Monday, 10 April 2017

ডাম্পাই ৰিঙিয়াই


 (খণ্ড-১)


সিদিনা ভাতৃসম বন্ধু পল্লৱজ্যোতি কোঁৱৰে প্ৰস্তাব এটা প্ৰস্তাৱ দিলে । বোলে “ডেকাদা, ওলাওক মামিট ফুৰিবলৈ যাওঁ ৷ সকলো খৰচ মোৰ ।” ইণ্টাৰ কলেজ চলি আছিল বাবে এসপ্তাহৰ বাবে মইও মোটামুটিকৈ ফ্ৰী ৷ এসপ্তাহৰ বাবে মোৰো বন্ধৰ নিচিনা আছিল ৷ মামিট যোৱাও নাই ।ডাম্পা টাইগাৰ ৰিজাৰ্ভ চোৱাৰ বাসনা এটাও আছিল । গতিকে বেছি চিন্তা নকৰাকৈ যাম বুলিয়েই কৈ দিলো ৷ বুধবাৰে যোৱাৰ দিন ঠিক কৰিলোঁ ৷ গাড়ীখনৰ ব্ৰেক আদি আগদিনাখনে টানি-টুনি ঠিক কৰি থলো ৷ চাৰিদিনিয়া কাৰ্যসূচীৰ জোখাৰে কাপোৰ-কানি লৈ সাজু হ'লো ৷ বতৰ ফৰকাল আছিল বাবেই ৰেইনকোট আৰু জেকেট লবলৈ মন নাছিল ৷ তথাপি মিজোৰামৰ অভিজ্ঞতাই লবলৈ জেদ ধৰিলে মনতে ৷ লৈ ল'লে কি আহে যায় ভাবত জেকেটটো পিন্ধি ল'লো আৰু ৰেইনকোটজোৰ ওলোমাই দিলো পিছফালে ৷ 
দিনৰ প্ৰায় এঘাৰমান বজাত আইজলৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ ৷ দুই বন্ধুৱে গ্লেমাৰত গ্লেমাৰৰ হৈ ওলালো মামিটৰ অভিযানত ৷ এইখিনিতে মামিট চহৰৰ থুলমূলকৈ বৰ্ণনা দিওঁ ৷ মামিট মিজোৰামৰ উত্তৰ পশ্চিম দিশত অৱস্থিত এখন ডাঙৰ জিলা ৷ জিলাৰ পশ্চিমত ত্ৰিপুৰা আৰু বাংলাদেশ, উত্তৰে অসম, পূবে আইজল জিলা আৰু দক্ষিণলৈ গ'লে লুংলেই জিলা পোৱা যায় ৷ মামিট চহৰ জিলাৰ একমাত্ৰ সদৰ ৷ আইজলৰ পৰা প্ৰায় ৯৬ কিলোমিটাৰ দুৰত্বত অৱস্থিত এখন সৰু চহৰ ৷ ৪৪ নং হাইৱে হৈ যাব লাগে ৷ মামিটৰ সা-সুবিধাও তেনেই সীমিত ৷ 
দুৰত্বহে ৯৬ কিমি, কিন্তু সেইখিনি অতিক্ৰম কৰিবলৈ চুমোৰে প্ৰায় চাৰে-চাৰিঘণ্টামান লাগে ৷ গতিকে ৰাস্তাৰ অৱস্থা সহজেই অনুমেয় ৷ ইয়াৰ লগতে অঁকোৱা-পঁকোৱা ৰাস্তাই গাড়ীৰ গতি সীমিত কৰিবলৈ বাধ্য কৰায় ৷ বাইকত গ’লে অৱশ্যেই কিছু সময় ৰাহি হয় । তাতে আকৌ অমুকাৰ বাইক চালনৰ কেপাকিটি অলপ নথকা নহয় । পিছে যাত্ৰাৰ আৰম্ভণিতেই লাগিল কেণা ৷ আইজলৰ ডিপোবোৰত পেট্ৰোল নাছিল ৷ কিছুদুৰ গৈ এঠাইত খোলাকৈ বটলত বেচা পেট্ৰোল এশ টকাৰ ভৰাই আগবাঢ়িলো ৷ লক্ষ্য এয়াৰপোৰ্টৰ পেট্ৰোল ডিপো ৷ সচৰাচৰ তাত পেট্ৰল পোৱা যায়েই । কিন্তু আমাৰ কপাল বেয়া আছিল ৷ ডিপোত নাই নাইয়েই, আনকি ৰাস্তাতো কতো পেট্ৰোল নাপালোঁ ৷ মামিট গৈ পোৱালৈকে বাইক ৰিজাৰ্ভত লাগিছিল ৷
মামিট চহৰত এটাও পেট্ৰোল ডিপো নাই বুলিলে বহুতেই চাগে বিশ্বাস কৰিবলৈ টান পাব ৷ সেয়াই সত্য ৷ যেনেতেনে ৪০০ টকাৰ তেল ব্লেকত ভৰাই ৰাতি কটাবলৈ ট্যুৰিষ্ট ল'জ পালোঁ ৷ এইখিনিতে আমাৰ যাত্ৰাৰ উদেশ্য ব্যাখ্যা কৰি থওঁ ৷ পল্লৱ জ্যোতি কোঁৱৰে চাকৰি কৰে চেনছাছত ৷ বছৰি তেওলোকে কিছু চেম্পল চাৰ্ভে কৰিব লাগে ৷ এই কামত মামিট জিলাৰ নিৰ্বাচিত কেইটামান অঞ্চলৰ (মামিট, বংভা, লাল্লেন) জনসংখ্যাৰ কিছু তথ্য সংগ্ৰহ কৰিবলৈ আমাৰ এই যাত্ৰা আছিল ৷ যোৱাৰ দিনাই তাৰ স্থানীয় এজনক মামিটৰ নিউ-টাউনৰ তথ্য সংগ্ৰহৰ দায়িত্ব দিয়ে ৷ আনহাতে পিছদিনা আমি নিজেই ওলালোঁ বংভালৈ ৷
মিজোৰাম-ত্ৰিপুৰা সংযোগী হাইৱেদি মামিটৰ পৰা সোতৰ কিমি গ'লে বংভা গাঁৱ পোৱা যায় ৷ গাঁৱখনত মুঠতে ১৮৯ ঘৰ মানুহ ৷ গাঁৱবাসীৰ বেছিভাগেই ৰিয়াং (ব্ৰু) ৷ নগণ্য সংখ্যক মিজো আৰু দুঘৰ মুছলিম ৷ গৈয়েই গাঁৱৰ অংগণৱাদী কেন্দ্ৰত বহিলোঁ ৷ বেছিভাগ কাম তাতেই শেষ হ'ল ৷ তথ্যৰ অভাৱত দুঘৰমানৰ ঘৰে ঘৰে যাব লগা হ'ল ৷ কোঁৱৰে নতুন বংভা আৰু মই পুৰনি বংভালৈ গ'লো তথ্য সংগ্ৰহৰ বাবে ৷ এইখিনিতে ৰিয়াং গাঁৱদুখনৰ কথা অলপ কৈ থওঁ ৷ ৰিয়াংসকল এতিয়াও মিজোৰামত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ৷ এওলোকে বহু ঘাত-প্ৰতিঘাতৰ পিছতহে ত্ৰিপুৰাৰ পৰা উভতি আহি মিজোৰামৰ স্থায়ী বাসিন্দাৰ অধিকাৰ পাইছে ৷ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অতি বেছি ৷ অৰ্থনৈতিকভাৱেও তেনেই অনগ্ৰসৰ ৷ বাঁহেৰে সঁজা চাঙঘৰত পৰিয়ালৰ আটাইবোৰ লোক একেলগেই শোৱে ৷ প্ৰতিঘৰতে গড়ে প্ৰায় পাঁচটাকৈ শিশু ৷ এতিয়াও পুৰুষ মহিলাৰ বিশেষ প্ৰভেদ নাই ৷ লাজৰ তীব্ৰতাও নাই বৰাবৰ ৷ দিন দুপৰতে টেটুলৈকে ৰক্সি (দেশীয় সুৰা) গিলি বেছিভাগ মতাই পৰি থকা দেখিলোঁ ৷ 
কোলাই বোকোচাই পোৱালী লৈ তিৰোতাবোৰে বিভিন্ন কামত মগ্ন ৷ কামৰ আৰু কাপোৰৰ লাগ-বান্ধ নাই । তিৰোতা ছোৱালীবোৰে মুকলিতে গা ধুই আছে । দেহত নামমাত্র বস্ত্ৰ ৷ অচিনাকি মানুহ দুজনক দেখিও বৰ বিশেষ পাত্তা দিয়া নাছিল । আমি যিবোৰ কথাত বৰকৈ হুলস্থুল কৰো তেওলোকে বিশেষ কিবা বুলি নাভাবে যেনেই বোধ হয় ৷ বৰ কমবয়সতে মাক হোৱা ছোৱালীবোৰ দেখি চৰকাৰী আঁচনিবোৰৰ নাম মনতে আওৰাইছিলোঁ । পিছে তিৰোতাসকলৰ কথন আৰু ভাৱ ভংগী দেখি মনতে ভাৱ হ’ল যে তেওলোকে যিয়ে যিমান পাৰে জন্মহে দিব । বাকী কথা যেন সম্পূৰ্ণ বাদ । আটাইতকৈ বয়সীয়া মাতৃগৰাকীৰ বয়স ৪২ বছৰ আৰু কমবয়সীয়া জনীৰ বয়স ১৬ বছৰ পাইছিলোঁ (চেনছাক দিয়া তথ্যমতে) । বেছিভাগ লোকেই হিন্দি আৰু বেংগলী (চিলেটীয়া) বুজি সুন্দৰকৈ পায় আৰু অলপ অচৰপ কবও পাৰে ৷ কথিত ভাষা ব্ৰু ৷ সামান্যভাবে ছাকমা ভাষাৰো প্ৰভাৱ পৰিলক্ষিত হৈছিল ৷ 
দিনৰ তিনিমান বজাত তথ্য সংগ্ৰহৰ কাম সামৰি আমি মামিটলৈ উভতিলো ৷ অপৰিস্কাৰ আৰু অস্বাস্থ্যকৰ পৰিবেশৰ বাবেই চাগে বহুত অনুৰোধ কৰাৰ পিছতো কাৰো ঘৰতেই একো নাখালোঁ ৷ সৌজন্যতাৰ খাতিৰত অংগণৱাদী কেন্দ্ৰৰ কৰ্মী গৰাকীৰ ঘৰত আধাকাপ আধাকাপ ৰঙা চাহ খাইছিলো ৷ আহোতে ৰাস্তাৰ দাতিত যাওতে দেখি যোৱা Palm Garden ত অলপ জিৰালোঁ ৷ দুকপিমান ফটো উঠি মামিট আহি পোৱালৈকে পেটৰ ভোকে তীব্ৰৰূপ ধাৰন কৰিছিল ৷ আহিয়েই দৌৰ মাৰিলো ল'জৰ ডাইনিং হ’ললৈ ৷ ৰান্ধনীৰ সহায়িকা বিয়াকিয়ে কিবা লাগে নেকি সুধিলে । আমি বোলো ভোক লাগিছে, কি আছে আন । কিবা অনাৰ সলনি তাই আমাৰ ফালে চাই মিচিকাই হাঁহিলে । তাই হাঁহি মাৰি ক’লে কিচ্ছেনত তেতিয়ালৈ সকলো শেষ । তাইৰ ভুৱন-ভুলোৱা হাঁহিত ভোক অলপ কমা যেনেই লাগিছিল । শেষত যেনিবা তাইক টানি অনুৰোধ কৰাত চাহ আৰু পকৰি বনাই দিম বুলিলে । বিয়াকিৰ হাতৰ সেই চাহ কাপ আৰু পকৰিখিনি খোৱাৰ মজা আমাৰ বাদে কোনেও নুবুজিব চাগে!! 



মামিটৰ সকলো কাম সামৰি শুক্ৰবাৰে ৰাতিপুৱাই ওলালোঁ পশ্চিম ফাইলেং (West Phaileng) অভিমুখে । পঃ ফাইলেং মামিট জিলাৰ তিনিটা উন্নয়ন খণ্ডৰ ভিতৰত এটা । পঃ ফাইলেং একমাত্ৰ চহৰ । সৰু মফচলীয় চহৰ যদিও মামিটতকৈ উন্নত যেনেই বোধ হ’ল । আচলতে মামিটৰ তুলনাত এইখন চহৰৰ সা-সুবিধা আৰু ৰাস্তা ঘাটবোৰ অলপ উন্নত । মিজো, ৰিয়াং, মাৰ, চাকমা, আৰু আঙুলিৰ মূৰত লেখিব পৰা বঙালী লোক এই চহৰৰ বাসিন্দা । 
 আইজলৰ পৰা মামিটলৈ যাওতে টুট্ নদীখন পাৰ হৈ নাতিদূৰ গ’লেই ইংৰাজী Y আখৰৰ দৰে তিনিআলি এটা পোৱা যায় । এই ৰাস্তাৰে সোঁফালে গ’লে মামিট চহৰ আৰু বাওঁফালে গ’লে পঃ ফাইলেং পোৱা যায় । মামিটৰ পৰা ফাইলেঙৰ দুৰত্ব প্ৰায় ৪৮ কিমি । মামিটৰ পৰা আহোতে বেছিভাগ সময় নামনিমুৱাকৈ আহিছিলো বাবেই ইঞ্জিনৰ ষ্টাৰ্ট বন্ধ কৰি তেল ৰাহি কৰি আহি আছিলোঁ । পঃ ফাইলেং পাবলৈ মুঠতে আঢ়ৈঘণ্টামান লাগিল । গৈয়েই চিধা ব্লকৰ গেষ্ট হাউচলৈকে গ’লো । তাতে বৱলি নামৰ মহিলা এগৰাকীয়ে আমাৰ বাবে এটা কোঠা আগতীয়াকৈ ঠিক কৰি থৈছিল । তাই আমাক দেখিয়েই আথেবেথে আগুৱাই লৈ গ’ল । 
ব্লকৰ গেষ্ট হাউচৰ উপৰিও ট্যুৰিষ্ট ল’জ আৰু পি ডব্লিউ ডিৰ বাংলো এটাও আছে । পৰ্যটকৰ বাবে কম খৰচতে ৰাতি কটোৱাৰ ব্যৱস্থা বুলিবলৈ এই তিনিটা উল্লেখযোগ্য আৰু বিশ্বাসযোগ্য ঠিকনা। আচলতে পঃ ফাইলেং হৈছে মাৰপাৰা আৰু ৰাজীৱনগৰলৈ সংযোগী পথৰ এখন ক্ষুদ্ৰ চহৰ । চহৰ বুলিলেও কিন্তু ট্ৰেফিক পুলিচ, শ্বপিঙ মল আদি নোহোৱা চহৰ । গতিকে পাঠকে সহজেই অনুমান কৰিব পাৰে পঃ ফাইলেঙৰ পৰিসৰ । পঃ ফাইলেং ডাম্পা ৰিজাৰ্ভলৈকে যোৱাৰ পথত দুৱাৰমুখ বুলিবও পাৰি । 
আমি গেষ্ট হাউচত বেছি দেৰি নকৰি প্ৰথমেই ওলালোঁ লাল্লেন গাৱঁলৈ । আচলতে লাল্লেন পিছদিনা যোৱাৰ কথা আছিল যদিও তাত কাম বৰ বিশেষ নাছিল বাবে অহাৰ দিনাই কাম সামৰি আজৰি হ’বলৈ মনস্থ কৰিলোঁ । গেষ্ট হাউচত বস্তু-বাহানি ৰাখি লাল্লেনলৈ ওলালোঁ । লাল্লেনৰ দুৰত্ব প্ৰায় সোতৰ কিমি । এইচোৱা পথ মসৃণ আছিল । আচলতে লাল্লেন গাঁৱ মাৰপাৰাৰ ৰাস্তাত অৱস্থিত এখন বৃহৎ গাৱঁ । মুঠতে ১৫৭ ঘৰ মানুহ আছিল । আমাৰ কাম আছিল ২০১৫-১৬ বৰ্ষত হোৱা জন্ম মৃত্যুৰ খবৰ গোটোৱা আৰু নতুনকৈ জন্ম হোৱা শিশু সকলৰ নাম সংগ্ৰহ কৰা । গোটেই কামখিনি সামৰিবলৈ এঘণ্টামানহে লাগিল । আচলতে যিজন মানুহ এই কামৰ দায়িত্বত আছিল তেও গোটেই কামখিনি বৰ নিয়াৰিকৈ কৰি থৈছিল । গতিকে আমাৰ কোঁৱৰ চাহাবৰ কাম সমাধা কৰিবলৈ তেনেই উজু হৈছিল । 
লাল্লেনৰ পৰা ঘূৰি অহাৰ পিছতেই আমাৰ চৰকাৰী কাম শেষ হয় । পিছদিনা ৰাতিপুৱা ডাম্পা ব্যঘ্ৰ বনাঞ্চল (Dampa Tiger Reserve) চাই ধীৰেশাঁতে অাইজল উভতি যোৱাৰ ঠিৰাং কৰিলোঁ । বৱলিক ডাম্পা কিমান দুৰ সোধোতে তললৈ এখন পাহাৰ আঙুলিয়াই দেখুৱালে । সেইয়াই ডাম্পা । আচলতে পঃ ফাইলেং মানেই ডাম্পা অঞ্চলৰ আৰম্ভণি । 
আবেলি চহৰলৈ ফুৰিবলৈ ওলাই গ’লো । তাতে গৈ পেট্ৰল বিচাৰিলোঁ । কিন্তু নাপালোঁ । মামিটত ভৰোৱা চাৰিশ টকাৰ তেল শেষৰ তিনিটা দাগত লাগিছিল । বেছি চিন্তা কৰা নাছিলোঁ । যি হয় হব বুলি ভাবি প্ৰথমে খোৱাৰ বাবে হোটেল বিচাৰিলোঁ । আচলতে আমি থকা অতিথিশালাত খোৱাৰ বিশেষ ব্যৱস্থা নাই বুলিবই পাৰি । ছুৱাৰপুই বুলি যিগৰাকীয়ে চোৱাচিতা কৰে তেওঁৰ ঘৰত অৰ্ডাৰ কৰিলে সামান্য কিবাকিবি পোৱা যায় । কিন্তু ওচৰতে বেংগলী হোটেল থকা বুলি জানি খাৰ খোৱা জীভাই নামানিলে । মিজোৰ পাকঘৰত আকৌ বইলহে পোৱা যায় । লগতে মাছ মাংস ৰান্ধিলে খাবলৈও অলপ লেঠা হয় ।

পঃ ফাইলেং গৈ এজন অনা-মিজো মানুহক সুধিলোঁ বেংগলী হোটেলখনৰ কথা । তেওঁ দেখুৱাই দিলে । সেইমতেই গৈ এখন আণ্ডাৰগ্ৰাউণ্ড হোটেলৰ ভিতৰত সোমালোঁ । হোটেলত সোমায়েই কিবা লাগি গ’ল । বৰ লেতেৰা আছিল হোটেলখন । ঘিটমিটীয়া আন্ধাৰত ১০০ ৱাটৰ দুটা মলিয়ন বাল্ব জ্বলি আছিল । দুখন সৰু সৰু খিৰিকি । অপৰিপাটি চকী মেজ । এজন নিমাত বঙালী দোকানী, তেওঁৰ কথকী চাকমা তিৰোতা, এটা কলা ভতুৱা কুকুৰ আৰু দুজনী খিল্-খিল্ কৰি হাঁহি থকা চাকমা গাভৰু । মুঠতে দোকানত সোমাই চেণ্টুদা আৰু অপুৰ কাহিনী মনত পৰি গ’ল । প্ৰথমে দুকাপ চাহৰ অৰ্ডাৰ দিলোঁ । সোৱাদ কি হয় চাবলৈকে অৰ্ডাৰ দিলোঁ ।
ইতিমধ্যে এজনীয়ে মোক ঘনাই চাব ধৰিলে । একে আষাৰে কবলৈ হ'লে তধা লাগি চাইছিল ৷ পিছলৈ তাইৰ চাৱনি দেখি নিজকে কিবা চেঙেলীয়া ডেকা যেন লাগিব ধৰিলে । চাহ আহিল । খালোঁ । চাহকাপ বেচ জুটিৰ হৈছিল । চাহৰ মাজে মাজে দোকানৰ মালিকৰ লগত কথাও হ’লো । মানুহজনৰ ঘৰ হাইলাকন্দিত বুলি গম পালোঁ । মানুহজনে আমাক অসমৰ বুলি জানি বৰ খাতিৰদাৰী কৰিছিল । হোটেলত ৰাতিৰ সাঁজৰ বাবে অৰ্ডাৰ কৰি অলপ ওলাই গ’লো । তেতিয়া সন্ধ্যা লাগিছে মাত্ৰ । ইফালে সিফালে অলপ ঘুৰিলোঁ । সাত বাজি যোৱাৰ লগে লগে খাদ্য গ্ৰহণৰ বাবে উভতি আহিলোঁ ।
আমি সোমোৱাৰ আগতেই তাত ৰাজীৱ নগৰৰ পৰা শিলচৰ অভিমুখী এখন চুমো আহি সোমাইছিল । লাহে লাহে গম পালো যে হোটেলখন দেখিবলৈ সৰু যদিও নিৰ্দিষ্ট সংখ্যক ক্ৰেতাই সদায় ভিৰ কৰে । মালিক যদিও ইছলাম ধৰ্মালম্বী তেওৰ হোটেলত সেই ৰাস্তাৰে অহা-যোৱা কৰা হিন্দু আৰু চাকমা সকলেও খায় । আমি যোৱাৰ লগে লগে মালিকে আমাক চুকৰ টেবুল এখনত বহিব দি নিজেও চকী পাৰি ললে । আমাৰ খাদ্য সম্ভাৰৰ লগত জলকীয়া বতা, আমৰ আচাৰ, কেঁচা পিয়াজ, অৰু লাওৰ পাত বইল কৰা স্পেচিয়েল আহিল । সেইবোৰ ফ্ৰী আছিল আমাৰ বাবে ৷ আমাৰ ভাতৰ থাল দুখনো দুবাৰকৈ ধুই মচি দিলে । নাজানোঁ আমাৰ বাবে কিয় ইমান মৰম উপজিল । আমি খাই শেষ নকৰালৈকে মালিকে ইটো দিও, সিটো দিও কৰি থাকিল । বাকী কাষ্টমাৰক পাত্তাই দিয়া নাছিল । একদম খান্দানী আপ্যায়ন যেন লাগিল । মাজে মাজে আকৌ দুই সুন্দৰীৰ খিল্-খিল্, আৰু কলা কুকুৰটোৰ গেঙণি । মানুহটোৱে আমাক নিমন্ত্ৰিত আলহীক এসাজ খুৱাইছিল যেনহে লাগিছিল । খাই বৈ গেষ্ট হাউচলৈ আহোতেও তেওঁৰ ব্যবহাৰ আৰু কথাই মনত চিন্তাৰ খোৰাক জগাইছিল ।
পিছদিনা ৰাতিপুৱাই গেষ্ট হাউচৰ পৰা ওলালোঁ । দুজন মানুহে এৰাতি থাকিলোঁ । বিল হৈছিল মাত্ৰ তিনিশ টকা । আচৰিত হৈছিলোঁ । আহিয়েই এম এচ্ হোটেলত চাহ দুকাপৰ অৰ্ডাৰ কৰিলোঁ । মানুহজন তেতিয়া দোকানত নাছিল । তেওৰ কথকী ঘৈণীয়েক আৰু ঘনাই চোৱা গভৰুজনী বহি আছিল । তাইৰ নামটো সুধিলোঁ । নাম প্ৰিতিৰাণী । যেনে নাম তেনে মৰমিয়াল তাই । পিছে গাভৰু বুলিছিলোঁ যদিও তাইৰ বয়স জানিহে আচৰিত হ’লো । প্ৰিতিৰাণীৰ বয়স মাত্ৰ তেৰ বছৰ । ক্লাছ এইট পাব এইবাৰ । তাজ্জৱ মানিছিলো তাইক । অন্ততঃ গাৰ গঠন, মাত কথা, চাৱনি আদিৰ ফালৰ পৰা তাইক তেৰ বছৰীয়া গাভৰু যেন মুঠেও লগা নাছিল । কোঁৱৰক ক’লো বোলো এইজনী তেনেই পেন্দুকোণা । কোঁৱৰেও ৰগৰ কৰি ক’লে মামিটৰ আটাইতকৈ কম বয়সীয়া মাতৃজনীৰ বয়স ১৪ বছৰ । গতিকে নো প্ৰোবলেম । মই বোলো মোক ৰিয়াং বুলি ভাবিছে নেকি! কৈয়েই দুই বন্ধুই গিৰ্জনি পাৰি হাঁহিলো ।
পুৱাৰ চাহকাপত চুমুক দি বৰ আমেজ পাইছিলোঁ । আচলতে ঘৰৰ পৰা অহাৰ পিচৰ পৰাই তেনকুৱা চাহ খাব পোৱা নাছিলোঁ বুলিব পাৰি । আইজলৰ হোটেলৰ চাহৰ বেচিভাগেই গৰম পানীত চাহপাত সিজাই ৰাখি থয় । পিছত গ্ৰাহকৰ প্ৰয়োজন অনুসৰি গিলাচ বা কাপত গাখীৰ, চেনি দি চামুচেৰে লৰাই লৰাই ঠাণ্ডা হোৱা চাহৰ গিলাচটো আগত থলেই মূৰটো গৰম হৈ যায় । সেইবাবেই বাহিৰৰ চাহকাপ প্ৰায়েই এৰাই চলোঁ । তথাপি কেতিয়াবা কাৰোবাৰ লগত খাব লগা হ’লেও চাহকাপ খাই তৃপ্তি পোৱাৰ সলনি বিৰক্তিহে পাওঁ ।
আমাৰ বেগ আৰু চাৰ্ভেৰ বাবে নিয়া কাগজ পত্ৰ দোকানতে এৰি ডাম্পা অভিমুখে ওলালোঁ । সমস্যা হ’ল বাইকত পেট্ৰল কম আছিল । আৰু পোৱাৰ কোনো সম্ভাবনাও নাছিল । কিন্তু ডাম্পা চাবলৈ গৈ ডাম্পাৰ পদুলিমুখৰ পৰা উভতি অহাৰ মুঠেও মন নাছিল । যি হয় হব বুলি যাব আৰম্ভ কৰিলোঁ তেইৰেইলৈকে । ডাম্পা চাবলৈ যোৱাৰ আগতে গুগুলত ৰাস্তা বিচাৰোতে দুটা পথৰ সন্ধান আছিল । এটা তেইৰেই হৈ আৰু আনটো টুইপাইবড়ি হৈ । দুয়োঠাইত ৰেঞ্জ অফিচ আৰু গেষ্ট হাউচ্ আদি আছে । আমাৰ বাবে আটাইতকৈ ওচৰ আছিল তেইৰেইৰ খণ্ডটো ।
পঃ ফাইলেঙৰ পৰা তেইৰেইলৈকে কেবল নামি যাব লাগে । তেইৰেই লৈকে লুঙ-লুঙীয়া সৰু পথ । পাহৰৰ তলত তেইৰেই নিজৰা (পিছলৈ টুট্ নদীত লগ হৈছে) তেইৰেইৰ নামটো এজন ইংৰাজ চাহাবে টেৰাই ফৰেষ্টৰ অনুকৰণ কৰি দিছিল হেনো । ডাম্পাৰ আৰম্ভণি তেইৰেইত আৰু টুইপাইবৰিলৈকে বিস্তৃত । ইয়াৰ দক্ষিণ সীমাই কৰ্কট ক্ৰান্তি ৰেখাডাল চুইছিল । গতিকে ডাম্পাৰ আৰম্ভণিৰ বনাঞ্চলক টেৰাইৰ অনুকৰণত তেইৰেই বুলিলে আচৰিত হব লগ একো নাই । আচলতে পঃ ফাইলেঙৰ পৰা তেইৰেইলৈকে ৰাস্তা সুন্দৰ । মাজে মাজে সামান্য ওখোৰা মোখোৰা । তথাপিও বাইকেৰে যাব পৰা সুন্দৰ ব্যৱস্থা । তেইৰেইলৈকে নামি থাকোতে বাইকৰ ষ্টাৰ্ট বন্ধ কৰিয়েই গৈছিলো প্ৰায় । তথাপি উঠি আহোতে পেট্ৰল কিমান পুৰিব, কিমান ৰব, আৰু আইজল গৈ পোৱালৈকে আবশ্যকীয় পেট্ৰল কত পাম জাতীয় চিন্তাই মূৰ গৰম কৰি ৰাখিছিল । ডাম্পা যোৱাৰ হেঁপাহ থাকিলেও পেট্ৰোলৰ নাটনিৰ বাবে কোঁৱৰে কিন্তু যাত্ৰাৰ আৰম্ভনিতেই তীব্ৰ (!) প্ৰতিবাদ কৰিছিল । মই বোলো ঘুৰি আহি পঃ ফাইলেং পাম যে খাটাং । ঘুৰি আহি মাথা মাৰিব লগিব বুলি কৈ আগলৈ পোনাইছিলোঁ ।
ঘুৰি আহি পেট্ৰল পোৱাৰ গেৰাণ্টি কি বুলি কোঁৱৰে সুধোতে ক’লো যে পেট্ৰোলৰ গেৰাণ্টি নহ’লেও প্ৰিতিৰাণীৰ হোটেলত ৰাতিটো থাকি পিছদিনা যাব পৰা সু-ব্যৱস্থা এটাৰ গেৰাণ্টি দিব পাৰিম । আপুনি মানুহ মাৰিব দেই বুলি কোঁৱৰে পিঠিত ভুকু এটা মাৰিলে । দুয়ো হাঁহিলো । কোঁৱৰে বিহু এফাকি জুৰিলে । এৰা, বিহু আহি পালেহি দেখোন । সেই মুহুৰ্তত মোৰ মনত এটা প্ৰশ্নই খুন্দিয়াই আছিল অহৰহ । যদিহে হঠাতে বাঘ এটা ওলাই আমিনো কৰিম কি ! ভবাৰ লগে লগেই বাওঁহাতখনেৰে ডিঙিলৈ জেকেটৰ চেইনডাল টানি দিলোঁ । সন্তপৰ্ণে মূৰত পিন্ধি থকা ফুলমাক্স হেলমেটৰ বেল্টডাল টান কৰি ললোঁ । কোঁৱৰক ভয় লাগিছে নেকি সুধি বাইকৰ চাবি অন কৰি চেলফত আঙুলি ৰাখি গৈ থাকিলোঁ ডাম্পাৰ অভ্যন্তৰলৈ ।
(৩য় খণ্ড)
তেইৰেই পাই মনটো ভাল লাগি গ'ল ৷ দুফালে দুখন ঠিয় পাহাৰৰ মাজত এখন সৰু গাঁৱ ৷ ঠাইখিনি সমভুমি প্ৰায় ৷ ভূগোলৰ ভাষাত এয়া Gorge (দুই পাহাৰ বা পৰ্বতৰ মাজৰ ঠেক, দ’ উপত্যকা অঞ্চল )ৰ এক সুন্দৰ উদাহৰণ । তেইৰেইত পেট্ৰল পাবও পাৰো বুলি মনতে ভাৱ হ’ল ৷ আচলতে তাত কিছু দেচুৱালি আৰু বঙালী শ্ৰমিকে কাম কৰি আছিল ৷ তেওলোকক দেখি পেট্ৰল পোৱাৰ সম্ভাৱনা যেন বাঢ়ি গ'ল ৷ এজনক সুধিলোঁ একদম চিনাকিৰ দৰে ৷
—দাদা,এখানে পেট্ৰল দোকান কোই আছে?
মানুহটোৱে অনা-মিজো মানুহক সহায় কৰিবৰ মানসেৰেই আছিল হব পায় ৷ ক'লে …
—থোৰা আগে যাৱাৰ পৰ কাপীৰ (কাপী= বাইদেউ, মেডাম আদি) বৰো দোকান একটা পাইবা ৷ ওখানে জিগাও ৷ পাৱা যায় ।
কৈয়েই মানুহজন ৰাস্তাৰ ইটো পাৰে আহি আমাক দোকানখনৰ সাম্ভাব্য অৱস্থিতিৰ বৰ্ণনা দিলে ৷ মানুহজনৰ দিহা মতেই গৈ কাপী এজনীৰ দোকানত পেট্ৰলৰ খবৰ ললো ৷ প্ৰথমতে মানুহজনীয়ে নাই বুলিছিল যদিও ভঙা ভঙা মিজোত আমি চেনচাচৰ মানুহ বুলি কৈ নিজৰ সমস্যাৰ বিষয়ে ক'লো ৷ মানুহজনীয়ে আমাক টাইগাৰ চেনচাচ জাতীয় কিহবাৰ মানুহ বুলি গণ্য কৰিলে চাগে ৷ অলপ পিছত হাতত এবটল পেট্ৰল লৈ ওলাই আহিল ৷ মানুহজনীৰ দোকানত অলপ জিৰাই তামোল, পানীৰ বটল আৰু কেক ললো । সুযোগ বুজি মানুহজনীক আৰু এক লিটাৰ পেট্ৰল দিবৰ বাবে ক'লো ৷ বিশেষ প্ৰতিবাদ নকৰি তেওঁ লগে-লগেই আনি দিলে ৷
 যা হওক, এটা চিন্তা দুৰ হ'ল বুলি ডাম্পালৈ পোনাও বুলি ভাবিলোঁ ৷ পিছে হিৰ্ হিৰ্, কৰি আহিল প্ৰচণ্ড বৰষুণ ৷ কাপীৰ দোকানৰ ভিতৰত সোমালোঁ ৷ প্ৰথমে বৰষুণ, তাৰ পিছত বতাহ ৷ শেষলৈ ধুমুহা । মুঠতে দোকানৰ ভিতৰতেই সোমাই থাকিলো এঘণ্টাৰো বেছি ৷
বৰষুণ এৰাৰ পিছতেই নাতি দুৰত থকা ডাম্পাৰ প্ৰথম খণ্ডৰ ৰেঞ্জ অফিচ পালোঁ ৷ পিছে সিদিনা তাত কোনো বিভাগীয় কৰ্মচাৰী নাছিল ৷ আচলতে এইটো ৰেঞ্জত ভ্ৰমণকাৰী আহিলেহে দুই ইজন চৰকাৰী মানুহৰ দৰ্শন পোৱা যায় ৷ তাতে সেইদিনা আছিল শনিবাৰ ৷ চৰকাৰী বন্ধৰ দিন ৷ আৰু কোনে পায় ৷ চকীদাৰজনক বাদ দি আৰু কোনো নাছিল ৷ বিমৰ্ষ মনে গেটৰ পৰাই ঘুৰিলোঁ ৷ এনেও আইজল ঘুৰিবলৈ দেৰি হৈছিল ৷ প্ৰিতিৰাণীৰ হোটেলত এসাজ খাই ওভতনি যাত্ৰাৰ সময় হৈ গৈছিল ৷
তেতিয়াই লাগিল নহয় কেণা । আচলতে অহা ৰাস্তাটোৰ কথা ভাবিয়েই চাগে কোঁৱৰে ক'লে
-"ডেকাদা, অহা ৰাস্তাৰে নাযাই ইটো ৰাস্তাৰে যাওঁ বলক ৷"
তীব্ৰতাৰ কথা ৰাস্তাৰ মাজত পৰি থকা গছ বাহ আদিয়ে ঘোষণা কৰিলে ৷ লাহে লাহে বাইকৰ আগচকা পানীৰ মাজত নেদেখা হব ধৰিলে ৷ আনফালে ৰাস্তাত না মানুহ, না গাড়ী । কতো একো দেখা নাছিলোঁ ৷ লাহে লাহে পৰিবেশটো জয়াল হব ধৰিলে ৷ আকাশখনেও এই বৰষিম বৰষিম বুলি ওন্দোলাই আমাকেই যেন সকিয়াই দিছিল ৷ লাহে লাহে ভয় বেছিকৈ লাগিব ধৰিছিল ৷ আচলতে পঃ ফাইলেঙৰ পৰা তেইৰেইলৈকে অঁকাই-পকাই নামি আহিছিলোঁ সোতৰ কিমি ৰাস্তা ৷ আনহাতে প্ৰায় চিধা ৰাস্তাৰে তেৰ কিমি উভতি আহিও ফাইলেং আৰু ছালেম বোৰ্ডিঙৰ একো উমঘাম পোৱা নাছিলোঁ ৷ মনতে যেন কিবা সন্দেহ হব ধৰিলে ৷ দুইলিটাৰ পেট্ৰল ভৰাই লাঘৱ কৰা টেনচন যেন চু-মন্তৰ হ’ল ৷ আকৌ আৰম্ভ হ'ল চিন্তা ।
 মৰণত শৰণ লৈ আৰু কিছুদুৰ আগবাঢ়িলো ৷ নাতিদূৰত গাঁৱ এখনৰ আভাষ পালোঁ ৷ ভাবিলো চালেম পালোঁ বুলি ৷ তাতেই তিনিআলি এটাৰে সৈতে জিৰণি চৰা এটা দেখিলোঁ ৷ তাতেই অলপ জিৰণি লওঁ বুলি ৰখিলোঁ ৷তেনেতে দেখিলো জুম খেতিৰ পৰা কাম কৰি পিঠিৰ হোৰাত আদা আৰু কচু লৈ এজন মানুহ পাহাৰৰ এঢলীয়াইদি নামি আহিছিল । আহি বহিছিলহি আমাৰ লগত ৷ মানুহজনক সুধিলো বোলো পঃ ফাইলেঙৰ নতুন ৰাস্তাটো কত? মাৰ মিহলি মিজোতে মানুহজনে দিয়া উত্তৰটো শুনিহে তত্ হেৰাল ৷ তেওঁ কলে বোলে এয়া ডাম্পাৰেংপুই গাঁৱ ৷ ইয়াৰ পৰা আগলৈ গ’লে টুইপাইবৰী আৰু পিছলৈ ৰাজীৱনগৰ পাব তাতেই ৰাস্তা শেষ । তেওঁৰ মতে ফাইলেং যোৱাৰ কোনো অন্য ৰাস্তাই নাই ৷ যিবাটে আহিছে সেই বাটেই উভতিব ক’লে ৷
মানুহজনে আমাক ডাম্পাৰ মাজেৰে বাইক লৈ অহা কথাটোতহে যেন বেছি আচৰিত হ’ল ৷ কিয় আচৰিত হ'ল নুবুজিলোঁ ৷ মানুহজনে আমাক দুয়োকে আৰু বাইকখনক কিবা ধৰণে চাই থাকিল ৷ কথাটোৱে কিন্তু আমাক চেবাইছিল ৷ আচলতে ইমান সময় আমি আহি আছিলোঁ যদিও পথত এখনো গাড়ী, মটৰ বা বাইক দেখা নাছিলোঁ । তেতিয়াহে কথাটোৱে মনত ক্ৰিয়া কৰিব ধৰিলে । তথাপি মানুহজনৰ গোটেই কথা বুজি পোৱা নাছিলোঁ বাবে আগবাঢ়িলোঁ । ভাবিলোঁ, মানুহজনৰ কিবা ভুল হবও পাৰে । আচলতে তেতিয়ালৈকে আমি গুগলক অবিশ্বাস কৰিব টান পাইছিলোঁ ।
প্ৰায় দুই কিমি মান আগবঢ়াৰ পিছত অন্য এজন মানুহ লগ পালোঁ । তেওৰ লগত গোটেই কথাখিনি পাতিলোঁ । মানুহজনে হিন্দী কব পাৰিছিল । তেওৱেই বুজাই ক’লে যে গুগলৰ মেপখন ভুল । আচলতে ডাম্পাৰ তেইৰেই ৰেঞ্জৰ পৰা টুইপাইবৰীলৈ গোটেইখিনি এটাই ৰাস্তা । ৰাস্তাটো সাধাৰণতে অলপ আহুকলীয়া ।সচৰাচৰ বাইক আদি নচলে । কেতিয়াবা বাইক স্কুটী আদি আহিলেও ট্ৰাক, চুমো আদিৰ লগত একেলগে আহে । ঢেকীয়াপতীয়া বাঘ তেনেকৈ নোলায় যদিও মাজে মাজে দুই এটা নাহৰফুটুকী ওলায় । সেয়েহে মানুহে অকলে সেইটো ৰাস্তাৰে নাহে ।
 মানুহ জনৰ কথা শুনি লাহে লাহে হাত ভৰি শিঠিল হৈ আহিল । কিছু আগতে পাৰ হৈ অহা জংঘলৰ মাজৰ ৰাস্তাটোৰ কথা মনলৈ আহিল । সিয়াঁৰি উঠিলোঁ । ভাবিয়েই কিবা লাগি গৈছিল । কিছু আগতে কোঁৱৰক ধেমালিতে সুধিছিলোঁ বোলো
-হঠাতে বাঘ এটা ওলালে কি কৰিব?
 -কৰিবলৈ কি আছে? যি কৰে বাঘেই কৰিব । কোঁৱৰৰ সহজ উত্তৰতেই যেন গোটেই ঘটনাটো সোমাই আছিল । আমি কি কৰিম কি নকৰিম ভাবি থাকোতেই এখন ট্ৰাক আহিছিল পঃ ফাইলেং যাবলৈ । বেলেগ একো নাভাবি ট্ৰাকৰ পিছে পিছে গতি কৰিলোঁ অহা বাটেই ।
এইখিনিতেই পাঠক সকলক ডাম্পাৰ বিষয়ে এক চমু আভাষ দিওঁ । ডাম্পা হৈছে মিজোৰামৰ আটাইতকৈ ডাঙৰ সংৰক্ষিত বনাঞ্চল । ৫৫০ বৰ্গ কিমি অঞ্চলজুৰি বিস্তৃত এই বনাঞ্চলক ১৯৮৫ চনত মান্যতা প্ৰদান কৰা হয় । বাংলাদেশলৈ বিস্তৃত এই বনাঞ্চল ঢেকীয়াপতীয়া বাঘৰ বাবে বিখ্যাত বুলি কোৱা হয় । ইয়াক ব্যঘ্ৰাঞ্চল (Tiger Reserve) বুলিও কোৱা হয় । অৱশ্যে বেছিভাগ জৰীপতেই বাঘৰ অৱস্থিতি তেনেই সেৰেঙা । নব্বৈৰ দশকত হোৱা অত্যাধিক চোৰাং চিকাৰ, জুম খেতি আৰু বন ধ্বংসৰ প্ৰভাৱ আজিৰ ডাম্পাত প্ৰতিফলিত হৈছে । শেহতীয়াকৈ দুজনী মাইকী বাঘৰ উপস্থিতি প্ৰমাণিত হৈছে টুইপাইবৰী খণ্ডত । এই বনাঞ্চল নাহৰফুটুকী বাঘ, বন-গাহৰি, হৰিণা, হেপা, বনৰীয়া কুকুৰ, কেইবা জাতৰ বান্দৰ আৰু বহু প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাসস্থান হিচাপে আজিও বিখ্যাত । ইয়াৰোপৰি ধনেশ পক্ষী, মিজো মূৰ্গী, বহু জাতৰ কেৰ্কেটুৱাও এই বনাঞ্চলৰ পৰম সম্পদ ।
মিজো ভাষাত ‘ডাম্পা’ মানে হৈছে অকলশৰীয়া মানুহৰ বাসস্থান (Dam+pa= Lonely man)। আচলতে ডাম্পাৰ পৰা উভতি আহি থাকোতে আমিও হাড়ে-হিমজুৱে উপলব্ধি কৰিছিলোঁ যে ডাম্পা মানে সঁচাকৈৱে অকলশৰীয়া মানুহৰ বাসস্থান ।।




(৪ৰ্থ / অন্তিম খণ্ড)

ডাম্পাৰ মাজেৰে উভতি তেইৰেইলৈ আহি থাকোতে মাজ ৰাস্তাতেই ৰষুণে পালে ।ৰেইনকোট এৰি গৈছিলোঁ পঃ ফাইলেঙৰ হোটেলতেই । ৰখিবলৈ ঠাই নাই, জিৰাবলৈও সাহস নাই । বৰষুণত তিতি-বুৰি একাকাৰ হৈছিলোঁ দুয়োজন । ট্ৰাকৰ পিছে পিছে আহি থাকিলেও ভয়ত দুয়োৰে মুখত কোনো কথা ওলোৱা নাছিল । মাজে মাজে কঁপনি উঠিছিল । ঠাণ্ডাত নে ভয়ত কঁপিছিলোঁ সেয়া গম নাপালোঁ । আচলতে কোঁৱৰ আৰু মই ভয় খাইছিলোঁ যদিও দুয়ো দুয়োকে সাহস দিবলৈকে মনে মনে থাকি ভয় নলগা যেন অভিনয় কৰি আছিলোঁ । তেইৰেই পোৱালৈকে চলি আছিল এই নাটক । তেইৰেই পোৱালৈকে প্ৰায় আধাঘণ্টা সময় কি ভাবিছিলো সেয়া আজি বৰ্ণনা কৰিবৰ সাধ্য নাই । কেতিয়াবা আগে আগে আহি থকা ট্ৰাকখনে কেৰেচকৈ ব্ৰেক মাৰিলেই সচকিত হৈ উঠোঁ । জানোচা মানুহজনে কোৱা নাহৰফুটুকী ওলালেই বুলি । ডিঙি শুকাই গৈছিল । এক শিহৰণৰ মাজেৰে আহি তেইৰেই পোৱালৈকে আমি যেন ভয়তে কাঠ হৈ পৰিছিলোঁ । তেইৰেইত আহি তেল ভৰোৱা কাপীজনীৰ দোকানত অলপ জিৰালোঁ । তেতিয়াহে দুয়োজনৰে মুখৰ মাত ওলাইছিল । কাপীৰ দোকানত আকৌ দুশ টকাৰ পেট্ৰল ভৰাই পঃ ফাইলেং অভিমুখে ওলালোঁ । 
 তেইৰেইৰ পৰা আহি পঃ ফাইলেং পাওঁতেই এক বাজি গৈছিল । ভোকে ভাগৰে হঠাতে যেন হেঁচা মাৰি ধৰিছিল । দোকানী মহাশয়ে আমাক দেখিয়েই আথেবেথে বহিব দিলে । মানুহজনে আমালৈ এঘাৰ বজাতেই খানা ৰেডি কৰিছিল যদিও আমি আহি নোপোৱাত সকলোবোৰ ঠাণ্ডা হৈছিল । আকৌ গৰম কৰিবলৈ লাগি গ'ল । ডাম্পাৰ ধুমুহাজাক পঃ ফাইলেং হৈয়েই গৈছিল । দোকানৰ পিচফালে থকা এজোপা প্ৰকাণ্ড কঁঠাল গছ বতাহে শেষ কৰিছিল । আগদিনা আমি দেখা হাবিৰ দৰে বাৰীখন বতাহত তহিলং হৈ গৈছিল । মানুহজনৰ সৰু ল’ৰাটোৱে বৰ কঁঠালজোপা উভালি পৰাৰ বৰ্ণনা দিওতে এইবছৰ পকা-কঁঠাল খাব নোপোৱাৰ বেদনা স্পষ্ট হৈ পৰিছিল । 
দোকানত ভাত খাই থাকোতেই মানুহজনে বৰ আপোন ভাবেৰে ক’লে 
-আজি যাব নালাগে । মোৰ হোটেলতেই থাকক । থকাৰ বাবদ একো নলওঁ । বতৰ বৰ বেয়া । ৰাস্তাৰো ভৰসা নাই । 
মানুহজনৰ থাকিব কোৱাৰ ধৰণ দেখি অভিভূত হৈ পৰিছিলোঁ । আচলতে তিনিঘণ্টা আহিলেই নিজৰ ভাড়াঘৰ পাব পৰা দূৰত্বত আৰু এটা ৰাতি কটোৱাৰ আমাৰ অলপো ইচ্ছা নাছিল । তথাপি মানুহজনৰ আন্তৰিকতাই আমাক থাকিবলৈকে মানসিকভাবে হেঁচাও দিছিল । পিছদিনা কাম থকাৰ অজুহাতত মানুহজনৰ হোটেলৰ পৰা বিদায় ললোঁ । বিদায়ৰ পৰত আমাৰো কিন্তু সামান্য হ’লেও বেয়া লাগিছিল মানুহজনলৈ । আইজল আহিলে লগ কৰিবলৈ আৰু মন গলে ফোন কৰিবলৈ নাম্বাৰ দি আমি তেওক মাত লগালোঁ । পাৰিলে সোনকালেই তেওঁৰ দোকানত এৰাতি থকাকৈ আহিম বুলি আমি দোকানৰ বাজ হ’লো । 
আমি আহি বাইকত বহিব ওলাওতেই প্ৰিতিৰাণী আমাৰ ওচৰ পালে । তাইৰ ফালে চাই দেখিলোঁ চকু দুটা চলচলীয়া । আমাক মাত লগাব আহিছে । নাজানোঁ তাই কি বিচাৰি পালে দুজন অচিনাকি আদহীয়াৰ মাজত । তাই যেন মনৰ মানুহ বিচাৰি পাইছিল । তাইৰ ব্যৱহাৰৰ পৰা অন্তত তেনেকুৱাই লাগিছিল । তাইক নিৰাশ নকৰি ওচৰলৈ মাতিলোঁ । তাই যেন সেয়াই বিচাৰিছিল । আলফুলে আহি দুয়োজনৰে লগত হাত মিলালে । সেই মুহূৰ্তত তাইক বৰ আঁকৰি যেন লাগিলেও মনৰ ভাৱ প্ৰকট নকৰিলোঁ । তাইক ভালকৈ পঢ়িব ক’লো । কথা দিলোঁ আকৌ আহিম বুলি । বিদায় ললোঁ তাইৰ পৰা আৰু পঃ ফাইলেঙৰ পৰা ।
ৰাস্তাত আহি থাকোতে কিয় নাজানোঁ প্ৰিতিৰাণীৰ চলচলীয়া চকুহাল দুবাৰমান মনলৈ আহিছিল । মনে-মনে আহি থকা কোঁৱৰক সুধিলোঁ কি ভাবি আছে বুলি? কোঁৱৰে বোলে আপুনি ভবাটোকেই মইও ভাবি আছোঁ । এতিয়া পঃ ফাইলেং আহিবৰহে কথা । তাৰ পিছত হাঁহিৰে ৰোল । আচলতে কেতিয়াবা কিছুমান কথাই নিজক আবেগিক নকৰিলেও লোকৰ আবেগক সন্মান জনাবলৈ বাধ্য কৰায় । আমাৰো সেইদিনা তেনে দশাই হৈছিল । বিশেষ কাম নহলে আমি কেতিয়াও পঃ ফাইলেং নোযোৱাটো নিশ্চিত । তথাপি আকৌ আহিম বুলি কৈ আহিলোঁ । নহ’লে চাগে সেইদনা দুজনৰ অন্তৰত দুখ লাগিলেহেঁতেন । 
টুট্ (ডাপছিয়া) পাৰ হোৱালৈকে আমি সুন্দৰকৈ আহি থাকিলোঁ । বেয়া ৰাস্তা মোটামুটিকৈ শেষ হৈছিল । বেছিখিনিয়েই ভাল ৰাস্তা আছিল । মাজে মাজে বতাহত ভাঙি অহা গছৰ ডাল, বাহৰ খুটা ভাঙি পৰা কেবল লাইন আৰু আমৰলিৰ বাঁহ চেপি আহি আছিলোঁ । আগবেলা বৰষুণ দিছিল বাবেই ৰাস্তাৰ ধূলিময় বতাহজাকৰ পৰা নিস্তাৰ পাইছিলোঁ । মাজে মাজে নতুনকৈ বনোৱা বহল পকী পথ । কেতিয়াবা আকৌ পকী কৰিবলৈ শিল পাৰি থোৱা পথ । আহিবলৈ বিশেষ সমস্যা নাই । তাতে আকৌ নামনিমুৱা ৰাস্তা । পঞ্চাশ কিমি মান গতিবেগতেই আহি আছিলোঁ । পিছে কিছুদুৰ অহাৰ পিছতহে লাগিল মহা পয়মাল । ৰৌপুইছিপ্ পাবলৈ দহ কিমি মান থাকোতেই আমাৰ যাত্ৰাৰ আটাইতকৈ কঠিন পথচোৱা পাৰ হব লগীয়া হ’লো । যাওতে ৰাস্তা বহল কৰিবলৈ পাহাৰ কাটি আছিল কেবাখনো জেচিবিয়ে । আগবেলাৰ প্ৰচণ্ড বৰষুণত তাৰে এচোৱা পথত এখন পাহাৰ খহি পৰিছিল । ৰাস্তাটো ৰঙা মাটিৰে ভৰ্তি । যাবলৈ উপাই নাই । চাফা কৰে, আকৌ ওপৰৰ পৰা মাটি খহি পৰে । তেনেতেই পুনৰ আৰম্ভ হ’ল কিণকিণিয়া বৰষুণ এজাক । 
ভালেকেইখন বাইক আৰু সৰু গাড়ী আবদ্ধ হৈ পৰিলোঁ । যাবলৈ মহা ভয় । চকা পিছলি যদি পাহাৰৰ ঢাল পাও তেতিয়া আকৌ প্ৰায় চাৰিশফুটমান তলৰ টুট্ নদীত পৰাৰ সম্ভাৱনা । ৰখিলেও ওপৰৰ পৰা খহি অহা মাটিৰ দমত ইহলোক হেৰুৱাৰ ভয় । তেনেতেই আহিল জেচিবি এখন । জেচিবিয়ে বৰষুণৰ মাজতেই ৰাস্তাটোৰ মাজেৰে সৰু গাড়ী আৰু মটৰ চাইকেল যাব পৰা লিক এটা উলিয়াই দিলে । কোঁৱৰক খোজ কাঢ়িব দি বাইক ষ্টাৰ্ট দিলোঁ । প্ৰথমে বাইকবোৰক যাব দিছিল । কাৰণ অন্য গাড়ী গ’লে বাইক যোৱা পথৰ মুদা মৰিব বুলি ভয় আছিল । জেচিবিৰ চকাৰ লিক অনুসৰণ কৰিলোঁ । কিছুদুৰ গৈয়েই আগচকাই ঘূৰিবলৈ এৰিলে । চাই দেখো যে মাদ-গাৰ্ডত ৰঙা মাটি সোমাই চকা ঘূৰিব নোৱাৰা কৰি পিট খাই গৈছে । উপায়ন্তৰ অৱস্থা । ইফাল-সিফাল চাই গছৰ ডাল এটা পালোঁ । বোকা গুচাবলৈ নামিলত হে দেখিলো যে জোতা আৰু লংপেণ্টৰ আধালৈকে গোটেইখন ৰঙা বোকাৰ তৰপ । মাটি গুচাই আকৌ আগবাঢ়িলোঁ । আকৌ দৰকাৰ হব পাৰে ভাবিয়েই গছৰ ডালটো লগতে লৈ ললোঁ । 
 এফালে থিয়গৰা, আনফালে দুদিন আগতে কাটি থোৱা পাহাৰৰ মাটি । তাতে বৰষুণ । যেনেতেনে পাৰ হ’লো প্ৰায় তিনি কিমি পথ । কোঁৱৰেও খোজ কাঢ়ি লেবেজান হৈ গৈছিল । মাজে মাজে ভাল পথ অলপ পাও যদিও আকৌ বেয়া পথ পাও । আচলতে পাহাৰৰ মাটি বৰষুণৰ লগতে অন্য গাড়ীৰ চকাত লাগি আহি ভাল পথচোৱাকো পিছল কৰিছিল । দুচকীয়াৰ বাবে সেয়া বেয়া পথতকৈও আৰু বেছি বিপদজনক হৈ পৰিছিল । মাজে মাজে ডিচ ব্ৰেকত পানী দিওঁ, আগচকাতো তিয়াই লওঁ । তেনে কৰিলে মাটি কিছু নিজে নিজে এৰি পৰে । ৰৌপুইছিপ পাই দেখিলো নতুনকৈ বনোৱা বাইপাছটো বন্ধ কৰি দিছে । আমি পুৰণি পথ হৈ গাৱঁৰ মাজে মাজে আহিবলগীয়াত পৰিলোঁ । গাৱঁৰ মাজৰ এই পথচোৱা পথ বুলি নকৈ পথাৰ বা পিটনি বুলিলেহে বেছি মিলিব । তাতে আকৌ সকলো গাড়ী পুৱাৰ পৰাই এই ৰাস্তাৰে আহি থকা বাবেই ৰাস্তাৰ অৱস্থা একেবাৰে বেৰ লিপিবলৈ খচি থোৱা মাটিৰ দৰে হৈ আছিল । 
বেছি বেয়া ৰাস্তা হ’লে বাইকৰ পিছৰ আৰোহীক নমোৱা আকৌ অলপ গৈ উঠোৱা আদি কৰোতেই বেলি মাৰ গৈছিল । তিনিঘণ্টাত পাৰ হবলগীয়া গোটেই ৰাস্তাৰ আধাখিনি আহোতেই লাগিছিল চাৰিঘণ্টাৰো অধিক । তিনিখন বাইক আৰু এখন স্কুটী একেলগ হৈ আহি আছিলোঁ । সকলোৰে গন্তব্যস্থল আইজল ।যেন এটা ক্ষুদ্ৰ সমদল । দুৰ্গম পথক সুগম কৰাৰ প্ৰতিবাদী মিচিলৰ দৰে লাগিছিল । সকলোৱে একেলগে আগচকা চফা কৰা, আগৰ বাইকখনে পিছৰখনক সহায় কৰি দিয়া, কুবাচিঙ (তামোল) চোবোৱা আদি কৰি এক দুৰ্গম যাত্ৰাৰ সহযাত্ৰী হৈ আহি আছিলোঁ । পিছে ৰৌপুইছিপৰ দুৰ্গম পথচোৱা পাৰ হবলৈ দুই কিমি মান থাকোতেই এবাৰ হামখুৰি খাই পৰিলো । আচলতে ৰাস্তাৰ মাজতে আছিল প্ৰকাণ্ড গাত এটা । বোকাৰ বাবে তৰ্কিবই নোৱাৰিলো কেনেকৈ তাত সোমালোঁ । বাইকৰ গতিবেগ প্ৰায় নাছিলেই বুলিব পাৰি । বিশেষ হানি বিঘিনি নহ’ল যদিও আগৰ লাইটৰ খোলাটোত দাগ পৰিল । মনত বৰ বেয়া লাগিছিল । আচলতে নতুন লাইটৰ খোলাটো লগোৱা এমাহো হোৱা নাছিল । 
মোৰ পিছে কৰিবলগীয়া একো নাছিল । যি হৈছিল নিজে নিজেই যেন হৈছিল । লুতুৰ-পুতুৰ হোৱা গাড়ী আৰোহী কেবল আমি দুজনেই নাছিলোঁ । আমাৰ আগে-পিছে আহি থকাসকলৰ অৱস্থাও তথৈবচ । এজনী আদবয়সীয়া মহিলাই আহি আছিল স্কুটী লৈ । তেওঁৰ অৱস্থা আৰু চাবলগীয়া হৈছিল । গালে-মুখে বোকাৰে যেন 'ফেচপেক'হে লৈছিল । তিনিবাৰমান লুটি বাগৰ মাৰিছিল । অৱশেষত কিছুদুৰ আহি আমাৰ আগে আগে আহি থকা এখন বাইকৰ দ্বিতীয়জন আৰোহীক স্কুটী সোধাই নিজে বাইকত উঠিল ।লেংপুই পোৱালৈকে মানুহজনীয়ে বাইকত লিপিট খাই বহি আহিল । লেংপুই আহিহে সকলোৱে সামান্য সকাহ পালোঁ । দোকান এখনত সোমাই থিয়ৈ থিয়ৈ চাহ একাপ খালোঁ । আমাৰ আটাইকেইজন আৰোহীৰে কানি কাপোৰ চাই দোকানৰ আন সকলো গ্ৰাহক স্তম্ভিত হৈ গৈছিল । আদিম মানবৰ যেন অবিৰত জয়যাত্ৰা । চাহকাপ খাই আৰু দেৰি নকৰিলোঁ । 
কোঁৱৰক টানকৈ ধৰিব দি বাকি পথচোৱাৰ বাবে আগবাঢ়িলোঁ । ইমান পৰে এক্সিলেটৰ পকাব নোৱাৰি সোঁহাতখন যেন জঠৰ লাগিছিল । লাহে লাহে জঠৰ ভাঙিছিল । হাতৰ পাকত চকাদুটাই জোৰকৈ ঘুৰিছিল । চকাৰ মাটি উফৰি আগে-পিছে চিটিকি পৰিছিল । আইজলৰ গাড়ী আৰু বাইকৰ মাজত হঠাতেই যেন দুজন অহৌবলিয়া কৃষকৰ উজান উঠিছিল । আচলতে পাহাৰত গাড়ী-মটৰ চলোৱাৰ মজাই বেলেগ । তাতে আকৌ নব্বৈ কিমি পথ যেতিয়া ছয়ঘণ্টাত অতিক্ৰম কৰিব লগীয়া হয় তেতিয়া উজান অহাৰেই কথা ।
।। সমাপ্ত ।।

No comments:

Post a Comment