আপোনাৰ বাবেই শব্দৰ সম্ভাৰ
অভিধানৰ পাতে-পাতে বিচাৰিছো
প্রিয় গায়কৰ বাবে বাছকবনীয়া এমুঠি শব্দ।
জানেনে জুবিনদা
মনত 'হৰদম' বাজি থাকে আপোনাৰ কণ্ঠ
মায়াবিনী ৰাতিৰ মায়াত উন্মাদ
কলেজীয়া দিনবোৰ
ৰুমালৰ ভাঁজত
আঙুলি কাটি লিখা হিয়াৰ পত্রবোৰ
নীলাঞ্জনা অনামিকাহতৰ কথাবোৰ
আৰু যে কত কি......
নিঃসন্দেহে আপুনি প্রিয় শিল্পী
এটি দুৰ্দান্ত সুৰৰ চিৰসেউজ কবিতা।
ভুপেনদা, খগেনদা, আৰু বহুজনৰ নিচিনা
অন্যতম আপুনিও বিদগদ অসমীয়া।
তথাপি উচপ খাই উঠিলো সিদিনা
আপোনাৰ জাতীয় সংগীতৰ ভিৰত
পেপুৱা লাগিল মোৰ কবিতা
মোৰ চিকুণী দেশৰ সুৱদি সুৰত
নালাগে বাজিব প্রিয় কণ্ঠৰ সংগীত
মাতাল নিশা বেসুৰা নকৰিব
স্বজাতিৰ অভিমান।
জুবিনদা
পাঠশালাৰ পৰা পেৰিচলৈ
সকলোতে বজাই যাওক শালীনতাৰ সুৰ
গীতাৰৰ স্পন্দনত পাৰিলে গাওক
দেশৰ গান
জাতিৰ গান......
মায়াবিনী ৰাতিৰ অনুভৱত
আৰু নালাগে ধুমুহাৰ ‘বিট্’
'লাইটপোষ্ট' বগাই মুধচ পালেই গাব পাৰি জানো
শতিকাৰ শ্রেষ্ঠ গীত !!
বাগৰি-বাগৰি চিঞৰিলেই জানো সৃষ্টি হয়
হিয়াৰ আমঠু যেন একোটি সুমধুৰ সংগীত......।।
ভুল নুবুজিব জুবিনদা
কৈ দিলো আজি মনৰ বহু কথা।
প্রিয় গীতৰ অমৰ স্রষ্টা
আপোনাৰ বিতর্কৰ বাবে মনত লাগে ব্যথা।।
প্লিজ...............
উন্মত্ত এজাক চেঙেলীয়াৰ হাত চাপৰিত
পাহৰি নাযাব মূধাফুটা কণ্ঠৰ ব্যাপ্তি।
বৰদানত বিলীন হৈ নাযায় সকলো
সময়ৰ নিষ্ঠুৰ আহ্বানত ভাল-বেয়াবোৰ
ইতিহাসৰ পাতত থাকি যাব চিৰদিনলৈ।।
প্রিয় গায়কৰ বাবে বাছকবনীয়া এমুঠি শব্দ।
জানেনে জুবিনদা
মনত 'হৰদম' বাজি থাকে আপোনাৰ কণ্ঠ
মায়াবিনী ৰাতিৰ মায়াত উন্মাদ
কলেজীয়া দিনবোৰ
ৰুমালৰ ভাঁজত
আঙুলি কাটি লিখা হিয়াৰ পত্রবোৰ
নীলাঞ্জনা অনামিকাহতৰ কথাবোৰ
আৰু যে কত কি......
নিঃসন্দেহে আপুনি প্রিয় শিল্পী
এটি দুৰ্দান্ত সুৰৰ চিৰসেউজ কবিতা।
ভুপেনদা, খগেনদা, আৰু বহুজনৰ নিচিনা
অন্যতম আপুনিও বিদগদ অসমীয়া।
তথাপি উচপ খাই উঠিলো সিদিনা
আপোনাৰ জাতীয় সংগীতৰ ভিৰত
পেপুৱা লাগিল মোৰ কবিতা
মোৰ চিকুণী দেশৰ সুৱদি সুৰত
নালাগে বাজিব প্রিয় কণ্ঠৰ সংগীত
মাতাল নিশা বেসুৰা নকৰিব
স্বজাতিৰ অভিমান।
জুবিনদা
পাঠশালাৰ পৰা পেৰিচলৈ
সকলোতে বজাই যাওক শালীনতাৰ সুৰ
গীতাৰৰ স্পন্দনত পাৰিলে গাওক
দেশৰ গান
জাতিৰ গান......
মায়াবিনী ৰাতিৰ অনুভৱত
আৰু নালাগে ধুমুহাৰ ‘বিট্’
'লাইটপোষ্ট' বগাই মুধচ পালেই গাব পাৰি জানো
শতিকাৰ শ্রেষ্ঠ গীত !!
বাগৰি-বাগৰি চিঞৰিলেই জানো সৃষ্টি হয়
হিয়াৰ আমঠু যেন একোটি সুমধুৰ সংগীত......।।
ভুল নুবুজিব জুবিনদা
কৈ দিলো আজি মনৰ বহু কথা।
প্রিয় গীতৰ অমৰ স্রষ্টা
আপোনাৰ বিতর্কৰ বাবে মনত লাগে ব্যথা।।
প্লিজ...............
উন্মত্ত এজাক চেঙেলীয়াৰ হাত চাপৰিত
পাহৰি নাযাব মূধাফুটা কণ্ঠৰ ব্যাপ্তি।
বৰদানত বিলীন হৈ নাযায় সকলো
সময়ৰ নিষ্ঠুৰ আহ্বানত ভাল-বেয়াবোৰ
ইতিহাসৰ পাতত থাকি যাব চিৰদিনলৈ।।
ঘনশ্যাম ডেকা, আইজল, ২৪/০৫/২০১৫
No comments:
Post a Comment