Tuesday, 14 July 2015

হেঁপাহ

লাহে লাহে আগবাঢ়ে শব্দৰ সমদল
থৰক বৰক বিয়নি মেলৰ কবিতা
আলৈ আথানি কল্পনাৰ কল্লোল
মনৰ মাজত নিশব্দতাৰ হুমুনিয়াহ
কেউদিশে এন্ধাৰৰ কাজিয়া
তেজেধোৱা ধোবাৰ ঘাট
দাগ লাগিল জোনাকী ৰঙত
উকা আজি মৰমৰ আঁচল