Friday 20 November 2020

মৰমৰ আইতা

বাপু আহ । দুপৰীয়া ভাত কেইটা খাই উঠাৰ পিছতে এইটো মোৰ প্ৰিয় বাক্য । ভৰি দুখন বস্তাতে মচি আহ । কলেই মা আৰু আইতাৰ তৰ্ক লাগে । ভৰি নুধুৱাকৈ বিচনাত উঠাটো মোৰ হেনো বেয়া অভ্যাস কৰিছে । অৱশ্যে তেতিয়াৰ দিনত কাৰ্পেট, লেপ গাদি আদি আমাৰ বাবে অচিনাকি শব্দ । চেণ্ডেল পিন্ধো গোঁসাই সেৱা কৰাৰ পৰতহে । প্ৰাইমেৰী স্কুল চেণ্ডেল নোহোৱাকৈয়েই পাৰ কৰা বুলিলেও ভুল নহব । বিচনাৰ কাষতে ফটা বস্তাটোত ভৰি মচিয়েই দৌৰ মাৰো আইতাৰ বিচনালৈ । ক্লাছ নাইনলৈ ৰাতি মাৰ বাহিৰে কাৰো লগতেই শুই পোৱা নাছিলো যদিও দুপৰীয়া সদায় আইতাৰ লগতেই শোৱাটো অভ্যাস । কাৰণ আইতাই গৰম ঠাণ্ডা সকলো সময়তে মূৰত আঙুলি বোলাই টোপনি অহালৈকে সাধু কৈছিল । তাৰোপৰি গৰমৰ দিনত মোৰ টোপনি নাহালৈকে এটা গতিতে বিচনী খনেৰে বিচি বিচি শুৱাই থয় মোক । সেইকাৰণে আইতাৰ ভাত খাই উঠি বাপু আহ বুলি মাতিবলৈ ৰৈ থাকোঁ । মাতিলেই হ’ল । একেজাঁপে গৈ আইতাৰ বিচনাৰ বেৰৰ ফালে মুখ কৰি শুই যাও । সেয়া আছিল ল’ৰালিৰ আটাইতকৈ মধুৰতম দিনবোৰৰ সোঁৱৰণি । আচলতে তেতিয়াৰ দিনত লেপ, তুলি আমাৰ বাবে সপোন আছিল । ঘৰৰ একমাত্ৰ গদিখন দেউতাৰ বিচনাত আছিল । আমাৰ বাবে পুৰণি কাপোৰৰ কেথাখনেই আছিল উত্তম গাদি । ঠাণ্ডাৰ দিনত জহাধানৰ খেৰ ৰ’দত শুকুৱাই ধূলি মাকতি আঁতৰাই বিচনাত পাৰি লৈছিল মা আৰু আইতাই । সপ্তাহত নহলেও পষেকত এবাৰ খেৰখিনি বিচনাৰ পৰা উলিয়াই ৰ’দত দিয়া হয় । সেইদিনা বিচনাখন বেচ ওখ হৈ থাকে । স্কুলৰ পৰা আহি কানি কাপোৰ সলোৱাৰ আগতেই বিচনা খনত জাঁপ মাৰি পৰো । এফালৰ পৰা হাঁহি হাঁহি উলাহতে বাগৰি যাও । একপ্ৰকাৰ ‘ৰোড-ৰোলাৰ’ৰ দৰে চেপেটা কৰি যাও বিচনাৰ খেৰখিনি । মাৰ যদি মন ফৰকাল হৈ থাকিলে মাও মোৰ লগতে ইমুৰৰ পৰা সিমুৰলৈ বাগৰি ফুৰে । আৰু যদিহে কিবা কাৰণত খং উঠি থাকে তেন্তে মোৰ আনন্দৰ আইধা পৰে চেকনিৰ আগত । অৱশ্যে আইতাৰ কথাই সুকীয়া । আইতাই বিচনাৰ খেৰ ৰ’দত দিলে মই স্কুলৰ পৰা অহালৈকে বিচনাখন ঠিক কৰি দৰ্জ্জাখন জপাই থয় । ভাত খাই হলেই আইতাই মৰমেৰে কয় – “বাপু আজি বিচনাখেন ৰ’দত দিছুযা । সমান কন্নি ।” মোক আৰু পায় কোনে ! শৈশৱৰ সোণোৱালী দিনৰ কথাত নিসন্দেহে মোৰ আইতা মোৰ বাবে আটাইতকৈ প্ৰিয় চৰিত্ৰ । মাক কিমান ভালপাও বুলিলে উত্তৰ নাছিল যদিও আইতাকো কিন্তু কম ভালপোৱা নাছিলো । এবাৰ এটা মজাৰ ঘটনা হৈছিল । আইতা অডালবাৰীৰ পেহীহঁতৰ ঘৰলৈ গৈছিল । খেতি উঠাৰ পিছত প্ৰায়েই পেহী কেইজনীৰ ঘৰলৈ কিছুদিন থকাকৈ যায়েই । সেই একেখিনি সময়ত মামাহঁতৰ আইতা, মাহীহঁত আহে আমাৰ ঘৰলৈ । গতিকে চলি যায় আইতা নোহোৱাকৈ মোৰ দিনবোৰ । সিদিনা পুৱাই আইতা পেহীহঁতৰ ঘৰলৈ গেছিল মাত্ৰ । কাৰন পেহীৰ গাটো বেয়া আছিল । আনহাতে আমাৰ ঘৰত নমাটিৰ আইতা (মাৰ মাহী) আহিছিল । দেউতাই সন্ধিয়া জালখন লৈ পুখুৰীলৈ গ’ল । মাই চাউলধোৱা পানীকণ চটিয়াই দিলে ঘাটতে । প্ৰথমটো চাবতে প্ৰকাণ্ড ভকুৱা মাছ এটা জালত উঠিল । মাছটো বেছ ডাঙৰ আছিল । এতিয়াও মনত আছে সেইটো মাছৰ বাকলিখিনি শুকুৱাই মায়ে এডাল বৰ ধুনীয়া মালা বনাইছিল । গৰু ছাগলি বন্ধাৰ পিছত সন্ধিয়া মাছ ৰান্ধি থাকোতে মায়ে ক’লে, আজি আইতাৰে থাকিলে মাছটো খাই বেছি ভাল লাগিলে হয় । কথাষাৰে মোৰ মনত কিবা এক সাংঘাটিক প্ৰতিক্ৰিয়া কৰিলে । লগে লগে দেউতাক খাটনি ধৰিলো বোলো যা, আইতাক লৈ আহ । দেউতাই বেছি গুৰুত্ব নিদি ৰেডিঅ’ত আঞ্চলিক বাতৰি শুনাত মগন । ওলোটাই মোক ধমক দি খেদিলে । পিছলৈ মই লাজে, খঙে, দুখে ইম্মান কান্দিলো যে কাষৰ খূড়াহঁত, মইনামতী আইতা সকলো হাজিৰ । মোৰ কান্দোন আৰু খূড়াহতৰ গালিত ৰব নোৱাৰি শেষত দেউতাই গৈ পেহীহঁতৰ ঘৰৰ পৰা আইতাক লৈ আহিবলগীয়া হৈছিল সেই ৰাতিখন । আইতাই প্ৰথমতে আহিয়েই মোক গালি দিলে যদিও মাছটো দেখি পিছলৈ মোক একোলা লৈছিল । আচলতে আইতা মাছৰ বৰ লুভীয়া আছিল । মাছৰ বিবিধ ব্যঞ্জন বনোৱাত আইতাতকৈ পটু কাকো দেখা নাই । লোহাৰ কেৰাহীত অকণমান ধনীয়া-বতা আৰু আলু এটা ঠাঁহিকৈ কুটিলৈ বনোৱা কুছিয়া মাছৰ জুতি আজিৰ তাৰিখত সঞ্জীৱ কাপুৰেও দিব নোৱাৰিব যে খাটাং । পিছলৈ চাকৰিৰ পৰা ঘৰলৈ গ’লে আইতাই কচুৰ কুমলীয়া পাত, ঢেঁকীয়া শাক, ভেদাইলতা আজি বিচাৰি আনি খূড়ীহঁতক আনি দি কেনেকৈ বনাব লাগে ষ্ট্ৰীক্ট্ ইনষ্ট্ৰাকচন দি দিছিল । সেইমতে নহলে আইতাৰ গালিত মা আৰু খূড়ীহঁতৰ আইধা পৰিছিল । আইতাৰ মৰমৰ কথাবোৰ কৈ বা লিখি শেষ কৰিব এইটো জীবনত নোৱাৰিম । মাত্ৰ সুঁৱৰিব পাৰিম । মৰমৰ আইতা বুলিলেই বুকুখনে আজিও হমহম কৰে । মাক দেউতাকৰ মৰম এফালে, আইতাৰ মৰম আনফালে । ককাৰ মৰম ভাগ্যত নহ’ল যদিও আইতাই ককাৰ মৰমখিনিও দি গৈছে । গা ধুব নদীলৈ গ’লে ৰৈ থাকে ঘাটতে । কলেজলৈ যোৱাৰ পৰত চ’কলৈ থব আহে, নিব আহে । মুঠতে আইতাৰ মৰম বৰ্ণনা কৰিলে শেষ নহব ।