কবিতা Section

স্বীকাৰোক্তিঃ
সিটো পাৰে আছে শ্মশানখন
আজিয়েই তালৈ যাবৰ মন
জীয়াই থকাৰ কিমানযে কাৰণ 
তথাপি বোজা কঢ়িয়াবলৈ আৰু নাই মন ৷৷



এটা কবিতাৰ সন্ধানত
------------------------------
শব্দবোৰ সৰিছিল নিয়ৰক ধৰি 
সুখৰ সাধু এটা নিগৰিছিল 

এদেও দুদেও কৰি ।

কলমটো আগুৱাইছিল
কবিতাৰ বাটেদি
ৰাতিটোৰ কুঁৱলী ঘন হৈছিল ।
ওঠৰ চপলতা
ধৰফৰ চটফট
চকুৰ চাৱনিত মাদকতা ।
শব্দৰ অবুজ সমদল
কোঁৱৰৰ বোকোচাত গভীৰ ৰাতি
নিলাজীৰ মন কৰে তলমল ।
কিমানৰ বাট
মনে মনে সুধিছিল
চুবলৈ মৰম নদীৰ গাভৰু ঘাট ।
ফাগুনতে পাতিবলৈ যোৰা
উজাই বুকুৰ ঘাট পায়
অভিমানত চেকুৰা মনৰ ঘোঁৰা ।
পছোৱাৰ খিল-খিল
সপোন শিথিল পুৱতি নিশা
দিগন্তত ৰাঙলী সুৰুজৰ জিলমিল ।


শালীনতা

======
বৈধ কোনো নাছিল
অবৈধ কোনো নাছিল৷
বৈধ পৃথিৱীত 
নাৰায়ণো অবৈধ প্ৰেমৰ নামত ৷
ৰাধা ৰাধা বুলি আকুল বিকুল ৷
তথাপি সময় নহল অনুকূল ৷
কৃষ্ণ নহও চক্ৰ লবলৈ
ৰামো নহও বংশ নাশ কৰিবলৈ ৷
পাৰিলে কৰ্ণ হম
বৈধতাৰ প্ৰশ্নত জীৱনজুৰি ওলমি ৰম ৷
নতুবা দুষ্মন্ত হম
পাহৰি গলেও তোমাৰেই হৈ ৰম ৷৷



প্ৰশ্নবোধক
—————
জীৱন…
মানেনো কি??
দুই পেগ মদ নেকি
নে পাঁচ টকাৰ চানাচুৰ
জীৱন মানে বাৰু চৌডাৰ বটল নেকি
সাঁফৰ খুলিলেই বুদ-বুদ!!
জীৱন মানে কেবল সস্তীয়া ব্ৰেণ্ড নেকি
সকলোতে সহজলভ্য
ধুৰৰ.......
জীৱন মানেই কিবা কনফিউজন
কেতিয়াবা সুখ বিচাৰি দুখী
কেতিয়াবা দুখতো সুখৰ হাঁহি
জীৱন মানেই যেন নিচা
ভৰিৰ খোজ ছন্দহীন
জীভাৰ মাজত অশ্লীল
জীৱন মানেই কেবল শূন্যতা নেকি…?
চাল্লা জীৱন.....
একমিনিট মৌনতা
মাতালৰ পৃথিৱীত শব্দবোৰ পতিতা
জীয়াই থাকিবলৈ ডাৰউইনৰ প্ৰতিযোগিতা
জী উঠ জীৱন
হলেও হওঁক আৰু এটি অকবিতা ৷৷

তুমিঃ
তুমি তোমাৰ দৰে বাবেই পথাৰখন সেউজীয়া
বোকাপানী গছকি আগবাঢ়ে হালোৱা
আকাশৰ নীলাত হেৰুৱাব নোখোজা
সাগৰৰ ঢৌত উটিব নোৱাৰা
প্ৰেমৰ পুখুৰীৰ অবোধ দৰিকণা
হেৰুৱাই বিষাদ মৰমৰ বোকোচাত ৷৷
তুমি তোমাৰ দৰে বাবেই জোনাকৰ অৰণ্যত উপচি পৰে শেৱালীৰ সুৱাস
মৰমৰবোৰ শব্দ হয়
উচ্চাৰিত হয় সুন্দৰৰ আভাষ
প্ৰিয় জোনাকৰ মাজতেই হেৰায় বিচ্ছেদৰ অপহাস
তুমি তোমাৰ দৰে বাবেই পদুলিত প্ৰেমৰ জোনাক ৷৷


প্ৰিয়তমাঃ
=======
অহাৰ বাটত হেৰাই থাকিল সাধুটো 
চিনচাব নাই স্মৃতিৰ ৰোহ-ঘৰ 

লাহে লাহে মূধচ পাৰ হয় বেলিটোৱে ৷

বাটকুৰি বাব পৰা হ'লে
এবাৰ লগ পাব পৰা হ'লে
পাহাৰৰ টিঙত বহি
উকি এটা মাৰিব পৰা হ'লে
নৈখনৰ লগত বোৱা চিঞৰবোৰ
থপিয়াই আনিব পাৰিলে
গৰমে গৰমে তোমাক আঁকিলো হয়
দুবাহুৰ কেনভাছত…
জানা…
পাহাৰখনৰ শপত !
বহুদিন হ'ল জুই নেদেখা
ধোৱাই থাকে বুকুৰ যন্ত্ৰণা
এবুকু অভিমান অবিৰাম ৷৷
ঘনশ্যাম, আইজলৰ পৰা 
মুছাফিৰ
~~~~~
মোৰ আকাশ ডাৱৰীয়া
তিতিবুৰি নহ'বা তুমি ভাৱৰীয়া ৷৷

সেউজীয়া আজি আৰু নালাগে
পৰিবেশ দিৱসতহে লাগে ৷৷
সপোন অলপ নিদিও লাহৰী
জানোচা ৰাতিয়ে যায় পাহৰি ৷৷
জোনাকৰ জোৱাৰত নেহেৰাবা তুমি
নহ'লে অমাবশ্যাত বিচাৰিম জুমি জুমি ৷৷
মৰমবোৰ বাঢ়িব একোল দুকোল
হৃদয় বিলাবলৈ নালাগে বজাব ঢোল ৷৷


নিদ্ৰাহীনতা

মনে মনে মৌন হয় ঘড়ীটো
হাতৰ মেৰপাকত সময়ৰ অহা-যোৱা
সময়বোৰ অলপ বেগাই যোৱা ৷৷
মানুহজনীৰ গা বেয়া

গৰমত চৌদিশে হুৱাদুৱা 

আকৌ এবাৰ পদুলিত হাঁহিৰ অগাদেৱা ৷৷
শব্দই মনতে শব্দ কৰে
বেদনাৰ ৰাতিটো ঝৰঝৰকৈ সৰে
নিয়ৰ পাতত সপোনটোৱে বিনাব ধৰে ৷৷



পৰিবৰ্তন

~~~~~~
কবিতা এটা লিখাৰ কথা আছিল
শব্দবোৰ আজিও ওচৰলৈ নাচাপিল…
নাজানো কি হ'ল
কথাবোৰ মনতেই ৰ'ল ৷
শিৰোনামত হুমুনিয়াহ
চকুপানী যেন চিঁয়াহীবোৰৰ আঁক-বাক 
পৰি ৰ'ল সপোনটি ৷
বাৰ্ধক্যৰে মিতিৰালি
হেঁপাহবোৰ মৰহিল
আশাৰ খৰাহিত ৷৷
©ঘনশ্যাম, আইজলৰ পৰা ৷৷





বৰপেৰা

~~~~~
সময়বোৰ দুঃসময় হয়
হাতৰ টিপত বিশ্বাস নৰয় ৷
মুখবোৰ জুই হয়
চকুলোবোৰ নদী হয়
কথাবোৰো থুনুক থানাক হয় ৷৷
মানুহজনৰ গাত কিহবাই লম্ভে…

ঢেকীয়াখোৱাৰ ঢেকীয়া 

বিহপুৰীয়াৰ বিহলঙি 
বাৰপুজীয়াৰ বেজ
সকলোতে মাথোঁ অভিশাপ… 
হুমুনিয়াহবোৰ সতেজ হয়
তেজবোৰ ঘাম হয় ৷
সাহসৰ সংজ্ঞাৰো পৰিবৰ্তন হয় ৷
নতুন আশাৰে সন্ধ্যা আকৌ জীপাল হয় ৷
তেওঁ কয় তুমি, তুমি হোৱা…
মই কওঁ, মোক অলপ সাহস দিয়া…
লাহে লাহে আন্ধাৰ ঘন হয় ৷ 
ছাঁটোও থিতাতে অদৃশ্য হয়
সময়বোৰ দুঃসময় হয়
মানুহজন অকলে ৰয় ৷৷
ঘনশ্যাম ডেকা, আইজলৰ পৰা ৷৷
(পুণশ্চঃ মানুহজনে অকলেই বাটকুৰি বায়)


বিৰুবালা ৰাভা
-----------
বিৰুবালা,
কিমান দিনলৈ যুজঁ দিবি তই
নিৰক্ষৰৰ দাবানলত চাৰ-খাৰ আজি
বাহুবলীৰ ভৰত থৰক বৰক পিৰালি
বিজ্ঞানৰ ধুমুহাত ধুলিস্যাৎ
পৰমেশ্বৰৰ কাঠগড়া ।।
বজৰংবলীৰ ওচৰত বোবাৰ উচুপনি
'ডিজিটেল ইন্ডিয়া'ৰ মুধচত
মুণ্ডহীনৰ সমদল
বুদ্ধৰ পৃথিৱীত তন্ত্রৰ জড়তা
মায়াহীন মানৱৰ পদদলিত
মাতৃৰ মমতাৰ চিঞৰ !!
আৰু কিমান দিন বিৰুবালা......
অকলশৰে বোকোচাত সাঁচিবি
ভাল দিনৰ কামনা
দালালৰ আঁচনিত বিক্রি
টোকোনাৰ আশা
অপায় অমঙ্গলত মাথোঁ মিথ্যাচাৰীৰ পাশা ।।
মহাকাশত কান্দে কল্পনা
মঙ্গলযান, চন্দ্রযান গতিহীন...
অসুৰনাশিনীও দেখোন কাঠবাজী
পাৰিবিনে অকলে আজি......???
বিৰুবালা, কিমান দিন !!!
কৈছিলো তাহানিতেই
মনৰ কথাবোৰ নকবি…
নিদিও তোক শান্তিৰ নোবেল ৷
উন্নয়নৰ ভেকোভাওনাত
অর্থহীন কিতাপৰ অর্থনীতি
ভোকৰ তাড়নাত জাৰজৰ নৃত্য
উলংগৰ দেশত পোছাকৰ পয়োভৰ
দৰিদ্রৰ দেশত উন্মাদৰ হাহাকাৰ ।।
কাৰ বাবে বিৰুবালা?
কিহৰ বাবে যুজঁ দিছ তই?
নীলা শিয়ালৰ হুৱা-দুৱা,
চৌদিশে কলৰৱ
মিছাৰ উত্তেজিত কথনত
আক্রান্ত সমাজ
পক্ষাঘাতত শব্দৰ ঝংকাৰ
বলিয়াৰ লেলাউটিত অচিনাকিৰ বীজ
স্বর্গদেউৰ চোতালত হেৰাল
জাতিৰ স্বকীয়তাৰ কামিজ
তথাপি কি সাহে কুলায় তোক
বিৰুবালা, তই অকলেই যুজঁ
কাবৌ কৰিছোঁ ৰণলৈ নামাতিবি মোক।।
>>> ঘনশ্যাম ডেকা, আইজল, ২৬/০৭/২০১৫


নেতা
.....................
আহক ৰাইজ
আগবাঢ়ি আহক

সকলোৱে আহক

আঘোণাকাইৰ চোতালত মেল 
বিধাতাৰ আসনত নীলা শিয়াল 
আমাৰ সৰ্ব্বনাশী সুখৰ যুগুতি কৰিছে
সৰিয়হৰ ডুলিত বীৰা পুহিছে
বেইমানৰ ডিঙিত গামোচা মেলিছে ।। 
চাইৰেণৰ শব্দত স্তিমিত আৰ্তনাদ 
দালালৰ হাতত ধৰ্ষিত যৌৱনৰ কুঁহিপাত 
সম্ভাৱনাৰ জাৰজ আৱৰ্জনা
দুৰ্নীতিৰে পিষ্ট ঠিকাদাৰৰ আলিবাট
পদূলিৰ মূৰতেই আজি উন্নয়নৰ হাট ।।
সাৱধান হওক…….. 
পিশাচৰ উপাসক আহিছে
নোটৰ মাজত ভোট সাধিবলৈ
সুযোগ বুজি সৰ্বস্ব নিবলৈ 
গণতন্ত্ৰৰ পাশাৰে চাৰ্কাচ দেখুৱাবলৈ 
দুখীয়াৰ সুখ হৰিবলৈ 
বালিৰ মথাউৰিৰে বানত বুৰাবলৈ ।।
নালাগে জানিব
খদ্দৰৰ আঁৰৰ কথাবোৰ 
শুভ্ৰ পোছাকৰ তলতেই লুকুৱাই আনিছে
কালৰঙৰ অতিকায় প্ৰেতাত্মা…… 
নিধকৰ হাতত উলংগ সতী 
সম্ভোগৰ চৰ্চাত মত্ত ৰাজনীতি 
বেকাৰৰ জোলোঙাত কেৱল প্ৰতিশ্ৰুতি !
আশাৰ জখলাত সপোন বগায়
কৃষকৰ পঁজাৰ উৰুখিছে চাল 
দালালে গছত তেল দি বগায়।। 
সম্ভাৱনাও ধৰ্ষিতা চোৰৰ ৰাজসভাত 
ভাষণ শ্ৰুতলিপিত নিমাখিতৰ আৰ্তৰাৱ
নিমখহাৰামৰ কৱলত সমাজ 
শৃঙ্খলিত প্ৰজন্মই বিনায়।।
মা কচম,
ইহঁত সঁচাকৈয়ে তেজপিয়াৰ জাক 
চল পালেই চলনা 
বুইছনে তই আঘোণাকাই 
মনৰ কথা মনতে ৰাখ 
নকবি ককাই 
জানোচা ৰজাই বেয়া পায়
কীটনাশকৰ গোন্ধত মুৰ্চা যোৱা
গান্ধীপোকৰ সাধুটো 
ঘামত তিতা মাটিডৰাত 
পতান হোৱা ধানবোৰ 
জীয়াঢলৰ পানীত হেৰোৱা 
পেটমোচা লৰাটোৰ চিঞৰটো
পদুলিৰ পৰা নোহোৱা হোৱা আইজনীৰ কথা
মানুহজনীৰ দেহত বাহ সজা অচিনাকি বেমাৰৰ বেথা 
আজি আৰু নালাগে ক'ব !!
ক'লেই ফুচুলাবলৈ সহজ হ'ব 
ঘঁৰিয়ালৰ চকুপানী টুকি সহায়ৰ হাত দিব
চলনাৰে আকৌ বছৰৰ পিছত বছৰ ঠগিব ।।
>ঘনশ্যম ডেকা, আইজল, 14.08.2015


আঞ্চলিকতাবাদ
--------------------------------------
‘ৰিজিঅ’নেলিজিম্ ইজ্ এ পলিটিকেল আইডিঅ’লজি’
ষাঠিৰ দশকত পশ্চিম ইউৰোপৰ কোনোবা প্ৰান্তত
এনেদৰেই জন্মে এক নতুন আদৰ্শৰ
লাহে লাহে সোমাই পৰে কানীয়াৰ পঁজাত
হাটে বজাৰে
যেনিয়েই চকু যায় তেনিয়েই দেখা যায়
মুক্তিৰ শ্লোগান, জনতাৰ নিৰ্ভীক চিঞৰ
দেৱালত ৰৈ যায় মুকুতিৰ পংক্তিবোৰ
উদাত্ত ভাষণৰ ছাপ
পদুলিৰ মুৰত
ইন-ক্লাৱ জিন্দবাদ ।।
ঈপ্সিত প্ৰাপ্তিৰ ৰাগিত আপ্লুত ৰাইজ
বছৰে বাগৰ সলায়,
আঞ্চলিকতাৰ নামত জন্ম পায়
এজাক নিমখহাৰাম
সিংহাসনৰ প্ৰকাশত উদ্দেশ্যহীন হয়
‘আইডিঅ’লজি’……….!!
বেৰত ওলমি ৰয় ‘প’লিটিক্স্’
প্ৰতাৰিত প্ৰস্তাৱনাৰ গেজেট
আঞ্চলিকতাৰ সংজ্ঞাত মিথ্যাচাৰৰ বিৰাৱ
হুমুনিয়াহত জাহ যায় জাতীয়তাবাদ ।।
গাঁৱৰ নিমাখিত হোজা মানুহবোৰ
যাৰ কঁকালত গাথি দিয়া হৈছিল
উন্নয়নৰ বীজ কঢ়িয়াবলৈ
ৰঙা সুতাৰে চিলোৱা জোলোঙা
পাচটা বছৰতেই শিকায় দিয়া হৈছিল
‘ওৱানচ্ আপন এ টাইম
দিয়াৰ ৱাজ এ কিং’………….
বাহ! কি চমৎকাৰ তোমালোক
বিচক্ষণীয়া তোমালোকৰ বাকপটুতা
পাচ বছৰৰ আত্মশুদ্ধিৰে
ঘূৰি আহিল ঘৰৰ ল’ৰা
পদুলিত আকৌ এবাৰ আঞ্চলিকতাৰ মেলা
ঐৰাৱতে দেৱৰাজ
স্বৰ্গীয় আৱেশেৰে
আকৌ এবাৰ সপোনৰ খেলা
ৰাইজৰ আবেগত
দেশ উদ্ধাৰৰ হেতাওপৰা
ভোটৰ বাকচত উবুৰি খাই পৰিল
বোকোচাত বেলটৰ প্ৰিয় চিহ্ন
নেতাবোৰ উভতিছে প্ৰজাৰ বাবে
লগত এসাগৰ মমতা
আকৌ এবাৰ ‘ৰিজিঅ’নেলিজিম্ ইজ্ ………….’!!
কিন্তু ………….
এয়া কি??
হঠাৎ পিছলি পৰে হস্তীৰ পাৱ
সজ্জনৰ হাততেই ডুবিল জাতিৰ নাও
উপনিবেশৰ বিৰুদ্ধে উপনিবেশ পাতে
জনতা ভবনৰ পিৰালিত মৃত্যুৱে পাং পাতে
বসুমতী ফাটে পাতালৰ দিশে
আঞ্চলিকতাৰ ঘাটত দালালৰ অট্টহাস্য চৌদিশে
চিতাৰ জুইত জাহ যোৱা চিঞৰবোৰ
বাৰী আইৰ চেনেহৰ কোঁৱৰৰ নিথৰ দেহটো
আজি মাথোঁ নিৰ্বিকাৰ শিলাস্তম্ভ
পুতাইৰ ছবিত হেৰাই যায়
সুখৰ এগৰাহ ভাত
তাৰেই পাৰিতোষিক
আবিয়ৈ ভনীৰ দেহত পাষাণৰ বেত্ৰাঘাত
ৰাইজৰ ভাগ্য নিয়ন্তা
স্বজনৰ বাবেহে সততা
ভেকোভাওনাৰ অজুহাত
ক্ষমতাৰ বাবেই বছৰ বছৰ সংঘাত
কাৰ বাবে কোনে পালে অপঘাত
থুই-----
তহঁতৰ আঞ্চলিকতাবাদ
মৃতকৰ শৰাধত জাতিৰ জুৱা খেল
পলাশবাৰীৰ মথাউৰিত শগুনৰ মেল
নিচাত মত্ত আঞ্চলিকতাবাদ
হাতোৰাৰ চেপাত স্তব্ধ উন্নয়নৰ গতি
ৰাইজৰ বাবে উপহাৰ কেবল তঞ্চকি
ভোগৰ পণ্যত পৈশাচিকতাৰ নিচা
বুৰঞ্জীৰ পাতত লিখা কথাবোৰেই হ’ল সঁচা
আঞ্চলিকতাবাদ হ’লগৈ লাঞ্চনৰ 'আইডিঅল’জি’
থলুৱাৰ বাবে মাত কথাবোৰো কাঠবাজি ।।
মনত নিমিলা প্ৰশ্ন হেজাৰটা
কাৰ বাবে প্ৰতাৰিত জনতা
কি শাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ অঁকালতে
জ্বলাই দিয়া হ’ল আঠশ পচপন্ন খন চিতা
প্ৰতিষ্ঠিত হ’ল জানো আঞ্চলিকতা ???
>
>>
>>>ঘনশ্যাম ডেকা, আইজল, ২২ আগষ্ট, ২০১৫


যুগসন্ধি
--------------
আকৌ বৰণ সলাইছে শক্তিৰ সাধকে
ডোলাত বহিছে, পাল্কিত উঠিছে
চুচুক-চামাককৈ ফুৰিছে প্ৰতিটো প্ৰহৰ
কিহৰ লালসাত ?
কিহৰ তাগিদাত ?
বান্দৰৰ জাপত সিদ্ধ
ৰাজনীতিৰ স্কুলৰ মেধাৱী ছাত্ৰ---
প্ৰজাৰ মৰ্মবেদনাত হাঁহিব পৰা লোক
নুপুংসকৰ জাৰজ চিন্তাৰ বিলাসত প্ৰমত্ত
দুৰাচাৰৰ পদচিহ্নত খোজ দিয়া সকল---
থুই,
তহঁতৰ ৰাজনীতিৰ প্ৰৱচন ।।
থুই,
তহঁতৰ দেশপ্ৰেমৰ নাটক ।।
নাহাঁহিবি মোৰ ফালে চাই
মোৰ আদৰ্শ পুৰুষ দশানন
শ্ৰেষ্ঠ বীৰ মেঘনাদ আৰু দুৰ্যোধন
যাৰ তেজত আছিল জাতিৰ স্বাভিমান
যাৰ দেহত আছিল বীৰৰ সাজ
যাৰ বাবে বিভীষণ কিম্বা নাৰায়ণো হৈছিল বাজ ।।
কূটনৈতিক বিচক্ষণতাৰ ৰাজধিৰাজ
অসুৰৰো আছিল নৈতিকতাৰ দৃঢ় সাজ ।।
কিন্তু
তহঁতৰ বাবে ৰাজনীতি মানে কি?
কেবল মাথোঁ বেশ্যাৰ পোচাক
যাক কৰিব পাৰি
মন গলেই উলংগ, আৰু
কাম হ’লেই ঢাক---
ধিক্কাৰ মোৰ দেশৰ দুৰ্ভাগ্যক
সমবেদনা আজি মোৰ দেশৰ জনতাক
যাৰ বাবে ৰাজনেতা চিৰকাল নিৰ্বাক
তহঁতৰ বাবেই আমিবোৰ আজি ডাইনী,
উগ্ৰপন্থী, লঘোনে শোৱা জনতা,
আমিয়েই ধৰাতলৰ অৱহেলিত,
লাঞ্চিতা, পতিতা, ধৰ্ষিতা,
উন্নয়নৰ নামত বিবৰ্জিত আৱৰ্জনা ।।
দেউতাই কৈছিল----
বোপাই, ভালকৈ পঢ়
পৰিয়ালৰ বাবে কিবা এটা কৰ
পাৰিলে গাওঁখনৰ, ৰাইজখনৰ বাবে মৰ
বোকাত পদুমৰ দৰে ফুলি জাতিস্কাৰ হৈ পৰ ।।
হ’ব পাৰিলো জানো !!
প্ৰতি নিশাই নিশাচৰৰ আহ-যাহ
শোষকৰ হাঁতোৰাত সাম্প্ৰদায়িকতাৰ তেজ ।।
ডাষ্টবিনত পেলনীয়া কোন
নেতাবোৰ নে নেতাৰ নামত
উচ্ছিষ্ট খোৱা দালালবোৰ ??
আৱৰ্জনাত ওলাল পতানৰ ডোণ
খেতিপথাৰ হেৰাল প্ৰলয়ৰ বানত
তথাপি কৃষকৰ বাবে আছেনে কোনোবা আপোন
নাঙলহীন খেতিয়কৰ গাত আত্মজাহৰ পোচাক
চোৰৰ ৰাজসভাত উন্নয়নৰ আঁক-বাঁক
তথাপি চৌদিশে উচ্ছাৰিত ---------
TRP এই শতিকাৰ শ্ৰেষ্ঠ অসমীয়া প্ৰকাশ ।।




ঈন্দ্ৰাণী মুখাৰ্জী সমীপেষু
কেনে আছা তুমি
কেনে আছে তোমাৰ সাম্ৰাজ্য 
সম্বন্ধৰ মায়াজাল ফালি 
ওলাব খোজে উচ্ছেদৰ হুমুনিয়াহ
ঈন্দ্ৰাণী………… 
তোমাৰ নামতেই কি জানো মাদকতা !
হৃদয়ত ঢৌ খেলি যায় 
বহু ৰঙীণ চিত্ৰ
কবিতাৰ পটভুমিত আগবাঢ়ে অশ্লীল সুহুৰি
তোমাৰ বাবেই
পাৰ কৰিছোঁ বহুতো পল 
খবৰ কাকতৰ পৃষ্ঠাত
ৰঙীন পৰ্দাৰ জিলমিলোৱা ৰংবোৰত
তোমাৰ চাৱনিত 
বুকু ভাঙিছে বহুবাৰ ।।
জানানে ঈন্দ্ৰাণী,
অভিষাৰৰ বহু অভিযান
পাৰ কৰিছোঁ তোমাৰ কল্পনাত
নিমিষতে সকলো হেৰাই গ’ল
বিচনাৰ সপোন বিচনাতেই ৰ’ল 
কাছাৰিৰ বাৰাণ্ডাত আউসীৰঙী হৈ
হেৰাই থাকিল 
বহুজনৰ কামনাৰ হুমুনিয়াহ ।।
ভুল নুবুজিবা ঈন্দ্ৰাণী
তুমি নাৰীৰ প্ৰতীক হ’লে 
চিতা জ্বলিব নাৰীবাদৰ 
ভৱিষ্যতো পলাব নৰকৰ দিশে 
সময়ে হাঁহিব মাতৃৰ মমতাক
ডাণ্টেৰ ‘ডিভাইন কমেডি’ উটিব
বিয়েট্ৰিছৰ উচুপনিত
লালসাৰ লেলিহান জুইত জাহ যাব
সাবিত্ৰীৰ সততা 
জয়মতীৰ ত্যাগ, 
আৰু বহুতো সাধু …………
সেয়েহে, ঈন্দ্ৰাণী 
পাহৰণিৰ গৰ্ভত বিলীন হওক 
তোমাৰ উত্তেজক হঁহি 
ঘৃণাৰ অৰণ্যত 
সমাধিস্থ কৰিলো আজি 
তোমাৰ অশ্লীল চিঞৰবোৰ 
শৃঙ্খলিত হ'ব নোখোজা শব্দবোৰ ।।
>
ঘনশ্যাম ডেকা, আইজল, ০১/০৯/২০১৫



বাজপেয়ী ডাঙৰীয়া 
কেনে আছে আপুনি
——————————
শ্ৰদ্ধাৰ ‘অটলজী’
কেনে আছে আপুনি
বাতৰিৰ পৃষ্ঠা কিম্বা দূৰদৰ্শনৰ পৰ্দাত
দেখা নাই বহু দিন ।
ভালে দিন হ’ল নুশুনা আপোনাৰ কবিতা ।।
জনতাৰ জনপ্ৰিয় সেৱকজন
আজি শয্যাগত আৰু অকলশৰীয়া …....
হে বৰ্ষীয়ান,
বিছনাৰ পৰা উঠক ।।
বলক, …....
এখুজি দুখুজি কৈ খোজ কাঢ়ক
গাৱঁৰ পৰা চহৰ,
গোৱালিয়ৰৰ পৰা দিল্লী, কিম্বা পোখৰাণ
দেশৰ পৰা দেশ, কিম্বা বিদেশ …....!!
ভাগৰুৱা আপুনি ।।
লাহে লাহে কৈ যাওক…....
বিয়াল্লিছৰ আন্দোলন,
বৃটিছৰ কাৰাগাৰবোৰ
দীনদয়াল উপাধ্যায়, জয়প্ৰকাশ নাৰায়ণ,
মোৰাৰজী দেশাইৰ ওলোমা চৰকাৰখন,
জনতাৰ বাবে অংকুৰিত পৰিৱৰ্তনৰবোৰ,
‘অপাৰেচন ব্লুষ্টাৰ’ৰ প্ৰতিবাদ-গাঁথা আদি ……
অথবা গাব পাৰে
পদ্মবিভূষিত কালজয়ী কবিতাৰ পংক্তিবোৰ…..।।
মন যায়
আপোনাৰ সতে বহিবলৈ …..
লানি নিচিগা কবিতাৰে চৰণ পখালিবলৈ
তেৰ দিন, তেৰ মাহৰ পিচত
ভুমিস্থ হোৱা
ত্যাগৰ সাধু শুনিবলৈ,
আদৰ্শ লবলৈ,
গাওঁপ্ৰধান ভাৰতবৰ্ষৰ ছবিত
উন্নয়নৰ বীজ সিঁচা
গীত নোগোৱা কবিজনৰ চৰণ বন্দন কৰিবলৈ।।
মোৰ প্ৰিয় নেতা …..
আপুনি আজি অতীত হ’ল
দেশৰ অমূল্য ৰত্ন শেতেলিতে ৰ’ল
অপায় অমংগলৰ শব্দত
হেৰায় যাব খোজে আপোনাৰ কৰ্মৰাজি …..।।
আজিৰ দেশ ৰজাৰ দেশ
প্ৰজাৰ বাবে ৰজাই নিচিন্তে নিবেশ
কথাৰ ফুলজাৰিতেই সকলো শেষ ।।
স্মাৰ্ট চিটিৰ উচ্চতাই ঢাকি পেলাইছে মোৰ গাওঁখন
দুষিত বতাহজাকত কেবল আঁচনি
দুৰ্নীতিৰ দৈত্য চৌদিশে
এঙাৰৰ দৰে ৰঙ লাগে ৰজা সকলৰ পাগুৰিত।।
কথা কব নজনা ৰজা,
কথা ক’ব জনা ৰজা,
সকলোৰে হাতত মাথোঁ লাঞ্চিত প্ৰজা ।।
ৰ’বলৈ আহৰি নাই
ব্যস্ত লোক, ব্যস্ত নেতা, ব্যস্ত সাংবাদিক !!
কোনো নাই …….
আপোনাৰ কবিতা শুনিবলৈ
স্বাভিমানী লেখাৰ অৰ্থ বুজিবলৈ
শত্ৰুক মিত্ৰতাৰে বান্ধিব খোজা প্ৰয়াসবোৰ
লাহোৰলৈ যোৱা বাচৰ চকাৰ ঘূৰনিত
ৰৈ যোৱা সময়ৰ ছাপবোৰ
পাহৰিলেই শেষ নহয় কোনো কালে ।।
শান্তি প্ৰিয় মই
শান্তি প্ৰিয় আপুনি
তথাপি গৰ্বেৰে আওৰাই ভাল পাওঁ
‘বগা সাগৰ’ৰ বিজয়াভিযানৰ গৌৰৱ-গাঁথা
পৰ্বত শিখৰত উৰোৱা জাতীয় পতাকা ।।
সময়ৰ বালিত ৰৈ যায় পৰাক্ৰমৰ দুৰ্দান্ত সাহসিকতা ।।
প্ৰতিনিয়ত আওৰাম আপোনাৰেই কবিতা
“বেনাকাব চেহৰে হেই,
দাগ বড়ে গেহৰে হেই ….…
…… গীত নেহি গাতা হুঁ”।।
——————————

কান্তা
...................
বাহিৰত বৰষুণ পৰিছে
চেঁচা বতাহ বলিছে
কল্পনাৰে ছবি আঁকিছো ।।
বাসনাৰ পোকে শব্দবোৰ কুটিছে
হেঁপাহবোৰ হুমুনিয়াহ হৈ সৰিছে
ৰিংৰিঙীয়াত মনক সামৰিছোঁ ।।
কিমান যে দিন হ’ল
তোমাক এৰি অহাৰ !!
মনত পেলাব পৰা নাই দিনটো…….
বৰষুণৰ এছাৰকণিত প্ৰায়েই
তোমাৰ লুণীয়া গোন্ধটো পাওঁ ।।
জানা…….
বৰষুণজাকৰ শপত
তোমাক ভাল পাওঁ বাবেই
আকাশৰ নীলাখিনি নাচাওঁ
মোৰ বাবে
তুমিয়েই নীলিম আকাশ
ৰামধেনুৰ সাতোৰঙী প্ৰকাশ ।।
তোমাক লগ পোৱাৰ দিনটো…….
চিৰসেউজ আজিও
পিছৰ কাহিনী তেনেই চমু …….
আইয়ে কৈছিল,
চেলেংখন ভালদৰে মেৰিয়াই ল’।
সমনীয়াই কৈছিল,
মুখখন ৰুমালেৰে ঢাকি ল’।
পিতাই কৈছিল খোজত গহীন হ’।
গমেই নাপালোঁ
হোমৰ জুইকুৰাৰ উত্তাপ কিমান !!
তোমাৰ হাতত হাত থোৱাৰ পৰত
মই কেৱল ঘামিছিলো…….
তুমি যে চিকুটিছিলা
মই কেৱল ফোপাইছিলোঁ…….
লাজত নে ভয়ত আজিও নুবুজিলোঁ ।
তাহানিৰ কথাবোৰ
মোৰ বাবে অঁকৰাৰ সাঁথৰ আজিও
প্ৰিয়জনৰ কাষত বহিও
কিয় ফেকুৰিছিলা…….
অভিমানৰ কুঁৱলি সৰিছিল !!
চপাই আনিছিলো আলফুলেকৈ
বুকুৰ মাজলৈ
লাহে লাহে চকুপানী শুকাইছিল ।
লাহে লাহে পোহৰো হৈছিল ।
পদুলিত আইতাই হাঁহিছিল
পিচলৈ সমনীয়াই জোকাইছিল…….
এতিয়াও মনত পৰে
সেইদিনবোৰৰ মাদকতা ।।
তোমাৰ মনত পৰেনে ??
আইয়ে কয় তুমি হেনো লখিমী বোৱাৰী
মোৰ বাবে
তুমি মায়াবী ৰাতিৰ কবিতা
উচাঁহৰ পাৰ ভঙা ঢল
সপোনত বিচাৰিলেও তোমাকেই পাওঁ
এতিয়া শেতেলিৰ সিটো মূৰে তুমি,
তোমাৰ নিচুকনিত
আমি শান্তিৰে টোপনি যাওঁ ।।
> ঘনশ্যাম ডেকা, আইজল, ১৩/০৯/২০১৫



আমি 

আপোনাৰ বাবেই আপোন মই

মোৰ বাবেই ৰৈ যায় সময়ৰ ৰথ
পক্ষীৰাজৰ পাখীত লাহে লাহে
আগবাঢ়োঁ সপোনৰ সন্ধানত
খুপি-খুপি খোজ পাতে প্ৰস্তাৱনাসমূহ ৷
কিমানৰ বাটত হাঁচতি হেৰাল
চকুপানীৰ সোঁতত পদুলি জীপাল
হেঁপাহেৰে ৰৈ থাকে সপোনৰ বিলাপ
••••••

বলিশাল

চৌদিশ আজি নিমাওমাও 
পদুলিত নাই অর্চিতাৰ ভৰিৰ খোঁজ
নৃত্যত উত্তাল আংমৰা কটোৱাল 


দাখৰত চিকমিকায় তেজৰ কৰাল।।

গণতন্ত্রৰ মন্ত্রণাত বোবাৰ ভাষণ

কোঙাৰ হাতচাপৰিৰ বৰষুণ 

শতপুত্রৰ বৰদানত উৎফুল্লিত ধৃতৰাষ্ট্র 

প্রজাৰ চকুত ক্ষোভৰ বোজা।।

আৰু কিমানৰ বাট......... 

নাতিদুৰতেই ঠগৰ হাট.........

বেইমানৰ পৃথিবীত বেশ্যাৰ অট্টহাস !!

ভোকৰ পৃথিবীত খানচামাৰ উপহাস......।। 

নাহিবি ৰতনী,

নাহিবি আঘোণা,

পদুলিতে কালৰঙী ফুল

আকৌ এবাৰলৈ নকৰিবি ভুল ।।

হব জানো এইবেলি ৰক্তবীজ নির্মূল ।।

কি দিল্লী......

কি দিশপুৰ......

সকলোতে দপ-দপাই কুকুৰনেচীয়াৰ জাক

বাটলৈ নাহিবি ককাই,

বাটলৈ নাহিবি আই,

পাৰিলে এন্ধাৰকে ধিয়াই ভিতৰতে থাক।।
ঘনশ্যাম ডেকা, ১৪।০৭।১৫, আইজল।

নষ্টালজিয়া
-------------
দিনলিপিৰ মাজতে বিচাৰি পালোঁ
নামবিহীন অচিনা কাগজৰ টুকুৰা এটি
ধূসৰ আবেলি ৰঙেৰে ভঁৰাল ওপচে
দুখৰ বতাহতো সুখৰ সপোন দুলিচে
অচিনাকি আখৰৰ ভাজত
চিনাকি সুবাস নাচিছে।।

উভতি গ’লো পুনৰ
স্মৃতিৰ সেই পথাৰ খনলৈ.........

সেইযে আঁতৰি গলা
সোঁৱৰণীৰ পাতত দীঘল ছাঁ আঁকি
ঠিকনাহীন স্বাক্ষৰ এটি হৈ।
মোৰ বাবে নৰ’লা তুমি
গৰখীয়াৰ গীত হৈ
দাৱনীৰ হাঁহি হৈ
এবাৰৰ বাবেও উভতি নাচালা তুমি।

যাযাবৰ আজি মই,
তোমাৰ ছবি আঁকিবলৈ
স্মৃতিৰ কেনভাছত ৰং-তুলিও নাই!
নিশাচৰৰ সহচৰ
সঙ্গী মই মাতাল বতাহজাকৰ।
প্ৰেমৰ ‘ৰেচিপি’ নালাগে আজি আৰু
গৰল ৰঙী দুখৰ হেঁচাত নিমগ্ন
তুমি, মই, আমিবোৰ.........

নিদিও বুলিয়েই নিদিলা
ঠিকনা তোমাৰ
যোগাযোগৰ বাবে সুৰুঙাহীন
সংযোগৰ ভাষাও অস্তিত্ব হীন
পাহৰিলোঁ তোমাক
পুৰণি সাধুৰ কাৰেংৰ লিগিৰী বুলি।
ৰজাৰ দেশত থাকি পাহৰিলা
প্রজাৰ কথা
হোজাৰ পো পৰি ৰ’ল
স্বপ্নভংগ শেতেলিৰ আলিঙ্গনত।

বিয়লি বেলাত বিচাৰি চাবা
পাব পাৰা দুখৰ হুমুনিয়াহবোৰ
জানিব মন যায় আজিও
সেন্দুৰৰ ৰঙত পাৰিছা জানো
জালুকবাৰীৰ ৰঙবোৰ লুকুৱাব ?
অথবা,
আবাসৰ উতনুৱাজাকৰ চিঞৰত
ৰঙা পৰি যোৱা গালৰ তেজবোৰ।

সৰু কাগজৰ টুকুৰাটিৱে দি থৈ গ’ল
তোমাৰ মনৰ গোপন ঠিকনা
ঘন উশাহবোৰৰ উত্পাতত
লাহি চুলিটাৰিৰ মাজত লুকুৱা কল্পনাবোৰ
ঘামত বিৰিঙি উঠা লাজৰ গোন্ধবোৰ
হেৰাই যোৱা বিবেকৰ বুজনিবোৰ
আৰু বুটলিব খোজা
ভবিষ্যতৰ সম্ভাবনাবোৰ।।

লিখি গলে এবাৰলৈ
ঠিকনা তোমাৰ.........
আজুৰি আনিলোঁ হেতেন
দুখৰ সাধুবোৰ, মনৰ অৱসাদবোৰ!!
উমলিলো হেতেন আকৌ
জোনাকৰ বৰষুণত ভাল লগা কবিতা এটি হৈ।।

>
>
>ঘনশ্যাম ডেকা, মিজোৰাম, ২৬-০৪-২০১৫

ক্ষোভৰ সমাধি
> 
দেবাদিদেৱৰ ত্রিশূলত কম্পিত
ভাগ্যবিধাতাৰ ভাগ্য চক্র.........
জনকৰ বাবেও সীতা নাই
নাঙলৰ সীৰলুত !!
দুখৰঙী শইছবোৰৰ ভিৰত
নির্বাক হলধৰৰ গীত ।।
জাম্ববতীৰ হৃদয়ত হেৰায়
গিৰিধৰৰ অহংকাৰী চিত...।।
বাণৰ দেশত
শক্তিহীন, মায়াহীন
চিত্রলেখাৰ সাধু।
চিতাত জাপ দিয়ে
আজি হেঁপাহৰ কোঁৱৰ...
ধৰ-ফৰ ছত্‌-ফট্‌
ঊষাৰ সমাজিক......... 
এখুজি দুখুজি কৈ উভতিছে
প্ৰদ্যুম্ন ধোঁৱাৰ বাটে
বিলীন হয় প্রেমৰ কবিতা
বিবক্ষাৰ সাধু উভতিছে দ্বাৰকালৈ
নিভুঞ্জ্ আজি মনৰ পথাৰ।।



ফেচবুকীয়া ছোৱালী এজাক
-------------------------
সাৰ-সুৰ নোহোৱা শব্দবোৰ
গাঁথি দিও আজি তোমালোকৰ বাবে।
মাজে মাজে ধুনীয়াৰ বাখৰ...
কলমৰ বাটেদি খোজ কাঢ়ে
মনৰ কথাবোৰ, ভাৱনাবোৰ।
সেউজীয়া হেঁচুকি পাৰ হয় হাঁহিবোৰ
আৰু আগবাঢ়ে নির্ভীক গাভৰুজাক।
বুঢ়াআঙুলিৰ হেঁচাত প্র’ফাইলবোৰে নাচি উঠে
মতামতৰ প্লাৱনত হেৰাই যায়
সুখ-দুখ, হাঁহি-কান্দোন.......
আৰু যে কত কি !!!


সাজোন-কাচোনৰ লয়লাসত লুকায় বয়সবোৰ।
বার্তা বাকচৰ অট্টহাস্যত
নষ্ট নিশাৰ মাতাল সাধু।
আধৰুৱা ভাৱনাৰ বাবে
শব্দ সংগীনিও তোমালোক।
চুব মন যায় চঞ্চল হাঁহিবোৰ.........
মোৰ দৰেই উতনুৱা হৈ চাবও পাৰা,
বিলাসী চিন্তাৰ ৰমন্যাসিক ছন্দবোৰ হয়তো পাবও পাৰা...
মোৰ মনৰ ঠিকনাৰ অনুকল্প কিজানিবা পোৱাই!!
অক্ষম মই তোমালোকৰ মনৰ পাঠ পঢ়িবলৈ
চাৰিওফালে মাথো শব্দৰ হুৱা-দুৱা।।

>

>
ঘনশ্যাম ডেকা, আইজল, ১৯-০৪-২০১৫ 


কল্পনা
আমন-জিমন পদুলি
একেই পথ 
সময়ৰ সোঁতত উকিয়াই

বিজয়ৰ ৰথ

আৰুনো কিমানৰ বাট

হেৰৌ কুৰুৱাৰ জাক

তোমাক নেদেখা ৰক্তাভ পুৱা

চৌদিশে হুৱা-দুৱা

পল-পল অনুৰণিত হৃদয় ৷


মান্যবৰ গগৈ ডাঙৰীয়া
------------------------
কেনে আছে আপুনি!
আপোনাৰ বতৰা নাই কিছুদিন
শিৰোনামাত নাই দেখোন ভালেদিন। 
ভালে থাকক আৰু অলপদিন
লোকে কয়, ‘দেহা থাকিলেহে বেহা’
বুজিছেই চাগে...

আপোনাৰ বাবে হেনো 
ওলোটাই ক’লেহে কথাৰ তিতা কেহা।
লাচিতৰ তেজ লৈ আপুনি বলিষ্ঠ অসমীয়া
লালদেংগাৰ আদর্শেৰে মইও স্বজাতিৰ মগনীয়া।
বুজিব নোৱাৰো আওপুৰনি কথাৰ পাক
চলাহি ৰাজনীতিৰ হাতত বাজে দুর্নীতিৰ ঢাক।
ক’ত লিখিব পোন্ধৰ বছৰৰ খতিয়ান 
বিবৰ্জিত সফলতাৰ জয়গান।।

ভালক ভালেই বুলিলে বেয়াৰ সংজ্ঞা কি
পাৰিবনে এবাৰ হাঁহি হাঁহি ক’ব খড়্গ কি??
নালাগে ক’ব আমেৰিকা, আফ্রিকা আদিৰ কথা
কৃষ্ণবর্ণৰ মানুহৰ দেশপ্রেমৰ নির্মল ভাষা।
তেওঁলোকৰ বাবে দেশ মানেই আদেশ 
জাতিৰ বাবে উন্নয়নেই পৰিচয়ৰ প্রদেশ।
আপোনাৰ দেশ আকৌ সংজ্ঞাৰ নামতেই শেষ!!

হে মান্যবৰ,
সঙ্কুচিত আজি জাতিৰ পৰিসৰ
স্বদেশী নে বিদেশী সৰসো ধূসৰ ৷
চৌদিশত আজি সংশয়
কৰিব লাগিব নেকি আকৌ ৰক্তক্ষয়
ৰক্তবীজৰ ভয়ত পেপুবা নালাগিব মহাশয়।।
আখলৰ পৰা অতিথি খেদাওক।
চোৰ প্রৱঞ্চক এজাকৰ মাজত আপুনি, 
নিৰ্ভীক দৃহ হৈ কৰকচোন অঙ্গীকাৰ
অসমীয়াৰ স্বাভিমানক কৰক চমৎকাৰ।।

ভুল নুবুজিব, 
‘আপোন’ৰ বিলাসিতাৰ আপুনি সমিধান 
মিছা কথাৰ বাবেই ‘আপোন’ৰ অভিমান।।
সমালোচিত আপুনি মোৰ দৰে হেজাৰৰ... 
গঁড়ৰ দেশৰ নেতা বাবেই প্রতিবাদীৰ দৰকাৰ
দৃহমনা আপুনি হওক হুঁচিয়াৰ,
স্বজাতিৰ সংজ্ঞা বিক্রিৰ নিদিও এক্তিয়াৰ।। 
ক’লেই বাদ দিব নোৱাৰে প্রজাক প্রতিবাৰ
হাঁহিত প্রতিফলিত দুখ-ক্লেশৰ তিৰস্কাৰ।।
বানপানীত নালাগে বিদেশৰ অভিজ্ঞতা
কলগছৰ ভুৰত উঠি চাওক ধ্বংসৰ বাৰংবাৰতা......

মহাশয়,
গামবুটৰ খোজত মৰে পথাৰৰ হাবৰং পোক
দুর্নীতিৰ হেঁচাত হেৰাল কৃষকৰ ভোক ।। 
কথাৰ চাতুৰিৰে নালাগে উন্নয়ন...
চাকৰি বিহীন নিবনুৱা
ঘৰ বিহীন বনুৱা
সীমান্তৰ সিপাৰৰ হাজাৰ ৰণুৱা
সকলোৰে বাবে আজি আপুনিয়েই মুখ্য ‘আখামীয়া’।।
খাৰ খোৱা জিভাত কিবা বোৰ আহক
পাৰিলে এবাৰ জাতিৰ গীত ৰচক।।

খামিডাঠ কবিতাৰে প্রতিবাদী
নিৰাপত্তাহীন, জানোচা হওঁ বিষমবাদী 
কাটিলেও কাটক 
মাৰিলেও মাৰক
স্বজাতিৰ বাবে মৰসাহ কৰিম মই অসমবাদী।।


।।ঘনশ্যাম ডেকা, আইজল, ১২.০৪.২০১৫ ।।

অভিসাৰ
যাম গৈ আজিও ৰাতি

নালাগে নাপাৰিবি 
বহলকৈ পাটী
দুবাহুৰ মাজত লুকুৱাই নিম
এধানিমান মৰম
তাৰেই আজি উমলিম।
আগবাঢ়িম কলিজাৰ বাটে 
সময়ক ভেটা দিম
প্রতি উশাহতে।
দুবৰিৰ দলিচাত নামি
ফাগুন বোলোৱা যৌৱন 
থেকেচি ভাঙিম আমি।
শিতানতে এৰি আহিবি
তোৰ লাজৰ সফুঁৰা............ 
পুৱতি নিশালৈ সপোনৰ 
বাগিচাত উমলিম
তাৰ পিচত উভতিম
আকৌ তেতেলীৰ তলে ।
লাজত ৰঙা নপৰিবি
দুপৰত দেখিলে বাটে
ককাই বুলিবি
তামোলো যাচিবি 
চিকুটি দিবিগৈ মোকে।
বুকুত মেঠনি টানকৈ নামাৰিবি
কলিজালৈ বিষাব চাবি।
টাকুৰি ঘুৰাদি বিহু নানাচিবি
ককাঁলত ব্যাথা তই পাবি।
লগ যদি ধৰিব পাৰো
মৰমেৰে হাত বুলাম 
আঁহতৰ ছাঁতে।
চকু-চৰহা জাক থাকিলে 
আতৰেদি যামগৈ
গাৰ বিষ তোৰ
জৰাবি ধদুৱা বেজৰ তাতে।
     ঘনশ্যাম ডেকা, ২২/০১/২০১৫




নাৰী

----------------------

তুমি সৃষ্টিৰ প্রতীক
ৰহস্যৰ কান্তি গোপন ঠিকনা
বিহ্বলতাৰ আকাশত আশাৰ ৰেঙনি
পুত্র কন্যা পৰিয়ালৰ আবদাৰ
তোমাৰ বাবেই উখল্-মাখল্ প্ৰেমৰ সাগৰ
আৰ্যপুত্ৰৰ শয্যাসংগিনী সৌভাগ্যৰ বনিতা
তোমাৰ বাবেই আজিৰ এই কবিতা।।


সৃষ্টিৰ সঙ্গী সৰ্বদা তুমি সমাদৃতা

তোমাৰ কাজেই তুমি চর্চিতা
দুখী হ’বলৈ কেবল সময়ৰ অজুহাত
বিচাৰিলেই পাবা পক্ষপাতিত্বৰ জাত-পাঁত।।
উর্ম‌িলাৰ প্রেমৰ বাবেই লাঞ্চিতা শূৰ্পণখা
পৃথাৰ বাবেই কর্ণৰ মন্দ-দশা
মন্দোদৰীও বাঁৰী সীতাৰ ভুলত
যদু-কূল ধ্বংশ হৈছিল হেনো গান্ধাৰীৰ শাপত
সৃষ্টিৰ বীজ কঢ়িয়াই নাভাগৰা তুমি
মনসাৰ কোঁপত বেউলাৰ নাছিল থিয় হোৱাৰ ভূমি।।


ধৰ্ষিতাৰ পৃথিবীত অর্চিত হয় মুক্তিৰ গঙ্গা

শৃঙ্খলিত সপোনৰ পদচিহ্নত
ননদ-শাঁহুৰ দবৰা-দবৰিত তুমিয়েই নির্যাতিতা
তোমাৰ বাবেই ক‘তবাৰ ভু-লুন্থিত শালীনতাৰ সহিষ্ণুতা।।
কাৰ বাবে............?
কিহৰ বাবে লাগে শক্তিৰ মহাযজ্ঞ !!!
আহুতিৰ সময়ত বৃহস্পতিও যদি হয় অজ্ঞ্ ।।


চল পালেই ছলনাময়ী তুমি

পুতুনা, কদ্রু নে বিন’তা
কামাখ্যাৰ সভাত নৰকাসুৰ নিগৃহীত
কিবা বাৰু ন্যায্যতা?
কালিকাৰ খোজত লাঞ্ছিত দেবাদিদেব
ৰাধাৰ প্রেমো নাছিল বৈধ যদিও জড়িত বাসুদেব।।


ভোগত মত্ত দুৰাচাৰীৰ শয্যা সঙ্গিনীও তুমি

ৰম্ভা তুমি, মেনকাও তুমি
ৰঙীণ ৰাতিৰ নীলাজ নৃত্য তুমি
স্বর্গৰ নটিনী তুমি দেৱতাৰ সুলভ চুপতি
মহিষ মর্দিনী দুর্গা তুমি আজিও অবহেলিতা
কামাতুৰ পুৰুষৰ দৃষ্টিত তুমি প্রতিপ’ল ধর্ষিতা।

ঘনশ্যাম ডেকাআইজল, ২০.০৩.১৫



শ্লোগান আৰু চুকাফা
---------------
বঙহৰ দেউ,
মৈদামত শুই আছে আপুনি !
আৰ্তনাদত আৱব্ধ বিলাপৰ প্রলয়

নালাগে শুব, 
এয়া নহয় টোপনিৰ সময়।
নেতাৰ জেপত জাতি আবদ্ধ
জাতি হন্তাৰ নগ্ন নাচত 
উদ্ধাৰৰ পথো হল ৰুদ্ধ।
চৰা ঘৰ, বৰ ঘৰ
আলহী পালেহি আখল ঘৰ,
ছট-ফটনিত উজাই বিষাদ, প্রজা ধৰ-ফৰ।
প্রজা যত ৰজা হয়
ৰজা যত চোৰ হয় 
কাৰ বাবে গণতন্ত্র ??
হুমুনিয়াহবোৰ আজি প্রতীকৰ সমদল
কার্টুন, ফেষ্টুন ধৰিবলৈ নাই দুবাহুত বল।
কিমান চাম উলঙ্গ বান্দৰবোৰ !!
কথাৰ ফুলজাৰিবোৰ
উন্নয়নৰ প্রলাপবোৰ
পাচঁবছৰীয়া ঠিকাদাৰবোৰ--- 
প্রত্যাশাত আজি ক্ষোভ আৰু বেদনা।
ৰাইজৰ পদুলিত মিছলীয়াৰ তোল-পাৰ।।
কিহৰ বাবে গণতন্ত্র??
চাওলুং...............
নালাগে জানিব তৈলমর্দনৰ ভাষা
নালাগে আজি সোণৰ জখলা
ছশ বছৰীয়া বুৰঞ্জী আজি উপহাস...
গণতন্ত্রৰ মানেই আজি ষড়যন্ত্র।।
লাঞ্ছিত প্রজাৰ বনত বাস---
পাৰিলে ওলাই আহা মৈদাম বগায়
চাই যোৱা বৰ অসমৰ চাৰিসীমা। 
টকালি পাৰি খাবলৈ ধদুৱাৰ ভাতসাঁজ
আকৌ দি যোৱা আমাক পৰিচয়ৰ স্বাভিমান।।

                ঘনশ্যাম ডেকা, আইজল, ০৮.০৪.১৫ 


অনুভৱৰ স্তৱক

#১#

ৰ’দৰ ভিৰত দো খাই পৰে
ভাগৰৰ জোলোঙাখন,
সুখ-দুখৰ দোমোজাত
কোন তুমি নীলনয়না..............।।

#২#

হোজাৰ গীতৰ বোজা লৈ
ঘামে ধোৱা ঘাটত
সপোন ৰুৱলৈ সেউজী বাটত
কবিৰ চোতাল উথপ-থপ.........।।

#৩#

নীলাৰ কাঁচোনত কঁপে ধুলীয়াৰ হেঁপাহ ।
চুপতিৰ লাজকুৰীয়া হাঁহি
মেঠনিত আটি আটি বন্ধা
দুষ্ট নিশাৰ নাচনীৰ সপোন.........।।


ঘনশ্যাম ডেকা, ০৫.০৪.১৫

             



জাতীয়তাবাদ


চিন্তাবোৰ অতিষ্ঠ আজি,

নিঃশব্দে পলাতক হয় ক্ষোভৰ জুইকুৰা।
ধুলি এদমৰ মাজত...
আবদ্ধ হয় বিপ্লৱী জনতাৰ চিঞৰবোৰ।
হেৰাই যায় আচলামৰ বিবি ৰহিমা মোৰ চোতালৰ পৰা।
নিচিনোঁ তাইক...
নাজানো মগনিয়া নে ভগনিয়া !
কেতিয়াবা বিনাই তাই মোৰ পদুলিত
বাবু আমিও অসমীয়া.....
বগা চাহাবৰ দিনতেই আহিলো যদিও পৰিচয় বিহীন মই।।
সান্ত্বনা নিদিওঁ তাইক.....
ভাষাহীন হৈ সৰি পৰে হাতৰ কলম।।


ৰহিমা............   

নুবুজিবি তই কিহৰ তাগিদাত আমাৰ বিপ্লৱ।
চকুত যিদৰে লৈ ফুৰ’ তই  নেলীৰ সন্ত্ৰাস
মোৰো হৃদয়ত আছে সহস্ৰ ছহিদৰ চিতাৰ উপহাস।।
বন্ধ কোঠাত ৰুদ্ধ আজি জাতিৰ ইতিহাস!
সংজ্ঞাহীন আমিবোৰ সৃষ্টিৰ অভিশাপ।।
কেটেৰা মাৰিলেও ভুল নুবুজিবি ৰহিমা,
তইয়েই আমাৰ জুহালৰ আচবাব ৰখীয়া
তোৰ মানুহ জন নহলেই হৈ নুঠে ৰঙা ইটাৰ দেৱাল
লিখিবলৈ বিপ্লৱৰ উদাত্ত শ্লোগান।।
এন্ধাৰ ৰাতি বক্ষ-বান্ধনি খোলাৰ সময়ত পাহৰি যাওঁ
তই কোন জাতিৰ, অসমীয়া নে ভগনিয়া।।
জাতীয় উৎসৱত চান্দা লোৱা আমি অসমীয়া,
নিষ্কৰ্ম্মা আমিবোৰ কোনোকালেই নহ’ম দুখীয়া।


ৰহিমা....

তই শোষণৰ প্রতীক, বঞ্চনাৰ উদাহৰণ...
জাতিৰ ঠিকাদাৰ বোৰে তলা মাৰে তহঁতৰ পদুলিত।
কিলবিলাই ফুৰে তোৰ সত্তাত নিলাজ হাতৰ দালালবোৰ।
সোপা-ধৰা হৈ ঘূৰি ফুৰে মুক্তিৰ সপোন দেখুওৱা মিছলীয়াৰ জাক।
ভুল নকৰিবি তই আজি আকৌ এবাৰ...
জৰা ফুকা পানীৰে গা ধুলেই শেষ নহয় তোৰ কঁকালৰ বিষ।।
আচলামক কবি...
ভোকাতুৰৰ জাক নালাগে আজি।
অধিক সন্তানৰ ভিৰত খহিব ধৰা জৰায়ুত পাৰে যদি
সিঁচিবলৈ দিবি উন্নয়নৰ বীজ।


ৰহিমা...

আহিবি এইবাৰ বিহুত মোৰ গাঁৱলৈ
গামোচা এখন দিম।
ৰমলা-কমলা হঁতৰ লগত বিহু মাৰিবি
ভাষা ক’ব নাজানিলেও কঁকাল ভাঙি নাচিবি।
সংখ্যালঘুৰ পোছাকযোৰ ভণ্ড নেতাৰ পদুলিত দলিয়াই আহিবি।।
উন্নয়নৰ মেলা পাতিম,
পথাৰতো একেলগে বহিম।
অচিনাকি মানুহবোৰ খেদি সুস্থ জাতিৰ বীজ সিঁচিম।।
উৰ্বৰা মাটি চহাই সেউজীয়া কৰিম দুখীয়াৰ ভঁৰাল
নালাগে কৰিব মিছাতে কোৰ্হাল......।।
মোৰ দেশৰ প্রজাৰ হাতত মামৰে খোৱা হেংদাং
তোৰ চুবুৰিৰ বলিয়া জাকৰ নাই বুদ্ধিপুষ্টৰ ফৰমান।।


ৰহিমা...

কৈ দিওঁ আজি গুপুতে তোক, পিছত নুদুষিবি মোক।
মোৰ বাবে শব্দহীন আজি অপমৃত্যুৰ ভাষা
তোৰো চাগে একেই দশা।।
         
      ঘনশ্যাম ডেকা , ০৩।০৪।১৫


শব্দহীন
সোৱৰণীৰ পাতত লিখি যাও
তোমাৰ মোৰ সাধুবোৰ......
কেতিয়াবা দুখ হৈ সৰে
কেতিয়াবা ক্ষোভ হৈ ভাঁহে ।
দুৰৈত ৰৈ ৰৈ
বতাহ জাকে হাঁহে।
পদুলিত লঠঙা মনবোৰ......
বিষাদহীন আজি
কুমলীয়া পাতবোৰ..।।
সেউজীয়াত হয় কবিৰ চ'ৰা
মনত বসন্তৰ ৰহঘৰা......।।
ঘনশ্যাম ডেকা
ভুল নুবুজিব অখিল দা
-------------

ভুল নুবুজিব অখিল দা...

অকপটে কৈছোঁ

ভাল নাপাওঁ আপোনাক।

ভাল নালাগে আপোনাৰ আত্ম-গাঁথা।

ভয় লাগে আপোনাৰ সঘন উচ্চ-বাচ্য

অজান সংশয়ত সংকুচিত স্বজাতিৰ বাহুবল।

জাত্যাভিমানৰ দোহাই দি পুনৰ স্বজন হেৰাবলৈ

ক’ব নোৱাৰো আজি এবাৰলৈও

ইনকিলাব্‌ জিন্দাবাদ।।।

 

আপুনি কোন ???

আৰিমত্ত নে ভগদত্ত?

বসুমতীৰ পুত্র বুলিয়েই আপুনিতো নহয় নৰকাসুৰ

ৰূক্মীৰ দৰে বীৰো নহয় আপুনি,

পাৰিবনে হব সহস্র বাহুৰ বানাসুৰ?

বীৰৰ লগত ফেৰ মাৰিবলৈ আপুনি নহয় হিড়িম্বাৰ পুত্র।

কাৰ বাবে সাঁচিছে আপুনি ঘৃণাৰ পাহাৰ?

কিহৰ স্বার্থত বৈৰীতা?

 

বিষ্ণু-জ্যোতিৰ দেশত নাই আজি শালীনতাৰ অভিমান

পাৰিবনে এবাৰলৈ গাব জাতিৰ জয়গান?

শুনি থাকিব মন যায় আপোনাৰ উদাত্ত ভাষণ।।

আপুনি যে কয়---

ৰাইজ ৰজা হব!

কৃষকৰ পথাৰত মোনে মোনে সোণ উপজিব

চহাৰ ভঁৰালত সুদিনৰ শইচ সোমাব!

ধনীৰ খম্-খমীয়া নোটবোৰো অচল হ’ব!!!

সময়ে ক’ব এয়া আপোনাৰ মিথ্যাচাৰ

নে ৰাবণ বধ ভাওনাৰ পুৰণি বচন

খোজে প্রতি আলোচিত আজি উন্নয়নৰ প্রবচন।

আমিবোৰ খাৰ খোৱাৰ পো

উত্তেজিত ভাষণত গুজৰি উঠোঁ, হোজাৰ সঁচ

জ্বলি উঠে সর্ব শৰীৰ আত্মজাহৰ ভাবুকিৰে।।

 

আপোনাৰ হেনো ৰজা হোৱাৰ মন

আমাৰ দৰে নিছলা বোৰকো ৰজা কৰাৰ পণ।

নুবুজো আপোনাৰ আন্দোলনৰ কাৰণ

শকুনিৰ পাশা চাই ত্রস্ত মোৰ দেশৰ জনতা।

সেইবাবেই অখিলদা

ভুল নুবুজিব আমাক।

ভয় কৰোঁ আজি আপোনাক

ভয় লাগে আপোনাৰ বিপ্লব।।

 

পাহৰিলেই শেষ নহয় অতীতৰ চকুলো !

আইয়ে বিনাই আজিও ককাইৰ বেদীলৈ চাই।

চোতালত মলঙিছে আজি প্রতিবাদীৰ ভাষা।

বঙহৰ দেউ সকল হেনো স্বৰ্গদেউ হ’ল

দেবৰ পুৰীত থাকি স্বজাতিকো পাহৰি গ’ল ।

হাজাৰ বলিৰ পিছতো নাইচোন নাই

দুৰ্গতি নাশৰ বৰদান নাই।

স্বৰ্গত থাকিও সব্যসাচী হ’ল এসাজী বৃহণ্ণলা

দ্ৰুপদৰ জী আজি চৌদিশে ধৰ্ষিতা ।।

 

নৰিয়া পাটীত পৰি ৰ’ল বীৰ, সন্মুখত শৰাইঘাট......

চোঁ মাৰিব নোৱাৰে শুক্লধ্বজ, মামৰে ধৰা হেংদাং।

অতীত হেৰাই গ’ল বাৰুদৰ শব্দত।

ধূলিময় আজি গৌৰৱৰ ইতিহাস

সকলোতে মাথো ক্ষমতালাভৰ পৰিহাস।

সংজ্ঞাহীন আমিবোৰ লাঞ্ছনাৰ অভিশাপ

জাতিৰ গর্বত আপচু মস্ত একোডাল ঢোঁৰা-সাপ ।।

 

সেইবাবেই........

ভুল নুবুজিব অখিলদা...

সর্ব্ব‌হাৰা আমিবোৰ মুৰুখ কৃষকৰ জাত।

কঢ়িয়াবলৈ অপাৰগ জাতিহন্তাৰ অপবাদ।

চিঞৰিব নোৱাৰো আজি ইনকিলাব্‌ জিন্দাবাদ।।


                   ঘনশ্যাম ডেকা, ২৮.০৩.২০১৫
--------------------------------------------------------------------------------------------------------------------------

সৰাপাত

----------------------
বাগৰি আছা দূবৰিৰ দলিচাত
 মোৰ দৰদী সপোন
পদপিষ্ট হৈ নষ্টালজিক ধূলিয়ৰি
গিৰিস্কৈ আহিল অবতৰৰ বতাহ 
নিমিষ‌তে অদৃশ্য সেউজীয়‌াৰ আভৰণ
বুকুৰ নিভৃত কোণত এবুকু ঘা

ইকাতি-সিকাতি এবেলি-দুবেলি 

পৰি ৰলা ললাট ধিয়াই
ঠেৰেঙা লগা জাৰৰ আবেলি
বিৰহৰ তাপত দহিছোঁ
বতাহজাকৰ নিলাজ চুমা অনাবৃত মই।
মনৰ খবৰ মনতেই হেৰাল
বাঢ়নিৰ হেঁচাত খচ-মচ পদুলি............
জুইক সাবটি বুকু ভৰাবলৈ
মগনীয়াৰ কাই নাহিল শীত আবেলি
বহাগ আহিলেই স্বপ্নাতুৰ লৰালি
মৌ-পিয়াৰ ৰণ-চালি পাতসিয়াৰ অতপালি।
দিঘলীয়া ছাঁ বোৰ ছুটি হ
দুপৰৰ ৰদো তীখৰ হব।
আহিব পুনশ্চ তৃষ্ণাতুৰৰ আবেলি
দুবাহুত ধৰফৰ্
উন্মাদনাৰ প্রতিটো পল
ফেৰেঙণিত বাহ সাজিব মাতালৰ চাতুৰি।।

..................

নীড় ভগা পক্ষীৰ প্রতাৰণাৰ বিননি।।
স্থবিৰ আজি সমুখ চোতাল
হেঙুলিয়া আভা কৰবাত লুকায়
অন্ধকাৰৰ অজুহাতত সময় বাঁহীৰ টান
শব্দহীন খোপনিত বিদায় পৰৰ অভিমান।



ঘনশ্যাম ডেকা, ২৪.০৩.১৫
এখন আকাশ তোমাৰ নামত
এবুকু ভাল পোৱা তোমাৰ বাবে ৷
শশীকলাৰ নামত প্ৰেমৰ বন্যা
এন্ধাৰৰ ভিৰত ছায়াহীন কায়া

বুকুৱেদি উজান ভাটী

মাথোঁ সপোনৰ ছয়াময়া ৷৷


মৎস্যগন্ধা
<><><>
                   সত্যবতী

দাসৰ জীয়ৰী তই মাছমৰীয়া ছোৱালী
উচ্চ-নীচ ভেদাভেদৰ বান্ধোনত
তই হেনো মহাভাৰতৰ জননী
ধিক্কাৰ তোৰ ৰাজবংশ
ধিক্  তোৰ সিংহাসন
নাচাবি এবাৰো মোৰ ফালে কেৰাহিকৈ
নহয় পৰাশৰ মই, কৰিবলৈ তোক যোজনগন্ধা
হোৱা লে কাহানিবাই দিলোহেঁতেন ইৰম শর্মিলাক বৰদান
হৈ যাবলৈ চিৰ আয়ুষ্মান্।।।

মৎস্যগন্ধা.........
তই দাসৰ ছোৱালী
আহছোন এবাৰ আহ
মুকলিকে বিচাৰি চা জীৱনৰ ছন্দ
আজি তোৰ হাতৰ ৰাজদণ্ড
বিচাৰ কৰি দেহি নির্ভয়া দামিনী কাণ্ডৰ ......
পাৰিবিনে কৰিব উচিত বিছাৰ ???
দ্রৌপদীৰ বেলিকাও চোন আছিলি নিৰ্বিকাৰ !!!
ঈশান কোনৰ জুলিয়ানাক দিছিলি যে মৃত্যুৰ মনোমোহা পুৰস্কাৰ
নকৰিবি তই বৃথা অহংকাৰ
নাগাবি তোৰ সফলতাৰ জয়গান
মোৰ প্রাণতো আছে কনকলতাৰ গান,
ৰুক্মিণীৰ আখ্যান, অগ্নিগড়ৰ প্রত্যাহ্বান
আৰু আছে মুলাগাভৰুৰ পৰাক্ৰম, জয়মতীৰ বলিদান
লভিতাৰ আহ্বান কিম্বা ফুলেশ্বৰীৰ স্বাভিমান
মনত আজিও পৰে মোৰ ১৯৬২ অপমান !
কাৰণ আজিও আইয়ে গাব জানে নিচুকনি গান
তই হস্তিনাপুৰৰ মহীয়সী হৈয়েই থাক
তই গঙ্গাৰ সতিনী হৈয়েই থাক।।।

মহাৰাণী সত্যবতী
তই মহান হৈয়েই থাক
আজি আৰু নকৰো কোনো লুকঢাক
লাই হালিব, লফা হালিব, আবেলিৰ বাটত
বগা চাহাব উঠিব ৰেনো ঘাটত
বদনৰ মান আহিব আকৌ এবাৰ
আহক !!!
কাটি মাৰি নিঃশেষ কৰিব দুর্বাৰ
কৰক !!!
তথাপি নিবিচাৰো মহান ভীষ্মৰ সহায়......
মোৰ প্রান্তৰ পৰিভ্রমী চৰাইজাকক মাৰিবলৈ
অর্জুনৰ লগত শিখণ্ডীয়ে চাগে কৰিছে উপায়।।।

এই মাছুৱৈৰ জী
আৰুনো তোক লাগিছে কি!
এবাৰলৈ গাবি মোৰ দেশৰো জয়গান
বখানিবি তেজিমলা আৰু ৰতনীৰ গুণগান
তেতিয়াহে থাকিব তোৰ অভিমানৰ মান
নহলে
কিবা খং উঠিব ভাঙিম তোৰ অবতৰীয়া দান
প্রতিবাদৰ যন্তৰ-মন্তৰ উভালি পেলাম
সাজিমগৈ তাতে কেঁচাইখাতিৰ থান
তেতিয়া কিন্তু নোৱাৰিবি তই
মোৰ ভাৰত মহান।।।

(ইতি-আওমৰণক আওকাণ কৰা মোৰ দেশৰ সমূহ দেশবাসী তথা বৃদ্ধ আৰু অন্ধ ধৃতাৰাষ্ট্ৰৰ হৈ, দুর্ভগীয়া বিদূৰ)

গণতন্ত্র দিৱস, ২০১৫ <মাজনিশা>
********************************


ধুমুহাৰ শেষ নাই 

বৰষূণ জাক আহিলেই ভাল
দুখৰ চেকাবোৰ ধুই নিবলে
বতাহ এজাক আহিলেও ভাল
মলিনতাৰ ছাই খিনি উৰুৱাই নিবলে
ম্লান আজি তুলসীৰ তল
সপোন বোৰ ঢাকি গ’ল
শুকুলা মেঘৰ চাদৰ খনে
লাহে লাহে মেলানি মাগিছে 
চিনাকি হাঁহিটোৱে
থৰ নিথৰৰ দোমোজাত
পাকঘুৰনি খায়
গর্ভস্থ সম্ভাৱনা বোৰ
অস্তাচলত বেলিটোৱে 
ভেঙুচালি কৰি কিৰিলি পাৰে
দুখৰ ৰাতি আৰু নুপুৱাব ...।।


লালদেংগা


লুছেই বীৰ তুমি, স্ব‌প্নদ্ৰষ্টা মিজো মিফেল।ৰাল্টে, লুছেই, মাৰ, পাইতে একত্র কৰিলাঁ তুমিলাই, ব্রু সকলোকে সাৱটি একেলগেশুই আছা নীৰৱে মার্বলৰ মজিয়াতঅ’ মোৰ আদৰৰ কাপু...তুমিয়েই মিজো-পা।সাৰে আছে তোমাৰ সন্তান বোৰসাৰে আছোঁ আমিবোৰ।বুদ্ধিত বৃহস্পতি, গৰিলা যুদ্ধৰ দুৰন্ত সেনাপতিতুমিয়েই কৰিছিলা খর্ব দিল্লীশ্ব‌ৰৰ গর্বমনত পৰেনে দুৰ্টলাংৰ ঠেক পথস্তব্ধ হৈছিল ছকুৰি সেনাৰ অহংকাৰৰ ৰথ।তোমাৰ বাবেই ধন্য আজি তোমাৰ সন্তানসাহস দিলা, শক্তি দিলা, ‘মৌতম’ৰ পৰা মুক্তি দিলাতোমাৰ দেশ তোমাৰ হৈয়েই থাকিলশান্তিৰ বাটেদি উন্নতিৰে আকাশ ভেদিল।নৰতনু ধন্য তুমি সাহসৰ দুৰন্ত প্রতীক।তোমাৰ দৰেই ওলাইছিল মোৰো দেশৰ অগণন বীৰদুচকুত সানি স্বপ্নৰ আবিৰক্ষমতাৰ বাঘজৰী হাতে লৈ পাহৰিল অংগীকাৰস্বজাতিৰ তেজেৰে ফাকু খেলিল চৌদিশে নৰকংকাল।ভাইক ভাইয়েই বধাৰ অঙ্কীয়া ভাওনাজাতীয়তাবাদৰ অত্যাচাৰত ভাঙি থাকিল জাতিৰ দেওনা ।লালদেংগা...............পাৰা যদি আকৌ উভতি আঁহা অতিৰথীৰ বেশেএবাৰলৈ জন্ম লোৱা মোৰ প্রদেশেশিকাই যোৱা জীৱনৰ অর্থসুৰক্ষিত কৰি যোৱা আমাৰো স্বার্থ।ৰাজনীতিৰ পাশাত মত্ত মোৰ প্রান্তৰ নেতাকো বুজাই দিয়াহিজাতীয়তাবাদৰ মূলমন্ত্র।কিমান দিন থাকিবা আৰু শুইতোমাৰ মিতিৰৰ ঘৰত লাগিছে আজি জুইদুঃখৰ শুৰত শক্তি সঞ্চাৰ কৰাহি এবাৰদেশৰ স্বার্থত দহৰ স্বার্থততোমাৰ বৰ-আইৰ ভাই সকলক জগাই দিবলৈউঠা হে প্রাণৱন্ত বীৰনত হৈছে আজি অসমীয়া জাতিৰ শিৰভাঙি পেলোৱা আজি নিষ্কর্মাৰ জাত্যাভিমানঅসমীয়াক বুজাই দিয়াহি এবাৰ জ্যোতি-বিষ্ণুৰ অৱদান।>ঘনশ্যাম ডেকা, আইজল, ২১-০৩-২০১৫ (ভাল পালে আৰু মন গ'লে শ্বেয়াৰ কৰক)(বিঃদ্রঃ>> মিফেল- ভাল মানুহ, কাপু- ডাঙৰীয়া, পা-দেউতা, মৌতম-মহামাৰী বাঁহ ফুলাৰ পিছত হৈছিল যাৰ বাবে বিপ্লবৰ পাতনি)**********************************************

সহধর্মিণী

-------------------
দীঘল ওৰণিৰে দুখ ঢাকি পদুলিতচোতাল মুখৰিত আজি আয়তীৰ উৰুলিত
মাহ-হালধিৰ গোন্ধত হুমুনিয়াহ বুটলি
আউলি-বাউলি পুৱাৰ ৰ’দালি......

কৈশোৰৰ ফুলনিডৰাত অচিন ভোমোৰাৰ গুণ-গুণ
সেন্দুৰৰ ভিৰত শোকবোৰো উঠলিছে 'দাৰূণ'।
কাকিণী তামোলত টোকোৰাই বাহ সাজে
স্মৃতিবোৰো হেৰাই থাকিল সমাজৰ মাজে।

আগচোতালৰ তুলসী তল শুৱনি হৈয়েই ৰ’ল
নোৱাই ধোৱাই সাজিলে কাঁচিলে বৰ
হোমৰ জুইত জাহ গ’ল অতীত
নাকান্দিবি আই, নাগাবি আৰু বাৰী কোঁৱৰৰ গীত।

এন্ধাৰ পিছলা বাটত
খুপি-খুপি খোঁজ আচিনাকি মৰমৰ মাতত
হিয়াখনি কঁপি উঠে ঠৰ-ঠৰ
হোহঁকা পিছলা সপোনৰ খনিকৰ।

চেলেংৰ বাটে খোজ ধীৰ
সমুখত চালেই দেখি বাসনা অধীৰ।
চকুলো মোহাৰিলেই শোৱনি কোঠা
টোপনিত নিচুকাবলৈ নালাগে আৰু দেউতাৰ ঘোষা।

মৌসনা মাতৰ আঁকৰী মৰমী ভনী
নাইচোন ককাইৰ শাসনৰ দপ-দপনি
ঠাইতেই হেৰাল সাঁচতীয়া যৌৱনৰ দৰ
বোৱাৰী মাতত নিমিষতে সকলো পৰ।

উশাহৰ কোলাহল প্রতি নিশা
ৰাঙলী সূৰুয চৌদিশ প্রেমৰ তৃষা
ঠূনুক-ঠানাক খোজ মাথোন প্রতিদান
চেনাই বুলি বুকুতে হেঁচুকি যাই হেপাঁহৰ অভিমান।।
-----------------------------
বিঃদ্রঃ প্রতি গৰাকী নাৰীৰ বিবাহিত জীৱন সুখময়ৰ হোৱাৰ কামনাৰে, ঘনশ্যাম ডেকা, ০১-০২-২০১৫, আইজল।




ভ্যালেন্টাইন আৰু নগৰীয়া ছোৱালীজাক 


এই,............
নগৰীয়া সুন্দৰী জাক!
এবাৰ মাত্র ভাল পাই চাবি নেকি?
ধদুৱা ল’ৰা বুলি নকৰিবিচোন লাজ
এদিনৰ বাবেই হেনো তই সাঁচিছ প্রেমৰ এইযোৰ সাজ।
গাঁৱৰ ভোদা মই অকৰা-অজলা নাজানো চহৰৰ ঢঙ
ৰাতিৰ ভিতৰতে সলাবও নাজানো প্রেম ভাল পোৱাৰ ৰঙ।
তইতো জান কেৱল গোলাপ এপাহি ফুল
তাৰবাবেই খেদাইছ ভালপোৱাৰ জাতি-কূল
চাবিচোন চাবি !!!
পলাশ-মদাৰ-শিমলুৰ ফুলিছে ফুল...
ৰাঙলী ফাগুনৰ বতাহজাক অনুভৱ কৰিবিচোন কাহানিবা
শীতৰ হুমুনিয়াহ নেওঁচি আগচি ধৰিবিচোন পছোৱাজাক।
পাৰিবি জানো তই ফাগুনবুলীয়া উন্মনা জুই একুৰা হ’ব?
তইচোন নগৰীয়া ছোৱালী।।।
এই নগৰৰ ছোৱালী.........
তই মাইকেল-মেডোনাৰ হিপ্-হপ্ নাচিব পাৰ
য়ো য়ো হনী সিং বুলি নিলাজ সাজেৰে
চেদেলি-ভেদেলিকৈ সস্তীয়া ভাঁজেৰে
ৰঙীন হৈ জাঁপ মাৰিবও পাৰ।
এই আধুনিকাৰ জাক 
এইবাৰ আমাকো ভাল পাব পাৰ।
কাঢ়া ইস্ত্রিয়ে ভিৰ নকৰা পোঁছাকত নাপাবি যে পছন্দৰ সুৱাস
উদং নোমাল বুকুত মুৰ গুজিবি 
নালাগে খেপিয়াব অবতৰীয়া আন্ধাৰৰ নিবাস।
ভাল পোৱাৰ ঝংকাৰত চিলমিল টোপনি যাবি
সাঁৰ পালেই নিবিচাৰিবি প্রেমৰ তেজৰঙী গোলাপ।
আমি নাজানো ভ্যালেন্টাইন মানে কি?
আমি নাজানো বাইকার্চৰ উতনুৱা স্টাইল
বেঁকাকে চাই হাই-বাই কৰি দিবও নোৱাৰো স্মাইল।
ঢিলা পেন্টৰ লগত শিকলি ওলমাই ভৰি চোঁচৰাব নাজানো আমি
বিদেশী মোবাইল লৈ মেগাপিক্সেলৰ হিচাপো কৰিব নোৱাৰা আমিবোৰ।
বোবা বেঙা আপদিয়াৰ জাক।
ইংৰাজী হিন্দীৰ খিচিৰি ভাষাৰে ষ্টেটাচ আপডেট
কৰিব নাজানো আমি 
সেইবাবেই আমি জানো প্রেম নকৰিম? 
আই লাভ ইউ নকলেও পাৰ হ’ব এটি প্রেমৰ দিন।
এই.....................
বেয়া নাপালে ওলাবি আজি মোৰ লগত
আমাৰ গাৱঁৰ সভালৈ যাম
বাৰে ভুচৰি খানা বাদ দি দাল-বুত, পাপড় চানাচুৰ চোবাম
হিকটি আহিলেও আহক, একেলগে বহি
আঘোনা কাইৰ দোকানত পিয়াজ জলকীয়া মিহলি ঘুগুনিও খাম। 
১৪ তাৰিখ মানেই হেনো প্রেমৰ উৎসব ভাল পোৱাৰ দিন
নাজানো নুবুজো প্রেমৰ বাবে তহত জাকক কিয় লাগে এটি মাথো বিশেষ দিন।
এদিনৰ বাবেই উঠে নেকি তহঁতৰ প্রেমৰ দেওলগা জ্বৰ (?) 
ভুচুংপহু হ'লেও এইবেলি পাতিম বিয়াখনি সাজিবলৈ হেপাঁহৰ ঘৰ
তই নাহিলে নপৰিব এইবাৰ অমুকাৰ ঢোলত চাপৰ।
(তোৰ)ভ্যালেন্টাইনৰ শপত! আহিবি তই
ৰৈ থাকিম পদুলিতে মই ।
ভমকাফুলীয়া গামোচা নালগে ব'ব
এটি মাথো চুটি 'SMS' পঠিয়ালেই হ’ব।




(***আমাৰ বাবে ১৪ তাৰিখে পালন কৰা দিৱস মানেই শিশুদিৱস, মাহটো যেনিবা নভেম্বৰ: ঘনশ্যাম ডেকা, ০৬/০২/১৫)


2 comments: