শশীকলা The Dream

অভিমানঃ
====== 
আকৌ এবাৰ শশীকলা
আকৌ এবাৰ সাৰ পাই উঠ
বুজি চা এবাৰ

সুধি চা এবাৰ 
কাৰ বাবে শব্দৰ বিন্যাস
কিহৰ বাবে হাবিয়াস
পাহৰিব পৰা নাই 
তোৰ দেহৰ লুণীয়া গোন্ধ 
মোহাৰিব পৰা নাই 
অভিমানৰ শেলপাত 
নাপাহৰিবি তই 
পাহৰা নাই তোক
জোন থকালৈকে 
তৰাই পোহৰাব নোৱাৰে মোক ।

পুনঃশ্চ: মনলৈ উভতি আহ মোৰ অনুভৱী কবিতা ।।

শশীকলা 
======
শাওনৰ বৰষুণত নালাগে তিতিব
মনটো ভৰুণ হব
সম্ভাৱনাৰ বীজ বোৰে চাগে গজালি মেলিব …
ভদীয়া বানেই ভাল
উখল-মাখল,
ফেনে-ফোটোকাৰে অহা
তোমাৰো উদ্বাউল হব পাৰে দেহা
শব্দৰ তিতা-কেঁহা নালাগে সহিব
কানাইৰ বৰষি নালাগে টুপাব ৷
বণিজৰ সাউদ ঘাটত চাপিব
মনে খোজা সপোনবোৰ আনিব
তাকেই লৈ উমলিবা…
নষ্ট কবিৰ উশাহত জিৰাবা
জুৰুলি জুপুৰিকৈ
নিশাৰ নিয়ৰত তিতিবা…
উৰুখা পঁজাতেই সপোনটি নিচুকাবা ৷
শশীকলা
তুমি শাওনৰ বৰষুণত নিতিতিবা ৷৷


শশীকলা
কিমান ভাল পোৱা তুমি ?
সোধা নাই কেতিয়াও…
মোৰ বাবে তুমি
নানাৰঙী সপোনৰ সমাহাৰ
এখন আকাশ
তৰাৰে ভৰা
এখন সাগৰ
মুকুতাৰে ভৰা ৷
শশীকলা তুমি এটা
সাধু হেঁপাহেৰে ভৰা ৷৷

প্ৰকাশ


সেন্দুৰীয়া কপালেদি বৈ আহে সপোন
লাহে লাহে স্বচ্ছ হয় মনৰ দাপোন
ভয়ৰ সাগৰ পাৰ হয় মলয়াৰ বা
বুকুৱেদি বৈ যায় ৰামধেনুৰ ৰং
মনৰ কথাবোৰ গীত হয
ভাষাবোৰ সুৰীয়া ছন্দ হয়
স্বাধীনতাৰ আৰত সমাজৰ শতৰু
প্ৰকাশৰ বাটত প্ৰতীকী আশা
বুজা নুবুজাৰ দোমোজাত দুৰন্ত প্ৰত্যাশা ৷৷



শশীকলাৰ নামত

শব্দবোৰ হেৰাই পাব খোজোঁ 
শশীকলা তোমাৰ নামত
সাৰ পাই উঠে প্ৰেমিক চৰাইটো
পুলকিত হয় পুৱাৰ ৰদালিত 
হেঁপাহৰ সেউজীয়া
মনত আওৰাওঁ আকৌ এবাৰ 
“Love is an unconditional 
Sacrifice for someone else...” 
বিদ্যা শপত
তোমাৰ নামতেই পাৰ কৰিছোঁ
দুখৰ বহু মাতাল নিশা
টেবুল টুকুৰিয়াই গাইছোঁ 
বহুতো প্ৰিয় গীতৰ কলি
মনৰ নিজানত………
মায়াৱিনী ৰাতি …….
কিয় বাৰু ??
তোমাক ভালপাওঁ বাবেই জানা !!
শশীকলা 
তোমাৰ হাতত ধৰি এতিয়াও কব খোজোঁ
স্বপ্নভংগ আলিংগনৰ বহু কথা
নিশাৰ ফোনকল বোৰৰ বাটে
তুমিহীন মই, আজিও নিসংগতাৰ ঘাটে ।।
এই ……… 
মোৰ বাবে আজিও একেই আছা তুমি
ভৰ বাৰিষাৰ পাহাৰীয়া নদী
চঞ্চল পাৰভঙা উচ্ছাসিত
এতিয়াও কব পাৰোঁ মই প্ৰেমৰ পৰিভাষা 
“Within you, I lose myself......” 
তুমিতো জানাই
ভূগোলৰ ছাত্ৰ মই 
পঢ়ি ভাল পাওঁ তোমাৰ দেহৰ ভূগোল
নদী উপাত্যকাৰ থিঅ’ৰিবোৰ
মোৰ বিষয়ৰ মুখ্য পাঠ্যতালিকা ।।
মোৰ মনৰ ঠিকনাত নাই আজি
তোমাৰ অভিমানৰ খবৰ 
মোৰ বাবে তুমি ডেফ’ডিলৰ বাগিচা ।।
লর্ড টেনিচনৰ এটি মিঠা কবিতা ।।
অভিমানৰ হুমুনিয়াহত নাবান্ধিবা মোক
বৈ যাব দিয়া খৰস্ৰোতা নৈৰ দৰেই
নহ’লে প্লাবিত হ’ব সুখৰ অৰণ্য
প্লিজ এবাৰলৈ ঘূৰি চোৱা
বুৰঞ্জীৰ পাতত ৰ’ব নালাগে আজি
হৈ এটি বিষাদিত কবিতা
তোমাক ভাল পাওঁ আজিও 
আগৰ দৰেই
নালাগে জুখিব মৰমৰ আকুলতা 
মই নাজানো পিন্ধিব, শিলৰ চোলা 
তুমিও নহ’বা শাপিত অহল্যা ।। 
সময় পালে আওৰাবা তুমি 
হীৰুদাৰ প্রেমৰ কবিতা ।।
আকৌ কৈছো শশীকলা 
তুমি মোৰ প্রিয় কবিতা ।।

>
>>
>>> ঘনশ্যাম ডেকা, আইজল, ২৫/০৮/২০১৫

অভিমান 

আজি তোমাৰ ওচৰত
পাৰো মানে অভিমান কৰিম ৷
প্ৰতি কথাতেই ঠেহ পাতিম
লাহে লাহে আকাশ মুকলি হব
ফিৰফিৰিয়া বতাহজাক বলিব
পথাৰৰ দিশে …
হালোৱাৰ সুহুৰি
কেচাঁ মাটিৰ গোন্ধ
এজাক বৰষুণ
বসুমতী ভেদিব মই সিঁচা বীজ
সেউজীয়া হব
সোনোৱালী হব
টোকোনাৰ ভৰাল
সোণেৰে উপচিব
আকৌ আমাৰ ভালদিন হব ৷
ঘনশ্যাম, 26/08/15

মৰমৰ শশীকলা

আলিপুৰ হাজিপুৰ নে মধুপুৰ
নাই আজি নাবাজে
দুভৰিৰ নূপুৰ 

ৰিঙা পথাৰত ৰিণিকি ৰিণিকি

হেঁপাহৰ আবেলিৰ বেলি

সময়বোৰ পিছলে বেদনাত

আগবাঢ়ে এজাক কজলা মেঘ

বতাহ ভেদি বুকুলৈ উজাই

তুমিহীন এটি আধৰুৱা
বৰ্ষণমুখৰ সন্ধ্যা ৷

ডেকা, আলিপুৰৰ পৰা, ৯ জুন

প্রেম

এখন আকাশ কিনিব পৰা হলে
ধুনীয়া ছবি আঁকিব পৰা হলে

এটি কবিতা লিখিব পৰা হলে

সাগৰ সিঁচি মুকুটা বুটলিবলৈ 

দুহাতত শকতি থকা হলে -----



শশীকলা তোমাৰ বাবেই 
-----------------------

আকৌ আঁকিবৰ মন যায় 

এবাৰলৈ কলপতীয়া ছবিখন।।

বতাহে খলকনি লগোৱা কেশ

পোহৰৰ বাবেই উন্মুক্ত পথাৰ বিশেষ 

তোমাক লগ পোৱা আবেলিটোৰ বাবে 

লিখিব পাৰো আৰু এটি প্রেমৰ কবিতা।

চিকুট মাৰি কব মন যায় 
তুমিয়েই মোৰ শব্দৰ মালিতা
মোৰ অভিধানৰ প্রতিটো শব্দ মানেই তুমি
কেতিয়াবা মাতাল, কেতিয়াবা আকাঁল
সেউজীয়াৰ ভৰুণ পথাৰ মানেই তুমি........
মনৰ চোতালত আজি খৰা শিয়ালৰ বিয়া 
পিচলি পৰিলেও বৰষুণত তিতিব হিয়া । 
পাৰিবা জানো মচিব
সেন্দুৰীয়া সপোনৰ আলিদোমোজাত
তোমাৰ ফুটকীয়া চিতপখিলী খোজ!!
ভাল পোৱাৰ দাপোণত মোৰেই ছবি
পখিলা নেখেদাবা তুমি
গালতে পৰিব ৰঙবোৰ বিচাৰি........
নিলাজৰ দৰে চুমিব তোমাৰ 
লাজৰ সূৰুযমুখী আভা...।
তোমাৰ ছবি আঁকিবলৈ 
তোমাৰ পদুলিত পথ হেৰুৱাম মই......
কেনভাছৰ সাধুবোৰ নিশাচৰৰ সহচৰ
সঙ্গী মোৰ প্ৰেমৰ বতাহজাক।
আমিবোৰৰ বাবে নার্চিছাচৰ ফুলনিত
সাচতীয়া গোলাপবোৰ ৰক্তবর্ণী হৈ উঠে 
সম্ভাবনাৰ আলচবোৰো পুৰঠ হয়........
শশীকলা
তোমাৰ বুকুৰ আচল ঢাকি 
মোৰ বাবে তুল-বুল প্রেমৰ পানচৈ
শুভ্রতাৰ মাজে মাজে মাতাল তৰাবোৰ
জোনাকৰ লুকা-ভাকুত নাৱৰীয়াৰ গীত
দুখৰ সাগৰত ‌ভাহে সুখৰ চাকি।
কল্পনাবোৰো হয় আজি অতীত
ইপাৰৰ বান্ধৈ সিপাৰৰ ঘাটত জিৰাম
মাজতে এৱাঁ সুতাৰ ডোলেৰে সাঁকো চেনেহৰ...।।


> ঘনশ্যাম ডেকা, আইজল, ০৩/০৫/২০১৫


তোমালৈ মনত পৰিছে শশীকলা

শশীকলা......
বহু দিন শুনা নাই 
তোমাৰ খোজৰ শব্দ 

বহু দিন দেখা নাই 

তোমাৰ কাচোনৰ ভাঁজ।

আছেনে আজিও একেই মেহাৰ?

একলগে বহি অঁকা ছবিখন---

বিহু বুলি সাঁচিছানে কিবা উপহাৰ!! 



লগ পালেই আঙুলিত লেখি 

ঠেহ-পেচ পাতিবলৈ 

দিকছৌত এলাগী আজি মই।
বহাগত গাব খোজা
মিলন-গাথাৰ তান বোৰ
পাহাৰত ঠেকা খাই বাজি উঠে 
পুৱতি নিশাৰ সপোনৰ সতে। 
কেনে আছে পদুলিৰ আমজোপা
কপৌহাল, ঘৰচিৰিকাৰ জাকটো---
ধুমুহাত ৰাতি ছন্দপতন হোৱা
টোকোৰাৰ বাহৰ সাধুবোৰ !!
সৰি শেষ নোহোৱা আমৰ মলিবোৰ...
একাকাৰ আজি কল্পনাৰ সাগৰ।

অ’ শশীকলা.........
মনত পৰে গাৱঁৰ বতাহজাক
পথাৰত জাকৈ বোৱা গাভৰুবোৰ
কলাফুলৰ খদম্-দম্ বোকাময় হাঁহিবোৰ
তোমাক মোক জোকোৱা ৰসাল চুপটিবোৰ...!!
নিবৃত্ত হাতৰ কলমত ভাৱনাৰ ভৰ...
তভক মাৰে আজি প্রতিটো প্রহৰ ।।
সময়ৰ সংগীতত আলোড়িত বসন্ত
তুমিহীন মই আজি প্রতিপল অশান্ত।। 

ঘনশ্যাম ডেকা, ১১।০৪।১৫

 

বহাগতে আহিবি শশীকলা

শব্দবোৰ গাঁথিলেই মূৰ্চ্ছনা হৈ উঠে
ভালপোৱাৰ বতাহজাক নামি আহে
অসময়ৰ এটি মিঠা সুহুৰি হৈ ---
চুচুক্-চামাককৈ গামোচা কাটি 
যাও নাযাওকৈ আগবাঢ়ে 
খোজত লাজৰ সাজ।।
চকু থৰ আজি ৰংমন অহাৰ বাটে,
বাজি উঠে হৃদয় বনতে 
মৰমৰ ঢুলীয়াৰ খৰ চেওঁ !!
ওৰে ৰাতি নাচোনত কঁকাল ভাঙে
ময়ুৰপঙ্খী ব্যস্ত নানান ভংগিমাতে---
বিহুৰ লাজকুৰীয়া ফুচুৰিত 
হেৰাই যায় বৰমথুৰিৰ বোল 
মৰমৰ বতাহজাক নিঃশ্বাসত পলায় ।।
অভিমানী আকাশ আজি বর্ষণমুখৰ 
কাজল মেঘত জীপাল বৰষুণ---
পানী-পতাত বোকা হৈ চিটিকি পৰে,
দুষ্ট এচাৰনিৰ চেকাবোৰ ।।
সম্ভাষণৰ বিহুৰ কলিবোৰ
কলিজাৰ ব্যথা সাবটি ৰৈ যায়--
সুৰুয অহাৰ পৰলৈ ঘুমটিয়াই......
...............
সুখ ঢালিছে আজি কলহৰ কাণে
দুখৰ পথাৰত সুখবোৰো 
গাভৰু হয় গোপনে ।
বালিময় মৰুত কেলি কৰে
সেউজীয়াৰ সঁচবোৰে, আৰু---
লঠঙা ফেৰেঙণিত বাহ সাজে 
নিলাজ কেতেকী হালে।।
                      ঘনশ্যাম ডেকা, ০৬-০৪-১৫ 


মৰমৰ শশীকলা


শশীকলা

কেনে আছা তুমি
জনাবাচোন এবাৰলৈ।
কুশলে আছেনে আমাৰ হেঁপাহৰ সাধুটো?
নিজান দুপৰীয়া বোৰত,
বেলি লহিওৱাৰ পৰত,
আন্ধাৰ ঘন নিশা জিলিৰ মাতত,
আজিও পান কৰা চাগৈ মোৰেই কবিতা ।।
হেঙুলীয়া আবেলি বোৰত সেউজীয়া হৈছিল উশাহবোৰ
এবাৰলৈও মনত নপৰেনে তোমাৰ ???


শশিকলা .........

ভুল নুবুজিবা মোক।। 
অবাধ্য মই পঢ়িবলৈ তোমাৰ বুৰঞ্জী।
নালাগে বখানিব অতীতৰ সঙ্ঘটন। 
মোৰ বাবেই উফন্দি উঠক ভালপোৱাবোৰ 
নাচাওঁ তোমাৰ অভিমানৰ মোহনা।।
বুকুৰ উপত্যকাত সাতুৰিব বিচাৰোঁ 
ভূগোলৰ ছাত্র মই,
বিচাৰি পাও মোৰ সুখৰ ঠিকনা
তোমাৰ দেহৰ খলা-বমাত।।
প্রেমৰ বৰষুণ জাক আহিলে আহক 
ধুই নিয়ক সংসৰ্গৰ জড়তা ।। 

ভৈয়ামৰ তুমি 

নালাগে ৰুধিব আবেগৰ জোৱাৰ ভাটা
পাহাৰীয়া মই, চঞ্চল ডেকা । 
বৈ যাব দিয়া বিহ্বলতাৰ সুৰ টানি
চুমি যাম দুয়োপাৰৰ প্ৰতিটো ঘাট 
লহৰত আন্দোলিত আজি ভাবনাৰ সাগৰ......।। 
অজুহাতৰ বান্ধ দি দিশহাৰা নকৰিবা তুমি ।।
ব্যতিক্ৰমী মই, অগা-বগা পালেই পাৰভাঙি আগুৱাম
মানচিত্র আঁকি ভাল পোৱা ভূগোলৰ ছাত্র মই।



ঘনশ্যাম ডেকা, ৩১-০৩-২০১৫

জন্মদিনত তোমালৈ শশীকলা

শিলৰ মাজে মাজে নিজৰাৰ লহৰ 
হেঁপাহত নাচিছে আজি প্রতিটো প্রহৰ। 
বান্ধিব নোৱাৰা তোমাৰ আউল-বাউল চুলি 
দুহাতত ৰামধেনুৰ ৰঙ আজি তোমালৈ বুলি। 
হৃদয় জুৰোৱা চাৱনিত মৰমৰ শালীনতা 
তুমিয়েই শকুন্তলা, তুমিয়েই শশীকলা
চৌদিশে আজি প্রেমৰ কবিতা।
অচিনা বতাহতো ভাহি আহে তোমাৰ সুবাস 
নিদ্রাহীন ৰাতি বোৰত ভালপোৱাৰ সহবাস। 
মেঘৰ আৰে আৰে জোনাকী নাচিছে 
ৰিমঝিম বৰষুণ তোমাৰ চোতালত নামিছে। 
নিশাৰ এঙামুৰিত অবুজ ভাষা 
সাৰে আছো আজি মই পুৱতি নিশা।
সংগীতৰ লহৰত বাজিছে সপোনৰ সুৰ 
পাবহি গৈ ডাকোৱাল আৰুনো কিমান দুৰ।

> ঘনশ্যাম ডেকা,  ২৬.০৩.১৫


আকৌ এবাৰ শশীকলা

বুজা নুবুজাৰ দোমোজা
সমীকৰণ মাথোন প্রেম ভালপোৱাৰ
পূর্ণতাৰ পৰাহত আজি 
অদুৰত এন্ধাৰ পোহৰৰ ছঁয়াময়া।
নোৱাৰো দিব খোজ 
থৰক-বৰক কলমৰ খোঁচ।
প্রতি ভাঁজে খুঁচি যায় অতিৰথীৰ অভিমান 
দুখ আৰু বেদনা মাথো প্ৰতিদান......... 
শশীকলা আজি পোহৰৰ অজুহাত
প্রতিশ্রুতিৰ জোলোঙাত
ৰামধেনুৰ মৰ-সাহ।
ধূলিময় চিলিকা উফৰি পৰে 
মনৰ কল্পনা চিতিকাত পৰে
সপোনবোৰো চোন ধৰফৰ কৰে ......।
অদৃশ্য তেও আজি মোৰ বাবে
অদৃশ্য মই আজি আপোনৰ বাবে
হৃদয়ৰ মণিকোঠাত নোৱাৰো থাপিব
নিলাজ নিশাৰ নিলাভ তৰংগিনি
নিঃসঙ্গ আমি সময়ৰ চাকনৈয়াত
যোগ-বিয়োগৰ ভয় লগা প্রস্তাৱ
চৌদিশে আজি ৰাঙলী আকাশ।
গোমা-গোমা হাঁহিৰ কুণ্ঠিত প্রকাশ।
ফাগুনৰ জুই নিলাম হ’ল...
শশীকলাৰ বুকুত

কবিতাবোৰো স্তব্ধ হ'ল সন্দেহৰ চকুত......।




ভুল নুবুজিবা শশীকলা


বেলিমাৰ গ'লেই শেষ হৈ নাযায় আকাশৰ বিশালতা

তোমাৰ অবৰ্তমানে হেৰাই নাযায় মৌনতা
ৰাতিৰ চন্দ্রমাত বহিম আজিও মই
কাষত তোমাৰেই আলিঙ্গনৰ ছাঁ...
ভালপোৱাৰ মদিৰা বাতিত চুমুক দিম
বাৰে-বাৰে বাধাৰ ঢৌকো নেওচিম
নাথাকিব তাতে অশ্লীল সময়ৰ তৎপৰতা......
***


অভিমান নকৰিবা শশীকলা

হৃদয় জুৰোৱা তোমাৰ স্বাভিমান।
নির্জন দ্বীপৰ অশোক বন
তাতেই আজি উঠলিছে লহৰ ঘন।
মিলনৰ বাট ৰূধিলেও পাৰ হ’ম
ব্রহ্মাৰ পুত্র মই বহ্নিমান 
তোমাৰ পদুলি আলোকিত কৰিম
দুপৰৰ প্রখৰ প্রকাশ আয়ুস্মান।।
***


তোমাৰ অভিমানৰ দুৰত্ব আজি তোমাৰ দৰেই 

ঢুকি নাপাওঁ সময়ৰ হুমুনিয়াহ কিম্বা মায়াজাল 
তুমিবোৰ নেহেৰালে আজি মোৰ হৃদয়ৰ ভাঁজে
সমিধানো নিমিলে আজি কোনো কাঁজে......
কালচক্রৰ এন্ধাৰঘন ৰহস্য ভেদিম
এপাত শৰতেই সকলো নিপাত কৰিম।
নালাগে আজি আৰু পাশুপাত অস্ত্র......
***


তোমাৰ বাবে মই আজি 

ভাল লগাৰ দিনলিপি
মোৰ বাবে তুমি আজি 
অসমাপ্ত……… 
ৰৈ ৰৈ লিপিবদ্ধ হোৱা 
অচিনা চানেকিৰ শ্রুতলিপি।
শপ্ত-সুৰৰ ঝংকাৰত 

হেৰাই থকা মৰীচিকাৰ সন্ন্যািসিনী সন্মোহনী।



ঘনশ্যাম ডেকা, আইজল, ০৪/০৩/২০১৫


তোমাৰ বাবেই শশীকলা 

এমুঠি ভাল পোৱা দুটোপাল চকুলোৰে 
সামৰিলো তোমাক অ' মোৰ মৰমৰ কবিতা।


মনৰ পথাৰ উকা আজি দিগন্ত প্রসাৰী

অদৃশ্যত আজি কবিতাৰ কৰণী।


থুনুক-থানাক খোজেৰে আগবাঢ়ে দুখৰ আবেলি

ৰিক্ত আজি সিক্ত আজি সমুখৰ পদুলি।
বলিয়া বতাহ জাকৰ পৰা দুৰতে থাকিবা
সোঁৱৰণিৰ পাতখিলাত অঁকা ডুখৰীয়া ছবি
মচোঁ বুলিয়েই জানো পাৰিবা?


তুমি......

তুমি হৈয়েই থাকিলা
বুজিব নোৱাৰা সাঁথৰৰ মনিব নোৱাৰা চানেকি
নিয়ম ভাঙিব নোৱাৰিলা শশীকলা
মাতাল ৰাতিবোৰৰ আমি নিশাচৰ 

কুৰুলিত পাৰ ভঙা যেন এজাক ফেঁচাৰ চিঞৰ.........



ঘনশ্যাম ডেকা, আইজল, ০১/০৩/২০১৫


 

ভালকৈ থাকিবা শশীকলা

বিদায় পৰত দুচকুত নামি আহে বাৰিষাৰ ঢল
সময়ৰ খোচঁনিত ভালপোৱাৰ আন্দোলন
নিমাওমাও আজি নন্দন-কানন 
বাঁহীৰ সুৰত কান্দে অশোক বন।
উজনিৰ ৰেলগাড়ী ঝকঝক-ঝকঝক 
নামনিৰ নাৱৰীয়াৰ মন আজি উথপ-থপ
সময় চকা ঘূৰে মোৰ দশোদিশে
তোমাৰেই ছবি আঁকিছো কেউদিশে।
লাজৰ ভাঁজত হেৰাই নাযাবা শশীকলা
আহিব আকৌ শালীনতাৰ শৃঙ্খলা 
মনৰ পথাৰত হেঁপাহৰ খবৰদাৰ প্ৰতিটো পল 
তাৰ মাজতেই জিলিকিছে আজি জোনাকী-জোনাকী ঢল।
সেইবাবেই কৈছো তোমাক.........
ভালকৈ থাকিবা শশীকলা ।। 
মনৰ দুৱাৰ খিৰিকি সযতনে জপাবা
মেঘ দেখিলেই ৰামধেনু বিচাৰি আতুৰ নহ'বা
চঞ্চলা বতাহতো উতলা হৈ কমোৱা তুলাৰ দৰে উৰি নাযাবা
ভালপোৱাৰ কথা কৈ সাহসেৰে মনক নিচুকাবা ।।
কুশলে থাকিবা তুমি

ভালকৈ থাকিবা তুমি শশীকলা .....



ঘনশ্যাম ডেকা, ২৬/০২/২০১৫ 



ভয় নাখাবা শশীকলা

আকাশ খন ওন্দোলাইছে ভীষণ
মনত সংশয় প্ৰতিটো ক্ষণ
নিজ হাতে নিজ ঘাটে
বুলিব চাওঁ আজি সময়ৰ বাটে ।
অভিমানী হাইঠাৰ জাক
ছবিতেই নিলাম আজি সকলো খবৰ
জঠৰ চেতনা, মাতাল কল্পনা
আধা অঁকা বাৰুদৰ টোপোলা
ভালপোৱাৰ পথাৰত
জাক পাতেহি অহংকাৰৰ হাড়-গিলা ।
প্ৰেমৰ চোলা ফাটে
যোৰা দিবলৈ নাটে
জোনবাই লুকালে মেঘৰ মাজে
বেজিও নিদিয়ে আৰু কোনো কাজে ।
বতাহৰ দিশে ফেপেৰি পাতি
ফুলি উঠে সূৰুযমুখী
উৰি উৰি আমনি নকৰিবি আৰু
দুষ্ট অচিনাকি ক’ৰেনো ভোমোৰা তই ।
..................ঘনশ্যাম ডেকা, ২৩/০২/২০১৫

1 comment:

  1. শশীকলা মোৰ জীবনৰ এক চালিকা শক্তি। প্রেমৰ অফুৰন্ত হেপাঁহ। ওৰ নপৰা সাধু।

    ReplyDelete