেৱৰ উন্নয়নৰ কথনত বা
মোডী ডাঙৰীয়াৰ ভাষণত হাত
চাপৰি মাৰে
জাউৰিয়ে জাউৰিয়ে । মইও
মাৰিম, কাৰণ তেওলোক দেশৰ
নিৰ্বাচিত জনপ্ৰতিনিধি বুলি । পিচে মোৰ
দেশৰ মহান
নেতা সকল
নাপাহৰিব, আপোনাসবৰ ভাষণতকৈ বেছি
তীক্ষ্ণধাৰ আজিও
মোৰ আইতাৰ
চিঞৰ ।
কালি হঠাত দেখিলোঁ দুজনমান আঞ্চলিকতাবাদৰ ঠিকা
লোৱা বুঢ়া
শিয়ালে হোৱা
দিয়া । তেওলোকে হেনো
অমুকৰ লগত, তমুকৰ লগত
লগ হ’ব । কিন্তু মই সুধিব খোজোঁ
আপোনালোকক প্ৰজাই ভোট কিয়
দিব? পাৰিবনে আজি আকৌ
কব আইতাহঁতক, “মই আপোনাৰ লৰাৰ লগৰ
। গতিকে
মোক নিজৰ
লৰা বুলি
ভাবক” !!
ধুৰৰ কাৰেণ্ট গ’ল । লেপেটকটাও
আধাতেই ৰ’ল………………..
জয়তু জন্মভূমি ।।
No comments:
Post a Comment