আই
.....................
তোৰ বাবেই যতনাইছো শব্দবোৰ
ধুনীয়া নহয় যদিওবা
তথাপি হেঁপাহৰ এপাচি সুৰীয়া ছন্দ
তই কোৱা সাধুবোৰৰ দৰেই।
চোতালত বাগৰি বাগৰি শুনা সাধুবোৰ
ভক্ত ধ্রুব, বাৰী কোঁৱৰ, তেজীমলা আদিবোৰ
শৰৎ নিশাৰ নিষুপ্তি পৰৰ গীতবোৰ
জোনলৈ আঙুলি টোৱাই বেজি বিচৰা মূর্ছনা
তোৰ ভোঁকৰ ভাত গৰাহ মোক খুৱাই দিয়াৰ কল্পনা
সকলোতে বিচাৰি ফুৰো তোৰ ভৰিৰ ছাপবোৰ।
পিতাৰ গালিবোৰত থৰকাচুটি হেৰাই দিয়া দৌৰ
আঁচলেদি মেৰিয়াই তোৰ বুকুত লুকুৱাই লোৱা আব্দাৰ
তই মোৰ মমতাৰ সাগৰ, প্রেমৰ বিশাল আকাশ।
তোৰ বাবে আজি নাই শব্দৰ প্রকাশ......
বাতানুকূল কোঠাত নোসোমাই তোৰ হুমুনিয়াহ
সুউচ্চ অট্টালিকা বগাব নোৱাৰে তোৰ আর্তনাদে
ধুমুহাৰ ৰাতি দুৱাৰত পিৰা পাৰি এইবাৰো গাবি
‘বাতেহি আই মোৰ বাপাক কুশলে ৰাখ’......
তই উৰুখা পঁজাত জোনাক সাবটি থাক!
নামাতিবি এইবেলি বিহুত ব্যস্ত আজি চহাৰ পো
মানুহজনীয়ে সহিব নোৱাৰে গাৱঁৰ বোকাৰ গোন্ধ
তহতৰ গাৱঁলীয়া ভুতবোৰৰ মৰমৰ অতপালিত
ৰুগীয়া হব খোজে মনৰ আভিজাত্যবোৰ
মহঙা পোঁছাকযোৰৰ ৰঙবোৰ।
আই, মোৰ হৃদয়ত এবুকু ব্যথা।
আমনি নকৰিবি কৈ কৈ অভাবৰ কথা
ভনীজনীক উলিয়াই দিবলৈ আছে পিতাৰ দিনৰ মাটি দুপুৰা
জানিচনে তই......অভাবী মই আজি চৌদিশৰ পৰা!!
ৰাতিৰ ৰঙীণ আলোকৰ নগৰীত নুশুনো
চিনাকি চিঞৰবোৰ, গৰখীয়াৰ বাঁহীৰ মোহিনী সুৰ
গিলাচৰ ভিন্নৰঙী পানীয়ৰ ভিৰত ডিঙিতেই শেষ আজি
বুকুভঙ্গা কান্দোনবোৰ......
মোৰ বাবে নালাগে অশ্ৰুবাৰি
মই নুবুজো তোৰ মোচাবিদাৰ কথাষাৰি।।
নিচুকনি গীত নাগাবি আৰু
মোৰ টোপনিয়াবলৈ নিচাই বাৰু।
ভুল নুবুজিবি আই, কি বুলি বুজাম তোক
যন্ত্রণাৰ জুই একুৰাই প্রতিনিয়ত তপতাই মোক
এপিঠি-দুপিঠি পুৰিল চাৰিপিঠি
পাহৰিলোচোন আজি পিতাৰ মৃত্যুতিথি।।
সন্তাপৰ চকুলো বোৱাবলৈ মাতিবিনে
আৰু মাথোন এবাৰলৈ মোক
জানোচা পুতাইৰ অহশ্মম হেৰাই ভাল পায় তোক
তোৰ চেনেহৰ আঁচল পালেই
হেৰায় জানোচা সাঁচি ৰখা এনদী শোঁক.........।

(মোচাবিদা-দিহা-পোহা, দিহা-যুগুতি; অহশ্মম-মই আৰু মোৰ ভাৱৰ পৰা ওপজা অহঙ্কাৰ)
ঘনশ্যাম ডেকা, আইজল, ০৪/০৫/১৫
ঘনশ্যাম ডেকা, আইজল, ০৪/০৫/১৫
No comments:
Post a Comment