ৰস ৰচনা The Fun

ফুচুৰিঃ
====
তুমি মোৰ ফেয়াৰ এণ্ড লাভলি
মই তোমাৰ ইমামি হেণ্ডচাম
বাকীবোৰ পোণ্ডচ য়েজ মিৰাকল্‌
সিহতক কিয় বাৰু চাম --- !!

বিহুৰ ফিটা কাটা 

===========
কলেজত পঢ়ি থকাৰে কথা ৷ গাৱৰে মহাজনে বিহুত টকা এহেজাৰ দিলে আৰু কলে বিহুৰ ফিটা মইহে কাটিম ৷ আমি লৰা মখাই হয়ভৰ দিও ৷ টকা হেজাৰ শ্মশানৰ কাষৰ বানেশ্বৰৰ পঁজাত পাৰ্টি কৰি উৰুৱাই দিলো টিলিকতে ৷ বিহুৰ দিনা সন্ধিয়া যেতিয়া বিহু ফাংছন উদ্বোধনী হবৰ হয় তেতিয়াহে লেঠা লাগিল ৷ মহাজনৰ বাবে ৰঙা ফিটা অনাই নহল ৷ এইফালে তেলীয়া সাৰেং যেন হৈ মহাজন আহি মঞ্চৰ প্ৰথম শাৰীতে বহি আছিল ৷ 
আমি প্ৰথমবাৰৰ বাবে বিহু পাতিছিলোঁ ৷ বিহু মানে কোনো ইচপিচেল আৰ্টিষ্ট নাই ৷ আমাৰ গাৱঁৰে শিল্পী, আৰু আমাৰ গাৱঁৰে দৰ্শক ৷ আমি নিমিত্ত মাত্ৰ আছিলো ৷ বিজুৱে কাণৰ কাষত ক'লে এটা চুপাৰ্ব আইদিয়া পাইছো…
মই বোলো কি ? 
সি বোলে চাই যা ৷ 
মঞ্চৰ আঁৰকাপোৰ তৰি থোৱা আছিল ৷ তাত গৈ অবাক ৷ সমুদ্ৰৰ দোকানৰ চাহ দিয়া প্লেটখনত আলিৰ টেইলৰিঙৰ কেঁচিখন লৈ নয়ন ৰখি আছে ৷ দুটা ল'ৰাই ৰঙা ফিটা এডাল ধৰি ৰৈ আছে ৷ মই হতবাক ৷ 
বোলো পালি কত? 
বিজুৱে ক'লে বোলে ঢোলত মেৰিয়াই থোৱা পুৰনি গামোছাখনৰ পৰাই ৰঙা ফিটা বনালো ৷ 
মই বোলো কেনেকৈ? 
বিজুৱে কলে বোলে চিম্পল ৷ আলিৰ তাত গামোচাখন কাটি ফিটা চিলালো ৷ পিছত তাক সেন্দুৰ সানি ৰঙা কৰিলো ৷ মোৰ ডিঙি শুকাইছিল যদিও অলপ সান্তনাও পাইছিলো ৷ হওক তেওঁ ৷ ৰঙা ফিটা এৰেঞ্জ হৈ গ'ল ৷ আচলতে ৰঙা ফিটা চ'কৰ এখন দোকানতো পোৱা নগ'ল ৷ গাৱঁৰ দোকান ৷ টাউনলৈও বহুদুৰ হয় ৷ তাতে কথাটো মনত পৰিছে ঘোষণাৰ পিছতহে ৷ গতিকে… 
মই বোলো আঁৰকাপোৰ আতৰাই মহাজনক মাত ৷ আথেবেথে মানুহজন উঠি আহিল মঞ্চলৈ ৷ ফিটা কাটিলে ৷ বিহু উদ্ধোধন কৰি ভাষণ দিব ধৰিলে ৷ পিছে তাতেই লাগিল কেণা ৷ মহাজনে ভাষণৰ মাজতে কপালৰ ঘাম এবাৰ কি দুবাৰ মচিলে ৷ তাৰ পিছতে দৰ্শকে কিৰিলি পাৰিব ধৰিলে ৷ আগফালে খেৰ পাৰি বহা আইসকলৰ গিৰ্জনিত মহাজনে গম পালে কিবা এটা হ'ল বুলি ৷ খপজপকৈ ভাষণ সামৰি মানুহজন মঞ্চৰ পিছলৈ আহিল ৷ তেতিয়াহে তেওঁ কপালৰ পৰা পৰা সেন্দুৰ বৰণীয়া ঘাম সৰি পাটৰ পাঞ্জাৱীত পৰা মন কৰিলে ৷ গামোছাৰে কপালখন মচি ক'লে, বোলে কটা নিধকহঁত অহাবাৰ বিহু মাৰিব যাবিচোন মোৰ চোতালত ৷ তহতকে থালিৰ তলৰ কাজলেৰে যদি ৰঙাব নোৱাৰো মইও আমুক মহাজন নহয় ৷ 
তেতিয়াৰ পৰা আজিলৈকে বিহু কমিটিতো নাই আৰু ৰঙাফিটাৰ অনুষ্ঠানো কৰা হোৱা নাই ৷ পিছে মহাজন খুড়াক হঠাৎ লগ পালে এতিয়াও তেওঁৰ সেন্দুৰীয়া কপালৰ কথাটোৱে বৰ আমনি দিয়ে ৷


অথ: আশ্চৰ্য সংবাদ
=============
আয়ুৰ্বেদ আয়ুস্মন্ত
হঠাৎ আবিৰ্ভাৱ জাতিৰ সন্ত 

মনু কিম্বা চৰকৰ সমৱৰ্তী নহয় এওঁ 

 মহান সাধনাত যেন ব্ৰতী তেওঁ ।
মুৰ্খৰ বাকচত ঘনাই দেখা পাওঁ
জাতি ভাই পতিয়ন যাওঁ ৷
পুটুক পুটুক ধনন্তৰী
গছে পাতে চৌদিশে প্ৰজ্ঞানী ।
কিবা ক’লেই ফয়চলা
ইঞ্জিনৰো পঢ়িছে ফলা
কি নো চাব কথাৰ মহলা 
চৌদিশে আচাৰ্য 
চৌপাশে আশ্চৰ্য ।
বেদ পুৰাণ সকলো মুখস্থ 
টিলিকি মাৰিলেই কব পাৰে সৰ্বস্ব
ভু-ভাৰস্থৰ নৰিয়া মুখস্থ 
সাংঘাটিক দেশৰ দস্তুৰ ।
ৰজা ফকীৰৰ পদলেহিত 
ডাইনী যত উদযাপিত 
তাত বিশ্বাসৰ সমাধি, 
চিন্তাৰ জগদ্দল হবই ।
বেজ ধনন্তৰীৰ ফটাঢোল
বাজিছে আজি মৃদং খোল 
উপজিয়েই লৰ মাৰে…
ফুঁ মাৰিলেই পীড়াহীন
গ্ৰহ ৰত্নৰ বিচাৰো সীমাহীন ।
মুৰ্খৰ পথাৰত নিন্দুকৰ ভীৰ
লেলাউতিৰ কোবাল সোঁতত 
 ৰঙচুৱা হৈ পৰে মহাকাল …!! 
পৰম্পৰাৰ নিৰ্লজ নকল
মহিমাময় কবিৰাজৰ দখল ।
অচিন খনিকৰৰ ফিকিৰ অচল…
পানী চোবাই চোবাই বিজ্ঞান অচল 
হিপোক্ৰেটৰ প্ৰতিজ্ঞাও বিফল৷
সেইবাবেই... 
চৌদিশে আশ্চৰ্য 
চৌপাশে আচাৰ্য৷
চিকিৎসা বিজ্ঞানৰ মৃত্যুত একমিনিট মৌনতা
পিছত সমস্বৰে আওৰাম গোমুত্ৰৰ ক্ষমতা।



বিপদৰ বন্ধু


মানুহজন মোৰ ভাল বন্ধু (বুলিয়েই ভাবোঁ) ৷ প্ৰায়েই বিপদ হ'লে দৌৰ মাৰে ৷ এইখিনি সহায় কৰা, এই কামটো কৰা, মোক বচোৱা আদি বিভিন্ন দাবীৰে ৷ যৎসামান্য সহায় কৰো, নোৱাৰিলেও কিদৰে সমস্যাৰ সমাধান হয় তাকে দিহা দি পঠিয়াই দিও ৷ পিছে আজি লগৰ এজনে ক'লে আজি অমুকৰ 'এনিভাৰচেৰি' ৷ তাতে গৈ আছো ৷ কথাটো শুনি, মানুহজনলৈ ফোন এটা কৰিলোঁ 'এনিভাৰচেৰি'ৰ শুভেচ্ছা দিবলৈ ৷ দিলোঁ শুভেচ্ছা ৷ মানুহজনে ধন্যবাদ বুলি কৈ থৈ দিলে ৷ থোৱাৰ আগতে এবাৰলৈও একো নকলে ৷ মই জানো তেওৰ লৰাৰ এডমিচনত মইয়েই লৈ যাব লাগিব ৷ কাৰণ মই তেওৰ বিপদৰ বন্ধু ৷




আপদীয়া পদ্য
----------
(১)
ডেকা গগৈ, বুঢ়া গগৈৰ কিনো চাবা দম 
কথাই কামে এজনো নহয় কম । 

এজনে আটাহ পাৰে সিৰ ফুলাই

আনজনে প্ৰতি চেকেণ্ডতে কথা সলাই ।

কোনেনো শুনিব, মনৰ কথা যদিওবা কম ।।

(২)
কংগ্ৰেছ, বিজেপি, এজিপি
নেতাই খোজ দিয়ে খুপি খুপি ।
ঢোলে ডগৰে দি আহিল নমিনেচন
টিকট নাপালেহে হৈ যায় টেনচন ।
ৰাইজ, চাই থাকক জুপি-জুপি ।।
(৩)
পোন্ধৰ বছৰৰ বিশ্বাস
চৌদিশে আজি বিকাশ আৰু বিকাশ ।
উদ্যোগবোৰ মৰে, নিবনুৱাও বাঢ়ে
চোৰ ডকাইতে দিনতেই সকলো কাঢ়ে ।
কিবা বোলেনে, মেট্ৰিক মানেই সৰ্বনাশ ।।
(৪)
এশিঙীয়া গড় থাকে ক’ত 
চোৰাং চিকাৰীয়ে ঘৰ সাজে য’ত । 
নেতাৰ চ’ৰাঘৰতে চোৰৰ বাস
এইবাৰৰ নিৰ্বাচনত সকলোতে নিমিলা বিন্যাস ।
চুৰি গাড়ী, চুৰি নাৰী পাব হেনো বৰাকত ।।
(৫)
সৰ্বা দাদাই সমষ্টি সলাই
চেনেলেবোৰে বিধে বিধে খবৰ বিলাই ।
হাগ্ৰামাৰ তামাম তাও
আজমলৰো হঠাতে বাঢ়িছে ভাৱ ।
পুলিচৰ তালাচীত জাপে জাপে টকা ওলাই ।।
(৬)
ৰাইজ আজি আকৌ ভাৱৰীয়া
কলগছৰ ভুৰ সাজি নাৱৰীয়া ।
আঢ়ৈ টকাত ভাত খায়
সূতা, কম্বলো ফ্ৰীতে পায় । 
এইবাৰৰ নিৰ্বাচন হ’বগৈ বঢ়িয়া ।


>ঘনশ্যাম ডেকা, আইজলৰ পৰা ।।
(ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে)

আজি হাঁহিবলৈ মন গল…
"মজাৰ কথা এটা কওঁ ৷
থোলোক গল এয়াৰপোৰ্ট চাবলৈ ৷ সাজিকাচি গঙ্গাটোপ হৈ ৷ এয়াৰপোৰ্টত সোমাই লাগিল সৰুপানীৰ লেঠা ৷ ইফালে সিফালে চাই চুক এটাত দুটা সৰুপানী চোৱা ঘৰ দেখিলে ৷ পিচে ইংৰাজী পঢ়িব নজনা থোলোক যায় কোনটোলৈ ৷ দুৱাৰত আছে দুখিলা তাচপাতৰ ছবি৷ চিম্বলৰ বিষয়ে নজনাকৈ থোলোকে সোমাই গল ৰাণীৰ ফটো থকা ঘৰটোলৈ ৷ ভিতৰত কি হল নকওঁ ৷ ওলাই আহোতে খোৰাই খোৰাই ওলাই আহিল বপুৰা ৷ তাৰ পিছে পিছে এগৰাকী চিআইএচএফৰ মহিলা কামাণ্ডোও আহিল ওলাই ৷
তাৰ পিচত থোলোকে কৰবাত কিবা ছবি দেখিলেই টিকা পিহি পিহি কয়, "ছবি চিনি নাপালেই থোলোক বেয়া৷"
অাংশিক সত্য ঘটনা ৷৷


থোলোকৰ Tension

ডাঙৰজন গগৈয়ে আজি চিক্সাৰ মাৰি দিলে ৷ অসমত বোলে মেড ইন বাংলা এটাও নাই ৷ আছুৱে তাৰমানে এনেই ফিল্ডিং কৰিলে অতবছৰে ৷ যোৱাবছৰ নজৰুল ইছলামৰ ঘৰত ওলোৱা ৰান্ধনীটোৰ হেনো মেড ইন বাংলা ষ্টিকাৰ গুৱাহাটী হাইকোৰ্টে লগাইছিল ৷ সেইপিচ কলৈ পঠালে বাৰু? আকৌ ক'লে এনআৰচি বোলে গগৈয়ে আপডেট কৰালে ৷ চুপ্ৰীম কোৰ্টৰ ভাগৰ লগাই দিলে এনআৰচিয়ে ৷ বৰপেটাৰ পাইলট প্ৰজেক্ট কৰিব গৈ ডিচি এছপি পলাবলগীয়া হোৱা কথাটো চাগে পাহৰিলে ৷ বুঢ়া হলে অলপ হেৰি হয় বুলি জ্ঞানীজনে কয় ৷ আৰু নামনিৰ ফালে উন্নয়নৰ ঢাক ঢোল নবজালেহে ৰাইজ সুখী হব ৷ আফটাৰ অল আঢ়ৈটকীয়া মানুহ হয় নামনিৰ ঢেকেৰীবোৰ (মইও ঢেকেৰী) ৷ গতিকে বাদ দিয়াহে বুলি ঘৰমুৱা হওক মহাশয় ৷ আমাৰ ফালে মানুহবোৰ অলপ জিনিচ টাইপৰ ৷ সৰুজনা গগৈয়ে নামনিৰ মানুহক ভালকৈয়ে চিনি পায় ৷ এবাৰতেই তেও শিকি গ'ল ৷ গতিকে নামনিৰ মানুহক বেছি জ্ঞান দিলে মূৰত কষ্ট পায় ৷ এনেও আমাৰ ফালে ঠেলাৱালা ৰিক্সাৱালা বেছি যে ৷ তাতে আকৌ তেলৰ কুঁৱা নাই নহয় ৷ যি দুটামান উদ্যোগ আছিল সেয়াও মাৰিলেই যেতিয়া আৰুনো কি কম… ৷ মহাশয়, আমি ঠেলাত ৰোগী লৈ হস্পিতেল যাও ৷ বেয়া নাপাও ৷ আমাৰ বাবে ৰাস্তা ঘাটৰ উন্নয়ন তেনেই কম, বেয়া নাপাও ৷ আমাক চৰকাৰে আৰু আঁচনিয়ে ঢুকি নাপায়, দুখ নকৰোঁ ৷ কিন্তু অসমত বাংলাদেশী এজনো নাই বুলি ৰগৰ নকৰিব ৷ কৈ থলো ৷ নামনিৰ মানুহ ৰদত নোপোৰে,বৰষুণত নিতিতে ৷ পাৰিলে বজালীৰ বুৰঞ্জী পঢ়িব মহাশয় ৷ আপোনাক বেয়া নাপাও ৷ কিন্তু উপলুঙা নকৰিব ৷ কৈ দিলোঁ… জয় জন্মভূমি ৷ (উপমন্যু ডাঙৰীয়াই জিন'চইড নে কি কৈছিল, সিবিধত আটাইতকৈ লোকচান নামনিৰ দুখন জিলাৰ হৈছে ৷ নলবাৰী আৰু বৰপেটা) ৷৷

থোলোকৰ ভৱিষ্যতবাণী

12.04.2016
এতিয়া বুদ্ধি থকা, নথকা সকলোৱে লগ হৈ বাকচ ৰখক ৷ পিচত আকৌ বাকচৰ 'ফিৰ-হিৰাফেৰি' হোৱা বুলি তোলফাল লগালে কাম নহব ৷ শৰাইঘাটৰ ৰণৰ সাধু শুনিবলৈ অলপ কাণ চাফা কৰি লও এই চেগতে ৷ 
টিভি চেনেলৰ বিশ্লেষন চাই চাই মই কিন্তু ওলমি থাকিবলৈ মন কৰিলোঁ ৷ আপোনালোকে ফুল বুলি 'ফূল' হয়নে কি নাজানোঁ, পিচে মোৰ লগত হাত কাটি বাজিও নামাৰিব ৷ দুই এজনে আকৌ চুলি খুড়োৱাৰ বাবেও বাজি ধৰিছিল ৷ আফটাৰ অল পৰিবৰ্তন হেনো ৷ মই পিচে ১৯ মেৰ সন্ধিয়ালৈ ভগবানৰ দৰে আচৰণ নকৰি ওলোমা বিচনাত বিচনী মাৰিম ৷
বুজি পালে নাঙল হৈ নাঙলৰ দৰে নাঙঠ নহব ৷ নুবুজিলেও তলা মাৰি কূম্ভকৰ্ণ নহব ৷ বিদ্যা শপত গৰমৰ দিনত মানুহ নৰম হোৱাটো ভাল বুলি জানিছিলোঁ ৷ পিচে বাকচ খোলা, বাকচ ভঙা আৰু সলাই দিয়াত আমৈৰ লৰা কেইটা বৰ পাকৈত ৷ সিঘৰৰ টাৱৈয়ে আকৌ মেকুৰীক দোষ দি ভজামাছ খাব বৰ ভাল পায় ৷
গোসাইঘৰত কোন নুসুধিব দেই ৷ কিবাকে কলখোৱাৰ কথা প্ৰমাণ হব পাৰে ৷ আফটাৰ অল সংবাদমেলত প্ৰেষ্টিজ্ বুলি কথা এষাৰ নাই জানো? ? বুজিলে যদি ভাল নুবুজিলে মুৰত মিনাৰেলৰ পানী ঢালক ৷ নহলে চকু টিপিয়াই থাকক ৷৷


ডেকা দেউৰ ভাবৰ ফুচুৰি, 16.07.2015

আজি অসমৰ গোটেই কেইটা নিউজ চেনেলত আমাৰ স্বর্গদেউ জনাই পুলিচ একাডেমীৰ আধাৰশিলা স্থাপন কৰি ভাষণৰ ফুলজাৰি মাৰিছে। তেৰাৰ দৃস্তিত অসম হেনো শান্তিৰ প্রদেশ, উন্নয়নৰ মডেল। ভাল কথা শুনি ভাল লাগিবই দিয়কচোন। কিন্তু কথা হ'ল স্বয়ং এচপি ৰ ঘৰত চোৰ সোমায়, খোদ থানাৰ ভিতৰত কিবা-কিবি কৰি মহিলা মৃত্যু (প্রতিবাদ গগৈৰ অভিযোগ) আদিৰ কথা ভাষণৰ মাজত সোমাই দিলে বেছি টিআৰপি পালেহেতেন।
লগতে মৃত নিত্যানন্দ গোস্বা‌মীৰ কথা, জাকিৰ হুছেইনৰ পত্নীয়ে আজিলৈ চাকৰি নোপোৱা আদিবোৰ দিলে একদম জুতিৰ হ'লহেতেন।
পিচে মহাশয়, এটি প্রশ্নৰ উত্তৰ দিয়ক, যদি অসমত কেবল শান্তি আৰু শান্তি তেন্তে আপুনি আধা ডর্জন গাড়ীৰে কলা কাপোৰ পিন্ধাজাকৰ মাজত হাহাকাৰ কৰি ঘুৰি ফুৰে কিয়? শান্তিৰে যাব নোৱাৰে নেকি? মিজোৰামৰ মুখ্যমন্ত্রী দেখোন এখন গাড়ীৰে ট্র্যাফিক নিয়ম মানি চাইৰেণ নবজোৱাকে যায়? ত্রিপুৰাৰ মুখ্যমন্ত্রী আকৌ অকলে পাচলি কিনিব যায়। মনোহৰ পাৰিকৰৰ কথা নকও যেনিবা, তেও বিজেপিৰ ।
মহাশয়, আপুনি জানো অনুভব কৰে হোমগার্দ‌ সকলৰ পকাত পাৰি লোৱা বিচনাখনৰ আৰামৰ কথা? এচপিও সকলৰ প্রতিবাদ আপোনাৰ কাণত বাজিছিল নে? স্বয়ং পুলিচ বিভাগৰ পানীৰ বিল ৮৬ লাখ টকা আজিও পৌৰনিগমে পোৱা নাই, সেইবোৰ খবৰ ৰাখে জানে আপুনি? নির্মল গুৱাহাটীৰ খোদ সচিবালয়ৰ দেৱাল লেতেৰা কৰা বলিয়া জাকক না আপুনি, না আপোনাৰ পুলিচ বিভাগে দেখিলে? প্রিয়া বসুমতাৰী হেৰাই গ'ল সময়ৰ সোঁতত। নগাৰ চাংতলে থকা বাট গোলাঘাট পালে।
কেবল বাদ দিয়া বুলিলেই শেষ হব নেকি সকলোবোৰ?????
>
>
বেয়া নাপাব দেই, খং নকৰাকৈ পাৰিলে উত্তৰবোৰ দিয়ক।।
>
>
জয়তু জন্মভুমি......।

ডেকা দেউৰ ভাবৰ ফুচুৰি: 15.07.2015


বাতৰি নে বতৰা কব নোৱাৰো। চকু মুদি দিলো............
............এতিয়া কেনি গ'ল মহাপুৰুষ সকলৰ ভাষণ? ১৫ বছৰে ৰক্তবীজৰ সাধনা কৰি কৰি দেশ শেষ কৰিলে। তাৰ পিছতো বিকশিত অসমৰ শ্লোগান। নিলাজৰ সচঁ।
কৃষিপথাৰ এৰি কৃষকৰ জয়গান যেনেদৰে মিছা, উদ্যোগ মাৰি উন্নয়নো মিছা। এপল', পলিষ্ট‌াৰ মিল, চেনীকল আদি শেষ। এতিয়া খালী ৰক্তবীজৰ উৎপাদন চৌদিশে। কলে কথা লাগে লেঠা, নকলেও লাগে ভকতৰ দোষ। ১০৮ মানেই ঠেলা, চৰকাৰী টীকা মানেই মৃত্যু, তাৰ পিচতো কিন্তু আচনি আৰু যোজনা। ধুৰ...............

লাইটৰ লুকাভাকু, তাতেই আকৌ আনন্দ ব্রেণ্ডৰ টেবলেট। যিখিনি সময় বিজুলী চিকমিকায় সেইখিনিৰ বাবে আকৌ 'বিল'ৰ টকা 'ডাবল' চিকমিকায়। বনফুলৰ চেনেলত আকৌ 'এনিটাইম' চৰকাৰৰ গুণগান। হে ঈশ্বৰ সকলোতে কেবল টঙ্ক মামাৰ অঙ্কৰ সাধু।
২০১৬ৰ বাবে টুনিয়ে হেনো লোকেল পার্টিৰ বাহ সাজিব। সেয়া সময়ে কব। বিবাহ বাহৰ হব বোলা ঘৰটোত স্বয়ং শর্মা দেউ ৰজা হব হেনো............

বৰাৰ পুতেকে আজিকালি তজবজীয়া হৈ টকলা মহন্তক কাটি কৰি ডাড়িয়া মহন্তৰ লগ হৈছে। তাকে দেখি বূঢ়া আঙ্গুলি দেখুওৱা দুয়োঘৰৰ আকৌ মিতিৰ মিতিৰ গোন্ধাইছে হেনো। সেই গোন্ধতেই হেনো ৰাউল বাবাই বেংকক ফৰ্মুলা লগাই দি মিতিৰৰ ঘৰত জলপান কৰিছে............

মুঠতে একো বুজিব পৰা নাই, এন আৰ চি ফিলআপ কৰো নে নকৰো। কৰিলে আকৌ থলুৱা হও নে থল হেৰুৱাও ধৰিব পৰা নাই। জাতীয় নায়কো আজিকালি মন্ত্রিত্বৰ ভীৰত মাতিব নোৱাৰা হৈছে।

সুযোগ বুজি এপিএচচি ৰ ঘোটালাত কিবাকৈ মুৰ গুজিব পাৰিলে বাপ্পেকে মানুহজনীকে বনাই দিলোহেতেন বিয়াগোম আমোলা। তাৰ পিচত চিধা 'এচেম্বলি'......।।

..............................ছেঃহ বিশ্লেষণ কৰিব নোৱাৰা সপোন, তাকো ভৰ দুপৰীয়া। কিবা অমঙ্গলৰ লক্ষণ নেকি বাৰু ?????
>
>
জয়তু জন্মভুমি

ফিলিং ফুচুৰি এগেইন
---------------------
অসমীয়াৰ উৎসৱ বিহু
লুইতেদি উজায় শিহু।
বিহুৰ চিনাকি চান্দা
পা-পইচা পোৱাৰ ধান্দা।

একাকাৰ আজি অসমীয়া আৰু বিহু।।

আমাৰ দেশ, আমাৰ মাটি
পমুৱাৰ বাবে হ’ল শোৱাপাটী।
‘ফেচবুক’, ‘হোৱাটচআপ’ত প্ৰতিবাদ
খড়্গহীন গড়ে কৰে ৰকি-মুণ্ডাৰ অপবাদ। 
সকলোৰে মাজেদি পৰিচিত অসমীয়া জাতি।।

চাউল চোৰ, চেনি চোৰ
ধূর্ত আমাৰ নেতা আমোলাবোৰ।
সংবাদৰ বেচা-কিনাও হৈছে সস্তা
টিভিৰ পৰ্দাত মিছাৰে ভৰি যায় দু-মোনৰ বস্তা।
ছাগলী বেচা ৰচিদেৰে সাঙুৰিলেই সমস্যাৰ পৰিব ওৰ।।

কমদামী গাড়ীৰ বাবে ৰুমী বাইদেউৰ ‘টেনচন’
ভূমি চাৰ, বিজয়া আইতাই কেতিয়ানো পাব ‘পেঞ্চন’।
শর্মাদাৰ মতে নাই গৌৰবৰ কোনো কাম
ছিদ্দিক বোপাইক বিচাৰি পুলিচৰ ত্রাহিমাম।
নির্বাচন মানেই হাতীৰ জাকৰ ‘ইমোচন্‌’।।

বুঢ়া নে ডেকা মুঠতে তিনিজন গগৈ
নাঙল, মাটি, জাতিক এৰিলে চাগৈ।
ৰাইজ মৰক জুইত পুৰি
অসমত পার্টী হ’ল তিনিকুৰি।
দুটা বুঢ়া আঙুলিতো নিমাত হাঁহিৰাম গগৈ।।

মোডী চাৰ ব্যস্ত বিদেশ ভ্রমণত
পাকিস্তানৰ পতাকা উৰিল হেনো কাশ্মীৰত।
ওৱেচিৰ টুপীত ইমামৰ ইমান
ফটোৱাত নিলিখে সন্তানৰ ‘লিমিট্‌’ কিমান।
নীলা শিয়াল এজাকৰ বিচৰণ আজি মোৰ দেশত।।
>
ঘনশ্যাম ডেকা, আইজল, ১৬-০৪-১৫

ডেকা দেউৰ ভাবৰ ফুচুৰি :)
০৭.০৪. ২০১৫
কবিতা এটা লিখিম বুলি ভাবিছিলোঁ । কিন্তু হঠাৎ অহ‌া এটা ফোন কলে খেলি-মেলি লগাই দিলে। ফুচুৰি চিন্তাবোৰ নাইকিয়া হল। কিন্তু লিখিম বুলি কলম হাতত ললোঁ যেতিয়া কিবা এটা লিখিমেই। পঢ়ক বা নপঢ়ক খেদ্‌ নাই।

কোনোবাই হাতত পিষ্টল লৈ জোৰ-জবৰদস্তি যদি গান শুনাৱ পাৰে তো অমুকাই কিয় নিলিখিম? অলৱৎ লিখিম আৰু আপোনালোকে পঢ়িবই লাগিব। খাতাংকে কলোঁ। পিছে কথাটো হল আমাৰ গাৱঁৰ নগেন কাইৰ বৰ টেনচন। বোলে হাতী চুৰ (চোৰ) বেঙেনা চুৰ তাৰ মূৰত খুৰ, নেতা মন্ত্রী চুৰ সুৰত মিলাইছে সুৰ। বেচেৰাৰ এতিয়াও মূৰৰ এফাল চুলি নাই। গাৱঁৰ ধনী মহাজনৰ দোকানৰ পৰা এটা দর্পনা স্নো চুৰি কৰিছিল মানুহজনীৰ ব‌বে। তাতে ইম্মান গুৰু শাস্তি। সেইফালে জনতা ভৱন থকা (আধুনিক) দ্রৌপদীৰ ঘৰত হেনো কিবা হাইব্রিড চোৰ এটা ওলাইছে। চাউল চোৰ, চেনী চোৰৰ কথা নকলোৱে যেনিবা। ৭১’ৰ আগৰ ৰেচন কার্ড থকা মানুহ দেই।    

তালফাল লাগিলে কিদাল হ? পুলিচৰ ঘৰত চোৰ হয়, প্রজাৰ ঘৰত চোৰ হয়, গতিকে প্রজা-ৰখীয়াৰ ঘৰত হোৱা খবৰটো একা কিবা খবৰ হলনে? ............? লে কিদাল হ? দেত ইজ নট ইম্পৰটেন্ত্‌। কিছুদিনৰ ৰা বোলে কিবা আখামিয়া আখামিয়া খেলা এটা হৈছে। তাতে আকৌ দুটামান পার্টীয়ে মেচ্‌ ফিক্সিং নে কিবা কৰিলে; বাংলাদেশী এগাল হেনো বিদেশী হল। কোনোবাই আকৌ খবৰ্দাৰ কৰিলে, অসম বোলে আকৌ টুকুৰা-টুকুৰ্ হব। হবই দিয়ক। আমি থার্মকলৰ ঘৰত থাকো, গতিকে এনে ভাবুকি নগণ্য।
পিচে কথা এটাত অসম পুনৰ জাতিষ্কাৰ হল। অসমীয়া হঠাৎ আকৌ কলিতা, বামুণ, কছাৰী, আহোম আদিৰ পৰিচিত বেমাৰৰ মহামাৰি হল। ট্রাইবেলক ক্ষমতা দিয়াতকৈ হেনো বাংলাদেশীকে দিব। মইও একমত। নামনিৰ ফালে এখন নাঙলে বুকু ফালিছে, আনহাতে অন্য এজনে খেতিয়কৰ নাঙলখন হেনো হাইজেক্ কৰিলে। তাকে দেখি বতৰৰ বতৰা হেনো মোডীৰ দৰে খৰাং হব বুলি ঘোষণা আহিলেই। আহিবই দিয়কচোন, নহলে আন্নাৰ আন্দোলন অসম পাব কেনেকৈ?

দিল্লীত খুজলি পার্টীৰ তামাম হাঁহাকাৰ। নহবনে বাৰু? গৰমৰ দিন আহি আছে, গতিকে ফ্রিত বিজুলী, পানী আদিৰ কথা ৰাইজে শুধিলে মস্কিল। গতিকে বাটৰ নাট দুই এখন হলে অলপ ভাল। একদম আমাৰ স্বাধীন বৰুৱা পার্টী টাইপ্। তেওলোকৰ বাবেও এইকেইদিন মহা সমস্যা হৈছে। কত কাৰ হৈ বিবৃতি দিয়ে থিৰাং কৰিব পৰা নাই। গতিকে গড় মাৰিলে যেনেদৰে মনে মনে থাকে এতিয়াও তেনেদৰেই আছে। হয়তো...... সদায় অসমীয়াৰ হৈ মাত মতা মানুহজনে বিদেশৰ উপনিৱেশত থাকিও  অসমীয়া হৈ আছে। কম কথা নহয় কিন্তু। আমাৰহে সংজ্ঞা হেৰাল? কিবা বোলেনে নাক নে হাত কটা গগৈ দুজনৰ বুলবুলি যুঁজত জাতিৰ মৰণ। সেইবাবেই যোৱা কিছুদিন সমস্যাত নিমাত হৈছে ফুচুৰিৰ কলম। খং উঠিল নেকি বাৰু? বাৰে ভুচি সোপাকে লিখি মোৰেই অৱস্থা এতিয়া দাড়িয়া ভাচমলৰ দৰে হৈ গল। (বেয়া নাপাব দেই ফু-মন্ত্র দি দিছো; কমেন্ট্‌ নাপালেও লাইক পামেই পাম। খেত্তাং..........!!!)
>

জয়তু জন্মভূমি।
--------------------------------------------------------

                                    ##এপ্রিল ফুলৰ ফুচুৰি##
ৰাতিপুৱাই শুই উঠিয়েই দেখিলো চাৰিওফালে ফুল (Fool) ৰ খেতি। কিবা বোলেনে মিছা ফুলৰ খেতি। বুজি ভালকৈ পোৱা নাই কিহৰ পূজাত ব্যৱহাৰ হয় এইবিধ ফুল। ভুপেন দাই মদাৰ ফুল গোৱাৰ দৰে নিশ্চয় কিবা সাংঘাতিক ফুলৰ সঁচ হ’ব। পিছে এইবিধ ফুলে আজি মোক পুৱাৰে পৰা বৰ আমোদ দিছে। মই ‘এপ্রিল ফুল’ৰ কৃপাত ফুল (Full) হৈ গ’লো চৌদিশৰ পৰা। যেনেঃ মোবাইলৰ খবৰ বাকচ, হোৱাটচ আপ, ফেচবুকৰ খবৰ বাকচ, ফেচবুকৰ দেৱাল আদিত কিমান ধৰনৰ যে ফুলৰ খেতি। দুটা এটা ফুল (Fool)ৰ ভিৰত বসুমতী চেপেটা হোৱাৰ উপক্রম। তাৰেই ধুনীয়া দুটামান পাঠকৰ মাজত ভগাই দিওঁ বুলি ভাবিলোঁ। দায় দোষ মৰিষণ কৰিব আৰু গাত লেপি লৈ নিজক কষ্ট নিদিব।
#১#
মাজৰাতি উজনিৰ এজনীৰ মেচেজ এটা পালো এইবুলি...।। দাদা মই আপোনাৰ কবিতা পঢ়ি আপ্লুত হ’লো। আপোনাৰ কবিতাই মোক বাধ্য কৰালে ‘আই লাভ ইউ’ বুলি ক’বলৈ। বেয়া পালেও ‘আনফ্রেইন্ড’ নকৰিব...। তাৰ পিছত এটা গোলাপ ফুলৰ ছবি। .........।।হিয়া মন কপি যোৱা গার্ডেন গার্ডেন ফিলিংচ এটা আহি গ’ল পিছে মেচেজ টোৰ তাৰিখ আৰু সময় হ’ল ০১ এপ্রিল ০০.০০ এ.এম.। উত্তৰ দিবলৈ মন আছিল কিন্তু নিদিলো। কণপিটৌক সামৰি গুদুং-গুদং চকু মুদং কৰিলো। ফিলিং হ’ট।
#২#
ৰাতিপুৱা শুই উঠিয়েই মোবাইলৰ পৰা ফেচবুকৰ মেচেজ বাকচটো খুলিলো। বৰ সুন্দৰ কেইশাৰী মানৰ এটা বেচ ৰোমান্টিক কবিতা। তাৰেই একেবাৰে ভাল লগা লাইন কেইটা ...//মই কুন্তী পাণ্ডবৰ সম্ভাবনা //জাননীত দেৱতাৰ বশীকৰণ//তোমাৰ বিননি.......//... ।। কি উত্তৰ দিম বুজি নাপালো। আন্নাক পুৰুষ জীবনৰ ‘ডোজ’ দিব পৰা সকলো উপাদান থকা এটা সুন্দৰ লেখা। শেষত সাবধানে মণি মণি মোবাইলত লিখি দিলো এই বুলি। ......//তুমি পাণ্ডবৰ সম্ভাবনা, ব্যাসৰ নন্দন মই... মনৰ দৃষ্টিৰে শত পুত্র চিনিব পাৰো... গান্ধাৰৰ জোৱাই, ইতিত বৰজনা মই...।। ফিলিং ল’চ।
#৩#
হোৱাটচ আপত এজনিয়ে ৰাতিপুৱাই খবৰ দিলে ধোনিয়ে হেনো আত্মহত্যা কৰিলে। খবৰটো মিছা যদিও অনুষ্কাৰ কথা মনত পৰি গ’ল। হয়, পাছ মিনিটত গৈ পাই দ্রেচিং ৰূমত বিৰাট বহি বহি চেম্পেইন নে চেম্পুৰ গোন্ধত মচগুল আৰু ধোনি বপুৰা এজাক হালধীয়াৰ মাজত। গতিকে এই দুখত এনে সিদ্ধান্ত লোৱাটো একো ডাঙৰ কথা নহয়। তাতে আকৌ মেচেজ পঠোৱা জনিও অনুষ্কাতকৈ কম ধুনীয়া নহয়। সেইবাবেই ভাল লাগিল দিনটো ফুলললল (Full) হৈ গ’ল। কথাতে আছে চেনাইৰ ভাজি দিয়া তিতাৰ পাতো মিঠা যেন লাগে। ফিলিং খুজৱতি
#৪#
যি সকলে এই লিখা পঢ়িলে তেওলোকক কানে কানে কৈ দিও “এপ্রিল ফুলৰ বাগিচা খনৰ মই অবসৰ লোৱা মালি। গতিকে এই ফুলৰ জাত-পাত নাড়ী-নক্ষত্র অমুকাই বাৰু কৈ চিনি পাওঁ”.........।
ফিলিং ফুচৰি এগেইন।
* * *


.
আজৱ দেশৰ গজৱ কথা **


ৰজা তেওঁ অসম মুলুকৰ

কাম কৰে বাংলাদেশৰ ।

নগা দেখিলে কয় আমি ভাই ভাই

অসমীয়াৰ বাবেহে পিচে ঠাই নাই ।

হিমন্ত বুলিলেও বপুৰাই মাৰি দিয়ে ল’ৰ ।।



সমাজ কল্যাণৰ মহাৰজা অকন

সমাজলৈ নেৰে পিচে খুদ-কণ ।

পুতেকৰ বাবে ডাঙৰ ডাঙৰ সপোন

ইলেকচনৰ পিচত চোৱা নাই দাপোন ।

ধনীৰাম বুলিলেই পিচে ৰাম টাঙোন ।।




দিল্লীত নিটিকিল বাইদেও ৰানী

কাৰন হেনো সৰ্বাৰ বান-পানী ।

চাৰিওফালে কেবল বদনাম

নেক্সট নির্বাচনত কৰিব কাম ।

ৰাইজক শুনাইছে হেনো অভয় বাণী ।।



চকু টীপোৱা ডেকা চাৰ
কথাৰে কৰে চাৰ-খাৰ ।
কৃষক মৰক পানীৰ আকালে
ভাত পাব আঢ়ৈ টকালে ।
নলবাৰীয়াক দিব ৫০০ টকীয়া হাৰ ।।

শক্তিৰ মালিক চাৰ প্রদ্যুত
ৰাইজক দিব নোৱাৰে বিদ্যুৎ ।
দিল্লীলৈ ঘনায় যায়
দিল্লীৰ লাদ্দু অসমীয়াক খুৱায় ।
ডিপার্টমেন্টত উন্নতি কৰিব চাগৈ অদ্ভুত ।।

বৰাকে পালে আমাদেৰ বাংলা 
স্মার্ট চিটী হৈ আছে টংলা ।
নেতা মন্ত্রীৰ খবৰ নাই
চাৰিওদিশে জাক-জাক বিদেশী পায় ।
ভৰাইছে সকলোৱে নিজৰ জংলা ।।(জোলোঙা)

সাহিত্য সভাত পৰমাৰ ৰাগ্ 
ক’ক স্টুডিওত চুপাৰহিট অংগৰাগ ।
অসমলৈ সম্প্রসাৰিত লস্কৰৰ যুদ্ধ
পৃথিবীৰ পৰা পলাল বুদ্ধ ।
সময় হেছে ৰাইজ আকৌ এবাৰ জাগ ।।

ঘনশ্যাম ডেকা, ১৩/০৯/১৪

মূর্খৰ গৌৰৱ


মূর্খ তুমি মন্ত্রী স্বার্থপৰ
নীচ তুমি অপদাৰ্থ বৰ
ক’লে কিডাল হ’ব

আকৌ ভোট তোমাকে দিব
সচাঁকে আমিও অপদাৰ্থ বৰ ।

যেতিয়াই পালে বগী মেম্
তেতিয়াই বাঢ়িল ভেম্
মানুহ চিনিব নোৱাৰা চকুমুদা
যতে-ততে ঘুৰায় গদা
মানুহে মিছাতেই হেনো কৰে ব্লেম


বাপেক পুতেকৰ খুজৱতি হ’ল
মাছ চিনিব বজাৰলৈ গ’ল
হঠাৎ লাগিল পয়মাল
মতা-মাইকী মাছ সকলো পলাল
মূর্খৰ পুতেকে গৰৈকে কৰিলে শ’ল।


ৰকি দাদাৰ গুৰু ভাই
হিমু দাদাৰ চাঞ্চ নাই
লাগিল কেনা ফুতিল মেনা
তপা মুৰত সদায় হেনা
ডে’ আহমেদ বাই বাই।


ৰাইজ আজি জাগিবৰ হ’ল
নগাক খেদিবৰ হ’ল
বদনৰ “Minor Incident” মনত ৰাখক
২০১৬ ত সপৰিয়ালে বিদায় দিয়ক
তেতিয়াহে এই পদ্য সফল হ’ল। । । । 

                                        ঘনশ্যাম ডেকা, ২০/০৮/১৪

---------------------------------------------------------------------------------------
১৬.০৩.২০১৫

 ডেকা দেউৰ ভাবৰ ফুচুৰি :)
এইকেইদিন বিশ্বকাপৰ জ্বৰ উঠি আছে। কোনে কিমান ৰাণ কৰিলে, কাৰ কিমান ৰেকৰ্ড হ’ল, এইবোৰ চাই পাহৰি গ’লো সকলো ফুচুৰি। ভাবৰ বুৰ-বুৰণিত কোহলি, ধোনি আদিৰ লগতে ছামি, যাদবৰ অঙ্গি-ভঙ্গি বোৰ লাগি থাকিল। তাৰবাবে আমিবোৰৰ খবৰেই নাই। পিছে আজি ৰাতিপুৱা এটা খবৰ দেখি হতভম্ব হ’লো। সেইটো হ’ল মন্ত্ৰী নজৰুল ইছলাম ডাঙৰীয়াৰ ঘৰত হেনো কিবা বিদেশী ভুত এটা আছে। বৰ ডাঙৰ কথা হ’ল নহয়। এতিয়াহে নিগমে মৰাৰ পাল। স্বয়ং বেজৰ নাকতেই খৰ। গড় হেনো মৰিয়েই আছে। থাকিবই দিয়ক। আফ্রিকাতো গড় মৰে গতিকে ক’লা নিগ্রোৰ দৰে দাঁত নিকটাই হাঁহি কৈ দিলেই হ’ল ‘বাদ দিয়াহে’। আজিকালি আকৌ দীঘল বুত জোতা পিন্ধি খেতি কৰাৰ সময়। গতিকে লিপষ্টিক চাই ফুৰিবলৈ সময় নাই।

NRC নে কিবা সেই বিদেশী-স্বদেশী গীত গাই থাকোতে দুজনমানে হুলস্থূল্ লগাই দিলে অসমীয়াৰ সংজ্ঞা বিচাৰি। লগে লগে অসমীয়াই ধাপলি মেলিলে আচল অসমীয়া বিচাৰি। NRC পাহৰি গ’ল সকলোবোৰে। হেৰৌ অসমীয়া কোন বুলি থাকোতেই অসমীয়া ক’ত হ’লগৈ। মেঘালয়, মিজোৰাম হেৰাল অসমীয়াৰ উৎসাহত। বৰাক যাওঁ যাওঁ সময়ৰ বাটত। এতিয়া বড়ো সকলো উজান দিছে একেই সোঁতত। সময়ৰ শৰ সময়ত নামাৰি পুতুলা জুলাই থাকোতেই দিন পাৰ হ’ল আমিবোৰৰ। চেগ্ বুজি আকৌ এজনে কৈ গ’ল কান্দি থাকিবলৈ। এতিয়া দুদিন তিনিদিন অসম বন্ধ, পুত্তলিকা দাহ অনুষ্ঠান, তাৰ পিচত সকলো ঘৰা-ঘৰি প্রস্থান।

পিচে কথাটো হ’ল যোৱা তিনিতা মাহত ৯টা গড় মৰিল। জুবিনো হেন’ অসমীয়াৰ হকে নহয়। চেগ বুজি এজনে আকৌ কাৰোবাক থিংকিং পলিটিচিয়ানৰ খিতাপো দিলে। কিন্তু খবৰ নাই যে ৩.০০ টকাৰ নাকত পিন্ধা কাপোৰ টুকুৰা ৩০.০০ টকাৰ হ’ল, ছোৱাইন ফ্লু আকৌ অসমৰ মুৱা হ’ল। দুটা মাত্র পৰীক্ষা কেন্দ্রৰে অসমে মাৰ বান্ধি থিয় হ’ল। মুঠতে সকলোতে টঙ্ক্ মামাৰ অঙ্কৰ সাধু হ’ল।

>

>

>

জয়তু জন্মভূমি।

-------------------------------------------------------------------------------------------------------------------------
 ০৫.০৩.২০১৫
ডেকা দেউৰ ভাবৰ ফুচুৰি :)


এসপ্তা‌হৰ ছুটি পালো কোনোমতে। ভাবিছো অহা দেওবাৰে পাৰিলে বৰপেটা যাম। বৰপেটীয়া গাভৰুক লৈ যে কবিতা লিখিছিলো মই। সেই যে নলবাইৰা চেংৰাটো আৰু বৰপেইটা আপিটো। তেনেকুৱা কিবা এটা 'গার্ডেন গার্ডেন ফিলিংচ' লৈ ঘৰ গৈ আছো। দেখা যাওক কৰ পানী কলৈ যায়। বৰপেটাৰ ফালৰ লোক, বন্ধু সকলোৱে ফোনাব দেই। একদম ফুচৰি কৰি হুচৰি মাৰিম দেই। পাৰিলে ন-খান্দাত গা ধুই কইলা গোহে ক সেৱা এটা কৰি আহিম। বেচি নকও আৰু । কোনোবা হাটীত গৈ পাটীত বহি চাহ একাপ খাম তোমাৰ লগত। দেখা পালেই "বাপ্পাও আইচা দে হ'লি' বুলি জাঁপ মাৰি আহি দেহৰ ৰং, মনৰ ৰং একাকাৰ কৰি পেলাবা।


তাৰ পিচত ওলাই যাম দুইয়ো। কীত্তান ঘৰত সেয়া এটা জনাম। হাতখন খামুচি ধৰিবা টানকে। ন'হলে ভিৰৰ মাজত হেৰাই যাম দুয়ো দুয়োৰে পৰা। গধূলি হ'লেই ঘুৰিম ঘৰলৈ......।। পদুলিত নখে মাটি কৰি চলচলীয়া চকুৰে নুশুধিবা 'আৰো কিত্তে আইহবো আপনি হ'লি?' .....................। ফিলিং ফুচৰি এগেইন।।



---------------------------------------------------------------------------------------------------------------------------


০৪.০৩.১৫


ডেকা দেউৰ ভাবৰ ফুচুৰি :)



১। আজি ভাবিব মনেই যোৱা নাই দেখোন। ৰাতিপুৱাৰে পৰা কিন-কিনকৈ দি থকা বৰষুণ জাকে বেলেগ কথা ভাবিবলৈ প্রেৰণা দি আছে পিছে!!! তথাপি, খবৰ কাকতখন মেলি ল’লোঁ। দেখি হতভম্ব হ’লো
স্বয়ং বর্মণ ডাঙৰীয়াৰ মন্তব্যটো দেখি। ৩৫০০০ হাজাৰ মান বাংলাদেশী হেনো চু-মন্তৰ হ’ল। হ‘বই দিয়ক। কাৰন ১৬ মে আকৌ আহোঁ আহোঁ। সেইবাবেই চাগৈ কিছু পলাল কৰবালৈ। নতুবা গগৈ চাৰৰ গৃহ মন্ত্ৰালয়ৰ কৰিস্মাও হ’ব পাৰে।


২। কালি আকৌ কিবা বোলেনে সংজ্ঞা বিচাৰি হাবাথুৰি খালে অসমীয়া কোন? হেৰ, অসম মুলুকত থাকিবলৈ হ’লে এইবোৰ বিচাৰ নকৰাই ভাল। সেইদিনা গাড়ীৰে শিলচৰ আহিছিলো। লগৰ বাংলাভাষী সহযাত্রী জনে চা-চিনাকি হ’ল। তেও যেতিয়াই গম পালে মই গৌহাটিৰ ফালৰ লগে লগে তেও কলে আপোনালোকৰ ভাল দিয়ক। অন্ততঃ অসমীয়া বুলি ক’ব পাৰে। আমিতো ‘আমাদে’ বাংলাতেই থাকি গলো। উত্তৰ কি দিম নুবুজিলো মই।


৩। য‌েতিয়াই প্রাতঃ ভ্রমণত যাওঁ প্রায়েই ইয়াৰ মন্ত্রী, ডিৰেক্টৰ আদি কৰি ভিঅাইপি লগ পাওঁ। টেনিছ খেলিব আহে তেওঁলোকে। দুজনমানৰ লগত হাত মিলাও, দুই এটা কথাও পাতো। কেতিয়াও কিন্তু চাইৰেণ নুশুনো, এসোপা পুলিচ মিলিটাৰী লগত লৈ নাহে। ট্র্যাফিকৰ সময়ত অন্য সাধাৰণ গাড়ীৰ লগত একেলগে যায়। তেতিয়া মনত পৰে মই চিনি পোৱা মোৰ অঞ্চলৰ দুই এজন যুব নেতালৈ। নাম নকওঁ কোন দলৰ। নহলে আকৌ মোৰ ঘৰত চাইৰেণ বাজিব। অনুভৱ কৰো শৰৎ সিংহ দেবক লগ পাই কথা পতা দিনটোলৈ।

৪। সেইদিনা গৌহাটিলৈ গ’লো কিবা কাম এটাত। চাৰিচকীয়া খন লৈ গ’লো। জালুকবাৰীৰ পৰা ভৰলুলৈ এক তীব্র যানজঁট। পে পে পু পু কৰি ক‌াণ ত‌াল মৰা পৰিবেশ। তাতে আকৌ লাগিল সৰু পানী চুব। মিজোৰামৰ হিচাপত চকু ফুৰাই গ’লো ক’ত একো সুবিধা দেখা নাপালো। মোৰ অবস্থা দেখি লগত য‌োৱা‌ ভাইটিজনে ক’লে দাদ‌ য‌তেই পেচাব নকৰিব বুলি লিখিছে তাতেই মৌকা মৌকা গাই দিয়ক। এৰা, তাকেই কৰো বুলি এঠাইত কামফেৰা কৰিম বুলি গাড়ী ৰখালো। পিচে নানামিলো। যদি আকৌ টিভিত দেখুৱাৰ দৰে কামফেৰা কৰি থাকোতেই ফুল ডি যায়!!! ভয়ে ভয়ে পিচত MMC ৰ ভিতৰত সোমাই গ’লো অাৰু মুক্তি লাভ কৰিলো।..................

৫। শেষত এটা লাখ-টকীয়া প্রশ্ন আহিল ফেঞ্চি বজাৰ পাৰ হৈ। অহা বাৰ বাৰু মুর্খ‌-মন্ত্রীৰ চকী খনত কোনে বহিব আৰু অসম লুটিব। সমাধান দিবচোন আছে যদি। পিলিজ্‌!

>

জয়তু জন্মভূমি।

----------------------------------------------------------------------------------------------------------------------

০৩.০৩.১৫
ডেকা দেউৰ ভাবৰ ফুচুৰি :)

১। আজি ৰাতিপুৱা উঠিয়ে এটা ভাল খৱৰ দেখিলো প্রতিদিনত। সেয়া হ’ল ছেবা নামৰ অসুৰটোৰ হেনো আকৌ ভুল এটা হ’ল। ভাল লাগিবই দিয়কচোন। মেট্রিক হেন উৎসৱ এটা পাতি বিহু এপাক না‌নাচিলে আপুনি মই ভাল পাম জানো? ধন্যবাদ এই বছৰেকীয়া পৰম্পৰা ৰক্ষা কৰাৰ বাবে। এতিয়া আন্দোলন কৰাৰ হে কথা। বিবৃতি আৰু গৰিহণা দিয়াৰ হে কথা। সেইদিনা মোৰ লগত এজনৰ তর্ক হ’ল, আমি হেনো অসমীয়াৰ নামত কলঙ্ক কাৰণ আমি অসমীয়া মাধ্যম বেয়া পাও। পিছে মই ক’লোঁঁ মই নিজে খিচিৰি মাধ্যমৰ হওঁ। গতিকে বাপেক চাই পুতেক। তাতে আকৌ মেট্রিকৰ আগে আগে এডমিট্ ৰ ভুল লৈ দৌৰিবলৈ মিজোৰামৰ পৰা অসুবিধাও অলপ হয়। সেইবাবেই সতি-সন্ততিক ইংৰাজী মাধ্যমত দি নিজে এই বিৰাটকায়ৰ পৰা মুক্ত বিচৰণৰ সুবিধা পাইছো। পিছে কথা এটা হ’ল এই যে বছৰ বছৰ ধৰি ছেবা নামৰ একদন্ত অসুৰটোৱে যি অখণ্ড ভাগবত পাঠ কৰি আহিছে তাক নিপাত কৰিবলৈ স্বয়ং নাৰায়ণ আহিলেও কিন্তু সন্দেহৰ থল আছে।


২। আজি আকৌ হাঁহিৰামৰ হাঁহি উঠিছে, কিবা বোলেনে ১০০০ কোটিৰ ধাৰ ল’ব। আগৰ ১২০০০ হিচাপ নিদিয়াৰ কথাটো হেনো বিৰোধীৰ শৰ মৰা যন্ত্রহে (ষড়যন্ত্র)। আখামটো উন্নয়নৰ চৰম বিন্দুত আছে। গতিকে ‘হি নেভাৰ কেয়াৰ টু তেক ল’ন ফ্র’ম কেঞা’। কথা হ’ল অসমৰ ডাঙৰ সমস্যা যে তেওসৱক মাহী আইৰ দৃষ্টি সদায় দি থাকে ওপৰৰ পৰা। কিন্তু আগৰ জন মহা দেখোন সৰুমটৰীয়াৰ পৰাই যোৱা আছিল। তেওৰ পাগুৰীত অসমৰ প্রতি ভালপোৱাৰ নিদর্শন হিচাপে অকল নীলা ৰং আছিল। তেতিয়া একা? 

৩। নলবাইৰা ভট্টৰ আজিকালি বৰ খং। কাৰণ তেওঁ হেনো ফুলৰ খেতি কৰি দেশৰ আমদানি বঢ়াব চাইছে। সেইবাবেই চকু-চৰহা জাক জ্বলিছে। পিছে মহাশয় আপুনি যে বৰঘৰত বৰ-মৌ পালিছে গম নাই পোৱা হবলা। চাব আকৌ দেই! এইবাৰ ব্রহ্মপুত্রই দি অগৰৰ তেল তেল গোন্ধ এটা আহিব।

৪। মোনা ওলোমাই আনজন গগৈ আকৌ ব্যস্ত নতুন এখন দোকান খোলাৰ বাবে। কেজিয়ে কেজিয়ে আবেগ ঢালি ভাষণৰ ফুলজাৰি মাৰিছে। এইবাৰ হেনো তেওঁ অসম মুলুকৰ কেজি-আম হ’ব। হাত, হাতী, পদুম নে নাঙলৰ মাটি সকলোতে তলা-ছাবি মাৰি এওঁ হেনো অসম নদন-বদন কৰিব। লগতে সকল কৃষকক মাটি দিব (লাগিলে পৃথানীৰ পৰা কাঢ়ি হলেও আনিব), গৌহাটিৰ পাহাৰ পর্বত নদ-নদী সকলোতে মাটিৰ পট্টা ফ্রি হৈ যাব, আদি অনেক ভাল লগা প্রতিশ্রুতি ঠিক চীনা বৰুৱাৰ স্বাধীন অসমৰ দৰেই........................।।

এহ হ’ব দিয়ক ইম্মান বেয়া নেপাব। পিলিজ্‌। ধেমালিহে কৰিছো অলপ। ভোটটো গৈ কম্বল আঠুৱা মার্কা নহ’লে কিবা এটাত দিম। আপুনি খালি ‘নতা’ টিপিব এইবাৰ।

>

>

>

জয় জন্মভূমি..................।


---------------------------------------------------------------------------------------------------------------
০২.০৩.১৫

ডেকা দেউৰ ভাবৰ ফুচুৰি :)
----------------------------
আমি অসমীয়া নহও দুখীয়া বুলি বেজবৰুৱা দেৱে তাহানিতেই ক’লে যে। সেইবাবেই কানি খোৱা অসমীয়া তাহানিৰ পৰা আজিলৈ দুখীয়া নোহোৱা ভাৱতেই ফুলি থাকিল একেবাৰে গঙ্গাটোপ হৈ। হ’বৰ কথাই দিয়ক, কাৰন প্রমাণ পত্র থাকিলে কোন বিদেশী কোন স্বদেশী? পিছে কথা হ’ল ধোদৰ আলি বনায় যে স্বৰ্গদেউ মহাৰাজে প্রমাণ কৰিছিল; আমি কি তাকো পাহৰি গ’লো আৰু আমি আজিৰ অসমীয়া হ’লো। কোন মোমাইক কাটি-মাৰি গড় বনাব (ফিটিং কৰিব) পাৰিম সেয়া নাভাবিলেও খেতিয়কৰ গাত জুই লগাই দেশ বুলিলে নালাগে আদেশ বুলি মোনা ওলোমাই চিঞৰিব পাৰিম। তথাপিচোন আমাৰ গাৰ নোম এডাল নলৰা জাতি। কাৰণ আমি যে সোণৰ অসমৰ বাসিন্দা। চীনৰ দেৱাল বগাই স্বাধীনতাৰ ভাষণ দিবলৈ বৰ সহজ ঠিক বৰপেটাৰ শাক-পাচলি খাই হামিয়াই হিকটাই দিয়া বাংলাদেশী খেদা ভাষণৰ দৰেই। কিয়নো আমাৰ ছোৱালীৰ লিপষ্টিক বোৰেই আমাৰ উন্নয়নৰ মাপকাথি। গতিকে গড়ৰ শিং থাকক বা নাথাকক আমাৰ বাবে ভাতসাঁজ হে জৰুৰী, কিয়নো আঢ়ৈ টকীয়া ভাত আজিকালি পাবলৈ বৰ মস্কিল। ইয়াতেই আকৌ চাউল আৰু চেনীবোৰ চুৰ নকৰিলে নিজকে মহান দানী বুলি পৰিচয় দিব টান নহ’ব জানো। গতিকে ভুপেনদাৰ নতুন অসমীয়াৰ লগ হৈ অগৰুৰ বেপাৰ কৰিব পৰা হ’লেই কেচ দিচমিছ! পিছে হাতী আহি মনে মনে তহিলং কৰে বুলিহে ভয়। কানে কানে কৈ দিলো ২০১৬ ত পদুম ফুলিব বুলিয়েই অসমৰ চাৰিওফালে বোকা আজি উভৈনদী। পিচে চৰকাৰ ওলমিলে(ওলোমাটো খাটাং বুলি বাঘৰ আগতেল খোৱা শর্মা চাৰে কাণে-কাণে কৈছিল কিবা বোলেনে ৰাইজক বলি দিয়াৰ সময়ত) হাতখন দিব আৰু সহায় হ’ব ঝাৰু মাৰিবলৈ। .....................................................................?????
চেহ্! বৰ ধুনীয়া ফিলিং এটা আহিছিল। পিছে লঘু শঙ্কা হ’ল। এৰিলো দেই।
>
>
জয়তু জন্মভূমি।

----------------------------------------------------------------------------------------------------------------------------

2 comments: